25
Feb
দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত ওড়িশাৰ দুৰ্নীতি নিবাৰণ শাখাই শেহতীয়াকৈ লাভ কৰিছে এক অভূতপূৰ্ব সফলতা। ৰাজ্যখনৰ খনি বিভাগৰ এজন শীৰ্ষ বিষয়াৰ বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰা হৈছে ৪ কোটিৰো অধিক হিচাপবিহীন নগদ ধন। ওড়িশাৰ ইতিহাসত এতিয়ালৈকে কোনো দুৰ্নীতিৰ গোচৰত এয়া সৰ্ববৃহৎ নগদ ধন জব্দৰ ঘটনা। মঙলবাৰে কটক মণ্ডলৰ খনি বিভাগৰ উপ-সঞ্চালক দেৱব্ৰত মহান্তিয়ে এজন কয়লা ব্যৱসায়ীৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰণ শাখাই তেওঁক ৰঙা হাতে ধৰে। কয়লা ডিপো চলোৱা আৰু পৰিবহণৰ অনুমতি দিয়াৰ বিনিময়ত মহন্তই এই ধন বিচাৰিছিল। এই গ্ৰেপ্তাৰৰ পাছতেই তদন্তকাৰী দলে ভুৱনেশ্বৰৰ পৰা ভদ্ৰকলৈকে বিষয়াগৰাকীৰ বিভিন্ন ঠিকনাত একেলগে অভিযান চলায়। ভুৱনেশ্বৰৰ বিলাসী…
