02
Mar
চৰ্চিত জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানিত সোমবাৰে এক গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয়। আদালতৰ পৰ্যবেক্ষণত পোহৰলৈ আহে যে অভিযুক্ত শ্যামকানুৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ বিএনএছএছৰ ১০৭ ধাৰা সঠিকভাৱে পালন কৰা হোৱা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে আদালতে অভিযুক্তৰ বেংক একাউণ্টটো পুনৰ খুলি দিয়াৰ নিৰ্দেশ জাৰি কৰে। শুনানিৰ সময়ত বিশেষভাৱে চৰ্চিত হয় ছিংগাপুৰৰ কৰ’নাৰ্ছ প্ৰতিবেদন দাখিলৰ বিষয়টো। আদালতত আৰক্ষীৰ তৰফৰ পৰা জনোৱা হয় যে ইতিমধ্যে ছিংগাপুৰৰ বহু গুৰুত্বপূৰ্ণ নথি সংগ্ৰহ কৰি অভিযোগনামাৰ সৈতে সংযুক্ত কৰা হৈছে। অৱশ্যে আদালতে স্পষ্ট কৰি দিয়ে যে নতুন আইন অনুসৰি বিদেশৰ পৰা নথি আনিবলৈ আদালতৰ নিজা ক্ষমতা নাই। এই আইনী জটিলতাৰ সন্দৰ্ভত আদালতে…
