Paromita

898 Posts
শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে শপতনামাত তথ্য গোপনৰ গুৰুতৰ অভিযোগ

শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে শপতনামাত তথ্য গোপনৰ গুৰুতৰ অভিযোগ

শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে মঙলবাৰে উত্থাপন হয় তথ্য গোপনৰ এক গুৰুতৰ অভিযোগ। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰৰ শপতনামাত থকা বিসংগতিৰ বিৰুদ্ধে জিলা আয়ুক্তৰ কাৰ্যালয়ত এক আনুষ্ঠানিক অভিযোগ দাখিল কৰে। ২০০৯ চনত বোকাখাত আৰক্ষী থানাত পঞ্জীয়ন হোৱা এটা ফৌজদাৰী গোচৰৰ শেহতীয়া স্থিতি শপতনামাত উল্লেখ নকৰাৰ বাবে দুৱৰীৰ মনোনয়ন বাতিলৰ দাবী উত্থাপন হৈছে। ৰাইজৰ দলৰ অভিযোগ অনুসৰি ২০১০ চনত কাজিৰঙাৰ সুৰক্ষিত বনাঞ্চলত মাছ ধৰা কাৰ্যৰ সৈতে জড়িত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ৰুজু হোৱা এই গোচৰত গোলাঘাটৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। অৱশ্যে দুৱৰীয়ে দাখিল কৰা শপতনামাত এই দণ্ডাদেশৰ…
Read More
লালু প্ৰসাদ যাদৱৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ; লেণ্ড ফৰ জব গোচৰত অব্যাহত থাকিব চিবিআইৰ তদন্ত

লালু প্ৰসাদ যাদৱৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ; লেণ্ড ফৰ জব গোচৰত অব্যাহত থাকিব চিবিআইৰ তদন্ত

ৰে’ল বিভাগত নিযুক্তিৰ বিনিময়ত ভূমি কেলেংকাৰিত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চিবিআই-য়ে ৰুজু কৰা এজাহাৰ খাৰিজ কৰিবলৈ মঙলবাৰে অস্বীকাৰ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আৰজেডি মুৰব্বীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলক সাঙুৰি লোৱা এই গোচৰটোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছত এতিয়া এক নতুন মোৰ লৈছে। ন্যায়াধীশ ৰবীন্দ্ৰ দুদেজাই যাদৱৰ আবেদনখন খাৰিজ কৰি ২০২২, ২০২৩ আৰু ২০২৪ চনত দাখিল কৰা তিনিখনকৈ অভিযোগনামা বাতিলৰ দাবীও অগ্ৰাহ্য কৰে। উচ্চ ন্যায়ালয়ৰ ৰায়দানত উল্লেখ কৰা অনুসৰি, আবেদনখনত কোনো যুক্তিসংগত ভিত্তি নথকাৰ বাবে ইয়াক খাৰিজ কৰা হৈছে। ২০০৪ চনৰ পৰা ২০০৯ চনলৈ লালু প্ৰসাদ যাদৱ ৰেল মন্ত্ৰী হৈ থকাৰ সময়ত মধ্যপ্ৰদেশৰ জবলপুৰস্থিত ৰেলৱেৰ পশ্চিম…
Read More
বাক্সা কাৰাগাৰত আৰক্ষীৰ গুলীচালনা! কৰ্তব্যৰত অৱস্থাতে কনিষ্টবলৰ আত্মহননৰ চেষ্টা

বাক্সা কাৰাগাৰত আৰক্ষীৰ গুলীচালনা! কৰ্তব্যৰত অৱস্থাতে কনিষ্টবলৰ আত্মহননৰ চেষ্টা

বাক্সাৰ জিলা কাৰাগাৰত মঙলবাৰে এগৰাকী কৰ্তব্যৰত আৰক্ষী কনিষ্টবলে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহননৰ চেষ্টা চলোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জুবিন গাৰ্গৰ গোচৰৰ পাঁচজন অভিযুক্তক বন্দী কৰি ৰখা এই কাৰাগাৰৰ পৰিসৰত সংঘটিত হয় এই ঘটনা। গুৰুতৰভাৱে আহত হোৱা জোৱানজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এইমছলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে, আহত কনিষ্টবলজনক বজালী জিলাৰ বাঘমাৰা নিবাসী গুণজিত বৈশ্য বুলি চিনাক্ত কৰা হৈছে। ২৪ নং আই আৰ বেটেলিয়নৰ সদস্য বৈশ্যই কাৰাগাৰৰ ভিতৰত কৰ্তব্যৰত অৱস্থাতে নিজৰ বুকুলৈ লক্ষ্য কৰি গুলীচালনা কৰে। গুলীটোৱে তেওঁৰ বুকু ভেদ কৰি যোৱাৰ ফলত ঘটনাস্থলীতে তেওঁ ঢলি পৰে। কাৰাগাৰ কৰ্তৃপক্ষই তৎক্ষণাত তেওঁক উদ্ধাৰ কৰি প্ৰথমে…
Read More
নিৰ্বাচনী আয়োগৰ পত্ৰত বিজেপিৰ মোহৰ! কেৰালাত তীব্ৰ বিতৰ্কৰ মাজতে নিলম্বিত হ’ল সহকাৰী শাখা বিষয়া

নিৰ্বাচনী আয়োগৰ পত্ৰত বিজেপিৰ মোহৰ! কেৰালাত তীব্ৰ বিতৰ্কৰ মাজতে নিলম্বিত হ’ল সহকাৰী শাখা বিষয়া

কেৰালাৰ বিধানসভা নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নিৰ্বাচনী আয়োগৰ এক পত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চীল থকাক কেন্দ্ৰ কৰি সোমবাৰে আৰম্ভ হয় এক প্ৰচণ্ড ৰাজনৈতিক বিতৰ্কৰ। ২০১৯ চনৰ নিৰ্বাচনী নিৰ্দেশনা সম্বলিত এখন চৰকাৰী পত্ৰত বিজেপিৰ কেৰালা শাখাৰ মোহৰ স্পষ্টকৈ দেখা পোৱাৰ পিছতে দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰাৰ গুৰুতৰ অভিযোগ বিৰোধীয়ে ধাৰাবাহিকভাৱে উত্থাপন কৰি অহাৰ সময়তে আয়োগৰ চৰকাৰী পত্ৰত এইদৰে বিজেপিৰ মোহৰ লগাক লৈ পুনৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চিপিআই(এম)ৰ দৰে বিৰোধী দলসমূহ। ইফালে, এই সমগ্ৰ বিতৰ্কৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়া ৰতন ইউ কেলকাৰে এই সমগ্ৰ ঘটনাক এক 'কেৰাণীগত ভুল' বুলি অভিহিত কৰি ইতিমধ্যে সংশোধনমূলক…
Read More
যোৰহাটত গৌৰৱ গগৈৰ নিৰ্বাচনী যুঁজৰ যাত্ৰা আৰম্ভ; শক্তি প্ৰদৰ্শনেৰে দাখিল কৰিলে মনোনয়ন পত্ৰ

যোৰহাটত গৌৰৱ গগৈৰ নিৰ্বাচনী যুঁজৰ যাত্ৰা আৰম্ভ; শক্তি প্ৰদৰ্শনেৰে দাখিল কৰিলে মনোনয়ন পত্ৰ

অসম বিধানসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত পদাৰ্পণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লোকসভাৰ বিৰোধী উপ-দলপতিগৰাকীয়ে সোমবাৰে এক বিশাল শোভাযাত্ৰাৰ অন্তত যোৰহাট বিধানসভা সমষ্টিৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিলৰ পূৰ্বে তেওঁ যোৰহাট ষ্টেডিয়ামৰ পৰা এক বৃহৎ ৰোডশ্ব’ উলিয়াই নিজৰ সাংগঠনিক শক্তি প্ৰদৰ্শন কৰে। নিৰ্বাচনী যুঁজখনত অৱতীৰ্ণ হোৱাৰ আগমুহূৰ্তত গগৈয়ে যোৰহাটৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁ বৰদেউৰী গোসাঁনী দেৱালয়, মাচৰহাটৰ বৰনামঘৰ, তাৰাজান মছজিদ, গুৰুদ্বাৰ আৰু জেল ৰোডৰ গিৰ্জাঘৰ দৰ্শন কৰি এক সৰ্বধৰ্মীয় সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে। মনোনয়ন দাখিলৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত গগৈয়ে কয়, "অসমৰ ৰাইজে এখন স্বচ্ছ চৰকাৰ বিচাৰিছে আৰু আমি ৰাইজৰ…
Read More
অসমৰ নিৰ্বাচনী যুঁজত ঝাৰখণ্ড মুক্তি মৰ্চাৰ খোজ; প্ৰথমখন তালিকাত ২১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

অসমৰ নিৰ্বাচনী যুঁজত ঝাৰখণ্ড মুক্তি মৰ্চাৰ খোজ; প্ৰথমখন তালিকাত ২১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

অসমৰ সক্ৰিয় ৰাজনীতিত পদাৰ্পণ কৰিছে ঝাৰখণ্ড মুক্তি মৰ্চাই। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাৰ লগে লগে দলটোৱে সোমবাৰে ২১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে। ঝাৰখণ্ডৰ বাহিৰত নিজৰ ৰাজনৈতিক স্থিতি সবল কৰাৰ লক্ষ্যৰে জেএমএমে এইবাৰ আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। দলটোৰ কেন্দ্ৰীয় সমিতিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই প্ৰাৰ্থীসকলৰ নাম ৰাজহুৱা কৰে। ঘোষিত তালিকাখনত চাহ জনগোষ্ঠীয় আৰু জনজাতীয় প্ৰধান সমষ্টিসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰিছে জেএমএম কৰ্তৃপক্ষই। দলটোৱে মাজবাটৰ পৰা প্ৰীতি ৰেখা বৰলা, বিশ্বনাথৰ পৰা টেহাৰু গৌড়, খুমটাইৰ পৰা অমিত নেওগ আৰু চাবুৱাৰ পৰা ভূৱেন মুৰাৰীক নিৰ্বাচনী খেলপথাৰত নমাইছে। ইয়াৰ উপৰি গোসাইগাঁও সমষ্টিৰ পৰা ফেড্রিকচন হাস্দাক প্ৰাৰ্থিত্ব প্ৰদান কৰি দলটোৱে নামনি…
Read More
এইবাৰ পুৰণি বিজেপিয়ে কঁকাল ভাঙিব নতুন বিজেপিৰঃ ৰাজেন গোহাঁই

এইবাৰ পুৰণি বিজেপিয়ে কঁকাল ভাঙিব নতুন বিজেপিৰঃ ৰাজেন গোহাঁই

বঢ়মপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখনক কেন্দ্ৰ কৰি বৰ্তমান বিজেপি আৰু অসম জাতীয় পৰিষদৰ মাজত এক তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বিপৰীতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা বিজেপিৰ প্ৰাক্তন নেতা ৰজেন গোহাঁইৰ আক্ৰমণাত্মক স্থিতিৰ পাছতেই দেওবাৰে নগাঁৱৰ ৰাজনৈতিক মহল উত্তপ্ত হয়। বিশেষকৈ জিতু গোস্বামীয়ে কৰা 'দ্ৰোণাচাৰ্য-অৰ্জুন'ৰ যুঁজৰ প্ৰসংগত ৰজেন গোহাঁইয়ে কৰা মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। দেওবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত উপস্থিত হৈ কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰজেন গোহাঁই। আগন্তুক নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ সমৰ্থন বিচাৰি অনুষ্ঠিত কৰা এই বৈঠকৰ অন্তত গোহাঁইয়ে সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। ৰাজেন গোহাঁইয়ে কয়, "বিজেপিৰ…
Read More
লস্কৰৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা বেষ্টনী ভেদ; আততায়ীৰ গুলীত নিহত শীৰ্ষ সন্ত্ৰাসবাদী বিলাল আৰিফ ছালাফী

লস্কৰৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা বেষ্টনী ভেদ; আততায়ীৰ গুলীত নিহত শীৰ্ষ সন্ত্ৰাসবাদী বিলাল আৰিফ ছালাফী

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুৰিডকেত থকা লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ৰ ভিতৰতে দেওবাৰে নিশা প্ৰাণ হেৰুৱায় সংগঠনটোৰ শীৰ্ষ কামাণ্ডাৰ বিলাল আৰিফ ছালাফীয়ে। ঈদৰ নামাজৰ পাছতেই 'মাৰকাজ টাইবা'ৰ দৰে উচ্চ নিৰাপত্তাযুক্ত এলেকাত সোমাই অচিনাক্ত আততায়ীয়ে গুলীয়াই আৰু চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে ৰাষ্ট্ৰসংঘই নিষিদ্ধ কৰা সন্ত্ৰাসবাদী গোটটোৰ এই জ্যেষ্ঠ কেডাৰজনক। প্ৰাপ্ত তথ্য মতে, এই আক্ৰমণৰ পাছতে আততায়ীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পাকিস্তানৰ সংবাদ মাধ্যমে এই ঘটনাক লৈ বিশেষ তৎপৰতা প্ৰকাশ কৰা নাই যদিও একাংশই ইয়াক সংগঠনটোৰ ভিতৰচ’ৰাৰ ক্ষমতাৰ যুঁজ বুলিহে সন্দেহ কৰিছে। বিশেষকৈ ২০২৫ চনৰ ভাৰত-পাকিস্তান সংঘাতৰ পাছত লস্কৰৰ কেডাৰসকলৰ মাজত সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিয়েই এই হত্যাকাণ্ডৰ মূল কাৰণ হ’ব পাৰে বুলি ভাৰতীয়…
Read More
হাফলঙত পট পৰিৱৰ্তন; বিজেপি এৰি কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল নন্দিতা গাৰ্লোচাৰ

হাফলঙত পট পৰিৱৰ্তন; বিজেপি এৰি কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল নন্দিতা গাৰ্লোচাৰ

গেৰুৱা শিবিৰ ত্যাগ কৰি অৱশেষত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে হাফলং সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন মন্ত্ৰী নন্দিতা গাৰ্লোচাই। বিজেপিৰ পৰা টিকট লাভ নকৰি সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত হাতৰ টিকটত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় এই শক্তিশালী নেত্ৰীগৰাকী। যোৱা ২২ মাৰ্চৰ নিশা হঠাতে বিজেপিক বিদায় জনাই কংগ্ৰেছত যোগদান কৰা গাৰ্লোচাৰ এই পদক্ষেপে এতিয়া জিলাখনৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। এই আকস্মিক দলত্যাগে ডিমা হাচাও জিলা বিজেপিৰ ভিতৰচ’ৰাত এতিয়া এক অস্বস্তিকৰ পৰিৱেশৰ সূচনা কৰিছে। দলীয় সূত্ৰৰ মতে, গাৰ্লোচাৰ এই সিদ্ধান্তই বিজেপিৰ নেতা-কৰ্মীসকলৰ মাজত স্পষ্ট বিভাজন আনি দিছে। বিশেষকৈ বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত হাফলঙত গাৰ্লোচাই বিৰোধীৰ হাত ধৰাৰ পাছত নিৰ্বাচনী সমীকৰণ যথেষ্ট সলনি…
Read More
চাউলৰ ৰপ্তানি বজাৰত পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ! মধ্যপ্ৰদেশৰ বাচমতী ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ

চাউলৰ ৰপ্তানি বজাৰত পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ! মধ্যপ্ৰদেশৰ বাচমতী ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ

বৈশ্বিক ৰাজনীতিৰ অস্থিৰতা আৰু পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিস্থিতিয়ে এতিয়া ভাৰতীয় কৃষি ৰপ্তানিৰ ক্ষেত্ৰখনতো সৃষ্টি কৰিছে এক নেতিবাচক প্ৰভাৱ। শনিবাৰে এই খণ্ডটোৰ সৈতে জড়িত অংশীদাৰসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, মধ্যপ্ৰদেশৰ পৰা বিভিন্ন দেশলৈ ৰপ্তানি হোৱা বাচমতী আৰু সিদ্ধ অ-বাচমতী চাউলৰ বাণিজ্য এতিয়া গুৰুতৰভাৱে ব্যাহত হৈছে। বিশেষকৈ ৰাজ্যখনৰ ৰায়সেন আৰু বালাঘাট জিলাৰ চাউল ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হবলগীয়া হৈছে। পণ্যবাহী জাহাজৰ যাতায়তত ব্যাঘাত জন্মিব পৰা এই সংকটে পৰিবহণ ব্যয় অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰদেশৰ পৰা ইৰাণ, ইৰাক আৰু চৌদি আৰৱৰ দৰে দেশলৈ নিয়মীয়াকৈ ৰপ্তানি হোৱা চাউলৰ চালানসমূহ এতিয়া মাজভাগতে থমকি ৰৈছে। ৰপ্তানিৰ এই স্থবিৰতাই কেৱল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যতে নহয়, বৰঞ্চ স্থানীয় বজাৰৰ মূল্যৰ…
Read More