Mohini

51 Posts
মুখ্যমন্ত্রীৰ সংবাদমেলৰ প্রত্যুত্তৰ গৌৰৱ গগৈৰ

মুখ্যমন্ত্রীৰ সংবাদমেলৰ প্রত্যুত্তৰ গৌৰৱ গগৈৰ

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্রীৰ সংবাদমেলৰ প্রত্যুত্তৰ গৌৰৱ গগৈৰ। সংবাদমেল সম্বোধন কৰি তেওঁ কয় , " আমি আইনী প্রক্রিয়া সম্পূৰ্ণ কৰি পাকিস্তান ভ্রমণলৈ গৈছিলো। নিৰাপত্তা সম্পৰ্কীয় নিশ্চিতি প্রদান কৰা ছীল-মোহৰ লগাইহে পাকিস্তানলৈ গৈছিলো। ২০১৪ত মোৰ পাকিস্তান ভ্রমণৰ বিষয়ে অৱগত আছিল কেন্দ্রীয় চৰকাৰ...সাংসদ হোৱাৰ পিছত মই পাছপ’ৰ্ট জমা দি ডিপ্লোমেটিক পাছপ’ৰ্ট লৈছিলো। মোৰ পত্নীয়ে ২০১২চনত এবছৰৰ বাবে পাকিস্তানত আছিল। সেই কথাও মই স্পষ্টভাৱে জনাইছিলো।
Read More
জেমা উদ্যোগত আঠগাওঁ গৌশালাৰ বৃন্দাবন গাৰ্ডেনত সৰ্ববৃহৎ বৈদ্যুতিক এক্সপ’ আৰম্ভ

জেমা উদ্যোগত আঠগাওঁ গৌশালাৰ বৃন্দাবন গাৰ্ডেনত সৰ্ববৃহৎ বৈদ্যুতিক এক্সপ’ আৰম্ভ

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসত দ্বিতীয় বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে  সৰ্ববৃহৎ বৈদ্যুতিক এক্সপ’ "ইলেক্ট্ৰ'ফেষ্ট ২.০"  য’ত সকলো বৈদ্যুতিক সমাধান একেখন চালিৰ তলত উপলব্ধ হৈছে। গুৱাহাটী ইলেকট্ৰিকেল মাৰ্চেন্ট এচ্ছছিএচিয়ান (জেমা) ৰ উদ্যোগত  গুৱাহাটীৰ আঠগাঁৱৰ শ্ৰী গুৱাহাটী গৌশালাৰ বৃন্দাবন গাৰ্ডেনত   আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত এই এক্সপ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নিপেন কুমাৰ তালুকদাৰ, জেমা'ৰ সভাপতি নৱল কিশোৰ চৰ্দাই, এক্সপ’ৰ অধ্যক্ষ গোপাল পাছাৰী, সম্পাদক সাকেত ৰাজ পুগলিয়া, কোষাধ্যক্ষ নবীন ছেঠিয়া, মূল পৃষ্ঠপোষক কলাৰ্ছৰ শশীকান্ত বিহানী মঞ্চত উপস্থিত থাকে। ইলেকট্ৰিকেল এক্সপো উদ্বোধন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে মোৰ পৰিয়াল এই উদ্যোগৰ সৈতে জঢ়িত। ঠিক…
Read More
পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

দিছপুৰ প্ৰেছ ক্লাবত দ্বাদশ সংখ্যক কালচক্ৰ পূৰ্ণাঙ্গ পঞ্জিকা উন্মোচন। কাল চক্ৰ পূৰ্ণাঙ্গ পঞ্জিকা অনুসৰি অসম ৰাজ্য আৰু ৰাজনৈতিক নেতা সকলৰ ভৱিষ্যতবাণী। পঞ্জিকাখনৰ ভৱিষ্যতবাণী অনুসৰি ২৬ চনৰ ২৫ আগষ্টলৈকে হিমন্ত বিশ্ব শৰ্মাই বহু ক্ষেত্ৰত সফলতা পাব আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ কিছু দুৰ্বলতা দেখা যাব অত্যাধিক ঋনে ভৱিষ্যত প্ৰজন্মক অসুবিধাত পেলাব। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা দ্বিতীয়জন এতিয়াই নোলাব পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা।শনিৰ দৃষ্টিৰ বাবে পিছপৰি থাকিব সৰ্বানন্দ সোণোৱালসৰ্বানন্দ সোণোৱালতকৈ বহু ওপৰত থাকিব হিমন্ত বিশ্ব শৰ্মা।
Read More
অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ

অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ

সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্বনে অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ কৰিছে। তিনিওটা ভাষাত উপলভ্য সমূহ তথ্য অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰাজহুৱাকৈ মুকলি কৰি দিছে। ছাত্র-ছাত্রী, গবেষক আৰু ইচ্ছুক ৰাইজে তিনিওটা ভাষাৰ সংৰক্ষিত তথ্যসমূহ ডিজিটেল মাধ্যমত বিচাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব। ১০ হাজাৰতকৈ কম মানুহে ব্যৱহাৰ কৰা ইউনেস্কোই অতি বিপন্ন ভাষা হিচাপে স্বীকৃতি দিয়া খাময়াং,টাই ফাকে আৰু চিংফৌ ভাষা তিনিটা বাচি লোৱা হৈছিল সংৰক্ষণ  বাবে। এই তিনিটা ভাষাৰ খাময়াং ভাষা ভাষী লোক তিনিচুকীয়া, শিৱসাগৰ আৰু গোলাঘাটত  প্ৰায় ১০০০-১৪০০ আছে। টাই ফাকে তিনিচুকীয়া আৰু ডিব্ৰুগড় প্ৰায় ২০০০ মান আছে আৰু চিংফৌ…
Read More
ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

শিখা শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে জুবিন গাৰ্গৰ পৰিয়াল। ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাগৰ্ক জনমানসত হেয় কৰাৰ বিৰুদ্ধে আৰক্ষীত গোচৰ। পুৱাই ক্ৰাইম ব্ৰাঞ্চত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। আজি  চাৰিটা মাহ সম্পূৰ্ণ হৈছে জুবিন গাৰ্গক হেৰুৱাৰ আৰু আজিৰ দিনটোতে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিবলৈ আহিল গৰিমা শইকীয়া গাৰ্গ।
Read More
কামৰূপ(ম) জিলাৰ নৱ নিযুক্ত আয়ুক্তৰ বিষয়া -কৰ্মচাৰীৰে মত বিনিময়

কামৰূপ(ম) জিলাৰ নৱ নিযুক্ত আয়ুক্তৰ বিষয়া -কৰ্মচাৰীৰে মত বিনিময়

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আয়োজিত এক বৈঠকত  নৱ নিযুক্ত জিলা আয়ুক্ত স্বপ্নীল পালে জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰীৰ সৈতে মত-বিনিময় কৰে। বৈঠকত অংশগ্ৰহণ কৰি আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলোকে  নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তদুপৰি সকলোৰে সৈতে নম্ৰ ব্যৱহাৰ কৰাৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলক একাগ্ৰতা আৰু নিষ্ঠাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনায়। আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, অতিৰিক্ত আয়ুক্ত কেচিঅ' কৰণ পেগু,কংকন শৰ্মা, নিৰ্বাচনী বিষয়া মানস জ্যোতি বৰা,সহকাৰী আয়ুক্তসকল লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অন্যান্য বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
Read More
ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী

ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী

আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ সাজু হৈছে শাসকীয় দল বিজেপি। আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী। গুৱাহাটী মহানগৰীৰ খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই।
Read More
পথ দুৰ্ঘটনাত আহত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী

পথ দুৰ্ঘটনাত আহত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী

পথ দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী। গুৱাহাটী মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে মাজ নিশা মহানগৰী গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল খনৰ সন্মুখত সংঘটিত হয় এই  পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত বলীউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোঁৱাই আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা আঘাতপ্ৰাপ্ত হয়।
Read More
উদাসীন ভকতলৈ আৰ্থিক সাহায্য

উদাসীন ভকতলৈ আৰ্থিক সাহায্য

নৱবৰ্ষৰ দ্বিতীয়টো দিনতে চৰকাৰে সত্ৰ আয়োগ গঠনৰ পৰা উদাসীন ভকতলৈ আৰ্থিক সাহায্যৰ আঁচনি প্ৰদান। লোকসেৱা ভৱনত আজি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
Read More
গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই ৰে'লখন চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে বাছি লোৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ মাজত। এই কথা  ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে ঘোষণা কৰে।
Read More