06
Oct
নৰৱে'ৰ লেখক জন ফছেক তেওঁৰ অভিনৱ নাটক আৰু গদ্যৰ বাবে সাহিত্যৰ ন'বেল বঁটা ২০২৩ বঁটা প্ৰদান কৰা হৈছে। এই বছৰৰ সাহিত্য বঁটা বিজয়ী জন ফছে তেওঁৰ উপন্যাসবোৰ এনে শৈলীত লিখিছে, যাক "ফচ মিনিমালিজম" বুলি জনাজাত। এই শৈলী তেওঁৰ দ্বিতীয় উপন্যাস 'ষ্টেংগেড গীটাৰ' (১৯৮৫)ত দেখা যায়। ২০২২ৰ সাহিত্যৰ ন'বেল বঁটা ফৰাচী লেখিকা এনি এৰ্ণাউক্সক প্ৰদান কৰা হৈছিল। ১৯৪০ৰ ১ ছেপ্টেম্বৰত এনিৰ জন্ম হৈছিল। তেওঁ এগৰাকী ফৰাচী লেখিকা আৰু সাহিত্যৰ অধ্যাপক। তেওঁৰ সাহিত্যকৰ্ম বেছিভাগ আত্মজীৱনীমূলক, সমাজবিজ্ঞানৰ ওপৰত আধাৰিত। এইবাৰৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী জন ফছেও এজন কবি। ফছে এক বিবৃতিত কয়- মই অভিভূত, আৰু কিছু পৰিমাণে ভয় খাইছো । মই ইয়াক সাহিত্যৰ…
