editor

3175 Posts
ৰাজ্যৰ বিভিন্ন বিভাগত পুনৰ ৫,৫৬৩টা খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ…

ৰাজ্যৰ বিভিন্ন বিভাগত পুনৰ ৫,৫৬৩টা খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ…

অসম চৰকাৰে শনিবাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৫,৫৬৩টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰি ৰাজ্যত ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ এখোজ ওচৰ চাপিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সৰ জৰিয়তে বিজ্ঞাপনটো ঘোষণা কৰি কয় যে, “প্ৰতিশ্ৰুতি অনুসৰি আজি আমি ৫,৫৬৩টা পদৰ বিজ্ঞাপন মুকলি কৰিছো, যিটো আমাৰ ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্যৰ এখোজ ওচৰ চাপিছে। অলপ পিছতে আন ১৫,০০০ খালী পদৰ ঘোষণা হ’ব।” মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে অতি সোনকালে অতিৰিক্ত ১৫ হাজাৰ খালী পদ ঘোষণা কৰা হ’ব। নিম্নোক্ত পদৰ বাবে নিযুক্তিৰ বিজ্ঞাপন ঘোষণা কৰা হৈছে:- অসম আৰক্ষীত আৰক্ষী উপ পৰিদৰ্শক (ইউ বি)ৰ ১৪৪টা পদত নিযুক্তি অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ বাবে উপ পৰিদৰ্শক…
Read More
সোণাপুৰত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৮৭ গ্ৰাম হেৰ’ইন, ৬ জনক আটক

সোণাপুৰত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৮৭ গ্ৰাম হেৰ’ইন, ৬ জনক আটক

গুৱাহাটীৰ সমীপৰ সোণাপুৰত অভিযান চলাই অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰে ৬ জন ড্ৰাগছ বেপাৰীক। গোপন খবৰৰ ভিত্তিত অভিযান চলাই এছটিএফৰ দলটোৱে সোণাপুৰ অঞ্চলৰ আমতোলাৰ পৰা ৬ ড্ৰাগছ বেপাৰীক আটক কৰাৰ লগতে ৮৭.৪ গ্ৰাম ওজনৰ হেৰ’ইনও জব্দ কৰে। ৩০টা প্লাষ্টিকৰ বটল আৰু তিনিটা ধঁপাতৰ বাকচত লুকুৱাই এই হেৰ’ইনখিনি সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে এছটিএফেয। নিষিদ্ধ সামগ্ৰীৰ উপৰিও ৯টা খালী বটল, এটা খালী ধঁপাতৰ বাকচ, ৫টা মোবাইল ফোন, ৪৭০০ টকাৰ নগদ ধন আৰু ৪টা চিৰিঞ্জো জব্দ কৰে আৰক্ষীয়ে। আটকাধীন লোককেইজন হৈছে বিনোদ মেধি, মাৰ্শ্বাল সুটিং, ৰাজ থাপা, বিকি লেংডো, ডনবক আৰু চাহাৰা বেগম। ধৃত আটাইকেইজনকে অধিক প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে সোণাপুৰ…
Read More
প্ৰধানমন্ত্ৰী মোডীক তুগলকৰ সৈতে তুলনা! কংগ্ৰেছক নিষিদ্ধ কৰিবলৈ দাবী বিজেপি নেতা মুখতাৰ আব্বাছ নকৱীৰ

প্ৰধানমন্ত্ৰী মোডীক তুগলকৰ সৈতে তুলনা! কংগ্ৰেছক নিষিদ্ধ কৰিবলৈ দাবী বিজেপি নেতা মুখতাৰ আব্বাছ নকৱীৰ

শনিবাৰে (৭ অক্টোবৰ) বিজেপি নেতা মুখতাৰ আব্বাছ নকৱীয়ে নিৰ্বাচন আয়োগক কংগ্ৰেছ দলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনায়। কেৰালা কংগ্ৰেছ ইউনিটে এটা পোষ্টাৰ প্ৰকাশ কৰিছিল য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তুগলক সাম্ৰাজ্যৰ দ্বিতীয় চুলতান মহম্মদ বিন তুগলকৰ সৈতে তুলনা কৰা হৈছিল। কেৰালা কংগ্ৰেছে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই কথা প্ৰকাশ কৰিছিল। দৰাচলতে বিজেপি নেতা মুখতাৰ আব্বাছ নকৱীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে ‘কংগ্ৰেছ’ৰ স্বীকৃতি বাতিল কৰি দলটো নিষিদ্ধ কৰিব লাগে।’ দৰাচলতে কেৰালাৰ কংগ্ৰেছ ইউনিটে টুইটাৰত পোষ্ট কৰিছিল যে প্ৰধানমন্ত্ৰী মোডী, যদি আপুনি পাঠ্যপুথিসমূহ আপডেট কৰিবলৈ আগ্ৰহী, তেন্তে অনুগ্ৰহ কৰি তুগলক যুগৰ ঠাইত আপোনাৰ যুগ সলনি কৰক। ইয়াৰ সমান্তৰালকৈ…
Read More
কেজৰিৱাল চৰকাৰৰ ডাঙৰ ঘোষণা, বিদ্যুতৰ বাবে দুৰ্ঘটনা সংঘটিত হ’লে ভুক্তভোগীক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব বিদ্যুৎ কোম্পানীয়ে

কেজৰিৱাল চৰকাৰৰ ডাঙৰ ঘোষণা, বিদ্যুতৰ বাবে দুৰ্ঘটনা সংঘটিত হ’লে ভুক্তভোগীক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব বিদ্যুৎ কোম্পানীয়ে

শীঘ্ৰে দিল্লীত বৈদ্যুতিক দুৰ্ঘটনা নিয়ন্ত্ৰণৰ লগতে ভুক্তভোগীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে নিয়ম অনা হ’ব। এই নিয়মসমূহ কেজৰিৱাল চৰকাৰৰ নিৰ্দেশ অনুসৰি দিল্লী বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগে প্ৰস্তুত কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে দিল্লী চৰকাৰৰ বিদ্যুৎ বিভাগৰ পৰা লাভ কৰা প্ৰস্তাৱত অনুমোদন জনাইছে। নিয়ম অহাৰ পিছত বিদ্যুৎ কোম্পানীসমূহে নিজৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰিব লাগিব যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় আৰু যদি কোনো দুৰ্ঘটনা সংঘটিত হয় তেন্তে বিদ্যুৎ কোম্পানীসমূহে ভুক্তভোগীক উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ বাধ্য হ’ব। মুখ্যমন্ত্ৰীৰ অনুমোদন লাভ কৰাৰ পিছত এতিয়া এই প্ৰস্তাৱ উপ-ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ’ব। তাৰ পৰা অনুমোদন পোৱাৰ পিছত কেজৰিৱাল চৰকাৰে ডি…
Read More
ছিকিমৰ ভয়াবহ বানত সন্ধানহীন অসমৰ সেনা জোৱান মিতুল…

ছিকিমৰ ভয়াবহ বানত সন্ধানহীন অসমৰ সেনা জোৱান মিতুল…

বৃহস্পতিবাৰে সেনাৰ সূত্ৰই জনোৱা মতে, ছিকিমৰ তীস্তা নদীৰ অৱবাহিকাত হোৱা ক্ষন্তেকীয়া বানপানীৰ পিছত অসমৰ বাকছা জিলাৰ এজন ভাৰতীয় সেনা জোৱান নিৰুদ্দেশ হৈছে। বুধবাৰে ছিকিমৰ ক্ষন্তেকীয়া বানপানীৰ পিছত নিৰুদ্দেশ হোৱা ২২ জন জোৱানৰ ভিতৰত ভাৰতীয় সেনাৰ কাৰিকৰী বিভাগত কৰ্মৰত মিতুল কলিতাও আছিল। মিতুল আলিপুৰদুৱাৰত কৰ্তব্যৰত আছিল যদিও বুধবাৰে চৰকাৰী কৰ্তব্যত ছিকিমলৈ গৈছিল। জিলাখনৰ আনন্দবজাৰ অঞ্চলৰ বাসিন্দা তেওঁৰ পৰিয়ালে তেওঁৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা চলাইছে যদিও এতিয়াও তেওঁৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই। প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, পৰিয়ালটোক ৬২০ ইএমইৰ কলিতা নিৰুদ্দেশ হোৱা বুলি জনোৱাৰ লগতে বানৰ বাবে নিৰুদ্দেশ হোৱা আনসকলৰ সৈতে তেওঁৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযান চলি আছে। ইফালে উত্তৰ…
Read More
ছিকিমত বান বিভীষিকা, ৭ গৰাকী সেনা জোৱানসহ নিহত ২২ জন, সন্ধানহীন অনেক

ছিকিমত বান বিভীষিকা, ৭ গৰাকী সেনা জোৱানসহ নিহত ২২ জন, সন্ধানহীন অনেক

বুধবাৰে ছিকিমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিত এতিয়ালৈকে নিহতৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সেনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি বানপানীত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ লোকক সকাহ দিয়াৰ বাবে এক বৃহৎ অভিযান চলাইছে। চীন নেপাল সীমান্তৰ সমীপত উচ্চ উচ্চতাৰ হিমবাহৰ হ্ৰদ এটা বিস্ফোৰণ হোৱাৰ সম্ভাৱনাৰ বাবে বুধবাৰে এই ক্ষুদ্ৰ ৰাজ্যখনত ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হয়। নিহতসকলৰ ভিতৰত কমেও ৭ জন সেনা জোৱান আছে। শুকুৰবাৰে গুৱাহাটীৰ ডিফেন্স পি আৰ অ’ই কয় যে তীস্তা নদীৰ বুকুত আগ্নেয়াস্ত্ৰ, বিস্ফোৰককে ধৰি সামৰিক সা-সৰঞ্জাম উটুৱাই লৈ গৈছে। ইয়াত ৰাইজক নদীৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে অচিনাকি বস্তুৰ খবৰ দিবলৈ সকীয়াই দিয়া হৈছে। “চিকিমত…
Read More
হাস্পতালৰ প্ৰসূতি ৱাৰ্ডৰ পৰা নৱজাতক চুৰিৰ চেষ্টা! গ্ৰেপ্তাৰ ২ মহিলাসহ ৩ জন

হাস্পতালৰ প্ৰসূতি ৱাৰ্ডৰ পৰা নৱজাতক চুৰিৰ চেষ্টা! গ্ৰেপ্তাৰ ২ মহিলাসহ ৩ জন

বৃহস্পতিবাৰে নিশা শিলচৰ মেডিকেল কলেজ হাস্পতালৰ চৌহদত প্ৰসূতি ৱাৰ্ডৰ পৰা এটি কেঁচুৱাক অপহৰণ কৰিবলৈ গৈ তিনিজন দুষ্কৃতিকাৰী ধৰা পৰাৰ পিছতে চাঞ্চল্যই বিৰাজ কৰে হাস্পতালখনত। চিকিৎসালয় চৌহদৰ পৰা নৱজাতকক লৈ পলায়ন কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰে দুগৰাকী মহিলা আৰু এজন পুৰুষ। খবৰ অনুসৰি, প্ৰায় মাজনিশা মহিলা দুগৰাকীয়ে প্ৰসূতি ৱাৰ্ডত প্ৰৱেশ কৰিছিল য’ত তেওঁলোকে নৱজাতকৰ বাবে ঠাইখন পৰিস্কাৰ কৰিছিল। ৱাৰ্ডৰ এগৰাকী মাতৃ সেই মুহূৰ্তত সাৰ পাই আছিল, সেই সময়তে তেওঁ নিজৰ নৱজাত শিশুটিক কান্দি থকাৰ বাবে নিচুকাবলৈ চেষ্টা কৰি আছিল। মহিলা দুগৰাকীয়ে শিশুটিক শান্ত কৰিম বুলি মাতৃক চম্ভালিবলৈ দিবলৈ পতিয়ন নিয়াইছিল। অৱশ্যে কেঁচুৱাটোক কোলাত তুলি লোৱাৰ লগে লগে ৱাৰ্ডৰ পৰা দৌৰি পলায়ন…
Read More
মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস! দিনৰ পোহৰতে কাঢ়ি লৈ গ’ল ডিঙিৰ সোণৰ চেইন

মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস! দিনৰ পোহৰতে কাঢ়ি লৈ গ’ল ডিঙিৰ সোণৰ চেইন

শুকুৰবাৰে গুৱাহাটীৰ কুমাৰপাৰা অঞ্চলত দিনৰ পোহৰতে এজন লোকৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি লৈ যায় দুই দুষ্কৃতিকাৰীয়ে। এই ঘটনাটো বন্দী হয় চিচিটিভি কেমেৰাত। ভিডিঅ’ত দেখিবলৈ পোৱা মতে, বাইকত অহা দুজন ব্যক্তিয়ে ঠিকনা সোধাৰ অজুহাতত নিজৰ কমপ্লেক্সৰ ভিতৰত থকা এজন বাসিন্দাক লক্ষ্য কৰি লয়। উল্লেখ্য যে, গুৱাহাটীত সঘনাই সংঘটিত হ’বলৈ লৈছে চেইন স্নেনিঙৰ ঘটনা। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত গুৱাহাটীত ঘণ্টাৰ ভিতৰতে চেইন স্নেচিঙৰ দুটা ঘটনা সংঘটিত হৈছিল।
Read More
কুকুৰৰ নাম ‘নুৰী’ ৰাখি মুছলমান মহিলাক অপমান কৰিছে ৰাহুল গান্ধীয়ে! অভিযোগ AIMIMৰ নেতাৰ…

কুকুৰৰ নাম ‘নুৰী’ ৰাখি মুছলমান মহিলাক অপমান কৰিছে ৰাহুল গান্ধীয়ে! অভিযোগ AIMIMৰ নেতাৰ…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চলিত মাহৰ আৰম্ভণিতে পৰিয়াললৈ এজন নতুন সদস্যক আদৰণি জনাইছিল। সেয়া আছিল এটা মৰমলগা কুকুৰ, যাৰ তেওঁ নাম ৰাখিছিল ‘নুৰী’। কিন্তু এই নামক লৈয়ে এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। মুছলমান নেতাসকলে পোহনীয়া কুকুৰটোক ‘নুৰী’ নাম দিয়াটোক সমালোচনা কৰি কয় যে ই সমাজৰ মহিলাসকলক অপমান কৰিছে। এই সন্দৰ্ভত এআইএমআইএমৰ নেতা মহম্মদ ফাৰহানে এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে, "বহু মুছলমান মহিলাক এই নাম দিয়া হয়। মই নিজকে ধৰ্মনিৰপেক্ষ বুলি কোৱা কংগ্ৰেছ দলক আৰু মুছলমান ৰাজনীতিবিদসকলক সুধিব বিচাৰো যে তেওঁলোকৰ কুকুৰৰ নামটো এনেদৰে ৰখাটো সঠিক নে?" ফাৰহানে আৰু প্ৰশ্ন কৰে যে ৰাহুল গান্ধীয়ে মুছলমান যুৱতী আৰু মহিলাসকলক তেওঁলোকৰ বহুলভাৱে ব্যৱহৃত…
Read More
সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি ‘মমতাৰ চিঠি’

সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি ‘মমতাৰ চিঠি’

হেম বৰুৱাৰ হৃদয়স্পৰ্শী সৃষ্টি মমতাৰ চিঠি শীৰ্ষক কবিতাটিৰ আধাৰত 'মুখা'ৰ বেনাৰত নিৰ্মল দাসৰ পৰিচালনাত নিৰ্মাণ হোৱা 'মমতাৰ চিঠি' ছবিখনে ৬ অক্টোবৰত সমগ্ৰ অসমৰ ৩২টাকৈ ছবিগৃহত মুক্তি লাভ কৰে৷ ছবিখনৰ কাহিনী, সংলাপ-চিত্ৰনাট্যও নিৰ্মল দাসৰ৷ মমতাৰ চিঠি চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক সমৰজ্যোতি সৰকাৰ৷সহকাৰী পৰিচালনা গোলাপ আৰু উৎপলৰ৷কাৰিকৰী নিৰ্দেশনা আৰু চিনেমাটোগ্ৰাফী প্ৰদীপ দৈমাৰীৰ৷সহযোগী উপেন বড়ো৷চিনেমাখনৰ প্ৰযোজনা দেৱাদীব দাসৰ৷সহ প্ৰযোজক পুতুল চন্দ্ৰ দাস আৰু ৰিপুঞ্জয় দাস৷ ছাউণ্ডৰ কাম কৰিছে দীপক দত্তই৷ সহযোগী বাবুল দাস৷ সম্পাদনা প্ৰতীম খাউণ্ডৰ (ৰাজা)৷ ৰূপসজ্জা বিশ্বজিৎ কলিতাৰ৷কালাৰিষ্ট ৰাজেশ যাদৱ (মুম্বাই)৷কলা নিৰ্দেশনা নিৰ্জুৰাজ,প্ৰমোদ দাসৰ৷সাজসজ্জা বিবেক দাসৰ৷পুনঃ শব্দসংযোজন কল্পনা আৰু সীমান্তৰ৷ চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰদুটাত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই৷বৰ্ষীয়ান অভিনেত্ৰী…
Read More