editor

3175 Posts
আলফাৰ শিৱিৰত বন্দী অসম আৰক্ষীৰ SI! মানস বৰগোঁহাইৰ দ্বিতীয়টো ভিডিঅ’ প্ৰকাশ নিষিদ্ধ সংগঠনৰ

আলফাৰ শিৱিৰত বন্দী অসম আৰক্ষীৰ SI! মানস বৰগোঁহাইৰ দ্বিতীয়টো ভিডিঅ’ প্ৰকাশ নিষিদ্ধ সংগঠনৰ

নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে প্ৰকাশ কৰে আৰক্ষীৰ চোৰাংচোৱাৰ অভিযোগত আলফাৰ শিৱিৰত বন্দী কৰি ৰখা মানস বৰগোঁহাই ওৰফে মুকুট অসমৰ দ্বিতীয়টো ভিডিঅ’। গ্ৰেপ্তাৰ আলফা কেডাৰজনে ভিডিঅ’টোত কয়, ‘মই মিছা কোৱা নাই, কেৱল মোৰ প্ৰকৃত পৰিচয়হে প্ৰকাশ কৰিছো… মই বিশেষ শাখাৰ এছ আই আৰু একেটা কথাই হাজাৰবাৰ ক’ম যে মই মিছা কথা কোৱা নাই। অসম আৰক্ষীত নিযুক্তি পোৱাৰ সময়ত মই দেউতাক এই বিষয়ে অৱগত কৰিছিলো আৰু লগতে মোৰ ইউনিফৰ্ম কিনিবলৈ দেউতাৰ পৰা টকা বিচাৰিছিলো।’’ ইয়াৰ উপৰিও মানস বৰগোহাঁইয়ে গুৱাহাটীৰ বেলতলা অঞ্চলৰ ৰয়েল এনক্লেভত প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰে আৰু নিষিদ্ধ সংগঠনটোৰ বিৰুদ্ধে যুঁজিবলৈ আণ্ডাৰ কভাৰ এজেণ্ট হিচাপে প্ৰশিক্ষণ লোৱা…
Read More
লোমহৰ্ষক! বেংক একাউণ্টত নমিনী নকৰাৰ বাবেই মহকুমা দণ্ডাধীশ পত্নীক হত্যা বেকাৰ স্বামীৰ

লোমহৰ্ষক! বেংক একাউণ্টত নমিনী নকৰাৰ বাবেই মহকুমা দণ্ডাধীশ পত্নীক হত্যা বেকাৰ স্বামীৰ

চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামীক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই বেকাৰ স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰিলে চৰকাৰী আমোলা পত্নীক। এনে এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশত। নিহত মহিলা আমোলাগৰাকী হৈছে দিন্দোৰী জিলাৰ শ্বাহপুৰাত নিযুক্ত মহকুমা দণ্ডাধীশ নিশা নাপিত। খবৰ অনুসৰি, মহকুমা দণ্ডাধীশগৰাকীয়ে তেওঁৰ চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামী মনীষ শৰ্মাক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই দুয়োৰে মাজত সূত্ৰপাত ঘটা কাজিয়াৰ পিছত গাৰুৰে মুখত হেঁচা মাৰি ধৰি স্বামীয়ে হত্যা কৰে। ইফালে এই হত্যাকাণ্ডৰ পিছত তেজ লগা গাৰুৰ কভাৰ আৰু বিচনা চাদৰ ধুই পৰিস্কাৰ কৰি মৃত্যুৰ প্ৰকৃত কাৰণ লুকুৱাবলৈ চেষ্টা কৰে হত্যাকাৰী স্বামীয়ে। ইয়াৰ পিছত মনীষে পত্নীৰ মৃত্যুৰ এক…
Read More
গোপন তথ্য ফাদিল গোচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

গোপন তথ্য ফাদিল গোচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড

চৰকাৰী গোপন তথ্য ফাদিল কৰাৰ বিতৰ্কিত গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। মঙলবাৰে এই তথ্য সদৰী কৰিছে ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যম আৰু ইমৰান খানৰ দলৰ মুখপাত্ৰই। উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। ৱাশ্বিংটনত থকা পাক ৰাষ্ট্ৰদূতে চৰকাৰলৈ প্ৰেৰণ কৰা গোপন তথ্য ফাদিল কৰাৰ গোচৰত অভিযুক্ত আছিল ইমৰান খান। ইফালে অহা ৮ ফেব্ৰৱাৰীত অনুষ্ঠিত হ’বলগীয়া দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইমৰান খানৰ এই শাস্তিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে প্ৰকাশ কৰা মতে, ইমৰান খানৰ উপৰিও বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীকো বিশেষ আদালতে ১০ বছৰৰ বাবে…
Read More
চৰকাৰৰ শূণ্য সহনশীলতা নীতি ধোঁৱাচাঙত তুলিছে বকোৰ স্থানীয় প্ৰশাসনে বাংলা ইটাভাটা মালিকক মুকলি সমৰ্থন

চৰকাৰৰ শূণ্য সহনশীলতা নীতি ধোঁৱাচাঙত তুলিছে বকোৰ স্থানীয় প্ৰশাসনে বাংলা ইটাভাটা মালিকক মুকলি সমৰ্থন

কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাটা। প্ৰত্যক্ষ কৰা মতে ; তাৰাবাৰী ; টুলুপাৰা ; ১ নং বৰুৱা পথাৰ ; ঘিলাবাৰী ; বালিঝাৰ ; হাৰিভাংগা ; পদ্মপুৰকে ধৰি বহু অঞ্চলত একাংশ  অসাধু লোকে অবাধ গতিত অবৈধ ভাবে চলাই গৈছে বাংলা ইটা ভাটাৰ ব্যৱসায়। এই ইটা ভাটা স্থাপন কৰাৰ বাবে দাঁতি-কাষৰীয়া লোক তথা পৰিয়ালৰ সাংঘাটিক সমস্যা সৃষ্টি হৈছে বুলি অভিযোগ কৰিছে স্থানীয় লোকে। এই লৈ ভূক্তভোগী পৰিয়ালৰ তৰফৰ পৰা বাৰাম্বাৰ অভিযোগ দিয়া হৈছে কিন্তু সংশ্লিষ্ট  বিভাগৰ নিৰৱ ভূমিকাত সচেতন মহল চিন্তিত হৈ পৰিছে। ইফালে বহু স্থানত বিদ্যালয় ; পৰিয়ালৰ গৃহ…
Read More
টি-২০ ফৰ্মেটত খেলা হ’ব এছিয়া কাপ ২০২৫

টি-২০ ফৰ্মেটত খেলা হ’ব এছিয়া কাপ ২০২৫

ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে এছিয়া কাপ ২০২৩ খিতাপ জিকিছিল। একে সময়তে, এছিয়া কাপ ২০২৫-ৰ পূৰ্বে ডাঙৰ খবৰ পোহৰলৈ আহিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এছিয়া কাপ ২০২৫-ৰ ফৰ্মেট সলনি হ'ব। প্ৰকৃততে, এছিয়া কাপ এদিনীয়া ফৰ্মেটত খেলা হৈছে, কিন্তু এছিয়া কাপ ২০২৫ এদিনীয়া নহয়, টি-২০ ফৰ্মেটত খেলা হ'ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ওমান আৰু সংযুক্ত আৰৱ আমিৰাতে এছিয়া কাপ ২০২৫ আয়োজনৰ দৌৰত আগবাঢ়ি আছে। এইটো বিশ্বাস কৰা হয় যে ওমান আৰু সংযুক্ত আৰৱ আমিৰাতে এছিয়া কাপ ২০২৫ আয়োজন কৰিব পাৰে, কিন্তু বাতৰি লিখালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে, এছিয়া কাপ ২০২৫-ৰ ফৰ্মেট সলনি হোৱাটো প্ৰায় নিশ্চিত। অৰ্থাৎ, ২০২৫…
Read More
ষ্ট্ৰেণ্ডজা মেম’ৰিয়েল বক্সিং টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিব নিখাত জাৰিন-লাভলিনা বৰগোহাঁইয়ে

ষ্ট্ৰেণ্ডজা মেম’ৰিয়েল বক্সিং টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিব নিখাত জাৰিন-লাভলিনা বৰগোহাঁইয়ে

দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনা বৰগোহাঁই ১৯ জন বক্সাৰৰ ভিতৰত আছে, যি ১ ফেব্ৰুৱাৰীৰ পৰা বুলগেৰিয়াৰ চফিয়াত আৰম্ভ হ'বলগীয়া ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিব। 'ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল'ত অংশগ্ৰহণ কৰা দলটো ফেব্ৰুৱাৰীৰ শেষৰ ফালে অলিম্পিক কোৱালিফায়াৰত অংশগ্ৰহণ কৰা দলটোৰ পৰা পৃথক। নিখাত, প্ৰীতি আৰু লাভলিনাই ইতিমধ্যে অলিম্পিকৰ কোটা সুৰক্ষিত কৰিছে। আনহাতে এতিয়ালৈকে কোনো পুৰুষ বক্সাৰে এনে কৰিবলৈ সক্ষম হোৱা নাই। বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী অমিতে পুৰুষ দলৰ নেতৃত্ব দিব। ভাৰতীয় দল: অভিজাত পুৰুষঃ বৰুণ সিং শগোলশেম (৪৮ কিলোগ্ৰাম), অমিত (৫১ কিলোগ্ৰাম), শচীন (৫৭ কিলোগ্ৰাম), আকাশ ৰমেশ গোৰ্খা (৬০ কিলোগ্ৰাম), বংশাজ (৬৩.৫০ কিগ্ৰা), ৰজত…
Read More
৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত সংস্কৃতি মন্ত্ৰালয়ৰ প্ৰতিকীয়ে জিকিলে প্ৰথম পুৰস্কাৰ

৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত সংস্কৃতি মন্ত্ৰালয়ৰ প্ৰতিকীয়ে জিকিলে প্ৰথম পুৰস্কাৰ

সংস্কৃতি মন্ত্ৰালয়ৰ 'ইণ্ডিয়া: মাদাৰ অফ ডেমক্ৰেচী' শীৰ্ষক প্ৰতিকীয়ে ৭৫ তম গণতন্ত্ৰ দিৱস পেৰেডত অন্তৰ্ভুক্ত প্ৰতিকীৰ ভিতৰত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। সোমবাৰে এই ঘোষণা কৰা হয়। সংস্কৃতি মন্ত্ৰালয়ে এক বিবৃতিত কয় যে প্ৰতিকী পৰম্পৰা আৰু উদ্ভাৱনৰ এক মিশ্ৰণ আছিল আৰু "ভাৰতৰ সাংস্কৃতিক ঐতিহ্য – যাক প্ৰায়ে গণতন্ত্ৰৰ মাতৃ বুলি কোৱা হয়" প্ৰদৰ্শন কৰিবলৈ 'অৰূপিক' প্ৰযুক্তিৰ উৎকৃষ্ট ব্যৱহাৰে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰিছিল। আমাৰ উপস্থাপনত এনামৰ্ফিক কৌশল দক্ষতাৰে গ্ৰহণ কৰা হৈছিল। এই প্ৰযুক্তিয়ে ইয়াক সমসাময়িক কৰি তুলিছিল, যিয়ে আমাৰ সংস্কৃতিৰ গতিশীলতা প্ৰতিফলিত কৰে। ইয়াত আধুনিকতাৰ সংমিশ্ৰণে পৰম্পৰাগত উপাদানবোৰক অনায়াসে আকৰ্ষণ কৰিছিল। আমি এটা প্ৰতিকী সৃষ্টি কৰিছিলো যিয়ে শৈল্পিক দক্ষতা আৰু সাংস্কৃতিক আভাস আনিছিল।
Read More
২০২৪-২৫ বৰ্ষৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে মাৰাঠা যুগৰ দুৰ্গসমূহক মনোনীত কৰিব ভাৰতে

২০২৪-২৫ বৰ্ষৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে মাৰাঠা যুগৰ দুৰ্গসমূহক মনোনীত কৰিব ভাৰতে

২০২৪-২৫ বৰ্ষৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ভাৰতে মাৰাঠা যুগৰ দুৰ্গসমূহক মনোনীত কৰিব। সংস্কৃতি মন্ত্ৰালয়ে সোমবাৰে এই ঘোষণা কৰে। ইউনেস্কোৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা দুৰ্গবোৰৰ ভিতৰত আছে ছালহোৰ দুৰ্গ, শিৱনেৰী দুৰ্গ, লোহগড়, খাণ্ডেলি দুৰ্গ, ৰায়গড়, ৰাজগড়, প্ৰতাপগড়, সুৱৰ্ণদূৰ্গ, পানহালা দুৰ্গ, বিজয় দূৰ্গ, মহাৰাষ্ট্ৰৰ সিন্ধু দুৰ্গ আৰু তামিলনাডুৰ গিঞ্জি দুৰ্গ। এই দুৰ্গবোৰ সপ্তদশ আৰু ঊনবিংশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল আৰু ই মাৰাঠা শাসকসকলৰ অসাধাৰণ সামৰিক ব্যৱস্থা আৰু শক্তিশালী দুৰ্গৰ প্ৰমাণ, এক বিবৃতিত কোৱা হৈছে। বিবৃতি অনুসৰি, ভাৰতে ২০২৪-২৫ বৰ্ষৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত মাৰাঠা সময়ৰ কিলোঠাৰ দুৱাৰ অন্তৰ্ভুক্ত কৰাৰ বাবে মনোনীত কৰিব। মহাৰাষ্ট্ৰত ৩৯০ টাতকৈও অধিক দুৰ্গ…
Read More
অষ্ট্ৰেলিয়ান অ’পেনৰ চেম্পিয়ন ইয়ানিক ছিনাৰ

অষ্ট্ৰেলিয়ান অ’পেনৰ চেম্পিয়ন ইয়ানিক ছিনাৰ

অষ্ট্ৰেলিয়ান অ'পেনৰ ফাইনেলত দানিল মেদভেদেভক ৩-৬, ৩-৬, ৬-৪, ৬-৪, ৬-৩ ত পৰাস্ত কৰি ইয়ানিক ছিনাৰে কেৰিয়াৰৰ প্ৰথম গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। ছেমিফাইনেলত ন'ভাক জক'ভিচক পৰাস্ত কৰা ২২ বছৰীয়া ছিনাৰে প্ৰথমবাৰৰ বাবে এটা ডাঙৰ প্ৰতিযোগীতাৰ ফাইনেলত খেলি আছিল। তেওঁ অষ্ট্ৰেলিয়ান অ'পেন খিতাপ জয় কৰা ইটালীৰ প্ৰথম জন খেলুৱৈ। তেওঁ খিতাপ দখল কৰি কয় -মোৰ বয়স মাত্ৰ ২২ কিন্তু এইটো এটা স্মৰণীয় যাত্ৰা আছিল। এইটো মোৰ বাবে এটা ডাঙৰ প্ৰতিযোগিতা কিন্তু এই গ্ৰেণ্ড শ্লেমক অতি বিশেষ কৰি তোলাৰ বাবে মই সকলোকে ধন্যবাদ জনাব বিচাৰো। এইটো ২০২১ চনৰ ইউএছ অ'পেন চেম্পিয়ন মেদভেদেভৰ ছয়খন গ্ৰেণ্ড শ্লেম ফাইনেলত পঞ্চম পৰাজয় আছিল।  তৃতীয় স্থান প্ৰাপ্ত…
Read More
বিহাৰত প্ৰৱেশ কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

বিহাৰত প্ৰৱেশ কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

আজি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৫ তম দিনত ভৰি দিয়ে। মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰা আজি বিহাৰত প্ৰৱেশ কৰিছে। ৰাহুল গান্ধীয়ে বিহাৰত কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা কিষাণগঞ্জত বৈঠকত ভাষণ আগবঢ়ায়। ৰাহুলে বিহাৰৰ সীমাঞ্চল জিলাত কেইবাখনো ৰেলীত অংশ লয় আৰু এই যাত্ৰা সম্পন্ন কৰি পুনৰ পশ্চিম বংগত প্ৰৱেশ কৰিব। উল্লেখ্য কংগ্ৰেছ এই যাত্ৰা কিষাণগঞ্জৰ মাজেৰে বিহাৰত প্ৰৱেশ কৰে। ৰাহুলে কিষাণগঞ্জত ৩ খন ৰাজহুৱা সভা সম্বোধন কৰে। তেওঁ বিহাৰ আৰু পশ্চিম বংগৰ ফাৰিংগোলা চেকপোষ্টহৈ কিষাণগঞ্জ চহৰৰ বীৰ কুঁৱৰ সিং বাছ ষ্টেণ্ডলৈ খোজকাঢ়ি এটা ৰোড শ্ব'ত অংশ লয়। ইয়াৰ পিছত খাগ্ৰাৰ শ্বহীদ আশফাকুল্লাহ খান ষ্টেডিয়ামত এখন ৰাজহুৱা সভা অনুষ্ঠিত…
Read More