31
Jan
নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিবেশন আজিৰে পৰা আৰম্ভ হয়। এইখন অন্তবৰ্তীকলীন বাজেট অধিবেশন, য'ত ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে তেওঁলোকৰ অন্তিমখন বাজেট সদনত দাখিল কৰিব। এই বাজেট অধিবেশন ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে দুয়োখন সদনক সম্বোধন কৰি আগবঢ়োৱা অভিভাষণৰে আৰম্ভ হয়। য'ত ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে কয় যে সন্ত্ৰাসবাদ হওঁক বা সম্প্ৰসাৰণবাদ হওঁক, দেশৰ সেনাই উচিত প্ৰত্যুত্তৰ দি আছে। জম্মু আৰু কাশ্মীৰত শান্তিৰ পৰিবেশ উভতি আহিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী ঘটনাও যথেষ্ট হ্ৰাস পাইছে। ভাষণৰ সময়ত ৰাষ্ট্ৰপতিয়ে চৰকাৰৰ কাম-কাজৰ বিৱৰণ দিয়ে। উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু লোকসভাৰ লগতে ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে সংৰক্ষণৰ…
