editor

3175 Posts
লক্ষীমপুৰত আন্তঃজিলা এথলেটিকছৰ শুভাৰম্ভ

লক্ষীমপুৰত আন্তঃজিলা এথলেটিকছৰ শুভাৰম্ভ

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত  আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৪৫সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা। ৰাজ্যৰ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনৰ আজি লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলনেৰে শুভ উদ্বোধন কৰে লখিমপুৰ সমষ্টিৰ বিধায়ক তথা লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি মানৱ ডেকাই। মাৰ্চ পাৰ্চেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত অসম এথলেটিকছ সন্থাৰ পতাকা উত্তোলন কৰে অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে। আনহাতে উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা লখিমপুৰ জিলাৰ ৫গৰাকী উদীয়মান এথলীটে অলিম্পিক শিখা প্ৰজ্বলন কৰি সকলোৰে অভিবাদন গ্ৰহন কৰে। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু…
Read More
সৎ চিন্তা, কৰ্ম, সংগত থকা মানুহক নিজৰ লক্ষ্যত উপনীত কৰায়: দীপক শৰ্মা

সৎ চিন্তা, কৰ্ম, সংগত থকা মানুহক নিজৰ লক্ষ্যত উপনীত কৰায়: দীপক শৰ্মা

চন্দ্ৰপুৰৰ সমীপৰ মায়ংৰ ঢেকীয়াবাৰীস্থিত "মণিৰাম জাতীয় বিদ্যালয়"ৰ বাৰ্ষিক বঁটা বিতৰণী সভাখনি বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সৎৰাম কলিতাৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায় । বিদ্যালয়ৰ অধ্যক্ষ ভূৱনেশ্বৰ ৰাজবংশীয়ে আঁত ধৰা আৰু আদৰণি ভাষণ দিয়া সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, কবি, সাহিত্যিক দীপক শৰ্মাই অংশ লৈ কয়- "প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ অধ্যয়ন, অধ্যাৱসায়, নিয়মানুবৰ্তিতা, শ্ৰদ্ধাশীল হ'লে এদিন নিজ লক্ষ্যত উপনিত হ'ব পাৰে । আজিৰ বিদ্যাৰ্থী সমাজে এদিন এজন ভাল মানুহ হম বুলি সপোন দেখিব লাগে । সন্তানক পিতৃ-মাতৃ, অভিভাৱকে যোগাত্মক, সফল হ'বাই এদিন শিকাব লাগে। বিয়োগাত্মক কথা শিকাব নালাগে । সৎ চিন্তা, সৎ কৰ্ম, সৎ…
Read More
বকোৰ বেলপাৰাত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশন সমাপন।

বকোৰ বেলপাৰাত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশন সমাপন।

বকো - ৰাজ্যৰ থলুৱা জনগোষ্ঠী সমূহৰ অন্যতম ৰাভা সকলোৰ সামগ্ৰীক বিকাশৰ বাবে কাম কৰি থকা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদৰ অধিবেশন বকোৰ বেলপাৰাত অনুষ্ঠিত হয়। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বকো - বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক অধিবেশন খন আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলপাৰা নৱজ্যোতি সংঘৰ প্ৰাংগনত আয়োজন কৰা হয়। উল্লেখ্য যে ; বকো - বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সভাপতি উপেন চন্দ্ৰ ৰাভা আৰু ভাৰপ্ৰাপ্ত সম্পাদক কৰ্ণধৰ ৰাভাই জনোৱা মতে ; বেলপাৰা অঞ্চলৰ সমাজ কৰ্মী অনিল ৰাভাক সভাপতি আৰু যুৱ কৰ্মী বুলু ৰাভাক সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা অভ্যৰ্থনা সমিতিয়ে অধিবেশন খন সৰ্বাঙ্গসুন্দৰ ৰূপত পৰিচালনা…
Read More
বামুণীগাওঁৰ “জান” প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু “জান- জীৱন জোৰা সাধনা বঁটা” – ২০২৩ প্ৰদান কবিতা – গীত – মাত – নৃত্যৰ বিচিত্ৰানুস্থান

বামুণীগাওঁৰ “জান” প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু “জান- জীৱন জোৰা সাধনা বঁটা” – ২০২৩ প্ৰদান কবিতা – গীত – মাত – নৃত্যৰ বিচিত্ৰানুস্থান

বৌদ্ধিক সমাজৰ অন্তৰংগ আলাপ আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা এক মনোজ্ঞ অনুস্থানেৰে আজি আয়োজন কৰা হয় গ্ৰন্থ উন্মোচনী সভা। কামৰূপ জিলাৰ বকো বামুণী গাওঁৰ পৰা প্ৰকাশিত "জান" আলোচনী খনৰ সম্পাদক ৰঞ্জন কলিতাৰ তৎপৰতাত আয়োজন কৰা হৈছে এক বিশেষ গ্ৰন্থ উন্মোচনী সভা। উল্লেখ্য যে ; বামুণীগাওঁৰ ইম্পেৰিয়েল কলেজৰ বাকৰিত আয়োজন কৰা বৌদ্ধিক তথা কলাত্মক গুণৰ অধিকাৰী সকলোক লৈ আয়োজন কৰা হৈছে বিচিত্ৰানুস্থানৰ। জান প্ৰকাশনৰ সচিব ৰঞ্জন কলিতাই জনোৱা মতে ; প্ৰতি বছৰৰ দৰে এই বৰ্ষও  আজি "জান - জীৱন জোৰা সাধনা বঁটা" - ২০২৩ প্ৰদান কৰা হয়। জান প্ৰকাশনৰ উদ্যোগত আয়োজন কৰা অনুস্থানৰ কাৰ্য্যসুচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিশিষ্ট সাহিত্যিক ;…
Read More
বিশাখাপত্তনম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

বিশাখাপত্তনম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

বিশাখাপত্তনমত খেলা দ্বিতীয়খন টেষ্টত ভাৰতে ইংলেণ্ডক ১০৬ ৰানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে, ভাৰতে শৃংখলাটো ১-১ ত সমতা অৰ্জন কৰে। যশপ্ৰীত বুমৰাহ, যশস্বী জয়ছোৱাল, শুভমান গিল আৰু ৰবিচন্দ্ৰন অশ্বিনে মেচখন জিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। জয়ছোৱালে প্ৰথম ইনিংছত ২০৯ ৰান সংগ্ৰহ কৰিছিল। আনহাতে, বুমৰাহে খেলখনত মুঠ ৯ টা উইকেট দখল কৰে। খেলখন চতুৰ্থ দিনা সমাপ্ত হয়। খেলখনত ৩৯৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ড ২৯২ ৰানত অলআউট হয়। এই সময়ছোৱাত, জাক ক্ৰাউলে দলটোৰ হৈ ৭৩ ৰানৰ আটাইতকৈ ডাঙৰ ইনিংছ খেলে, য'ত ৮ টা চাৰি আৰু এটা ছয় অন্তৰ্ভুক্ত আছিল। ইয়াৰ বাহিৰে, কোনো ইংলিছ খেলুৱৈয়ে ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে, যাৰ বাবে তেওঁ…
Read More
মোৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ এক কলা অধ্যায়: হেমন্ত চোৰেন

মোৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ এক কলা অধ্যায়: হেমন্ত চোৰেন

ঝাৰখণ্ডৰ বিদায়ী মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে সোমবাৰে ৰাজ্যিক বিধানসভাত ৰাজভৱন আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় - ৩১ জানুৱাৰীৰ নিশা মোৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ এক কলা অধ্যায়। এইটো এটা পৰিকল্পিত ষড়যন্ত্ৰৰ অধীনত কাৰ্যকৰী কৰা হৈছে আৰু ৰাজভৱনও এই ষড়যন্ত্ৰত জড়িত হৈ আছে। সদনত মুখ্যমন্ত্ৰী চম্পাই চোৰেনে উপস্থাপন কৰা আস্থা ভোট প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ সময়ত হেমন্ত চোৰেনে কয় যে তেওঁ মোক আঠ একৰ ভূমি কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে, কিন্তু মই প্ৰত্যাহ্বান জনাইছো যে যদি তেওঁ ইয়াৰ সৈতে সম্পৰ্কিত এখন কাকত উপস্থাপন কৰে, তেন্তে মই ৰাজনীতিৰ পৰা অৱসৰ লম। তেওঁ কাৰো নাম নোলোৱাকৈ কয়, 'এই লোকসকলে বহু বছৰ…
Read More
নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত ২০২৬ৰ ফিফা বিশ্বকাপৰ ফাইনেল

নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত ২০২৬ৰ ফিফা বিশ্বকাপৰ ফাইনেল

ফিফা বিশ্বকাপৰ ২০২৬ৰ ফাইনেল নিউয়ৰ্ক/ নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। উল্লেখ্য যে ফিফাৰ আয়োজকসকলে দেওবাৰে এইটো ঘোষণা কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফিফা বিশ্বকাপ ১১ জুনৰ পৰা মেক্সিকো চিটিৰ আইকনিক এজটেকা ষ্টেডিয়ামত আৰম্ভ হ'ব। ফিফাৰ সভাপতি গিয়ানিৰ মতে, ২০২৬ৰ বিশ্বকাপ এতিয়ালৈকে আটাইতকৈ প্ৰভাৱশালী ফিফা বিশ্বকাপ হ'ব। ই এতিয়া সপোন নহয় কিন্তু এক বাস্তৱ, যি কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৬ খন অত্যাধুনিক ষ্টেডিয়ামত ১০৪ খন খেল অনুষ্ঠিত হোৱাৰ সৈতে সাৰ্থক হ'ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফিফাৰ সভাপতিয়ে কয় যে আটলাণ্টা আৰু ডালাছে ছেমি ফাইনেল আয়োজন কৰিব। আনহাতে তৃতীয় স্থানৰ খেলখন মিয়ামীত খেলা হ'ব। কোৱাৰ্টাৰ ফাইনেল খেললছ এঞ্জেলছ, কানছাছ চিটি,…
Read More
ঝাৰখণ্ড বিধানসভাত আস্থা ভোট প্ৰদৰ্শন মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ

ঝাৰখণ্ড বিধানসভাত আস্থা ভোট প্ৰদৰ্শন মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ

ঝাৰখণ্ডত বিধানসভাৰ বিশেষ অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ পিছত নৱ নিযুক্ত মুখ্যমন্ত্ৰী চম্পাই চোৰেনে বিধানসভাত আস্থা ভোট প্ৰদৰ্শন কৰে। এই সময়ছোৱাত মুখ্যমন্ত্ৰী চম্পাই চোৰেনে কয়, 'আমাৰ চৰকাৰক অস্থিৰ কৰাৰ চেষ্টা কৰা হৈছিল। কোৰোনাৰ লকডাউনৰ সময়ত, আমি সমগ্ৰ দেশত বাস কৰা ঝাৰখণ্ডৰ শ্ৰমিকসকলক বিমানেৰে লৈ আহিছিলো। তেওঁ কয় যে যদি হেমন্ত আছে , তেন্তে সাহস আছে।' ঝাৰখণ্ড বিধানসভাত নৱ নিযুক্ত মুখ্যমন্ত্ৰী চম্পাই চোৰেনে কয়, 'হেমন্ত চোৰেনৰ নেতৃত্বত চৰকাৰখন ৪ বছৰ ধৰি চলিছিল। মানুহে ঝাৰখণ্ডক সোণৰ পক্ষীৰূপে চায়, কিন্তু ইয়াত থকা খনিজ পদাৰ্থবোৰ মুম্বাই আৰু গুজৰাটলৈ গৈছে। ইয়াত থকা জনজাতীয় লোকসকল স্থানচ্যুত হৈছে। চৰকাৰ গঠন হোৱাৰ পিছত, মৌলিক সমস্যাটো দূৰ কৰাৰ চেষ্টা কৰা হৈছে…
Read More
দুই শতাধিক শিশুৰ অংশগ্ৰহণেৰে জীপাল বৰদোঙা পথাৰ : গ্ৰন্থ উন্মোচন

দুই শতাধিক শিশুৰ অংশগ্ৰহণেৰে জীপাল বৰদোঙা পথাৰ : গ্ৰন্থ উন্মোচন

নগাঁও _ নগাঁও চহৰৰ সমীপৱৰ্তী কৰৈয়নিৰ কলংপৰীয়া বাৰগঞা মন্দিৰ প্ৰাংগণত "জ্যোতিষ্ক"ৰ উদ্যোগত আৰু কৰৈয়নি চলাপৰীয়া শাখা সাহিত্য সভাৰ সহযোগত আজি প্ৰথম বাৰ্ষিক শিশু সমাৰোহখনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সভাপতি সোণাৰাম বৰাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই সমাৰোহখনি উদ্বোধন কৰে ননৈ কলেজৰ সহযোগী অধ্যাপক, বিশিষ্ট লেখক, সাংস্কৃতিক কৰ্মী ড° বসন্ত বৰাই। উক্ত অনুষ্ঠানতে "জ্যোতিষ্ক" নামৰ শিশু আলোচনীখনৰ দ্বিতীয় সংখ্যাটো উন্মোচন কৰে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট লেখক ড° ইন্দ্ৰজিৎ বেজবৰুৱাই। এই অনুষ্ঠানতে শিশু সাহিত্যিক তথা কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিণ্টু দাসৰ "এলেহুৱা সুন্দৰী আৰু অন্যান্য সাধু" নামৰ এখন গ্ৰন্থ উন্মোচিত হয়। উন্মোচন কৰে লেখক ড°…
Read More
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত দ্বিশতক অৰ্জন ৰাচিন ৰবীন্দ্ৰৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত দ্বিশতক অৰ্জন ৰাচিন ৰবীন্দ্ৰৰ

দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট মাউণ্ট মাউনগানুইত চলি আছে। এই খেলখনত নিউজিলেণ্ডৰ যুৱ বেটছমেন ২৪ বছৰীয়া ৰাচিন ৰবীন্দ্ৰই খেলখনত দ্বিশতক অৰ্জন কৰি ২৪০ ৰান সংগ্ৰহ কৰে। তেওঁ নিউজিলেণ্ডৰ হৈ টেষ্টত তেওঁৰ প্ৰথম শতকটো দ্বিশতকলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে আৰু সৰ্বাধিক স্ক'ৰ অৰ্জন কৰিছে। ইয়াৰ সৈতে, তেওঁ তেওঁৰ জ্যেষ্ঠ খেলুৱৈৰ অভিলেখো ভংগ কৰিছে। ২১৫ ৰান সংগ্ৰহ কৰি ৰাচিন ৰবীন্দ্ৰই তেওঁৰ জ্যেষ্ঠ খেলুৱৈ মেথিউ ছিনক্লেয়াৰৰ অভিলেখো ভংগ কৰে। ৰাচিনৰ আগতে, মেথিউ ছিনক্লেয়াৰে নিউজিলেণ্ডৰ বাবে তেওঁৰ প্ৰথম শতকটো টেষ্টত দ্বিশতকলৈ ৰূপান্তৰ কৰাৰ অভিলেখ আছিল। ১৯৯৯ চনত, ছিনক্লেয়াৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২১৪ ৰান সংগ্ৰহ কৰিছিল। সেই সময়ত ৱেষ্ট ইণ্ডিজ দলটো নিউজিলেণ্ড ভ্ৰমণত…
Read More