editor

3175 Posts
শংকৰ মহাদেৱনৰ সংগীত এলবামলৈ ২০২৪ গ্ৰেমী বঁটা

শংকৰ মহাদেৱনৰ সংগীত এলবামলৈ ২০২৪ গ্ৰেমী বঁটা

প্ৰখ্যাত তবলা বাদক জাকিৰ হুছেইন আৰু গায়ক শংকৰ মহাদেৱনক লৈ গঠিত এক ফিউজন সংগীত গোট 'শক্তি' য়ে 'দিছ মোমেন্ট'ৰ বাবে শ্ৰেষ্ঠ গোলকীয় সংগীত এলবামৰ শ্ৰেণীত ২০২৪ গ্ৰেমী বঁটা লাভ কৰিছে। এলবামটোত সংগীত গোটৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ লগতে গিটাৰবাদক জন মেকলাফলিনৰ লগতে হুছেইন, মহাদেৱন, ভায়োলিনবাদক গণেশ ৰাজাগোপালন আৰু পাৰকাচনিষ্ট চেলভাগণেশ বিনায়াকাৰাম আছে। ৪৫ বছৰতকৈও অধিক সময়ৰ ভিতৰত 'শক্তি'ৰ প্ৰথম ষ্টুডিঅ' এলবাম 'দিচ মোমেন্ট' ২০২৩ চনৰ জুন মাহত মুক্তি পাইছিল। সংগীতৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ গ্ৰেমী বঁটা আয়োজন কৰা ৰেকৰ্ডিং একাডেমীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত তেওঁলোকৰ পৃষ্ঠাত এই ঘোষণা কৰে। তেওঁলোকে কয় যে "শ্ৰেষ্ঠ গোলকীয় সংগীত এলবাম বিজয়ী 'দিছ মোমেন্ট' শক্তিক অভিনন্দন। মহাদেৱন, ৰাজাগোপালন…
Read More
নিজৰ সপোন পূৰণ কৰিবলৈ স্বামীৰ ওপৰত অতিৰিক্ত চাপ দিয়াটোও মানসিক নিৰ্যাতনঃ উচ্চ ন্যায়ালয়

নিজৰ সপোন পূৰণ কৰিবলৈ স্বামীৰ ওপৰত অতিৰিক্ত চাপ দিয়াটোও মানসিক নিৰ্যাতনঃ উচ্চ ন্যায়ালয়

নিজৰ সপোন পূৰণৰ বাবে স্বামীক জোৰ কৰি আৰ্থিক সামৰ্থ্যৰ বাহিৰলৈ যাবলৈ বাধ্য কৰাটো আচলতে এক মানসিক নিৰ্যাতন। এহাল দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে কয় যে স্বামীৰ আৰ্থিক সামৰ্থ্যক গুৰুত্ব নিদিয়াকৈ অহৰহ মূল্যৱান বস্তু বিচৰা আৰু আৰ্থিক সামৰ্থ্যৰ কথা সোঁৱৰাই দিয়াটোৱে ঘৰখনত অস্থিৰতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত স্বামীৰ মানসিক চাপ বাঢ়ে। কোনো বিবাহত এইটো কেতিয়াও বাঞ্ছনীয় নহয়। ন্যায়াধীশ সুৰেশ কুমাৰ কাইট আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ নেতৃত্বত গঠিত বিভাগীয় বিচাৰপীঠে পত্নীৰ স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতাৰ উদাহৰণ দি দম্পতীহালৰ বিবাহ বিচ্ছেদক ​​সমৰ্থন কৰে। ইয়াৰ পূৰ্বে নিম্ন আদালতে দম্পতীহালক বিবাহ বিচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল। এই…
Read More
ৰাম মন্দিৰক লৈ আপত্তিজনক মন্তব্য! কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰৰ কন্যাৰ বিৰুদ্ধে এজাহাৰ দাখিল

ৰাম মন্দিৰক লৈ আপত্তিজনক মন্তব্য! কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰৰ কন্যাৰ বিৰুদ্ধে এজাহাৰ দাখিল

কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰৰ বিতৰ্কিত মন্তব্যই প্ৰায়ে চৰ্চা লাভ কৰি আহিছে দেশৰ ৰাজনীতিত। কিন্তু এইবাৰ মণিশংকৰ আয়াৰ নহয়, এইবাৰ বিতৰ্কত সোমাই পৰিছে তেওঁৰ কন্যাহে। শেহতীয়াকৈ মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা আয়াৰৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ‘আপত্তিজনক বক্তব্য’ পোষ্ট কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপি নেতা অজয় ​​আগৰৱালে ২০ জানুৱাৰীত বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰে। সুৰন্যা আয়াৰে ২০ জানুৱাৰীত পোষ্ট কৰা ৩৬ মিনিটৰ ভিডিঅ’ ক্লিপৰ লিংকটোও শ্বেয়াৰ কৰে। আগৰৱালাই ৩ ফেব্ৰুৱাৰীত দিল্লী চাইবাৰ ক্ৰাইম শাখাত সুৰন্যাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। য’ত তেওঁ কয় যে সুৰন্যা আয়াৰে…
Read More
খানাপাৰাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকা, ক’লে- অসমৰ বিস্ফোৰণ মই নিজ চকুৰে দেখিছো

খানাপাৰাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকা, ক’লে- অসমৰ বিস্ফোৰণ মই নিজ চকুৰে দেখিছো

খানাপাৰাত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰী মোদীয়ে। ডেৰ লাখ জনতাক সম্বোধন কৰি অসমীয়াতে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱাৰ বাবে অসমবাসীক ধন্যবাদ জনায় মোদীয়ে। তেওঁ কয়, ‘‘এসময়ত একাংশই ৰাজনীতিৰ বাবে নিজৰ সংস্কৃতি ধ্বংস কৰিলে। বিগত ১০ বছৰত ভাৰতত স্থিতি সলনি হৈছে। বিজেপি ডাবল ইঞ্জিন চৰকাৰে সকলো সলনি কৰিছে। বিকাশৰ অভিযান বিগত ১০ বছৰত বৃদ্ধি হৈছে। আমি ১০ বছৰত অভিলেখ সংখ্যক কলেজ, বিশ্ববিদ্যালয়, আইআইটি, আইএমএছ নিৰ্মাণ কৰিছো। ১০ বছৰত মেডিকেল কলেজৰ সংখ্যা দুগুণ হৈছে। অসমতো বৃ্দ্ধি পাইছে মেডিকেল কলেজৰ সংখ্যা।’’ ‘‘দেশবাসীৰ জীৱন সহজ কৰাটো আমাৰ লক্ষ্য। আমি ৪ কোটি পকীঘৰ, ঘৰে-ঘৰে গেছ আৰু পানী যোগানৰ ব্যৱস্থা কৰিছো। স্বচ্ছ…
Read More
শিৱসেনাৰ নেতাৰ ওপৰত গুলীচালনা বিজেপি বিধায়কৰ, গ্ৰেপ্তাৰ

শিৱসেনাৰ নেতাৰ ওপৰত গুলীচালনা বিজেপি বিধায়কৰ, গ্ৰেপ্তাৰ

শনিবাৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ (একনাথ শিণ্ডে ফৈদৰ) নেতা মহেশ গাইকৱাদৰ ওপৰত গুলীচালনা কৰে বিজেপি বিধায়ক গনপট গাইকৱাদে। উলহসনগৰৰ হিল লাইন থানাত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি চলি থকা ভূমি বিবাদক লৈ এজাহাৰ দাখিল কৰিবলৈ দুয়োজন ৰাজনীতিবিদ আৰু তেওঁলোকৰ সমৰ্থক থানাত সমবেত হৈছিল। এই ঘটনাৰ সময়ত মহেশ গাইকৱাদ আৰু শিৱসেনাৰ আৰু এজন সমৰ্থক গুৰুতৰভাৱে আহত হয়। ইফালে সমগ্ৰ ঘটনাটো চিচিটিভিৰ ফুটেজত বন্দী হৈছে, য’ত বিজেপি বিধায়কগৰাকীয়ে শিৱসেনাৰ নেতাগৰাকীৰ ওপৰত গুলীচালনা কৰা দেখা গৈছিল। ঘটনাৰ পিছতে গণপত গাইকৱাদক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈ আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Read More
যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ ৫ অভিযুক্তৰ জামিন মঞ্জুৰ আদালতৰ

যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ ৫ অভিযুক্তৰ জামিন মঞ্জুৰ আদালতৰ

জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিল যোৰহাটত ছাত্ৰ নেতা অনিমেশ ভুঞা গণপ্ৰহাৰৰ সৈতে জড়িত ৫ অভিযুক্তই। জানিব পৰা মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে শনিবাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ৫ অভিযুক্তক। ছাত্ৰ নেতাগৰাকীৰ গণ প্ৰহাৰৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ১২ অভিযুক্তৰ পিছত জামিন লাভ কৰা অভিযুক্ত কেইজন হৈছে মোহন দাস, বিতোপন দাস, অকণি ওৰফে সঞ্জু দাস, ৰাতুল দাস আৰু বিক্ৰম দাস। আন অভিযুক্ত লোকসকলেও জামিন পোৱাৰ সম্ভাৱনা আছে বুলি বাতৰি প্ৰকাশ পাইছে। উল্লেখ্য যে ২০২১ চনৰ নৱেম্বৰ মাহত যোৰহাট চহৰৰ মাজমজিয়াত প্ৰায় ৫০–৬০ জন লোকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনিমেশ ভূঞা আৰু…
Read More
মন্দিৰ নহয়, এতিয়া বিশেষ ৰজাৰ ৰাজ দৰবাৰ হৈ পৰিছে সংসদ ভৱনঃ গৌৰৱ গগৈ

মন্দিৰ নহয়, এতিয়া বিশেষ ৰজাৰ ৰাজ দৰবাৰ হৈ পৰিছে সংসদ ভৱনঃ গৌৰৱ গগৈ

‘২০১৪ চনৰ পূৰ্বে এই সদনখনক গণতন্ত্ৰৰ মন্দিৰ বুলি কোৱা হৈছিল। কিন্তু এতিয়া সদন মন্দিৰ হৈ নাই, এতিয়া এয়া এজন বিশেষ সম্ৰাটৰ ৰাজদৰাবলৈ লাহে লাহে সলনি হৈছে।’ – সংসদৰ অধিৱেশনৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অভিভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ আলোচনাত সদনৰ মজিয়াত এয়া আছিল কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক গৌৰৱ গগৈৰ ভাষ্য। গগৈয়ে কয়, "গণতন্ত্ৰৰ অন্ত পেলোৱাৰ লগতে ৰাজতন্ত্ৰৰ পৰম্পৰা প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে।” কেন্দ্ৰীয় চৰকাৰে ‘ভ্ৰম’ৰ সৃষ্টি কৰি মূল বিষয়সমূহৰ পৰা জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইমান উচ্চতাত নিজৰ সিংহাসন স্থাপন কৰিছে যে দেশৰ যুৱক-যুৱতী,…
Read More
নীলা ছবিৰ প্ৰতি কিশোৰ পুত্ৰৰ আসক্তি! ক্ষুব্ধ হৈ পিতৃয়ে বিহিলে মৃত্যুদণ্ডৰ শাস্তি

নীলা ছবিৰ প্ৰতি কিশোৰ পুত্ৰৰ আসক্তি! ক্ষুব্ধ হৈ পিতৃয়ে বিহিলে মৃত্যুদণ্ডৰ শাস্তি

মোবাইলত ব্লু ফিল্ম চোৱাৰ বাবেই নিজৰ ১৪ বছৰীয়া সন্তানক মৃত্যুৰ শাস্তি বিহিলে এজন পিতৃয়ে। মহাৰাষ্ট্ৰৰ সোলাপুৰত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। নীলা ছবিৰ প্ৰতি পুত্ৰৰ আসক্তিত বিৰক্ত হৈ অৱশেষত বিষ খুৱাই ১৪ বছৰীয়া কিশোৰজনক হত্যা কৰি মৃতদেহ পেলাই দিয়ে নলাত। আৰক্ষীয়ে জনোৱা মতে, পেছাত দৰ্জী বিজয় বাট্টুৰ ১৪ বছৰীয়া জ্যেষ্ঠ পুত্ৰ বিশাল নীলা ছবি চোৱাৰ প্ৰতি আসক্ত হৈ পৰিছিল। বিদ্যালয়লৈ বুলি ওলাই গৈ বন্ধুৰ সৈতে নীলা ছবি উপভোগ কৰিবলৈ আৰম্ভ কৰিছিল বিশালে। আনহাতে ছোৱালী সহপাঠীৰ সৈতে অশ্লীল আচৰণ কৰাৰ বিষয়েও বিদ্যালয় কৰ্তৃপক্ষৰ পৰা কেইবাবাৰো অভিযোগ লাভ কৰিবলগীয়া হৈছিল পিতৃ বিজয়ে। এনে কাৰণতে পুত্ৰৰ প্ৰতি ক্ষুব্ধ…
Read More
পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ পদত্যাগ, ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ক’লে…

পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ পদত্যাগ, ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ক’লে…

পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে শনিবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰে। তেওঁ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে। তেওঁ পদত্যাগ পত্ৰত লিখিছে যে তেওঁ ব্যক্তিগত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বানৱাৰীলাল পুৰোহিতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ লিখা এখন পত্ৰত লিখিছে, "ব্যক্তিগত কাৰণ আৰু অন্যান্য প্ৰতিশ্ৰুতিৰ বাবে মই পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক পদৰ পদত্যাগ পত্ৰ আগবঢ়াইছো। অনুগ্ৰহ কৰি গ্ৰহণ কৰক।" ইয়াৰ পূৰ্বে ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত তামিলনাডুৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৮৩ বছৰীয়া বনৱাৰী লাল পুৰোহিতে। ২০১৬-২০১৭ বৰ্ষৰ ভিতৰত অসমৰ ৰাজ্যপালৰ দায়িত্বও পালন কৰি আহিছে। আনহাতে ২০২১ চনৰ আগষ্ট মাহত তেওঁ পঞ্জাৱৰ ২৯ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ…
Read More
ছ’চিয়েল মিডিয়াত নিজৰ মৃত্যুৰ ভুৱা প্ৰচাৰ! জে’ললৈ যাব নেকি মডেল পুনম পাণ্ডে…

ছ’চিয়েল মিডিয়াত নিজৰ মৃত্যুৰ ভুৱা প্ৰচাৰ! জে’ললৈ যাব নেকি মডেল পুনম পাণ্ডে…

মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ পাই সকলোৱে স্তম্ভিত হৈ পৰিছিল যদিও ঠিক পিছদিনা অৰ্থাৎ শনিবাৰে পুনম পাণ্ডেয়ে নিজেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে তেওঁ জীয়াই আছে। পুনম পাণ্ডেয়ে নিজেই তেওঁৰ মৃত্যুৰ ভুৱা খবৰটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি প্ৰচাৰ লাভ কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে। তেওঁৰ এই কাৰ্যৰ বাবেই ছ’চিয়েল মিডিয়াত ক্ষুব্ধ হৈ পৰিছে নেটিজেন। ইফালে ভুৱা বাতৰি বিয়পোৱাৰ বাবে জে’ললৈও যাবলগীয়া হ’ব পাৰে অভিনেত্ৰীগৰাকী। ইয়াৰ লগতে তেওঁৰ ওপৰত জৰিমনাও আৰোপ কৰিব পাৰে। আই টি এক্ট-২০০০ৰ ৬৭ নং ধাৰাত যদি কোনোবাই প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে দোষী সাব্যস্ত হয়, তেন্তে তেওঁক তিনি বছৰৰ কাৰাদণ্ড…
Read More