01
Mar
অসম বিজ্ঞান সমিতিৰ কামৰূপ জিলাৰ বকো শাখাৰ উদ্যোগত আৰু জামবাৰী এম ই স্কুলৰ সহযোগত স্কুল প্ৰাংগনত কালি 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' অনুষ্ঠিত হয় । বিজ্ঞান সমিতিৰ বকো শাখাৰ সভাপতি অৰবিন্দ চৌধুৰীৰ সঞ্চালনাত এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু "বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি" শীৰ্ষক আলোচনা চক্ৰ খনত মুখ্য সমল ব্যক্তি হিচাপে ছাত্ৰ - ছাত্ৰীসকলৰ আগত আলোচনা আগবঢ়ায় জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ সহযোগী অধ্যাপক ড° প্ৰাণেশ্বৰ নাথে। বিজ্ঞান শাখাৰ সম্পাদক পৱিত্ৰ কৈৱৰ্ত্তই জনোৱা অনুসৰি আন এগৰাকী বক্তা হিচাপে বক্তব্য ৰাখি ডি এন ডি আঞ্চলিক হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক গৌৰাংগ ঠাকুৰীয়াই ছাত্ৰ -ছাত্ৰীক একাগ্ৰতাৰে সকলো কাম কৰিবলৈ পৰামৰ্শ দিয়ে। জামবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক…
