22
Mar
বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটাৰোডৰ জীয়ৰী বৰ্তমান দিল্লীৰ বাসিন্দা ডঃ নীলাক্ষী চৌধুৰীৰ " Winds For Change" নামৰ আইন বিষয়ক গ্ৰন্থখনি অলপতে উন্মোচন কৰা হয় ৷ গ্ৰন্থখনি ডুবাইৰ ৰজাৰ কাৰ্য্যালয় Emirates Towerত উন্মোচন কৰে ৰজাৰ উপদেষ্টা তথা প্ৰাক্তন ৰাষ্ট্ৰদূত ডঃ খালিদ অল মেৰিয়ে ৷ বৰপেটাৰোডৰ প্ৰাক্তন পৌৰপতি বিদ্যানন্দ চৌধুৰীৰ প্ৰথমা কণ্যা নীলাক্ষীয়ে এফ চি এছ , এম বি এ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত দিল্লীস্থ দেশৰ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাবে সেৱা আগবঢ়াই আহিছে। তেখেতে দেশৰ আগশাৰীৰ ৪ খন ফাৰ্ম আৰু ১০ টা আন্তৰাষ্ট্ৰীয় কোম্পানীৰ হৈ কাম কৰি আছে ৷ দেশৰ এগৰাকী আগশাৰীৰ অধিবক্তা হিচাবে নিজকে প্ৰতিস্থা কৰা ডঃ নীলাক্ষীয়ে চুপ্ৰিম…
