Dipshikha

2345 Posts
আজি চিৰবৈৰী ভাৰত-পাকিস্তানৰ খেল

আজি চিৰবৈৰী ভাৰত-পাকিস্তানৰ খেল

সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান।দিনৰ ২.৩০ বজাৰ লগে লগে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচখন । এই মেচখনক লৈ ক্ৰিকটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা ।এইবাৰ অৱশ্যে ফাইনেল বা প্ৰথম মেচ নহয়। এইবাৰ বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ কৰিছে। ইফালে, নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাস্ত হৈছে পাকিস্তান ।
Read More
পুনৰ বিতৰ্কৰ মাজত শংকৰদেৱ সংঘ

পুনৰ বিতৰ্কৰ মাজত শংকৰদেৱ সংঘ

তোলনি বিয়াৰ ভোজৰ বাবে হ'ল এঘৰীয়াপুনৰ বিতৰ্কত শংকৰ সংঘ ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে শংকৰ সংঘ।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এইবাৰ অন্য এক অভিযোগ।তোলনি বিয়া সম্পন্ন কৰি এমাহৰ পিছত ভোজ দিয়াক লৈ এটা পৰিয়ালক এঘৰীয়া।যোৰহাটৰ এগৰাকী বৃদ্ধা আৰু এটি পৰিয়ালক মানসিকভাৱে হাৰাশাস্তিৰ অভিযোগ।শংকৰ সংঘৰ এখন প্ৰাথমিক আৰু আঞ্চলিকৰ বিষয়ববীয়াৰ বিৰুদ্ধে ক্ষোভ।যোৰহাট কেন্দুগুৰিৰ গৌতম বৰুৱাৰ কন্যাৰ তোলনি বিয়াক এঘৰীয়া কৰে সংঘই।সংঘৰ নিয়মানুযায়ী তোলনি বিয়া সম্পন্ন কৰি এমাহৰ পিছত ভোজ দিছিল পৰিয়ালটোৱে।বিবাহ ভৱনত বন্ধুবৰ্গ, আত্মীয়ৰ বাবে আমিষ অভ্যৰ্থনাৰ আয়োজন কৰিছিল গৌতম বৰুৱাই।সংঘৰ নিয়মৰ বাবেই অভ্যৰ্থনালৈ অহা নাছিল গৌতম বৰুৱাৰ মাতৃ, পৰিয়ালৰ আন লোক।যোৰহাট অধিৱেশনতো ভাগ লোৱাৰ পৰা পৰিয়ালটোক বঞ্চিত কৰাত ক্ষোভ।সংঘৰ পদক্ষেপত…
Read More
মুছলমানৰ বিৰুদ্ধে  ঘৃণা বিয়পোৱা নেতাৰ ৰেহাই নাই

মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা নেতাৰ ৰেহাই নাই

মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা বিজেপি নেতাৰ ৰেহাই নাই।আদালতৰ সিদ্ধান্তই স্পষ্ট কৰিলে এই কথা।মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত বিজেপি নেতা।ঘৃণা বিয়পোৱা বিজেপি নেতাৰ অগ্ৰিম জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে।কেৰালাৰ বিজেপি নেতা পি চি জৰ্জে দিছিল মুছলমানক সন্ত্ৰাসবাদী আখ্যা।বিজেপি নেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।কেৰালা উচ্চ ন্যায়ালয়ে খাৰিজ কৰে অগ্ৰিম জামিনৰ আৱেদন।
Read More
মূৰ ঘূৰোয়া সমস্যা আছে নেকি আপোনাৰ

মূৰ ঘূৰোয়া সমস্যা আছে নেকি আপোনাৰ

আপুনি বাৰু নৰসিংহ পাতৰ উপকাৰিতা বিষয়ে জানেনে?নৰসিংহ পাত আপুনি বাৰু কি কি কামত ব্যৱহাৰ কৰে ?আপুনি জানিলে আচৰিত হব যে অতীজৰে পৰা নৰসিংহ পাতক স্বাস্থ্যৰ পক্ষে খুব উপকাৰী বুলি গণ্য কৰি অহা হৈছে। ইয়াত বহু ঔষধি গুণ আছে। যিবোৰে আমাৰ স্বাস্থ্য ,ছাল-চুলিক ভালে ৰখাত বহু পৰিমাণে সহায় কৰে। নৰসিংহ পাত প্ৰ'টিন, আইৰণ, চৰ্বি, কেলচিয়াম, ভিটামিন-চি, ফছফৰাছ, নিকোটিনিক এচিড, এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ।সেয়েহে নৰসিংহ পাত খালে আমাৰ শৰীৰটো বহু ৰোগৰ পৰা বাচি থাকে।যদি বমিৰ ভাৱ হয়, বা আপোনাৰ মূৰ ঘূৰায়,এনে সমস্যাত ভূগি থকাসকলৰ বাবে পুৱা নৰসিংহ পাত খোৱাটো খুব উপকাৰী বুলি গণ্য কৰা হয়।আপুনি জানেনে নৰসিংহ পাত খালে হজম শক্তি উন্নত হয়।যদি আপোনাৰ…
Read More
মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে চিগাৰেটৰ

মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে চিগাৰেটৰ

ধূম্ৰপায়ীসকলৰ বাবে আহিল এক দুঃখবৰ।কিয়নো বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য !উল্লেখযোগ্য যে ইকন'মিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আঁতৰোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ'ব ।ইফালে এই বাতৰি প্ৰকাশৰ পিছতে বৃহস্পতিবাৰে ধপাতৰ ওপৰত শ্বেয়াৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ অৱনমন দেখা গৈছে ।
Read More
পুনৰ দুৰ্বৃত্তৰ আক্রমণৰ বলি ৰকিবুল হুছেইন

পুনৰ দুৰ্বৃত্তৰ আক্রমণৰ বলি ৰকিবুল হুছেইন

পুনৰ ৰকিবুলক আক্ৰমণ দুৰ্বৃত্তৰ! আজি ৰকিবুল হুছেইন ৰূপহীহাটত দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে, গুণাবাৰীৰ কংগ্ৰেছ কৰ্মী সভালৈ গৈছিল সাংসদগৰাকী। কেইবাজনো দুৰ্বৃত্তই মুখত ক’লা কাপোৰ বান্ধি সাংসদগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়। তাৰ পিছতে আক্ৰমণ কৰে সাংসদ গৰাকীক। এই ঘটনাত আহত হৈছে সাংসদগৰাকীৰ লগতে দেহৰক্ষীগৰাকী। উল্লেখযোগ্য যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰিত হৈছে যদিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
Read More
পূৰ্বে নঘটা ঘটনা ঘটিল এইবাৰ

পূৰ্বে নঘটা ঘটনা ঘটিল এইবাৰ

পূৰ্বতে কোনো দিন ঘটা নাছিল এনে ঘটনা কিয়নো ১৭ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল একেবাৰে।আদালতৰ ইতিহাসত ইমান সংখ্যক লোকক একেলগে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ এইটো প্ৰথম ঘটনা ।এজন অনুসূচিত জাতিৰ লোকক নিৰ্মমভাৱে হত্য়া কৰা গোচৰত আদালতে এই ৰায় দিয়ে ।উল্লেখযোগ্য যে একেখন গাঁৱৰ পণ্ডিত ৰামাস্বামী, পণ্ডিত চাইলু, পণ্ডিত ৰামুলু, পণ্ডিত মল্লেশ, বান্দাগোৰলা ভালৰাজ, পণ্ডিত য়াদয়া, জাক্কুলা ৰমেশ, পণ্ডিত শ্ৰীকান্ত, পণ্ডিত সতীশ, পণ্ডিত নৰসায়া, পণ্ডিত সত্যনাৰায়ণ, বন্দগোৰলা নগাম্মা, পণ্ডিত শ্ৰীনু, পণ্ডিত মাল্লায়া, পণ্ডিত লিঙ্গায়, জাক্কুলা লাচ্চৈয়া, আৰু পোলাবোয়া লিঙ্গায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে প্ৰত্য়েককে ৬০০০ টকাৰ জৰিমনা বিহে ।
Read More
মিছিং ছাত্ৰ-ছাত্ৰীলৈ আহিল ভাল খবৰ

মিছিং ছাত্ৰ-ছাত্ৰীলৈ আহিল ভাল খবৰ

পুনৰ ৰাজ্যৰ শিক্ষা বিভাগৰ জাননী।ৰাজ্য চৰকাৰৰ অধীনস্থ নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাও হ'ব শিক্ষাৰ মাধ্যম ।মিচিং জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীয়ে মাতৃ ভাষাত শিক্ষা গ্ৰহণৰ সুযোগ দিয়া বাবেই এই নিৰ্দেশ শিক্ষা বিভাগৰ।প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মিচিং ভাষাত গ্ৰহণ কৰিব পাৰিব শিক্ষা।উল্লেখযোগ্য যে ২০০ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষা হ'ব শিক্ষাৰ মাধ্যম।
Read More
অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীৰ বৃহৎ সফলতা

গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে সোণাই এলেকাৰ ধনেহৰিৰ শিলচৰ - সোণাই পথত অভিযান চলাই এখন অটোৰিক্সাৰ পৰা বুজণ পৰিমাণৰ য়াবা টেবলেট আৰু হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। অটোৰিক্সাখনৰ পৰা ৪০ হাজাৰ য়াবা টেবলেট আৰু হেৰ'ইন ভৰ্তি ১৪টা চাবোনৰ বাকচ জব্দ কৰে। বাকচকেইটাৰ পৰা ২৬০ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ ভাষ্য অনুসৰি জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ কোটি টকা হ’ব।উল্লেখযোগ্য যে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন হৈছে- ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্যামচৰকুটি গাঁৱৰ আমিনুৰ ইছলাম আহমেদ আৰু কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খুটাবগৰা গাঁৱৰ মহম্মদ আলী তালুকদাৰ । বৰ্তমান ধৃত লোক দুজনক সোণাই…
Read More
বিমান দুৰ্ঘটনাত বহু যাত্ৰীৰ আঘাতপ্ৰাপ্ত

বিমান দুৰ্ঘটনাত বহু যাত্ৰীৰ আঘাতপ্ৰাপ্ত

বিমান বন্দৰত পুনৰ ভয়াৱহ বিমান দুৰ্ঘটনা।দুৰ্ঘটনাত বিমানখনত থকা মুঠ ৭৬গৰাকী যাত্ৰীৰ ভিতৰত অতি কমেও ২০গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহতসকলৰ ভিতৰত আছে এগৰাকী শিশু, এজন ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধ।উল্লেখযোগ্য যে টৰণ্ট’ আন্তৰ্জাতিক বিমান বন্দৰত সংঘটিত হৈছে এই ঘটনা।দুৰ্ঘটনাত পতিতত হোৱা বিমানখনৰ নম্বৰ হৈছে- এণ্ডেভাৰ এয়াৰ ফ্লাইট 4819।ইতিমধ্যে দুৰ্ঘটনাৰ লগে লগে বিমান বন্দৰ কৰ্তৃপক্ষই সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।অৱশ্যে বিমানখন দুৰ্ঘটনাতপতিত হ’লেও বাকীসকল যাত্ৰী সুৰক্ষিত অৱস্থাত থকাৰ কথা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে।
Read More