Dipshikha

2936 Posts
প্ৰচণ্ড শীতৰ বাবেই মৃত্যুক সাবটিছে ১৫ জন লোকে

প্ৰচণ্ড শীতৰ বাবেই মৃত্যুক সাবটিছে ১৫ জন লোকে

আমেৰিকাৰ কেইবাখনো ৰাজ্যত অহা শীতকালীন ধুমুহাৰ বাবে হ্ৰাস হৈছে তাপমাত্ৰা ৷ যাৰ ফলত অতিমাত্ৰা শীতৰ কবলত পৰিছে ৰাজ্যকেইখন ৷ প্ৰচণ্ড শীতৰ বাবেই মৃত্যুক সাবটিছে ১৫ জন লোকে ৷ এই খবৰ প্ৰকাশ কৰিছে চি এন এনে ৷দক্ষিণ আমেৰিকাত অহা এই ধুমুহাৰ ফলত বিশেষকৈ টেক্সাছ, লুইজিয়ানা, মিচিচিপি আৰু টেনেচিত প্ৰচণ্ড শীতৰ মাজত বহু অঞ্চল বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে ।সমগ্ৰ দেশতে পৰিছে এই ধুমুহাৰ প্ৰভাৱ ৷ সোমবাৰে আমেৰিকাৰ ৪৮ খন ৰাজ্যৰ ভিতৰত ৫৬ শতাংশতকৈ অধিক ৰাজ্যত বৰফ পৰে । নিউ মেক্সিকোৰ পৰা মেইনলৈকে কমেও ১৮ খন ৰাজ্যত এক ফুট বা তাতকৈ অধিক আকাৰৰ বৰফ পৰাৰ তথ্য পোৱা গৈছে ।
Read More
আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰৰ নিশাটো ডিব্ৰুগড়তে কটাব গৃহমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে নিশা ৯ বজাত বিশেষ বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। বৃহস্পতিবাৰে সন্ধিয়া অসমত উপস্থিত হৈ ডিব্ৰুগড়ত নিশাটো কটাব শ্বাহে। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ৩০ জানুৱাৰীত ডিব্ৰুগড়, ধেমাজি আৰু গুৱাহাটীত আছে গৃহমন্ত্ৰীৰ কাৰ্যসূচী।এই ভ্ৰমণকালত বহু কেইটা প্ৰকল্প উদ্বোধন কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।
Read More
আজি বাথৌ পূজা

আজি বাথৌ পূজা

আজি বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়। সাধাৰণতে বছৰত দুবাৰকৈ অনুষ্ঠিত হয় এই পূজা। বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। তেওঁক আকাশ, পৰ্বতৰ দেৱতা আৰু জনগোষ্ঠীৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। বড়ো লোকসকলে যুগ যুগ ধৰি বাথৌক পূজা কৰি আহিছে।বড়ো সকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’…
Read More
ইৰাণত মৃত্যুৰ সংখ্যা বৃদ্ধি

ইৰাণত মৃত্যুৰ সংখ্যা বৃদ্ধি

ইৰাণে দেশজোৰা প্ৰতিবাদৰ বিৰুদ্ধে চলোৱা অভিযানত কমেও ৬,১২৬ জন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও আন বহুতৰে মৃত্যুৰ আশংকা কৰা হৈছে ৷ কিয়নো সংকটৰ প্ৰতি আমেৰিকাৰ যিকোনো সামৰিক সঁহাৰিৰ নেতৃত্ব দিবলৈ দেশখনৰ বিমানবাহী জাহাজৰ এটা গোট মধ্যপ্ৰাচ্যত উপস্থিত হৈছে । মঙলবাৰে কৰ্মীসকলে এই কথা জানিবলৈ দিয়ে ৷ইৰাণে বাৰে বাৰে সমগ্ৰ মধ্যপ্ৰাচ্যক যুদ্ধত চামিল কৰোৱাৰ ভাবুকি দিছে যদিও বিগত জুনত ইজৰাইলে দেশখনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পিছত ইয়াৰ বায়ু প্ৰতিৰক্ষা আৰু সামৰিক বাহিনী আজিও দুৰ্বল অৱস্থাত আছে ।নিহতসকলৰ ভিতৰত কমেও ৫,৭৭৭ জন প্ৰতিবাদকাৰী, ২১৪ জন চৰকাৰী নিৰাপত্তাৰক্ষী, ৮৬ টা শিশু আৰু ৪৯ জন সাধাৰণ নাগৰিক আছে, যি প্ৰতিবাদত জড়িত নাছিল । এই…
Read More
ভয়ংকৰ দুৰ্ঘটনা

ভয়ংকৰ দুৰ্ঘটনা

দক্ষিণ ফিলিপাইনছৰ উপকূলত সংঘটিত হয় এক ফেৰী দুৰ্ঘটনা। ৩৫০ জনতকৈ অধিক লোক কঢ়িয়াই অনা এখন ফেৰী ডুবি যোৱাৰ ফলত ১৮ জন লোকে মৃত্যুমুখত পৰিব লগা হয়। MV তৃষা কাৰষ্টিন-৩ নামৰ ফেৰীখনত সংঘটিত হয় এই অঘটন। ফেৰীখন এৰাৰ ৪ ঘণ্টা পাছত নিশা ১.৫০ বজাত মাজ সাগৰত ডুব যায় ফেৰীখন।
Read More
ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই

ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই

গণৰাজ্য দিৱসত নাৰী শক্তিৰ জয়গান। কৰ্তব্য পথত প্ৰতিফলন ভাৰতীয় নাৰীৰ শক্তি আৰু সামৰ্থ্য। কৰ্তব্য পথত সোমবাৰে ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই। প্ৰথমবাৰলৈ চিআৰপিএফৰ পুৰুষ দলক পেৰেডত নেতৃত্ৱ দিলে মহিলা বিষয়াই। ২৬ বছৰীয়া সহযোগী কমাণ্ডেণ্ট ছিমৰন বালাই নেতৃত্ৱ দিলে চিআৰপিএফৰ ১৪০ জনীয়া পুৰুষ দলটোক। ৭৭সংখ্যক গণৰাজ্য দিৱসত অনন্য কৃতিত্ৱৰ গৰাকী হ’ল ছিমৰন বালা। ভাৰতীয় সুৰক্ষা বাহিনীত নাৰী শক্তিৰ অগ্ৰগতি, সমানতা আৰু নেতৃত্ৱৰ পৰিচায়ক হৈ ৰ’ল ছিমৰন বালা।সীমান্তৰ গাঁৱৰ পৰা কৰ্তব্য পথলৈ। এক বৰ্ণিল যাত্ৰা ২৬ বছৰীয়া ছিমৰন বালাৰ। জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সীমান্ত অঞ্চল নৌছেৰাত জন্মলাভ কৰিছিল ছিমৰনে।
Read More
আমেৰিকাত শীতৰ প্ৰবাহ

আমেৰিকাত শীতৰ প্ৰবাহ

তুষাৰপাত, পথৰ ওপৰত বৰফৰ ডাঠ তৰপ, শীতল বতাহৰ বাবে সমগ্ৰ আমেৰিকাত আতংক বিয়পি পৰিছে। ঠাণ্ডাৰ বাবে বাতিল কৰা হৈছে ১০ হাজাৰৰো অধিক বিমানৰ উৰণ। তদুপৰি বৰফৰ ধুমুহাই ১০ লাখ লোকক আন্ধাৰত থাকিবলৈ বাধ্য কৰাইছে। ধুমুহাৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে ইয়াৰ ফলত লাখ লাখ আমেৰিকান লোকৰ জীৱনও নিথৰ হৈ পৰিছে। এক প্ৰতিবেদন অনুসৰি সমগ্ৰ আমেৰিকাত প্ৰায় ১০ লাখ লোক বিদ্যুৎ বিহীন হৈ আছে আৰু শীতকালীন ভয়াৱহ ধুমুহাই সমগ্ৰ দেশৰ পূব দুই তৃতীয়াংশ অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ১০ হাজাৰতকৈ অধিক বিমান সেৱা বাতিল কৰা হৈছে।ধুমুহাক ঐতিহাসিক বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেডাৰেল জৰুৰীকালীন দুৰ্যোগ ঘোষণাত অনুমোদন জনায়। কিয়নো…
Read More
অৰুণাচলত ভয়ংকৰ ঘটনা

অৰুণাচলত ভয়ংকৰ ঘটনা

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম ৰাংলম (Ranglom) ত নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহী সংগঠনৰ মাজত ভয়ানক সংঘৰ্ষ । বিদ্ৰোহী সংগঠন এন এছ চি এন-কে (ৱাই এ) আৰু আছাম ৰাইফলছৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ ৷ প্ৰায় তিনি ঘণ্টা ধৰি দুই পক্ষৰ মাজত অব্যাহত আছে গুলীয়াগুলী । বৰ্তমানো চলি আছে এই সংঘৰ্ষ ৷জানিব পৰা মতে সোমবাৰে পুৱা ৰাংলম নামৰ ঠাইত অৱস্থিত অষ্টম আছাম ৰাইফলছৰ শিবিৰলৈ লক্ষ্য কৰি বিদ্ৰোহী সংগঠনটোৱে গুলীবৰ্ষণ কৰিছিল ৷ বিদ্ৰোহী সংগঠনটোৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত আছাম ৰাইফলছেও গুলীচালনা কৰে ৷ বৰ্তমানলৈ হতাহতৰ তথ্য জানিব পৰা হোৱা নাই ৷
Read More
গুটখা সেৱনকাৰীলৈ আহিল বেয়া খবৰ

গুটখা সেৱনকাৰীলৈ আহিল বেয়া খবৰ

গুটখা, খৈনী, বিড়ি, চিগাৰেট, পাণ মচলাকে ধৰি ধঁপাতজাতীয় সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। ওড়িশা চৰকাৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা,পাণ মছলা আৰু ধঁপাত তথা নিকোটিনযুক্ত সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। এই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ নিয়ম অনুসৰি লোৱা হৈছে । এই নিষেধাজ্ঞা সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক অধিসূচনা জাৰি কৰে।
Read More
এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব। ৰাইচিনা পাহাৰৰ পৰা আৰম্ভ হোৱা এই পেৰেড কৰ্তব্য পথেৰে লালকিল্লালৈ যাব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তিনিটা সশস্ত্ৰ বাহিনীৰ এই গণৰাজ্য দিৱসত “অপাৰেচন সেন্দূৰ”ৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ বিষয়বস্তু হ’ব “Operation Sindoor: Victory Through Jointness”। য’ত দেখা পাব ৰাষ্ট্ৰৰ বিকশিত সামৰিক মতবাদৰ এক আকৰ্ষণীয় আৰু শক্তিশালী চিত্ৰণ, যিয়ে নিখুঁততা, সংহতি আৰু নিজা শ্ৰেষ্ঠত্বৰ দিশত এক নিৰ্ণায়ক পৰিৱৰ্তন প্ৰতিফলিত কৰিব। ইয়াৰ লগতে ভাৰতৰ শক্তিশালী বাৰ্তাও প্ৰেৰণ কৰিব যে, নিৰ্ণায়ক, যৌথ আৰু স্ব-নিৰ্ভৰশীল সামৰিক শক্তিৰ যুগ আহি পৰিছে। এইবাৰৰ পেৰেডত কেইবাটাও বিশেষ বৈশিষ্ট্য থাকিব। ইউৰোপীয় সংঘ (ইউৰোপীয় ইউনিয়ন)ৰ…
Read More