Dipshikha

2936 Posts
স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী

স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী

স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। এন চি পি দলৰ বিধায়িনী।উল্লেখ কৰা প্ৰয়োজন যে, বিমান দুৰ্ঘটনাত অজিত পাৱাৰ মৃত্যু হোৱাৰ পাছতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁৰ পত্নীয়ে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লৈছিল এন চি পিয়ে। বাৰামতীত অনুষ্ঠিত হৈছিল বিধায়িনী দলৰ বৈঠক। এই বৈঠকত এন চি পি দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল।
Read More
বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ

বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ

বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ । বেংগালুৰু চুলিবেলে আৰক্ষী থানাৰ অধীনস্থ মুটছান্দ্ৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ নিশা শুই থকা অৱস্থাত সন্দেহজনক পৰিস্থিতিত মৃত্যু হয় অসমৰ এই চাৰি যুৱ শ্ৰমিকৰ ।নিহত শ্ৰমিককেইজনক জয়ন্ত চিন্তে (২৫), নৰেন্দ্ৰনাথ টাইড (২৪), ডক্টৰ টাইড (২৫) আৰু ধনঞ্জয় টাইড (২০) বুলি চিনাক্ত কৰা হৈছে ৷ শুকুৰবাৰে দিনত কাম শেষ কৰি নিশা ঘৰলৈ আহি আটাইকেইজন শুই পৰে । ইয়াৰ পাছত পুৱা ঘৰৰ ভিতৰত শুই থকা সময়ত মৃত অৱস্থাত উদ্ধাৰ হয় যুৱককেইজন । চুলিবেলে আৰক্ষীয়ে নিশ্চিত কৰে এই তথ্য ৷শ্ৰমিককেইজনৰ মৃত্যুৰ সঠিক কাৰণ বৰ্তমান জানিব পৰা হোৱা…
Read More
আজি পৱিত্ৰ মে-ডাম-মে-ফী

আজি পৱিত্ৰ মে-ডাম-মে-ফী

টাই আহোম ধৰ্মাৱলম্বী লোকসকলৰ আজি পৱিত্ৰ মে-ডাম-মে-ফী । পূৰ্বপুৰুষক স্মৰণ কৰিবৰ কাৰণে আৰু দেশ-জাতিৰ মংগলৰ কাৰণে আজিৰ দিনটোতে মে-ডাম-মে-ফী অৰ্থাৎ উপৰিপুৰুষক স্মৰণ কৰা হয় ।মে-ডাম-মে-ফী ধর্মীয় অনুষ্ঠানতে চাওফী (পূৰ্বপুৰুষসকল) আৰু 'ডাম চাও-ফী'সকলক পূজা কৰা হয় । টাই পণ্ডিতে দহখনকৈ মেহেঙা পাতি ধূপ-দীপ-নৈৱদ্য, বৰা চাউল, কুকুৰা, কুকুৰা কণী, লোকলাওকে ধৰি অন্যান্য নৈবদ্য অৰ্পণ কৰি দহজনকৈ দেৱতাক পূজা আগবঢ়ায় । এই দহজন দেৱতা হ'ল খাও খাম, আই লেংদিন, জা চিং ফা, জান-চাই-হাং, লেংদন, চিট-লাম-চাম, মুট-কাম টাই-কুম, ডাম চাও ফী, ৰা-খিন, বা-খিন।
Read More
পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি

পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি

পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি। কুৱেইটৰ পৰা দিল্লীলৈ আহি থকা ইণ্ডিগ’ৰ এখন বিমানত বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনত বোমা থকাৰ ভাবুকি পোৱাৰ লগে লগে আহমেদাবাদলৈ ডাইভাৰ্ট কৰি জৰুৰীকালীন অৱতৰণ (Emergency Landing) কৰোৱা হয়। লক্ষণীয়ভাৱে এই ভাবুকি এখন টিছু পেপাৰত লিখা এটা নোটৰ জৰিয়তে পোৱা গৈছিল। এই নোটত বিমানখন হাইজেক কৰি বোমাৰে উৰুৱাই দিয়া হ’ব বুলি ভাবুকি দিয়া হয়।
Read More
স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী

স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী

স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। এন চি পি দলৰ বিধায়িনী।উল্লেখ কৰা প্ৰয়োজন যে, বিমান দুৰ্ঘটনাত অজিত পাৱাৰ মৃত্যু হোৱাৰ পাছতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁৰ পত্নীয়ে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লৈছিল এন চি পিয়ে। বাৰামতীত অনুষ্ঠিত হৈছিল বিধায়িনী দলৰ বৈঠক। এই বৈঠকত এন চি পি দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল।
Read More
নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ

নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ

নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ । এইবাৰ যোৰহাটত মুখ্যমন্ত্ৰীৰ আন এক বিস্ফোৰণ ।গৌৰৱ গগৈৰ পাকিস্তান লিংক থকা কথা ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈ থাকিলে গৌৰৱ গগৈয়ে ভয় নকৰো বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "গৌৰৱ গগৈ ভয় কৰা মানুহ নহয় । সেইটো ভাল কথা । আমাৰো কাকো ভয় খুওৱাৰ উদ্দেশ্য নাই, কিন্তু যি সঁচা হয় সেয়াই সঁচা হ'ব আৰু যি মিছা সেয়া মিছা হ'ব । মই কৈছোঁ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় আৰু তেওঁ পত্নীও পাকিস্তানী । যদি তেওঁৰ সাহস আছে মোৰ ওপৰত কেচ কৰক ।"
Read More
দেশজুৰি চৰ্চাত বিৰাট কোহলী

দেশজুৰি চৰ্চাত বিৰাট কোহলী

শুকুৰবাৰে পুৱা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হঠাতে নোহোৱা হৈ যোৱাত ছচিয়েল মিডিয়াত ব্যাপক আলোড়নৰ সৃষ্টি হয়। অৱশ্যে খন্তেক সময়ৰ পূৰ্বে ২৭৪ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ থকা কোহলীৰ একাউণ্টটো পুনৰ সক্ৰিয় হয়। প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ একাউণ্টটো প্ৰায় ৮ ঘণ্টা ধৰি নিষ্ক্ৰিয় গৈ থকাক লৈ অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মাজনিশা বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হঠাতে সেৱা বন্ধ হৈ যায়। এই সময়ছোৱাত একাউণ্টটো চাৰ্চ কৰোঁতে ব্যৱহাৰকাৰীসকলে “প্ৰফাইল উপলব্ধ নহয়” অথবা “ব্যৱহাৰকাৰী পোৱা নগ’ল” বুলি বাৰ্তা লাভ কৰিছিল।এই অনাকাংক্ষিত ঘটনাই কোহলীৰ অনুৰাগীসকলৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি কৰে। সামাজিক মাধ্যমত বহুতে একাউণ্টটো নিষ্ক্ৰিয় কৰা হৈছে নে ডিলিট কৰা হৈছে, নে…
Read More
এই শাকৰ উপকাৰী গুণৰ কথা জানিলে আচৰিত হব আপুনি

এই শাকৰ উপকাৰী গুণৰ কথা জানিলে আচৰিত হব আপুনি

মৰিচা শাক ভিটামিন A, C, কেলছিয়াম, আৰু প্ৰটিনেৰে ভৰপূৰ এক পুষ্টিকৰ থলুৱা শাক, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হজম শক্তি বঢ়ায়, চকুৰ বাবে উপকাৰী, ৰক্তহীনতা দূৰ কৰে, আৰু শৌচ স্বাভাৱিক কৰাত সহায় কৰে । ইয়াত থকা এণ্টিঅক্সিডেন্ট আৰু পুষ্টিগুণে হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে কৰ্কট ৰোগৰ পথ্য হিচাপেও কাম কৰে ।মৰিচা শাকৰ প্ৰধান উপকাৰিতা:পুষ্টিৰ উৎস: মৰিচা শাকত যথেষ্ট পৰিমাণে ভিটামিন A, C আৰু আৱশ্যকীয় খনিজ পদাৰ্থ থাকে, যি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ।হজম শক্তি বৃদ্ধি: এই শাক নিয়মীয়াকৈ খালে হজম শক্তি বৃদ্ধি পায় আৰু শৌচ স্বাভাৱিক হয় ।ৰক্তহীনতা দূৰ কৰা: ইয়াত থকা খনিজ পদাৰ্থই শৰীৰত তেজৰ মাত্ৰা বৃদ্ধি…
Read More
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা।এইবাৰ কলম্বিয়াত সংঘটিত হৈছে এক বৃহৎ বিমান দুৰ্ঘটনা। ৰাজধানী বগোটাৰ বিষয়াসকলে জনোৱা মতে, বুধবাৰে ভেনিজুৱেলাৰ সীমান্তৰ সমীপৰ পাহাৰীয়া অঞ্চলত কলম্বিয়াৰ এজন সাংসদকে ধৰি ১৫ জন লোকক লৈ যোৱা এখন টুইন প্ৰপেলাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত নিহত হয় সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ।
Read More
ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব মোদী

ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব মোদী

কেইবাটাও কাৰ্যসূচী হাতত লৈ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী । ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ব্ৰহ্মপুত্রৰ ওপৰত নিৰ্মাণ কৰা ৬ লেনযুক্ত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু । একেদিনাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব পলাশবাৰীত নিৰ্মাণ হ'বলগীয়া আই আই এমৰ অস্থায়ী কেম্পাছ ।
Read More