Dipshikha

2936 Posts
আৰৱ সাগৰত অভিলেখ ৰচি গৃহ ভূমিত ৩ অসমকন্যা

আৰৱ সাগৰত অভিলেখ ৰচি গৃহ ভূমিত ৩ অসমকন্যা

আৰৱ সাগৰ সাঁতুৰি গৃহভূমিত ৩ অসমকন্যা । শেহতীয়াকৈ মুম্বাইত বাহৰ পাতি অসমৰ ৩ সাঁতোৰবিদে অভিলেখ সৃষ্টি কৰিছে । তেওঁলোক হৈছে কিউচেংহান ফুকন, কংকিতা দাস আৰু গৰিয়সী চুতীয়া ।ইয়াৰে ৭ বছৰীয়া কিউচেংহান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটতে এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈকে সাঁতুৰি সকলোকে আচৰিত কৰি তুলিছিল । ইয়াৰ দ্বাৰা আৰৱ সাগৰ সাঁতুৰি বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ হিচাপেও পৰিগণিত হৈছে কিউচেংহান ফুকন ।
Read More
এবিধ উপকাৰী খাদ্য

এবিধ উপকাৰী খাদ্য

মাটিমাহ (Black Gram) প্ৰটিন আৰু পুষ্টিৰে ভৰপূৰ এক অতিকৈ উপকাৰী দাইল, যি শৰীৰত কম খৰচতে প্ৰয়োজনীয় প্ৰ'টিনৰ যোগান ধৰে। ইয়াৰ উপকাৰিতাৰ ভিতৰত- ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা, চালৰ ৰোগ নিৰাময় কৰা, ভিটামিন-বি প্ৰদান কৰা, আৰু Facebook-ৰ এই প্ৰবন্ধটো অনুসৰি স্বাস্থ্য তথা চালৰ বাবে ই অতি উপকাৰী।মাটিমাহৰ প্ৰধান উপকাৰিতাসমূহ তলত দিয়া হ’ল:উচ্চ প্ৰ'টিনৰ উৎস: ইয়াক "দুখীয়াৰ মাংস" বুলিও কোৱা হয়, কাৰণ ই শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন যোগান ধৰে।ছালৰ যতনত: মাটিমাহৰ পানীৰে গা ধুলে বা ইয়াৰ পেষ্ট ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় আৰু ছালৰ বিভিন্ন ৰোগ ভাল হয়।ভিটামিন বি: ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন বি থাকে, যি স্বাস্থ্যৰ বাবে উপযোগী।পৌষ্টিক গুণ: মাটিমাহ এবিধ…
Read More
পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ !

পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ !

পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ ! বোমাৰে উৰুৱাই দিব ৰাজধানীখনৰ আশে- পাশে থকা ৯খন বিদ্যালয়। সোমবাৰে পুৱা ৮-৩৩ বজাত দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে লাভ কৰিছিল এই ভাবুকি ভৰা সংবাদ। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ টেণ্ডাৰ আৰু বোমা স্কোয়াডক ততাতৈয়াকৈ স্থানসমূহলৈ প্ৰেৰণ কৰে প্ৰশাসনে।
Read More
মৃতকৰ সংখ্যা বৃদ্ধি

মৃতকৰ সংখ্যা বৃদ্ধি

যোৱা বৃহস্পতিবাৰে মেঘালয়ৰ ছুতংগাত অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ফলত নিহত লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে, অবৈধ কয়লা খনন আৰু খনিটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে । ছুতংগাত অবৈধ কয়লা খনিটোত বৃহস্পতিবাৰে পুৱা সংঘটিত দুৰ্ঘটনাটোৰ বিষয়ে শুকুৰবাৰে নিশা পূব জয়ন্তীয়া হিলছৰ আৰক্ষী অধীক্ষক আই পি এছ বিকাশ কুমাৰে জনায় যে এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি হৈছে ৷উল্লেখ্য যে এতিয়াও উদ্ধাৰ অভিযান শেষ হোৱা নাই ৷ শনিবাৰেও অব্যাহত থকা এই অভিযানত মৃত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো আৰক্ষীয়ে ৰেট হ'ল মাইনিঙৰ জৰিয়তে চলাই থকা…
Read More
পুনৰ ইতিহাস ৰছিলে ভাৰতে

পুনৰ ইতিহাস ৰছিলে ভাৰতে

২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপত জয়লাভ কৰিছে ভাৰতে ৷ শুকুৰবাৰে অনুষ্ঠিত ফাইনেল মেচত ভাৰতে ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰে । ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ এয়া ষষ্ঠটো খিতাপ । বৈভৱ সূৰ্যবংশীৰ ১৭৫ ৰাণ আৰু শক্তিশালী বলিং প্ৰদৰ্শনে ভাৰতক ঐতিহাসিক বিজয় প্ৰদান কৰে ৷ ইংলেণ্ডে ৪০.২ অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৩১১ ৰাণ ৷
Read More
আনাৰসৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ

আনাৰসৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ

আনাৰস (Pineapple) ভিটামিন চি, এনজাইম আৰু এণ্টিঅক্সিডেন্টৰে ভৰপূৰ এক সুস্বাদু আৰু স্বাস্থ্যসন্মত গ্ৰীষ্মকালীন ফল। ই পাচনতন্ত্ৰ সুস্থ ৰখা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, চৰ্দি-কাহ নিৰাময়, হাড় মজবুত কৰা, আৰু ছাল উজ্জ্বল কৰাত বিশেষভাৱে উপকাৰী। আনাৰসত থকা 'ব্ৰোমেলেন' (Bromelain) নামৰ উপাদানটোৱে প্ৰ'টিন হজম কৰাত সহায় কৰে।আনাৰসৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ:পাচনতন্ত্ৰ উন্নত কৰা: আনাৰসত থকা ব্ৰোমেলেন এনজাইমে প্ৰ'টিন হজম কৰাত আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: উচ্চ পৰিমাণৰ ভিটামিন চি থকাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।চৰ্দি-কাহ আৰু স্কাৰ্ভি ৰোগ নিৰাময়: চৰ্দি-কাহ আৰু ভিটামিন চি-ৰ অভাৱত হোৱা স্কাৰ্ভি ৰোগৰ বাবে আনাৰসৰ ৰস খুবেই উপকাৰী।হাড়ৰ বাবে উপকাৰী: ইয়াৰ ম্যাংগানিজ…
Read More
ইতিহাস ৰছিলে ভাৰতে

ইতিহাস ৰছিলে ভাৰতে

এৰন জৰ্জৰ শতক আৰু অধিনায়ক আয়ুষ মাত্ৰে আৰু বৈভৱ সূৰ্যবংশীৰ অৰ্ধশতকৰ বাবেই ভাৰতৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলটোৱে মাত্ৰ ৪২ অভাৰতে ৩১১ ৰাণৰ লক্ষ্যত সহজে উপনীত হ’বলৈ সক্ষম হয় । এই জয়েৰে ভাৰতে দশমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ ফাইনেলত স্থান নিশ্চিত কৰি ইতিহাস ৰচনা কৰে । ভাৰতীয় যুৱ দলটোৱে এইপৰ্যন্ত ৫ বাৰকৈ ট্ৰফী অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক ২৭ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা ইংলেণ্ডৰ বিৰুদ্ধে এতিয়া ভাৰতে ফাইনেলত মুখামুখি হ’ব । ৬ ফেব্ৰুৱাৰী শুকুৰবাৰে হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল মেচখন ।
Read More
অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ

অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ পূৰ্বে অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ । অসমৰ ১২,০০০ ৰো অধিক বিঘা মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দখলত বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছত মুকলি কৰা হৈছিল কংগ্ৰেছৰ ৱেবছাইট ৷ পিছে মুকলিৰ মাথোঁ এঘণ্টাৰ ভিতৰতে হেকাৰৰ কবলত পৰিল কংগ্ৰেছৰ ৱেবছাইটটো ।বুধবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু ভূমি কেলেংকাৰীৰ তথ্যৰে মুকলি কৰা হৈছিল এটা ৱেবছাইট । কিন্তু মুকলিৰ পাছতে হেক হ'ল কংগ্ৰেছৰ ৱেৱছাইট whoishbs.com নামেৰে মুকলি কৰা ৱেবছাইটটো । অৱশ্যে অলপ সময়ৰ ভিতৰতে কংগ্ৰেছে হোমপেজত ওলোৱা - Better Luck Next Time Paijaan… বাক্যশাৰী মোহাৰি হেকাৰৰ নিয়ন্ত্ৰণ প্ৰতিৰোধ…
Read More
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী। এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে অসমৰ কন্যাই। কিউচেংঘান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটত প্ৰায় ১৩ কিলোমিটাৰ দীঘল এই কঠিন সাঁতোৰ সম্পূৰ্ণ কৰি বিশ্বৰ কনিষ্ঠতম সাঁতোৰবিদ হিচাপে নতুন ৰেকৰ্ড স্থাপন কৰিছে।
Read More
অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ কথা মনত আছেনে

অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ কথা মনত আছেনে

ৰাজ্য কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ গোচৰটো এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। আজিৰে পৰা ৬ আৰু ৭ ফেব্ৰুৱাৰীলৈ নগাঁৱৰ ছেছন আদালতত গোচৰটোৰ অন্তিম শুনানি অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে, শুনানিৰ অন্তত আদালতে গোচৰটোৰ ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে। ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙত সংঘটিত হোৱা এই নৃশংস ঘটনাত দুয়ো যুৱক গণ নিগ্ৰহৰ বলি হ’বলগীয়া হৈছিল। এই ঘটনাই সেই সময়ত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
Read More