Dipshikha

2388 Posts
ওদালগুৰি জিলাৰ মাজবাট বন বিভাগৰ সফল অভিযান

ওদালগুৰি জিলাৰ মাজবাট বন বিভাগৰ সফল অভিযান

ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ চালান বিহিন বালি ভৰ্তি দুখন টেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা‌ বন বিভাগৰ ডি এফ অ মোস্তাফা আলি আহমেদৰ গোপন খৱৰৰ ভিত্তিত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বন কৰ্মীৰ দলে গোপনে ওদালগুৰি জিলাৰ ওৰাং মাজবাট অঞ্চলত চলায় চালান বিহীন টেক্টৰ বিচাৰি তালাচী অভিযান। বন কৰ্মীৰ উক্ত অভিযানত মাজবাটৰ পাচঁনৈ নদীৰ পৰা চালান বিহীন ভাবে বালি ভৰ্তি কৰি আনি থকা অৱস্থাত দেৱালখণ্ড গাওঁৰ পৰা নাম্বাৰ বিহিন টেক্টৰ এখন জব্দ কৰে আনহাতে আন এখন নাম্বাৰ বিহিন বালি ভৰ্তি টেক্টৰ জব্দ কৰে ওৰাঙৰ হাবিগাওঁৰ পৰা।পিছত বন বিভাগৰ দলে জব্দ কৰা দুয়োটা টেক্টৰ মাজবাট বন বিভাগৰ কাৰ্য্যালয়ত লৈ আনে।উল্লেখ্য…
Read More
জামুগুৰিহাটৰ এজন ককা.. যি শুনিলে আচৰিত হব আপুনিও

জামুগুৰিহাটৰ এজন ককা.. যি শুনিলে আচৰিত হব আপুনিও

জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে ২০০ বছৰীয়া আপুৰুগীয়া পেঁপা৷বজাই দেখুৱালে ৯০ উৰ্দ্ধৰ সোন বৰুৱা ককাই৷অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি । ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ ৯০ উৰ্দ্ধৰ সোণ বৰুৱাৰ ককাৰ পেপাৰ গুমগুমনি । আজো ককাৰ দিনৰ ২০০ বছৰীয়া পেপাটি সযতনে ৰাখি থৈছে সোণ বৰুৱা ককাই । বিহু বুলিলেই ককাৰ হেনো গা সাতখন আঠখন হৈ উঠে । যৌৱন কালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাতো ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গ'ল ।
Read More
এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে ঘটনাৰ আঁৰৰ কাৰণ তেনেই সাধাৰণ।নিহত বাইক চালকগৰাকী কৃষক নেতা পাপ্পু সিং। তাৰোপৰি ট্ৰেক্টৰ চালকগৰাকীৰ গুলীত নিহত হৈছে পাপ্পু সিঙৰ পুত্ৰ অভয় সিং আৰু পাপ্পুৰ ভাতৃ ৰিংকু সিং। পুৱা এখন বাইকত তিনিগৰাকীয়ে ব্যক্তিয়ে এটা পথেৰে গৈ থকাৰ সময়তে আহে এখন ট্ৰেক্টৰ। সেই ট্ৰেক্টৰক পথ এৰি নিদিয়াৰ বাবেই খৰ্গহস্তহৈ ট্ৰেক্টৰ চালকগৰাকীয়ে গুলীয়াই হত্যা কৰে বাইক চালকগৰাকীৰ লগতে দুই আৰোহীক।
Read More
পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সাতখনতকৈও অধিক ৰাজ্যত গৰমৰ প্ৰকোপ । সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।চলিত সপ্তাহত দক্ষিণ ভাৰত, তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে উত্তৰ-পূবৰ ৰাজ্য বিশেষকৈ অসম আৰু মেঘালয়ত ধুমুহা, বজ্ৰপাতৰ সৈতে বৃষ্টিপাতৰ সম্ভাৱনা আছে । পূব বিহাৰৰ পৰা তেলেংগানালৈকে বিস্তৃত হৈ থকা বংগ উপসাগৰত সৃষ্টি হ'বলগা ঘূৰ্ণীবতাহৰ বাবে ৰাজ্যকেইখনত বতৰৰ সালসলনি ঘটিব পাৰে ।৮ এপ্ৰিলত অসম, মেঘালয় আৰু বিহাৰৰ কোনো কোনো অঞ্চলত বৰষুণৰ লগতে শিলাবৃষ্টিৰো আশংকা কৰা হৈছে । আনহাতে, ৯ এপ্ৰিলত ঝাৰখণ্ডত ইয়াৰ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা ধৰণে বতৰৰ সালসলনি ঘটিলে ৰাজ্যবাসীয়ে গৰমৰ পৰা কিছু পৰিমাণে সকাহ পাব ।বতৰ বিজ্ঞানীসকলে…
Read More
মিজোৰামত বহু পৰিমাণৰ মৰণাস্ত্ৰ জব্দ

মিজোৰামত বহু পৰিমাণৰ মৰণাস্ত্ৰ জব্দ

মিজোৰামত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। মিজোৰামৰ চাইহা জিলাৰ নিয়টলং এলেকাত অভিযান চলাই অসম ৰাইফলছে ১২২ ডাল ডিটনেটৰ, ৯৪ ডাল জিলেটিন ষ্টিক, ৮ মিটাৰ চেফটি ফিউজ তাঁৰ, এটা বাৰ ব'ৰ ৰাইফল আৰু বুজন পৰিমাণৰ সক্ৰিয় গুলি জব্দ কৰিছে।৭৭ লাখ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। আন এক পৃথক অভিযানত অসম ৰাইফলছ আৰু শুল্ক বিভাগে চাম্পাই জিলাৰ পৰা ১ লাখ ৯২ হাজাৰ টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে।
Read More
পুনৰ ভয়ংকৰ ভূমিকম্পৰ আশংকা

পুনৰ ভয়ংকৰ ভূমিকম্পৰ আশংকা

যোৱা কেইটামান দিনত বিশ্বৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে আহিব পাৰে মহাপ্ৰলয়। যাৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে।তথ্য় অনুসৰি বাবা ভাংগা নামেৰে বিখ্যাত ৰিঅ’ টুটস্কিয়ে ভৱিষ্যদ্বাণী কৰি কৈছিল যে ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত এক বৃহৎ সংকটৰ সৃষ্টি হ’ব। এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহে ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব।বেইজিং ভূমিকম্প ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দাবী কৰিছে যে চীনৰ আশে-পাশে শক্তিশালী ভূমিকম্প হ’ব পাৰে। হুনান আৰু হিমালয়ৰ পাদদেশত এই ভূমিকম্প হব পাৰে বুলি কৈছে তেওঁলোকে। বিজ্ঞানীসকলৰ মতে,ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য ৮ হ’ব পাৰে, যাৰ বাবে চীন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক বিপৰ্যয়জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। কিন্তু চীনৰ…
Read More
বুমৰাহৰ অনুৰাগীসকলৰ বাবে ভাল খবৰ

বুমৰাহৰ অনুৰাগীসকলৰ বাবে ভাল খবৰ

যশপ্ৰীত বুমৰাহৰ অনুৰাগীসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই খেলপথাৰত দেখিবলৈ পাব বুমৰাহক। আই পি এল ২০২৫ ত প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে বুমৰাহ। পিছে কেতিয়া তেওঁক দেখিবলৈ পোৱা যাব?৭ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছ (MI)য়ে ঘৰুৱা খেলপথাৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)ৰ বিৰুদ্ধে খেলিব। ইতিমধ্যে বুমৰাহে দলত যোগদান কৰিছে। কিন্তু কাইলৈ অনুষ্ঠিত হবলগীয়া মেচৰ প্লেয়িং-১১ ত বুমৰাহে স্থান লাভ কৰে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
Read More
সাতবিহুৰ কথা আপুনি বাৰু জানেনে

সাতবিহুৰ কথা আপুনি বাৰু জানেনে

তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক সাধাৰণতে চ’তৰ বিহু বুলিও জনা যায়। চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয় ব’হাগ বিহু।সাতবিহুৰ প্ৰতিটো দিনৰে আছে সুকীয়া নাম, সুকীয়া বৈশিষ্ট্য ৷ এই সাতবিহু হ’ল - গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু অথবা চেনেহী বিহু আৰু চেৰা বিহু ৷
Read More
ছালৰ পৰা চুলিলৈকে বহু উপকাৰী….

ছালৰ পৰা চুলিলৈকে বহু উপকাৰী….

জেতুকা পাতৰ গুণা-গুণ জানেনে ? ছাল আৰু চুলিৰ বাবে ই কিমান উপকাৰী ?বিহুলৈ মাজত মাথো আৰু কেইটামান দিনহে বাকী ৷ সকলোতে এতিয়া মাথো চলিছে বিহু আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ৰঙালী বিহুৰ এই সময়ছোৱাত ব্যস্ত হৈ পৰিছে বিহুৱা নাচনীৰ পৰা আদি কৰি বৃদ্ধা-বনিতাও ৷জেতুকা পাতৰ বহু গুণাগুণ আছে ৷ জেতুকা পাত ছাল আৰু চুলি দুয়োটাৰ বাবেই উপকাৰী ৷ জেতুকা পাতৰ ৰং গাঢ় কৰিবৰ বাবে বহুতে তাত পান এখিলা, ডালিমৰ পাতো দিয়ে ৷ জেতুকা পাতৰ লগত এইকেইটা সামগ্ৰী ব্যৱহাৰ কৰি দুহাত লগায় যদি ভালদৰে এৰাতি কোমল কলপাতেৰে বান্ধি থয় তেন্তে হাতত খুব সুন্দৰ ৰঙ উঠে ৷ লগতে বহাগ বিহুৰ সময়ছোৱা নখত জেতুকা…
Read More
বন বিভাগৰ সফল অভিযান

বন বিভাগৰ সফল অভিযান

চুবুৰীয়া ৰাজ্য মিজোৰামৰ ম্যানমাৰ সীমান্তত ৩১ টা চোৰাং বিদেশী জীৱ-জন্তু উদ্ধাৰ হৈছে। অসম ৰাইফলছ আৰু বন বিভাগৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হৈছে এই বিদেশী জীৱ-জন্তু কেইটা।এই বিদেশী জীৱ-জন্তু সৰবৰাহৰ অভিযোগত তিনি গৰাকী ম্যানমাৰৰ চোৰাং ব্যৱসায়ীকো আটক কৰিছে অভিযানকাৰী দলটোৱে। ধৃত‌ চোৰাং ব্যৱসায়ী কেইজনক থাউং ছুয়াংমুন, বিয়াক জাপিয়াং আৰু জেচি লালনুন মাৱিয়া বুলি চিনাক্ত কৰা হৈছে।জব্দ কৰা জীৱ-জন্তুসমূহৰ ভিতৰত ২৭ টা আফ্ৰিকান কাছ (African spurred tortoise),৩ টা পেটাগ’নিয়ান মাৰা, আৰু এডাল এলবিনো বাৰ্মিজ পাইথন। দেখাত শহাপহুৰ দৰে পেটাগোনিয়ান মাৰা জন্তবিধ সাধাৰণতে আৰ্জেণ্টিনাত পোৱা যায়।
Read More