Dipshikha

2388 Posts
পেহেলগাম ঘটনাৰ সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ

পেহেলগাম ঘটনাৰ সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ

পহলগাম আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত কেইজনমান সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ আহিছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, এই কাণ্ডত ২ জন স্থানীয় সন্ত্ৰাসবাদীও জড়িত হৈ আছে।পহলগাম আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত কেইজনমান সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ আহিছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, এই কাণ্ডত ২ জন স্থানীয় সন্ত্ৰাসবাদীও জড়িত হৈ আছে।এই ৩ সন্ত্ৰাসবাদীৰ নাম আছিফ ফৌজী, চুলেমান শ্বাহ আৰু আবু তালহা।
Read More
সেউজীয়া মটৰৰ উপকাৰীতাৰ কথা জানেনে

সেউজীয়া মটৰৰ উপকাৰীতাৰ কথা জানেনে

আমাৰ মাজৰ বেছিভাগেই সেউজীয়া কেঁচা মটৰৰ সোৱাদ ইমানেই ভালপায় যে বাকলি গুচোৱাৰ সময়তো ইয়াৰ কেইবাটাও দানা খাই থকা হয় । যদি আপুনি ইয়াক আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্যৰ বাবে অপৰিসীম উপকাৰিতা সাধন কৰিব পাৰে ।সেউজীয়া বাকলিৰ ভিতৰত সৰু সৰু মিঠা দানাৰ মটৰগুটি খাবলৈ কোনে ভাল নাপায়! মটৰগুটি যিদৰে সোৱাদত অসাধাৰণ, আছে একাধিক গুণ। সেউজীয়া মটৰ সোৱাদ সকলোৱে ভাল পায়, বেছিভাগ খাদ্য বিশেষজ্ঞই শীতকালত মটৰ খোৱাৰ পৰামৰ্শ দিয়ে, কাৰণ মটৰ খোৱাৰ বহু উপকাৰ আছে। সেউজীয়া মটৰ খালে স্বাস্থ্যৰ কি কি উপকাৰ হ’ব পাৰে জানেনে-সেউজীয়া মটৰত প্ৰ’টিন প্ৰচুৰ পৰিমাণে থাকে, ইয়াক নিয়মিতভাৱে খালে হাড় আৰু পেশীবোৰ…
Read More
লাখ লাখ মহিলালৈ ভাল খবৰ

লাখ লাখ মহিলালৈ ভাল খবৰ

ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মহিলাসকলক বিনামূলীয়াকৈ দিব মোবাইল।মহিলাসকলৰ বাবে নতুন আঁচনি আনিব চৰকাৰে।মহিলাসকলক বিনামূলীয়া মোবাইল দিয়াৰ পৰিকল্পনা চৰকাৰ।‘ভগৱানে শক্তি দিলে শীঘ্ৰে মহিলাসকলক দিম মোবাইল।নিৰ্বাচনী সভাত মহিলাক উদ্দেশ্যি এই ঘোষণা মুখ্যমন্ত্ৰীৰ।
Read More
পকা কলৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হব আপুনিও

পকা কলৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হব আপুনিও

পকা কলৰ উপকাৰিতাৰ কথা সকলোৱে জানে। কলত পোৱা সকলো পুষ্টিকৰ উপাদানৰ বিষয়ে জানেনে? কলত বহু পৰিমাণৰ কাৰ্বহাইড্ৰেট, ভিটামিন এ, ভিটামিন চি, ভিটামিন বি-৬, আইৰণ, ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, জিংক, ছডিয়াম আৰু পটাছিয়াম আদি উপাদান থাকে ৷ এই কল সঠিক পৰিমাণত আৰু সঠিকভাৱে খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ পেটৰ লগত জড়িত সমস্যাবোৰ দূৰ হয় লগতে কলত থকা মৌলবোৰে আন্ত্ৰিক স্বাস্থ্য বহু পৰিমাণে উন্নত কৰিব পাৰে ৷কল সঠিক পৰিমাণত খালে স্বাস্থ্যৰ বাবে ই আমাৰ বাবে যথেষ্ট উপকাৰী হ’ব পাৰে, পেটৰ লগত জড়িত সমস্যাবোৰ দূৰ হয় জানো আহক ইয়াক দৈনিক খোৱাৰ উপকাৰিতা-কলৰ অনান্য উপকাৰিতা------১) কল হাতেৰে পিটিকি শৰীৰত লেপন…
Read More
ঢাকাত বৃদ্ধি পাইছে বিষাক্ত বায়ু

ঢাকাত বৃদ্ধি পাইছে বিষাক্ত বায়ু

বাংলাদেশৰ ৰাজধানী ঢাকাত বৃদ্ধি পাইছে বিষাক্ত বায়ুৰ মাত্ৰা। মহম্মদ ইউনুছৰ চহৰ ঢাকাক আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে বিবেচিত হৈছে। চহৰখনৰ বায়ুৰ গুণাগুণ আৰু প্ৰদূষণৰ ৰেংকিঙ অনুসৰি ঢাকাৰ বায়ুক "অস্বাস্থ্যকৰ" বুলি অভিহিত কৰিছে।AQI ৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশ আটাইতকৈ বিষাক্ত বায়ুৰে প্ৰথম স্থানত আছে। ইয়াত ভাৰত দ্বিতীয় স্থানত আছে, ৰাজধানী দিল্লীৰ AQI হৈছে ১৪৯। তৃতীয় স্থানত আছে ভিয়েটনামৰ হানয় ১৪৭ আৰু তৃতীয় স্থানত আছে নেপালৰ কাঠমাণ্ডু ১২৫ AQI ৰে।২০২৪ চনৰ বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন অনুসৰি ১০০খন অতি প্ৰদূষিত চহৰ আৰু নগৰৰ ভিতৰত ৭৪খন ভাৰতত আছে, যিটো যোৱা বছৰ ৮৩খন আছিল। সৰ্বাধিক প্ৰদূষিত চহৰ হোৱাৰ পিছতো ভাৰত এই তালিকাত পঞ্চম স্থানত আছিল।বিশ্ব স্বাস্থ্য সংস্থা…
Read More
ৰঙালী বিহুৰ আজি পঞ্চম দিন

ৰঙালী বিহুৰ আজি পঞ্চম দিন

আজি নাঙল বিহু। ৰঙালী বিহুৰ পঞ্চম দিনা তথা ব'হাগৰ ৪ তাৰিখে এই বিহু পালন কৰা হয়। কৃষিজীৱি অসমীয়াৰ জীৱনত এই বিহুৰ বিশেষ গুৰুত্ব আছে। বিশেষকৈ কৃষকসকলে এই বিহু পালন কৰা হয় দেখা যায়। বিহুৰ পাছত খেতি কৰিবলৈ খেতিত ব্যৱহৃত সকলো সামগ্ৰী আজিৰ দিনটোত চাকি-ধূপ দি সেৱা জনাই সকলোৰে মংগল কামনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কৃষকসকলে পৰম্পৰা ৰক্ষা কৰি এই বিহু পালন কৰিব।আজিৰ দিনটোক কৃষকসকলে খেতিপথাৰত ব্যৱহৃত সঁজুলি যেনে নাঙল, যুঁৱলি, জাপি, মৈ আদিৰ ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই লগতে সকলোৰে সমৃদ্ধি তথা মংগল কামনা কৰে।
Read More
“বিহু সম্ৰাজ্ঞী ২০২৫’’ৰ খিতাপ ঘোষণা

“বিহু সম্ৰাজ্ঞী ২০২৫’’ৰ খিতাপ ঘোষণা

ৰাজ্যৰ হাজাৰ হাজাৰ বিহুৱতীৰ সপোনৰ খিতাপ ‘‘বিহু সম্ৰাজ্ঞী ২০২৫’’ আজুৰি আনিলে মৰাণৰ লিজামণি শেনচোৱাই । খিতাপ লাভ কৰি আৱেগিক হৈ পৰে লিজামণি শেনচোৱা ।অন্ত পৰিল লতাশিল খেল পথাৰত অনুষ্ঠিত হোৱা ৭৪ সংখ্যক ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনীৰ । সমান্তৰালকৈ ঘোষণা হ'ল ৭৪ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৫ ৰ নাম ৷ কেইবাগৰাকীও প্ৰতিদ্বন্দ্বীৰ মাজৰ পৰা এই বৰ্ষৰ লতাশিলৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞীৰ খিতাপ আজুৰি আনিলে মৰাণৰ লিজামণি শেনচোৱাই ।ইয়াৰোপৰি বিহু সম্ৰাজ্ঞীৰ বেণ্ড, বিহু সম্ৰাজ্ঞী দণ্ড, নগদ ১ লাখ ১১ হাজাৰ টকা, ১০ গ্ৰাম সোণৰ মুদ্ৰা, অন্য ৩০ হাজাৰ টকা, স্থায়ী ট্ৰফী, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰীজ, ৱাচিং মেছিনৰ লগতে অন্যান্য…
Read More
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান

ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অৱ্যাহত আছে ধাৰাবাহিক অভিযান । গোপন তথ্যৰ ভিত্তিত শিলচৰ সদৰ থানাৰ টি এচ আই সুভজিত দত্তৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শিলচৰ ৰেল ষ্টেচনৰ ওচৰত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।এই অভিযানত তেওঁলোকৰ পৰা হেৰ'ইন ভৰ্তি পাঁচটা চাবোনৰ বাকচ জব্দ কৰে । বাকচকেইটাৰ পৰা ৫৮ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে ।
Read More
আপোনাৰো ময়দাৰে বনোৱা বস্তু প্রিয় নেকি

আপোনাৰো ময়দাৰে বনোৱা বস্তু প্রিয় নেকি

আমি খোৱা বেছিভাগ খাদ্যতে আজিকালি ময়দা থাকে কিন্তু আপুনি জানেনে ময়দাই আমাৰ শৰীৰৰ কিমান ক্ষতিসাধন কৰে ?ময়দা নহ'লে দেখোন চিংৰা, পৰঠা, মম' আদি বেচা হোটেল বোৰৰ ৰমৰমিয়া ব্যৱসায়েই বন্ধ হৈ যাব। আজিৰ উঠি অহা প্ৰজন্মই পিজ্জা, বাৰ্গাৰ আদি খাবলৈ নাপালে হুলস্থুল লগাব। কাৰণ ময়দাৰ পৰা বনোৱা এই ফাষ্ট ফুড বোৰেই সিহঁতৰ পছন্দৰ খাদ্য।ব্ৰেকফাষ্টত ময়দাৰ পৰা তৈয়াৰী খাদ্য যেনে পুৰি, পৰঠা, ব্ৰেড বাতাৰ, ব্ৰেড ট'ষ্ট আদি খাই বহুলোকে ভাল পায়। মুঠতে দেশী, বিদেশী বহু ব্যঞ্জনত ময়দা এক অন্যতম মুখ্য উপকৰণ। কিন্তু অপ্ৰিয় হ'লেও সত্য যে এই ময়দাৰ পৰা তৈয়াৰী খাদ্যবোৰ আমাৰ শৰীৰৰ বাবে অপকাৰী।শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত, খাদ্যত ময়দাৰ ব্যৱহাৰ হৃদৰোগ,…
Read More
আজি হনুমান জয়ন্তী

আজি হনুমান জয়ন্তী

আজি হনুমান জয়ন্তী। হিন্দু ধৰ্মালম্বী লোকসকলে হনুমানক বিষ্ণুৰ অৱতাৰ, ৰামৰ ভক্ত আৰু ভগৱান ৰূপে মানি আহিছে হনুমানক। অতীজৰে পৰা পালন কৰি আহিছে এই হনুমান জয়ন্তী।অধিকাংশই চ’ত পূৰ্ণিনাত পালন কৰি অহা এই হনুমান জয়ন্তীয়ে সুকীয়া স্থান পাই ভক্তৰ মাজত। হনুমানক অশুভৰ ওপৰত জয়লাভ আৰু সুৰক্ষা প্ৰদানৰ ক্ষমতা থকা দেৱতা হিচাপে পূজা কৰা হয়। এই উৎসৱত হনুমান ভক্তসকলে তেওঁক উদযাপন কৰি তেওঁৰ সুৰক্ষা আৰু আশীৰ্বাদ বিচাৰে।
Read More