Dipshikha

2951 Posts
সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলাই বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ এজন প্ৰাক্তন সেনা বিষয়া

সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলাই বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ এজন প্ৰাক্তন সেনা বিষয়া

বিগত কিছুদিনত ভাৰত–বাংলাদেশ সীমান্তত অনুপ্ৰৱেশৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সীমান্তত নিয়োজিত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে বাধা দিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক।এইবাৰ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা চলাই বি এছ এফৰ হাতত ধৰা পৰিছে বাংলাদেশৰ এজন প্ৰাক্তন সেনা বিষয়া। এই বিষয়াজনক আফ্ৰুজ্জামান বুলি চিনাক্ত কৰা হৈছে। বাংলাদেশৰ পূৰ্বৰ হাছিনা চৰকাৰৰ সেনা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল আফ্ৰুজ্জামানে। প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ চেষ্টা চলাওঁতেই তেওঁ ধৰা পৰে।সীমান্তত নিয়োজিত বি এছ এফৰ দলে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰা সময়তে আফ্ৰ’ জামানক কৰায়ত্ব কৰে। শ্বেখ হাছিনা চৰকাৰৰ সেনা সচিব জামানে ইউনুছ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সাতখিৰা জিলাত আত্মগোপন কৰি আছিল।
Read More
আপুনি জানেনে কিচমিচ উপকাৰিতা

আপুনি জানেনে কিচমিচ উপকাৰিতা

সকলোৱে জানে যে কিচমিচ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিচমিচত বহুতো পুষ্টি থাকে, যাৰ ভিতৰত আছে আঁহ, ভিটামিন আৰু খনিজ। কিচমিচত চেনি আৰু কেলৰিও বেছি আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আপুনি জানেনে যদি আপুনি একে কিচমিচ অন্য ধৰণে খায়, তেন্তে ইয়াৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত লাভালাভ পাব পাৰে।প্ৰতিদিনে কিচমিচ খোৱাৰ উপকাৰিতাসমূহ জানিলে স্বাভাৱিকতেই প্ৰতিজন লোক উপকৃত হ’ব। অৱশ্যে সমান্তৰালকৈ কিচমিচ খোৱাৰ সঠিক পৰিমাণ আৰু খোৱাৰ উপায়সমূহো জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়।আপুনি যিকোনো প্ৰকাৰে কিচমিচ খাব পাৰে। কিন্তু যদি আপুনি কিচমিচ তিয়াই খায়, সেয়া আপোনাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী হয়। ইয়াৰ বাবে আপুনি ৰাতি কিচমিচ তিয়াব পাৰে আৰু ৰাতিপুৱা খাব পাৰে। কিচমিচে…
Read More
ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই

ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই

ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱাল। ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই।এতিয়া চিৰদিনৰ বাবে ২২ গজৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। আজি নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে পূজাৰাই সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। এইদৰে সুদীৰ্ঘ ২০ বছৰীয়া বৰ্ণিল ক্ৰিকেট কেৰিয়াৰৰ সামৰণি মাৰে চেটেশ্বৰ পূজাৰাই। এই দুই দশকজোৰা কেৰিয়াৰত পূজাৰাই ১৩ বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো নিজৰ প্ৰতিভাৰে সকলোকে মুগ্ধ কৰি ৰাখে।ইনষ্টাগ্ৰামত নিজৰ অৱসৰৰ সিদ্ধান্ত সদৰী কৰি পূজাৰাই কয়, “ভাৰতৰ জাৰ্চি পিন্ধি, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আওৰাই আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দিলেই নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ আবেগ, এই সকলোবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। মোৰ বাবে সেই সকলোবোৰ গুৰুত্বপূৰ্ণ। কিন্তু, প্ৰতিটো…
Read More
ভাৰতীয় বিমান পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব

ভাৰতীয় বিমান পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব

পাকিস্তান কর্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ ২৩ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পাকিস্তানৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰি কৰি বিমান চালকসকললৈ জাননী জাৰি কৰিছে। এই জাননী অনুসৰি ভাৰতীয় বিমান সংস্থাসমূহে পৰিচালনা কৰা কোনো বিমানকে পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। ভাৰতীয় মালিকানাধীন আৰু আনকি লিজত থকা সামৰিক আৰু অসামৰিক বিমানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বাহাল থাকিব বুলি পাকিস্তানৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
Read More
ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

বড়োভূমিত পূৰ্ণ গতিত বাজি উঠিছে ৰণ দামামা । তাৰ মাজতে পৰিষদীয় নিৰ্বাচনৰ বাবে একাধিক বিধায়কৰ নাম অন্তৰ্ভুক্তিৰে ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে নিশা প্ৰকাশ কৰিছে ১৮ জনীয়া প্ৰাৰ্থীৰ নামেৰে প্ৰথমখন তালিকা ।আগন্তুক বিটিচি নিৰ্বাচন উপলক্ষে কোকৰাঝাৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা ১১:৩০ বজাত আয়োজিত এক সংবাদমেলযোগে ইউপিপিএল দলৰ প্ৰথমখন ১৮ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে । ইউপিপিএল দলৰ কাৰ্যকাৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে তালিকাখন ঘোষণা কৰে । প্ৰথমখন প্ৰাৰ্থী তালিকাত ইউপিপিএল দলৰ বহু ৰথী-মহাৰথীয়ে স্থান পাইছে ।
Read More
সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত

সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে পৰিৱেষ্টিত সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত হৈছে । নিৰাপত্তা ব্যৱস্থা ভংগ কৰি শুকুৰবাৰে পুৱা এজন লোকে সংসদৰ দেৱালত উঠে । অৱশ্যে নিৰাপত্তাৰক্ষীয়ে ততালিকে তেওঁক ধৰি আৰক্ষীক গতাই দিয়ে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।সূত্ৰই জনোৱা মতে, এতিয়াও চিনাক্ত নোহোৱা লোকজনে শুকুৰবাৰে পুৱা প্ৰায় ৬.৩০ বজাত গছত উঠি সীমাৰ দেৱাল বগাই সংসদ ভৱনৰ চৌহদত প্ৰৱেশ কৰে ।শুকুৰবাৰৰ এই ঘটনাই ২০২৩ চনৰ ১৩ ডিচেম্বৰত সংঘটিত আন এক নিৰাপত্তা উলংঘনৰ কথা সোঁৱৰাই দিছে ।
Read More
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জিলাখনৰ বয়ছাৰ তাৰাপুৰ এমআইডিচি এলেকাত অৱস্থিত মেলোডি (মেডলি) ফাৰ্মাচিউটিকেলছ লিমিটেড কোম্পানীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কোম্পানীটোৰ এফ-১৩ নং প্লাণ্টত আজি ঔষধ নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়তে নাইট্ৰজেন গেছ নিৰ্গত হোৱাৰ ফলত চাৰিজন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে। গেছ লিকৰ ফলত শ্বাস–প্ৰশ্বাসত সমস্যাত পৰি এই লোককেইজনৰ মৃত্যু ঘটে। আনহাতে আন দুজন কৰ্মচাৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে।জানিব পৰা মতে, ফাৰ্মা কোম্পানীটোত এলবেণ্ডাজ’ল ঔষধ প্ৰস্তুত কৰাৰ সময়তে নাইট্ৰ’জেন গেছ মিহলি কৰি থাকোঁতে হঠাতে গেছ লিকেজ হৈছিল। গেছ লিকেজৰ ফলত কৰ্মচাৰীসকল অচেতন হৈ পৰে।লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ৪ জন কৰ্মচাৰীক মৃত…
Read More
এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, সেই লৈ ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে। ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত প্ৰকাশ কৰিছিল। এক কথাত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক কেন্দ্ৰ কৰি ক্ৰিকেটপ্ৰেমীৰ মাজত আছিল সন্দেহৰ কলীয়া ডাৱৰ।অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যেই ক্ৰিকেটপ্ৰেমীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা।অৱশেষত এই সকলো সন্দেহ তথা চৰ্চাৰ ওৰ পেলাইছে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে। অহা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগা মেচখনৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে দিছে সেউজ সংকেত। PTIৰ প্ৰতিবেদন অনুসৰি ভাৰত-পাকিস্তানৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত নহ’ব যদিও…
Read More
চিয়া বীজৰ উপকাৰিতা

চিয়া বীজৰ উপকাৰিতা

চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে নিৰাপদ আৰু উপকাৰী বুলি গণ্য কৰা হয় । কিন্তু, ইয়াক গ্ৰহণ কৰাৰ সঠিক পদ্ধতিৰ বিষয়েও জনাটো অতি গুৰুত্বপূৰ্ণ । যদি সঠিক ইয়াক সেৱন কৰা নহয় তেন্তে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জানিম চিয়া বীজৰ উপকাৰিতা, অপকাৰিতা তথা ইয়াক গ্ৰহণ কৰাৰ সঠিক পদ্ধতি…বৰ্তমান স্বাস্থ্য সচেতন লোকৰ মাজত Chia Seeds অতি জনপ্ৰিয় । ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড, প্ৰটিন, এন্টিঅক্সিডেন্ট, জিংক, আইৰণ, মেগনেছিয়াম আৰু বিভিন্ন ভিটামিন থাকে। যিবোৰে শৰীৰৰ লগতে চুলিৰ স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিয়মিতভাৱে Chia Seeds খোৱাটো যেনেকৈ উপকাৰী, তেনেকৈ চুলিত লগালে চুলি মজবুত…
Read More
যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান

যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান

যোগীঘোপাত পূৰ্ণগতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙলবাৰৰ দিনটোত দুখন এক্সেভেটৰেৰে যোগীঘোপা তিনি আলি বজাৰত উচ্ছেদ চলাই প্ৰশাসনে। উচ্ছেদ চলি থকাৰ মাজতে এগৰাকী মহিলা এক্সভেটৰৰ সন্মুখত মাটিত শুই প্ৰতিবাদ সাব্যস্ত কৰে।দ্বিতীয় দিনাও যোগীঘোপাত পূৰ্ণগতিত চলিছে উচ্ছেদ অভিযান । যোগীঘোপা বন্দৰ ভুমি বেদখল কৰা শতাধিক পৰিয়ালৰ ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ ।ভাঙি পেলোৱা ঘৰখন দেখি হিয়া ঢাকুৰি কান্দিছে বেদখলকাৰীয়ে। পিছে থমকি ৰোৱা নাই প্ৰশাসন।
Read More