Dipshikha

2388 Posts
মণিপুৰত আৰক্ষীৰ বৃহৎ সফলতা

মণিপুৰত আৰক্ষীৰ বৃহৎ সফলতা

চুবুৰীয়া ৰাজ্য মণিপুৰত বুজণ পৰিমাণৰ গাঞ্জা আৰু অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পশ্চিম ইম্ফল জিলাৰ পাটছৈ থানাৰ সন্মুখত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে ২৭৪ কেজি গাঞ্জা জব্দ কৰিছে।গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন কায়েনবাম কেনেডি সিং আৰু কেইছাম শৰৎ সিং। সৰবৰাহকাৰী দুজনৰ পৰা এটা মোবাইল ফোন আৰু নগদ ৩৮৩০ টকাও জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা গাঞ্জাখিনিৰ‌ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।
Read More
গুৱাহাটীত চিকিৎসাধীন অৱস্থাত ডকাইতৰ মৃত্যু

গুৱাহাটীত চিকিৎসাধীন অৱস্থাত ডকাইতৰ মৃত্যু

গুৱাহাটীত গুলীবিদ্ধ ডকাইতৰ মৃত্যু।GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ৰণেশ দৈমাৰীৰ।আৰক্ষীৰ গুলীত দুই ভৰিত গুলী লাগিছিল ৰণেশৰ।ICUত ভৰ্তি হৈ আছিল নিহত ৰণেশ।জালুকবাৰীৰ চেইন কাঢ়ি নিয়া ঘটনাৰে জড়িত আছিল ৰণেশ দৈমাৰী।পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাত জড়িত আছিল ডকাইত ৰণেশ।১০ এপ্রিলত জেলৰ পৰা ওলাই আহিছিল ৰণেশ।
Read More
২জন অসমীয়াই গৌৰৱ কঢ়িয়াই আনিলে

২জন অসমীয়াই গৌৰৱ কঢ়িয়াই আনিলে

সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দুগৰাকীকৈ গৌৰৱী অসমীয়াই লাভ কৰিলে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা ৷ ৰাজধানী চহৰখনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুগৰাকীকে অসমীয়াক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷চলিত বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰা দুয়োগৰাকী অসমীয়া হৈছে ক্ৰমে- ডিমা হাছাওৰ জয়নাচৰণ বাথাৰী আৰু বড়ো কবি তথা লোককথাবিদ, অধ্যাপক অনিল কুমাৰ বড়ো ৷ দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ সফলতাত গদগদ হৈ পৰিছে প্ৰতিগৰাকী অসমীয়াৰ বুকু ৷
Read More
নেমুৰ উপকাৰীতাৰ বিষয়ে জানেনে

নেমুৰ উপকাৰীতাৰ বিষয়ে জানেনে

নেমু এবিধ অনেক গুণেৰে সমৃদ্ধ ফল। নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’, ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। তদুপৰি নেমুৰ ৰসত থকা অন্যান্য উপাদানসমূহ হ’ল কাৰ্বহাইড্ৰেট ১০.৮ গ্ৰাম, কেলচিয়াম ৮৮ মি:গ্ৰা:, পটাছিয়াম ১.৭৫ মি:গ্ৰা:, ক’পাৰ ০.৪৯ মি:গ্ৰা:, থায়মিন ০.১ মি:গ্ৰা: লগতে চাইট্ৰিক আৰু ফলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে। নেমুত থকা ভিটামিন চিয়ে মানৱ দেহৰ শ্ৰীবৃদ্ধিত প্ৰভূত অৰিহণা যোগাই আহিছে। বিশেষকৈ দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰি দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰি সৌন্দৰ্য বৃদ্ধিতো যথেষ্ট সহায় কৰে। বদহজমী,…
Read More
পাকিস্তানত হাহাকাৰ পৰিস্থিতি

পাকিস্তানত হাহাকাৰ পৰিস্থিতি

পাকিস্তানক খবৰ নিদিয়াকৈ হঠাৎ ঝিলাম নদীৰ পানী এৰি দিলে ভাৰতে । ইয়াৰ ফলত মুজাফ্ফৰাবাদৰ সমীপত জলস্তৰ তীব্ৰভাৱে বৃদ্ধি পায় । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে স্থানীয় প্ৰশাসনে হাটিয়ান বালাত বানৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।পাকিস্তানী সংবাদ মাধ্যমে দাবী কৰিছে যে মুজাফ্ফৰাবাদৰ সমীপৰ ঝিলাম নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ ফলত পাকিস্তানৰ স্থানীয় কৰ্তৃপক্ষই হাটিয়ান বালাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।
Read More
পেহেলগামৰ ঘটনাৰ তদন্ত NIAক অৰ্পণ

পেহেলগামৰ ঘটনাৰ তদন্ত NIAক অৰ্পণ

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত ২৬ জন পৰ্যটকক হত্যা কৰাৰ পাঁচ দিনৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব লয় । এক বিবৃতিত এন আই এয়ে কয় যে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰ আনুষ্ঠানিকভাৱে দখল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।এনআইএয়ে ঘটনাটোৰ ৫ দিনৰ পিছত আৰু দলটোৱে আক্ৰমণস্থলী পৰিদৰ্শন কৰাৰ ৪ দিন পিছত গোচৰটো গ্ৰহণ কৰে । ঘটনাটোৰ অনুসন্ধানত জম্মু-কাশ্মীৰ আৰক্ষীক সমৰ্থনো কৰিছে এনআইএয়ে ।
Read More
মিজোৰামত ম্যানমাৰৰ নাগৰিকক আটক

মিজোৰামত ম্যানমাৰৰ নাগৰিকক আটক

নিষিদ্ধ হেৰ'ইনসহ চুবুৰীয়া ৰাজ্য মিজোৰামত এগৰাকী মহিলা আৰু দুজন ম্যানমাৰৰ নাগৰিকক আটক কৰিছে অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীয়ে । ধৃত ম্যানমাৰৰ নাগৰিক দুজন লাল বিয়াক লিয়ান আৰু মালশ্বম জুৱালী বুলি চিনাক্ত কৰা হৈছে । মিজোৰাম আৰক্ষীয়ে মিজোৰামৰ লু্ংলেই জিলাত যুটীয়া অভিযান চলাই ম্যানমাৰৰ নাগৰিক দুজনৰ পৰা হেৰ'ইনভৰ্তি ৮ টা চাবোনৰ‌ বাকচ জব্দ কৰে।
Read More
BSF জোৱানৰ পুনৰ বৃহৎ সাফল্য

BSF জোৱানৰ পুনৰ বৃহৎ সাফল্য

বি এছ এফৰ চকুত ধুলি দি ভাৰতলৈ অবৈধ বাংলাদেশীৰ অনুপ্ৰবেশ অব্যাহত আছে।‌ এইদৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ছয় গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে শ্ৰীভূমি আৰক্ষীয়ে। ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী কেইজনৰ‌ ভিতৰত এগৰাকী মহিলাও আছে।‌ অবৈধভাৱে ভাৰতত প্ৰবেশ কৰা এই বাংলাদেশী নাগৰিক কেইজনক ক্ৰমে মহম্মদ মনিৰ, মহম্মদ অহিদুল শ্বেখ, আজিজুল শ্বেখ, ৰকিয়া বিবি, মহম্মদ আহাছান উল্লাহ আৰু মহম্মদ হাৰেছ বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে পু্ংখানুপুংখ ভাবে জেৰা কৰাৰ পিছত বাংলাদেশী নাগৰিক কেইগৰাকীক বাংলাদেশ সীমান্তৰ সিপাৰলৈ ওভতাই পঠিওৱা হয়।
Read More
তেতেলিৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তেতেলিৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তেতেলি ( Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা অনুভৱ হোৱাৰ লগে লগেই নিগৰি আহে জিভাৰ পানী। তেতেলি দাইলত দি, শাকৰ আঞ্জাত দি , জেলী বনাই, চাতনী বনাই, চৰ্বত বনাই, অকনমান নিমখ তেল সানি ভাতৰ লগত খোৱা হয়। তেতেলিৰ পৰা ঔষধ আৰু নানা ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁতে ফ্লেভাৰ হিচাবে ব্যৱহাৰ কৰা হয়। আজৰি সময়ত তেতেলি দুগাগাঁঠিমান চোবাই খাই বৰ ভাল লাগে । আগৰ দিনত অসমীয়া মানুহে প্ৰায়েই তেতেলি খাইছিল কাৰণে গলব্লাডাৰ ষ্টন বেছিকৈ হোৱা নাছিল। আজিকালি খাবলৈ এৰি দিয়া কাৰণে ভাৰতৰ ভিতৰত গলব্লাডাৰ ষ্টন ৰোগী অসমত সৰ্বাধিক। তেতেলিত টাৰটাৰিক এচিভ থাকে আৰু ই আমাক বহুতো ৰোগৰ পৰা…
Read More
গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি

গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি

ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি প্ৰদান ৷ দাবী-ধমকিৰে ভৰা ই-মেইলৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰা হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ লগতে প্ৰাক্তন সাংসদগৰাকীক ৷প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২২ এপ্ৰিলত এই ভাবুকি লাভ কৰে গৌতম গম্ভীৰে ৷ সেই একেদিনাই সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক গুলীয়াই কাশ্মীৰৰ পহলগামৰ সেউজ ভূমি তেজেৰে ৰাঙলী কৰি তুলিছিল ৷ সন্ত্ৰাসবাদীয়ে হত্যা কৰা লোকসকলৰ ভিতৰৰ অধিকাংশই আছিল পৰ্যটক ৷উল্লেখ্য যে, এক সন্দেহজনক জি-মেইল একাউণ্টৰ পৰা গম্ভীৰে লাভ কৰে এই ভাবুকিপূৰ্ণ ইমেইল ৷ইণ্ডিয়া টুডেৰ এক বাতৰি অনুসৰি গম্ভীৰে ই-মেইলৰ জৰিয়তে এই ভাবুকি লাভ কৰিছে। য’ত তিনিটা শব্দ লিখা আছিল ‘আই কিল ইউ’।শেহতীয়াকৈ তেওঁ পৰিয়ালৰ সৈতে…
Read More