Dipshikha

2951 Posts
নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা

নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা

আগতীয়াকৈ কোনো জাননী নিদিয়াকৈয়ে নীপকোৱে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা । অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট খুলি দিয়া হৈছে । ফলত সৰুপথাৰৰ দৈয়াং নদীৰ পাৰৰ বহু অঞ্চল ভদীয়া বানৰ কবলত পৰিছে । জিলাখনৰ ৫৬ খন গাঁৱৰ লগতে সৰুপথাৰৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ সংহাৰী ৰূপ ।১৫ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজালৈকে জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাটৰ মুঠ পাঁচটা ৰাজহ চক্ৰ এই বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । সদ্যহতে জিলাখনৰ মুঠ ৫৬খন গাঁও বানাক্ৰান্ত হৈছে । বানৰ কবলত পৰিছে ৪৫৪৮ গৰাকী লোক। বানপীড়িত লোকসকলৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে ১৫টা…
Read More
অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি

অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি

অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি। অসমৰ লগতে বাংলাদেশ, চীন, ম্যানমাৰ আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বুলি জানিব পৰা গৈছে।ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল অসমৰ বিভিন্ন প্ৰান্ত। ১৪ ছেপ্টেম্বৰৰ বিয়লি ৪.৪১ মিনিটত এই ভূমিকম্প হয়। এই ভূমিকম্প অতি প্ৰৱল আছিল।ৰ বিপৰীতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ ওদালগুৰিৰ পৰা ১৫ কিলোমিটাৰ গভীৰতাত।অসমৰ বিভিন্ন প্ৰান্তত চলি থকা বৰষুণৰ মাজতে হোৱা এই ভূমিকম্পই মানুহক শংকিত কৰিছে। নামনি অসমৰ পৰা উজনি অসমৰ প্ৰায় প্ৰতিটো প্ৰান্ততে জোকাৰণি অনুভূত হয়।
Read More
আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন

আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন

আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন। গতিকে পাকিস্তানৰ বিৰুদ্ধে জয়েৰে নিজৰ এই জন্মদিনটো স্মৰণীয় কৰি ৰাখিব সূৰ্যই। লগতে দলীয় সতীৰ্থসকলেও উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি পাকিস্তানৰ বিৰুদ্ধে জয়েৰে অধিনায়ক সূৰ্যকুমাৰ যাদৱক উপহাৰ আগবঢ়াব বিচাৰিব।এছিয়া কাপ ২০২৫ত আজি বহুচৰ্চিত ভাৰত বনাম পাকিস্তান মেচ। প্ৰতিবাদ তথা বিৰোধিতা নেওচি আজি পাকিস্তানৰ বিপক্ষে এই মেচখনত নামিব ভাৰতীয় দল। ইতিমধ্যে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত দুয়োটা দলেই জয়ৰ মুখ দেখিছে। এতিয়া গ্ৰুপত নিজৰ দ্বিতীয়খন মেচতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে দুয়োটা দল মুখামুখি হ’ব। স্বাভাৱিকতেই এই লক্ষ্যৰ দিশত দুয়োটা দলে শক্তিশালী মূল একাদশেৰে মেচত নমাৰ প্ৰতি গুৰুত্ব দিব। এইক্ষেত্ৰত আজি ভাৰত আৰু পাকিস্তান দলত মূল একাদশত…
Read More
লণ্ডনৰ ৰাজপথত ১ লাখৰো অধিক লোক

লণ্ডনৰ ৰাজপথত ১ লাখৰো অধিক লোক

শনিবাৰে লণ্ডনত ১ লাখৰো অধিক লোকে ‘ইউনাইট দ্য কিংডম’ নামেৰে এক সমদল উলিয়াই। ইয়াৰ নেতৃত্ব দিছিল প্ৰব্ৰজন বিৰোধী নেতা টমী ৰবিনছন। এই প্ৰব্ৰজন বিৰোধী ৰেলী ব্ৰিটেইনৰ সৰ্ববৃহৎ সোঁপন্থী ৰেলী বুলি গণ্য কৰা হয়। লণ্ডনৰ হোৱাইট হলৰ সমীপত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষত ২৬ জন আৰক্ষী আহত হয়, ৪ জনৰ অৱস্থা সংকটজনক।টমী ৰবিনছনৰ নেতৃত্বত লণ্ডনত অনুষ্ঠিত ‘ইউনাইট দ্য কিংডম’ ৰেলীত ১ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই বিক্ষোভৰ উদ্দেশ্য আছিল অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে মাত মাতিব পৰা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়, বহু আহত হয়। কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওপৰত হেঁচা বাঢ়িছে।
Read More
আজি অসমত জন্মাষ্টমী পালন হ’ব

আজি অসমত জন্মাষ্টমী পালন হ’ব

সমগ্ৰ দেশতে জন্মাষ্টমী অতি ধুমধামেৰে পালন কৰাৰ পৰম্পৰা আছে। ইতিমধ্যে অসমৰ বাহিৰত এই দিনটো উদযাপন কৰিলে কিন্তু অসমীয়া কেলেণ্ডাৰ অনুসৰি আজি অসমত জন্মাষ্টমী পালন হ’ব। প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তাৰিখত ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী পালন কৰা হয়। বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম এই দিনটোত হয়, সেয়েহে প্ৰতি বছৰে এই দিনটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিচাপে পালন কৰা হয়। জন্মাষ্টমীৰ দিনা লাড্ডু গোপালৰ বিশেষ পূজা, অনুষ্ঠানৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ শিশু ৰূপটো উপাসনা কৰে।
Read More
ধুবুৰীত অপ্ৰীতিকৰ ঘটনা! দুই আৰক্ষী বিষয়াক নিলম্বন

ধুবুৰীত অপ্ৰীতিকৰ ঘটনা! দুই আৰক্ষী বিষয়াক নিলম্বন

ধুবুৰীত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ পাছতেই এজন অ'চিক নিলম্বন কৰাৰ বিপৰীতে এজনক ৰিজাৰ্ভ ক্ল'জ কৰে। ইয়াৰ বিপৰীতে তদন্তৰ আওতালৈ আহিছে এছ এছ পি লীনা দলে।ঘটনাত জড়িত থকাৰ অভিযোগত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন আৰু গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰা হয়।ধুবুৰীৰ এছ এছ পি লীনা দলে আৰু ২ গৰাকী উপ- আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে বৰ্তমান তদন্ত চলি আছে। তদন্ত কমিটীয়ে ৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ পাছতে জানিব পৰা যাব যে এইকেইগৰাকী আৰক্ষী বিষয়া কি ধৰণে এই ঘটনাত জড়িত হৈ আছে।আজিও জিলাখনৰ পৰিস্থিতি উন্নত হোৱা নাই। আক্ৰাছুৱে জিলাখনত ১২ ঘন্টীয়া বন্ধৰ আহ্বান কৰিছে। এই…
Read More
আৰক্ষীৰ জালত ৫ সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী…

আৰক্ষীৰ জালত ৫ সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী…

দিল্লী, মুম্বাই, ঝাৰখণ্ডত, মধ্যপ্ৰদেশ আৰু হায়দৰাবাদত অব্যাহত আছে অভিযান কেন্দ্ৰীয় সংস্থাৰ লগতে দিল্লী আৰক্ষী বিশেষ কোষৰ অভিযান। এই অভিযানত ISIS ৰ ৫জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে দুটা সন্ত্ৰাসবাদীক দিল্লীৰ পৰা আৰু এজন সন্ত্ৰাসবাদীক ৰাঞ্চিৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এই তিনিজন সন্ত্ৰাসবাদীয়ে বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। ইয়াৰে দুটা সন্ত্ৰাসবাদীক দিল্লীৰ পৰা আৰু এজন সন্ত্ৰাসবাদীক ৰাঞ্চিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আন দুজনক মধ্যপ্ৰদেশৰ আৰু হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু বোমা নিৰ্মাণ সামগ্ৰী।
Read More
সামাজিক মাধ্যমৰ পোষ্টক লৈ আৰক্ষীয়ে কৰিব নোৱাৰিব গোচৰ পঞ্জীয়ন

সামাজিক মাধ্যমৰ পোষ্টক লৈ আৰক্ষীয়ে কৰিব নোৱাৰিব গোচৰ পঞ্জীয়ন

সামাজিক মাধ্যমত কৰা পোষ্টৰ বিৰুদ্ধে বিভিন্ন সময়ত বহুতে এজাহাৰ দাখিল কৰে । কিন্তু এই ক্ষেত্ৰত কঠোৰ হৈছে আদালত ।সামাজিক মাধ্যমৰ পোষ্টৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰিব নোৱাৰিব আৰক্ষীয়ে ! গোচৰ পঞ্জীয়নৰ পূৰ্বে আৰক্ষীয়ে অভিযোগৰ ভিত্তিত প্ৰাথমিক তদন্ত কৰিব লাগিব । উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনাত এই কথা উল্লেখ কৰিছে । আদালতৰ ৰায় অনুসৰি কেৱল সমালোচনাত্মক বিষয়বস্তু অনলাইনত পোষ্ট কৰাৰ বাবেই অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব । মানহানি, ঘৃণামূলক ভাষণ, হিংসাৰ বাবে উচটনি দিয়া বা শান্তি ভংগৰ প্ৰাথমিক প্ৰমাণ থাকিলেহে তদন্তত আগবাঢ়িব পাৰে আৰক্ষী ।আদালতে স্পষ্ট কৰি দিছে যে বেআইনী উপাদান নাথাকিলে কঠোৰ ৰাজনৈতিক সমালোচনাও অপৰাধমূলক অভিযোগৰ পৰিসৰত নপৰিব পাৰে…
Read More
এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক

এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মাজতে আন এক আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰক।ৰাছিয়াই এইবাৰ আক্ৰমণ কৰিছে পোলেণ্ডক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ৰাছিয়াই ১৯ টা ড্ৰ’নেৰে আক্ৰমণ কৰে পোলেণ্ডত। যাৰ ৪টা ড্ৰ’ন পোলেণ্ড সেনাই ধ্বংস কৰি পেলোৱা বুলি দাবী উত্থাপন কৰিছে।এক্সিয়েছৰ তথ্য অনুসৰি, বুধবাৰে পোলেণ্ডৰ দেশত কেইটাও ড্ৰ’ন দেখা যায়। এই ড্ৰ’নসমূহ ৰাছিয়াই প্ৰেৰণ কৰিছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে ৰাছিয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। যদি এই আক্ৰমণ ৰাছিয়াই কৰিছে তেন্তে নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে। লগতে ক’ব পাৰি এয়া তৃতীয় বিশ্বযুদ্ধৰ আগজাননী।
Read More
এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ

এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ

এইবাৰ ফ্ৰান্সত গণ বিক্ষোভ । বুধবাৰে ফ্ৰান্সত দেশজুৰি সৃষ্টি হয় প্ৰতিবাদৰ। বিক্ষোভকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে পেৰিছ আৰু অন্যান্য চহৰত পথ অৱৰোধ কৰি জুই জ্বলায় সাব্যস্ত কৰে প্ৰতিবাদ। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ তীব্ৰতৰ হৈ পৰে।আন্দোলনৰ বেনাৰত “Block Everything” লিখি হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই অহা দেখা গৈছে। এই প্ৰতিবাদৰ মাজতে ২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে।বিশৃংখলতা ৰোধৰ প্ৰয়াস হিচাপে মেক্ৰন চৰকাৰে সমগ্ৰ দেশতে ৮০ হাজাৰ আৰক্ষী বিষয়া নিয়োগ কৰিছিল। ইয়াৰ পিছতো প্ৰতিবাদকাৰীয়ে বেৰিকেড স্থাপন কৰি জুই জ্বলাই একাধিক অঞ্চলত বিক্ষোভ প্ৰদৰ্শন কৰে। পেৰিছত জাবৰৰ দম জ্বলাই দিয়াৰ বিপৰীতে মূল পথসমূহত…
Read More