Dipshikha

3401 Posts

ঈদৰ দিনাই লাহৰিঘাটৰ বটতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা

ঈদৰ দিনাই লাহৰিঘাটৰ বটতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা । বাইক আৰু ই ৰিক্সাৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।ক্ষন্তেক সময় পূৰ্বে ভেলৌগুৰি থানাৰ অন্তৰ্গত হাঁহচৰাবৰী গাঁৱৰ বটতলাত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।গুৰুতৰ বাবে আহত হোৱা বাইক আৰোহী জনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে বাইক খনৰ নম্বৰ AS21H 7684 বুলি জানিব পৰা গৈছে।
Read More

ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ ।ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ । সদৌ অসম ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সুলভ মূল্যৰ ব্যৱসায়ী সকলে নিজৰ পাপ্য,আৰু অধিকাৰ বিচাৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতি কুইণ্টল চাউল বিতৰনৰ বাবে ৪৪০ টকালৈ বৃদ্ধি কৰা, আকাশলংঘী কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰাৰ পৰিৱৰ্তে প্ৰতি গৰাকী গ্ৰাহকক ৫ লিটাৰ কৈ কেৰাচিন তেল সুলভ মূল্যত যোগান ধৰা, অন্যান্য ৰাজ্যৰ দৰে অসমতো সুলভ মূল্যত চেনি যোগান ধৰা আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ১২ টাকৈ দাবী সম্বলিত এখনি স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে।
Read More

২৪ ঘণ্টাৰ ভিতৰত চাৰি ঘণ্টাও বিদ্যুৎ নথকাৰ ফলত যমৰ যন্ত্ৰণা ৰাইজৰ

বিহপুৰীয়াত অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত আজি কেইবাদিন ধৰি ৰাইজে উৎকট গৰমত ভোগ কৰি আহিছে যমৰ যাতনা। সমান্তৰালকৈ নাই বিদ্যুতৰ নিয়মীয়া যোগান। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত চাৰি ঘণ্টাও বিদ্যুৎ নথকাৰ ফলত দিন নিশা একাকাৰ কৰি যন্ত্ৰণা ভোগ কৰি অহাৰ ফলত অতিষ্ঠ হৈছে বিহপুৰীয়া তথা লখিমপুৰৰ জনতা। উৎকট গৰমত অতিষ্ঠ জনতাই বিদ্যুৎ পাব কেতিয়া? কি কি'লে বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই?সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় বিষয় হব।লখিমপুৰ জিলাৰ লগতে ধেমাজি জিলাতো অনিয়মীয়া বিদ্যুৎ যোগান বুলি জানিব পৰা গৈছে।
Read More

আহাৰ বিছাৰি জালত পৰিল অজগৰ

মৰিগাঁও জিলাৰ দিঘলবড়ী দক্ষিণ পাৰৰ পথাৰত খেতিৰ সুৰক্ষাৰ কাৰনে পাটি থোৱা জালত আহাৰৰ সন্ধানত ঘুৰি ফুৰা এটা বিৰল পজাতিৰ অজগৰ সাপ বন্দী হয় ৷ ৰাইজে উল্লেখ কৰা অনুসৰি খাদ্যৰ সন্ধান সাপটো আহিছিল।আৰু তাৰ পিছতে ৰাইজে পাতি থোৱা জালত পৰে অজগৰ সাপটো ।ৰাইজে সাপটো বন্দী কৰি ৰাখি আৰক্ষীক চমজাই দিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।
Read More

ধুবুৰী বিএন কলেজ নগৰ আৰক্ষীয়ে আটক কৰে ছয় জন দালাল

ধুবুৰীত Food Corporation of India (FCI) গুদামত দালালী কাৰ্যত জড়িতৰ অভিযোগত ছয় জনক আটক আৰক্ষীৰ।উল্লেখযোগ্য যে ধুবুৰী বিএন কলেজ নগৰ আৰক্ষীয়ে আটক কৰে ছয় জন দালালক । দীৰ্ঘদিন ধৰি FCI ৰ চাউলৰ দালালী কৰাৰ অভিযোগত আটক কৰে আৰক্ষীয়ে। চৰকাৰী FCI ৰ চাউলৰ দালালী কৰি কলা সাম্ৰাজ্য গঢ়া ছয় দালালক আটক কৰে ধুবুৰী বি এন কলেজ নগৰ আৰক্ষীয়ে। FCI ৰ‌ চাউল চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া । আটক লোকমান আলী, সঞ্জীৱ কুমাৰ দাস, জাহিদুৰ ৰহমান, ৰাজ আহমেদ, আনোৱাৰ আকন্দ, নুৰ মহম্মদ । প্ৰতিখন ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহৰ অভিযোগ এই কেইজনৰ বিৰুদ্ধে। ইতিমধ্যে আটকাধীন ছয় জনৰ বিৰুদ্ধে ৩৫০/২২ নং কেচ…
Read More

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং ৰছুলপুৰ গাঁৱৰ ব্যক্তি এজন বিদ্যুৎপৃষ্ট হৈ মৃত্যু

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১নং ৰছুলপুৰ গাঁৱৰ আব্দুল হাকিমৰ পুত্ৰ ওৱাহিদুৰ ৰহমান(২৪) নামৰ ব্যক্তি এজন বিদ্যুৎপৃষ্ট হৈ মৃত্ হয়। জানিব পৰা মতে ঘৰৰ বাবে বিদ্যুৎৰ খুঁটাত উঠি ঠিক কৰিবলৈ লওঁতে বিদ্যুৎপৃষ্ট হৈ ওৱাহিদুৰ ৰহমানে তলত পৰি যায়। ততাতৈয়াকৈ লোক জনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। ওৱাহিদুৰ ৰহমানৰ অকাল আকস্মিক মৃত্যুত ৰছুলপুৰ অঞ্চলব্যাপী শোঁকৰ ছাঁ পৰিছে। পৰিয়ালত একমাত্ৰ উপাৰ্জনকাৰী ওৱাহিদুৰ ৰহমানে কণ কণ দুটি সন্তান, পত্নী আৰু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয়লোকে চৰকাৰক আহ্বান জনাইছে।
Read More

এক ভয়ংকৰ আৰু হৃদয় বিদাৰক দৃশ্য

এক ভয়ংকৰ আৰু হৃদয় বিদাৰক দৃশ্য। মেঘালয়ৰ ফুলবাৰী থানাৰ অন্তৰ্গত গোমাইঝোৰাত সংঘটিত হয় এই দূৰ্ঘটনা৷গুৱাহাটীৰ পৰা মানকাচৰ অভিমূখে গৈ থকা যাত্ৰীবাহি নাইট ছুপাৰ এখন পুৱতি নিশা প্ৰায় ২ টা মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই গোমাই ঝোৰাত খালত নামি যায় আৰু গাড়ীখন সম্পূৰ্ণৰূপে প্ৰায় পানীত ডুৱযোৱা পৰিলক্ষিত হয়। দূৰ্ঘটনা গ্ৰস্থ গাড়ী খনৰ নম্বৰ হৈছে AS 01NC - 2524 গাড়ী খনত মুঠ কিমান যাত্ৰী আছিলে সেয়া কিন্তু এতিয়াও নিশ্চিত ভাৱে জানিব পৰা হোৱা নাই৷ ফুলবাৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দূৰ্ঘটনা গ্ৰস্থ গাড়ী খনত আবদ্ধ হৈ থকা যাত্ৰীক স্থানীয় ৰাইজে খিৰিকীৰ গ্লাচ ভাঙি উদ্ধাৰ কৰে বুলি স্থানীয় ৰাইজে জানিব দিয়ে…
Read More

দেশী জনগোষ্ঠীয় মঞ্চৰ আনন্দ উল্লাস

অসম চৰকাৰে কেবিনেটত গৰীয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ ৫ টা জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাত মুছলমান জনগোষ্ঠীয় লোক সকলোৰ মাজত এক আনন্দ উল্লাসময় পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।এই উপলক্ষে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দেশী জনগোষ্ঠীয় মঞ্চ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ সহযোগিতাত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা কৰি আনন্দ উল্লাস কৰি হাটশিঙিমাৰী প্ৰেছ ক্লাৱৰ সন্মুখত উপস্থিতহৈ নৃত্য প্ৰদৰ্শন কৰে ৷ সদস্য সকলে ফটকা ফুটুৱাই বিভিন্ন প্ৰতিধ্বনিৰে বিজয় উল্লাস পালন কৰে। দেশী জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ…
Read More

ৰাজ্যত পুনৰ বান সাহায্য হৰলুকি

বান সাহায্য হৰলুকি ৷ লাবদাংগুৰী আৰক্ষীৰ জালত আৰু এজন অভিযুক্ত কিছুদিন পূৰ্বে বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ ৩ নং বাৰাপেটাত বন্যাৰ্তৰ বাবে আবন্টিত খাদ্য সামগ্ৰী হৰলুকিৰ ঘটনা সংঘটিত হৈছিল ৷ উক্ত ঘটনাত ইতিমধ্যে তিনি অভিযুক্তক মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷ উক্ত ঘটনাৰ সৈতে জড়িত আনোৱাৰ হুছেইন নামৰ আন এগৰাকী অভিযুক্তক গোচৰ নং 90/22 ধাৰা 379/411/420/34 IPCত গ্ৰেপ্তাৰ কৰি আজি লাবদাংগুৰী আৰক্ষীয়ে মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে উক্ত ঘটনাত বৰ্তমানলৈকে ৪ গৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
Read More

পুনৰ ত্ৰিপুৰাত অসমৰ চি আৰ পি এফ জোৱানৰ ৰহস্য জনক মৃত্যু

পুনৰ ত্ৰিপুৰাত অসমৰ চি আৰ পি এফ জোৱানৰ ৰহস্য জনক মৃত্যুজোৱান গৰাকী বাক্সাৰ থমনা উলুবাৰীৰ গাওৰ লক্ষেশ্বৰ দাস আৰু মাতৃ মুখ্যদা দাসৰ কনিষ্ঠ পুত্ৰ কমল দাস(27)।ত্ৰিপুৰাৰ ঢালাই জিলাৰ আম্বাচাস্থিত চিআৰপিএফৰ 140 নং বেটেলিয়েনৰ শিবিৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় জোৱান গৰাকীৰ মৃতদেহ।2017 চনৰ জুন মাহত দেশ মাতৃৰ বাবে ওলাই গৈ চিআৰপিএফত যোগদান কৰিছিল কমল দাসে।জোৱান গৰাকীৰ চিপলোৱা অৱস্থাত থকা ফটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে।দৰিদ্ৰ পৰিয়ালৰ সন্তান কমল দাসে নৱনিৰ্মিত পকী ঘৰটো সম্পূৰ্ণ হলে আঘোন মাহত বিয়া পতাৰ কথা আছিল।শেষবাৰৰ বাবে ডেৰমাহ পূৰ্বে ঘৰলৈ চুটিত আহি পুনৰ কৰ্মস্থলীত যোগদান কৰে কমলে।ৰাতিপুৱা ত্ৰিপুৰাৰ…
Read More