11
Oct
গজালি ওলোৱা মগু আৰু বুটৰ ভিতৰত কোনবিধ অধিক উপকাৰী, সেই লৈ বহুলোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হোৱা দেখা যায়।স্বাস্থ্য সচেতন লোকসকলে এতিয়া নিজৰ দৈনন্দিন খাদ্যাভ্যাসত স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰিছে। এইক্ষেত্ৰত বহুলোকৰ পছন্দৰ খাদ্য হিচাপে দেখা যায় গজালি ওলোৱা মগু আৰু বুট। যথেষ্ট পুষ্টিসমৃদ্ধ এই খাদ্যই স্বাস্থ্যৰ বহু উপকাৰিতা সাধন কৰে।১০০ গ্ৰাম গজালি ওলোৱা বুটত ২০.৫ গ্ৰাম প্ৰ’টিন, ১২.২ গ্ৰাম ফাইবাৰ, ৫৭ মিলিগ্ৰাম কেলচিয়াম, ৪.৩১ মিলিগ্ৰাম আইৰণ, ৭১৮ মিলিগ্ৰাম পটাছিয়াম আৰু ৪ মিলিগ্ৰাম ভিটামিন চি থাকে। ইয়াত আন বহুতো পুষ্টিকৰ উপাদানো থাকে। দৈনিক গজালি ওলোৱা বুট খালে তেজৰ চেনিৰ নিয়ন্ত্ৰণ উন্নত হয়, পাচনতন্ত্ৰ সুস্থ হৈ থাকে, হৃদযন্ত্ৰৰ স্বাস্থ্য অটুট থাকে, হাড়ৰ ঘনত্ব…
