13
Aug
চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ১ নং বগিদাৰাত গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক নিৰ্মম ভাবে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।স্বামীৰ দ্বাৰা পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। অভিযোগ অনুসৰি স্থানীয় তমছেৰ আলীৰ পুত্ৰ হাফিজুৰ ৰহমানে(২৮) নিজ পত্নীক(জবেদা খাতুনক) দীৰ্ঘ দিনৰ পৰা নিৰ্যাতন চলাই অহাৰ পিছত বিগত ২ মে তাৰিখে পত্নীৰ গাৰ কাপোৰ খুলি কাপোৰ সমূহ পেট্ৰল ঢালি জ্বলাই দি হাত বান্ধি ৰাজপথত উলংগ কৰি শাৰীৰিক নিৰ্যাতন চলায়।ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃ মহুবৰ আলীয়ে নিজ ভগ্নীক কৰা এনে অমানৱিয় নিৰ্যাতনৰ বাবে শাসন মুলক ভাবে ভনী জোৱাই হাফিজুৰ ৰহমানক দুটা চৰ দিয়াক কেন্দ্ৰ…
