Dipshikha

2947 Posts
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত আজিৰে পৰা নতুনকৈ অন্তৰ্ভুক্ত হ’ল আন এগৰাকী মন্ত্রী

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত আজিৰে পৰা নতুনকৈ অন্তৰ্ভুক্ত হ’ল আন এগৰাকী মন্ত্রী

চাৰে ন' বছৰ বিধায়ক হৈ শেষত পাঁচ-ছয় মাহৰ বাবে মন্ত্রিত্ব । তথাপি সুখী চৰণ বড়ো ।মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত আজিৰে পৰা নতুনকৈ অন্তৰ্ভুক্ত হ'ল আন এগৰাকী মন্ত্রী । তেওঁ হৈছে বি পি এফৰ মাজবাটৰ বিধায়ক চৰণ বড়ো । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন মন্ত্ৰী হিচাপে আজি ৰাজভৱনত চৰণ বড়োৱে শপত গ্ৰহণ কৰে ।শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই । চৰণ বড়োৱে ইংৰাজীতে শপত বাক্য পাঠ কৰে ।উল্লেখ্য যে অসম চৰকাৰৰ মন্ত্রীসভাত নতুন মন্ত্রীৰূপে শপত গ্ৰহণ কৰা চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে । চৰণ বড়োক পৰিবহণ দপ্তৰৰ দায়িত্ব দিয়াৰ কথাটো বিশেষভাৱে চৰ্চাত আছিল । পূৰ্বে…
Read More
সোণাপুৰলৈ গৈ পৰিৱেশ দেখি অভিভূত হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ

সোণাপুৰলৈ গৈ পৰিৱেশ দেখি অভিভূত হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ

হঠাতে সোণাপুৰলৈ গৈ পৰিৱেশ দেখি অভিভূত হৈ পৰিল গৰিমা শইকীয়া গাৰ্গসহ জুবিনৰ আন ঘনিষ্ঠ লোকসকল ৷সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ'ল জনতাৰ শিল্পীজনাৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ । স্বামীৰ অবৰ্তমানত সোণাপুৰৰ হাতীমূৰাত নিৰলে শুই থকা স্বামীৰ কাষত বহি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ । চৌদিশে গুঞ্জৰিত মায়াবিনী শীৰ্ষক গীতত যেন জুবিনক্ষেত্ৰ হৈ পৰিল মায়াবিনীময়…প্ৰিয় মানুহজনৰ অবিহনে দিনবোৰ-ৰাতিবোৰ কিদৰে পাৰ কৰিছে তেওঁৰ বাহিৰে জানিব কোনে । অকল তেওঁৱেই নে, ৰাজ্যৰ কোটি কোটি জনতাৰো দেখোন একেই অৱস্থা । নাই চকুত টোপনি, মনে নামানে তেওঁৰ অনুপস্থিতি, মাজৰাতি হাহাকাৰ কৰি উঠে হৃদয়, নিদ্ৰাবিহীন প্ৰতিটো ৰাতি । সকলোৱে সমস্বৰে কৈছে, আমাক ন্যায় লাগে…
Read More
বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচজনক

বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচজনক

কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচজনক। চিআইডিৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত আজি তেওঁলোকক হাজিৰ কৰোৱা হয় আদালতত।আৰক্ষীৰ বাধাকো নেওচি 'জয় জুবিন দা' ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে একাংশ লোকে। লগে লগে শিলগুটি আৰু জোতা-চেণ্ডেল নিক্ষেপ কৰে বাহনলৈ। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱা কেবাজনকো আটক কৰা বুলি জানিব পৰা গৈছে। নিৰাপত্তাজনিত কাৰণত তেওঁলোকক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নাৰাখি বাক্সা জিলাত দুমাহ পূৰ্বে উদ্বোধন কৰা নতুন কাৰাগাৰখনলৈ লৈ যোৱা হয়। এই কাৰাগাৰত নাছিল কোনো কাৰাবন্দী। শ্য়ামকানু মহন্তহঁতক লৈ যোৱা বাহনখনে কাৰাগাৰত প্ৰৱেশ কৰাৰ সময়তেই একাংশ…
Read More
অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত

অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত

অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। SITৰ জেৰাত পোহৰলৈ আহিছে বহু নতুন নতুন তথ্য। ইয়াৰ মাজতে বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ পৰিছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এছ আই টিৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ ডি জি পি মুন্না প্ৰসাদ গুপ্তাই আজি জুবিনৰ মৃত্যুৰ গোচৰৰ চলি থকা তদন্ত সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে।ছ'চিয়েল মিডিয়া আৰু মেছেজিং প্লেটফৰ্মত ভাইৰেল হোৱা জুবিন গাৰ্গৰ জি এম চি এইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘প্ৰকৃত নহয়’ বুলি দাবী কৰে মুন্না প্ৰসাদ গুপ্তাই। সংবাদ মাধ্যমক সম্বোধন কৰি গুপ্তাই স্পষ্ট কৰি দিয়ে, “সেই প্ৰতিবেদন প্ৰকৃত নহয়। ইয়াত কোনো চিকিৎসকৰ স্বাক্ষৰৰ অভাৱ আৰু সেয়েহে ই প্ৰামাণিক নহয়।”
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত বিভিন্ন পন্থা গ্ৰহণ কৰিছে বিভিন্নজনে

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত বিভিন্ন পন্থা গ্ৰহণ কৰিছে বিভিন্নজনে

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত বিভিন্ন পন্থা গ্ৰহণ কৰিছে বিভিন্নজনে । এইবাৰ চাকৰি এৰিলে চিকিৎসকে ।অসমৰ প্ৰতিজনৰেই এতিয়া এটাই দাবী, 'জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায়' । বিভিন্নজনে বিভিন্ন ধৰণৰে উত্থাপন কৰিছে দাবী । তাৰ মাজতে মঙলবাৰে লখিমপুৰত এজন চিকিৎসকে চাকৰিৰ পৰা অব্যাহতি গ্রহণ কৰে । তেওঁ কেতবোৰ প্ৰশ্নও উত্থাপন কৰে । জুবিন গাৰ্গৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট এই সিদ্ধান্ত গ্ৰহণ কৰে লোকজনে ।জিলাখনৰ ইছলামপুৰ ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ মৃণ্ময় হাজৰিকাই যুটীয়া সঞ্চালকক মঙলবাৰে অব্যাহতি পত্ৰ প্ৰদান কৰে ।
Read More
২০২৬-২৮ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ (UNHRC)লৈ নিৰ্বাচিত হ’ল ভাৰত

২০২৬-২৮ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ (UNHRC)লৈ নিৰ্বাচিত হ’ল ভাৰত

২০২৬-২৮ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ (UNHRC)লৈ নিৰ্বাচিত হ'ল ভাৰত । জেনেভাস্থিত মানৱ অধিকাৰ সংস্থাটোত এয়া হ'ব ভাৰতৰ সপ্তম কাৰ্যকাল । মঙলবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে সামাজিক মাধ্যমৰ পোষ্টত কয় যে ভাৰতৰ ৩ বছৰীয়া কাৰ্যকাল ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ।ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিশে সামাজিক মাধ্যমৰ এটা পোষ্টত সকলো প্ৰতিনিধি দলকে তেওঁলোকৰ অশেষ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে ভাৰত সপ্তমবাৰৰ বাবে ২০২৬-২৮ বৰ্ষৰ বাবে মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত হৈছে । এই নিৰ্বাচনে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি ভাৰতৰ অদম্য দায়বদ্ধতাক প্ৰতিফলিত কৰিছে বুলি কূটনীতিবিদগৰাকীয়ে…
Read More
চীনৰ পিছত এইবাৰ জাপানত আহিছে স্বাস্থ্য সংকট

চীনৰ পিছত এইবাৰ জাপানত আহিছে স্বাস্থ্য সংকট

আকৌ এবাৰ সংক্ৰমণৰ ভয়ে গ্ৰাস কৰিছে। চীনৰ পিছত এইবাৰ জাপানত আহিছে স্বাস্থ্য সংকট।হঠাৎ জাপানত বিয়পি পৰিছে ইনফ্লুৱেঞ্জা। খবৰ অনুসৰি এই পৰ্যন্ত ৪ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। তীব্ৰ গতিত বাঢ়িছে সংক্ৰমিত লোকৰ সংখ্যা। তাপমাত্ৰা কমি অহাৰ লগে লগে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। হঠাতে ইনফ্লুৱেঞ্জাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে মহামাৰী ঘোষণা কৰিছে জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে।৩ অক্টোবৰত জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে মহামাৰী ঘোষণা কৰে। ২২ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰৰ ভিতৰত ৪০৩০ জন লোক আক্ৰান্ত হৈছে। যোৱা সপ্তাহত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৯৫৭ জন।এই ইনফ্লুৱেঞ্জাত আক্ৰান্ত লোকৰ অধিকাংশই শিশু। সংক্ৰমণ ৰোধৰ বাবে বন্ধ কৰি দিয়া হৈছে ১৩৫ খন বিদ্যালয়, কিণ্ডাৰগাৰ্টেন, শিশু…
Read More
আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰে

আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰে

শনিবাৰে নিশা আফগানিস্তানে পাকিস্তানত আক্ৰমণ কৰে। তিনি ঘণ্টীয়া অভিযানত আফগান সেনাই হেলমাণ্ডৰ বাহৰামচাৰ শ্বাকিজ, বিবি জানি, আৰু ছালেহানু অঞ্চলত অভিযান চলায়। শনিবাৰে মাজনিশা আফগানিস্তানে ডুৰাণ্ড লাইনৰ সমীপৰ কেইবাটাও পাকিস্তানী সীমান্ত চকীত গোলাবৰ্ষণ কৰে। ডুৰাণ্ড লাইনত সংঘটিত হোৱা এই সংঘৰ্ষৰ পিছত এতিয়া পাকিস্তান আৰু আফগানিস্তানৰ পৰিস্থিতি অত্যন্ত উত্তেজিত হৈ আছে।কাবুলত হোৱা বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আফগানিস্তানে ডুৰাণ্ড লাইনৰ সমীপত পাকিস্তানৰ ঘাটিৰ ওপৰত তীব্ৰ প্ৰতিহত আক্ৰমণ আৰম্ভ কৰে। এই আক্ৰমণত ১৫জন পাকিস্তানী সৈন্য নিহত হয় আৰু আফগান সেনাই তিনিটা ঘাটি দখল কৰে। বৰ্তমান দুয়োখন দেশৰ মাজত উত্তেজনা উচ্চ পৰ্যায়ত উপনীত হৈছে।
Read More
আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব

আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব

আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ'ব । ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব ভাৰত । শীৰ্ষ চাৰিটা স্থানত থাকিবলৈ ভাৰতে এই মেচখনত জয়ী হ'ব । অন্যথা প্ৰতিযোগিতাৰ পিছলৈ দলটোৰ বাবে কিছু কঠিন হ'ব ।৩ খন মেচৰ ভিতৰত ভাৰতে দুখনত জয়ী হৈছে আৰু পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে । অষ্ট্ৰেলিয়াই ২ খন মেচত জয়ী হৈছে আৰু এখন খেল বাতিল হৈছে । দলটো দ্বিতীয় স্থানত আছে । ৩ খন মেচৰ আটাইকেইখনতে জয়ী হৈ ইংলেণ্ড দল শীৰ্ষস্থানত আছে । আনহাতে দক্ষিণ আফ্ৰিকাই দুখনত জয়ী হৈ চতুৰ্থ স্থানত আছে ।৭ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব ভাৰতীয় মহিলা দল । শীৰ্ষ চাৰিটা…
Read More
“২০২৬ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন নহয়, তেন্তে ৰাজ্যত ভয়াবহ ক্ষতি হ’ব”

“২০২৬ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন নহয়, তেন্তে ৰাজ্যত ভয়াবহ ক্ষতি হ’ব”

২০২৬ ত তৃতীয়বাৰৰ বাবে অসমত NDAৰ চৰকাৰ হ'ব । জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান দিলীপ শইকীয়াৰ ।"যদি আহি থকা ২০২৬ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন নহয়, তেন্তে ৰাজ্যত ভয়াবহ ক্ষতি হ’ব । বিজেপিৰ পৰিকল্পিত দিশেই ৰাজ্যক আগবঢ়াই লৈ গৈছে ।”-দিলীপ শইকীয়া ।ইয়াৰ পিছতে সাংবাদমাধ্যমৰ আগত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "বিধানসভাৰ নিৰ্বাচন যিহেতু সমাগত । ২০২৬ চনৰ বিহুৰ আগত, এপ্ৰিল মাহতে নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে । ধেমাজি জিলাৰ তিনিওটা সমষ্টিৰ ৬৪৯ টা বুথৰ, বুথ সভাপতিসকল আৰু বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ লগত আমি আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি, কেনেদৰে আমি সাংগঠনিকভাৱে আগবাঢ়িম ইত্যাদি বিষয়ত আমাৰ বিস্তাৰিতভাৱে আলোচনা হৈছে ।"
Read More