24
Aug
হঠাৎ নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছে পত্নী।সেয়ে পত্নীক বিচাৰি কান্দোনত ভাঙি পৰিল এগৰাকী স্বামী৷কান্দি কান্দি কেমেৰাৰ সন্মুখত আৰক্ষীক আহ্বান স্বামীৰ৷তদন্ত কৰি মোৰ পত্নীক ঘুৰাই আনি দিয়ক৷অন্যথাই পত্নীক নাপালে আত্মহত্যা কৰিম৷১৬ বছৰ পূৰ্বে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগাণ্ডা গাঁৱৰ আশ্ৰফ আলীয়ে বিবাহ কৰিছিল ছয়গাঁৱৰ আমবাৰীত। বিবাহ হোৱাৰ পিছতে সংসাৰ পাতি তিনিজনকৈ সন্তানো জন্ম দিছিল দুয়োগৰাকীয়ে। কিন্তু মঙলবাৰে হঠাৎ নিজ ঘৰৰ পৰা নিৰুদ্দেশ হল তেওঁৰ পত্নী তথা তিনি সন্তানৰ মাতৃয়ে। আশ্ৰফৰ পত্নীয়ে নিৰুদ্দেশ হোৱাৰ পিছতে আশ্ৰফ আলীৰ অভিযোগ তেওঁৰ পত্নীৰ হেনো আছিল পৰকীয়া প্ৰেম। সেয়ে অন্য যুৱকৰ সৈতে পলায়ন কৰা বুলি আশ্ৰফ আলীয়ে অভিযোগ উত্থাপন কৰিছে৷ইপিনে গৰৈমাৰী আৰক্ষীক বিষয়টো তদন্ত কৰি পত্নীক ঘুৰাই…
