Dipshikha

2947 Posts
বুলড’জাৰৰ শব্দ এতিয়া প্ৰতিধ্বনিত হৈছে হোৱাইট হাউচত

বুলড’জাৰৰ শব্দ এতিয়া প্ৰতিধ্বনিত হৈছে হোৱাইট হাউচত

বুলড'জাৰৰ শব্দ এতিয়া প্ৰতিধ্বনিত হৈছে হোৱাইট হাউচত। হোৱাইট হাউছৰ ইষ্ট উইঙত বুলডজাৰ আৰু ক্ৰেনে এফালৰ পৰা ভাঙি নিছে ট্ৰাম্পৰ চৰকাৰী বাসগৃহ। অৱশ্যে এই বুলড'জাৰ চলোৱাৰ সিদ্ধান্ত ট্ৰাম্পে নিজেই।ইয়াৰ আঁৰৰ উদ্দেশ্য হৈছে- হোৱাইট হাউছত ডাঙৰ আৰু আড়ম্বৰপূৰ্ণ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা। ১৯০২ চনত নিৰ্মাণ কৰা ইষ্ট উইংটো ১৯৪২ চনত শেষবাৰৰ বাবে সংস্কাৰ কৰা হৈছিল।এতিয়া বুলডজাৰে ইয়াক ভাঙি পেলাইছে
Read More
খালী পেটত হালধি আৰু আমলখিৰ পানী খালে কি হয়?

খালী পেটত হালধি আৰু আমলখিৰ পানী খালে কি হয়?

আয়ুৰ্বেদত হালধি আৰু আমলখি দুয়োটাকে ঔষধি বুলি গণ্য কৰা হয়। পুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, হজম শক্তি বৃদ্ধি পায়, ছাল আৰু চুলিৰো উপকাৰ হয়। ই শৰীৰক বিষমুক্ত কৰে, ওজন কমোৱাত সহায় কৰে, গাঁঠিৰ বিষৰ পৰা উপশম দিয়ে, আৰু তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰে। হালধি আৰু আমলখিৰ সংমিশ্ৰণ স্বাভাৱিক স্বাস্থ্যৰ টনিক।গতিকে ইয়াৰ মূল উপকাৰৰ বিষয়ে জানো আহক।আমলখিৰ ৰসে মানুহৰ শৰীৰত তেজত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে। লগতে আমলখিৰ ৰসত থকা উচ্চ চৰ্বি জ্বলোৱা গুণে দ্ৰুতগতিত ওজন হ্ৰাস কৰাত সহায় কৰে। কেৱল সেয়াই নহয়, আমলখিয়ে খাদ্য হজম কৰাতো সহায় কৰে।হালধিত…
Read More
আজি পোহৰৰ উৎসৱ দীপাৱলী,কালী পূজা

আজি পোহৰৰ উৎসৱ দীপাৱলী,কালী পূজা

আজি পোহৰৰ উৎসৱ দীপাৱলী। শাৰদী ৰাণীৰ আঁচলত ধৰি ধৰালৈ নামি আহিছে দীপান্বিতা উৎসৱ। একেদৰে আজিৰ এই দিনটোতেই পালন কৰা হ’ব কালী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে কালী পূজা আৰু দীপাৱলীক লৈ প্ৰস্তুতি সম্পন্ন হৈছে।অৱশ্যে অসমবাসীক এইবাৰ দীপাৱলীৰ সেই পৰিচিত ফটকা ফুটাই কৰা আনন্দ-উল্লাসে চুব পৰা নাই। নিয়মমাফিক পূজা- অৰ্চনাৰে সম্পন্ন হ’ব দীপাৱলী। কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ হৈ আছে ৰাজ্যবাসী।
Read More
এক ভয়ংকৰ বিমান দুৰ্ঘটনা

এক ভয়ংকৰ বিমান দুৰ্ঘটনা

আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰাণৱেৰ পৰা পিছলি সাগৰত পৰিল এখন বিমান। সোমবাৰে পুৱতি নিশা হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে ডুবাইৰ পৰা আহিছিল বিমানখন। হংকঙত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে।জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখন এখন কাৰ্গো বিমান আছিল। ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত বয়িং ৭৪৭ কাৰ্গো বিমানখনৰ এটা অংশ বিমানবন্দৰৰ কাষতে সাগৰত ডুব যোৱা দেখা গৈছে। জৰুৰীকালীন দুৱাৰখন খোলা আছিল, বিমানখনৰ পিছৰ আৰু সন্মুখৰ অংশ ভাঙি পৃথক হৈ পৰিছিল।
Read More
দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী

দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী

দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। নৌসেনাৰ জোৱানৰ সৈতে এই উৎসৱ উদযাপন কৰে প্ৰধানমন্ত্ৰী। INS বিক্ৰান্তত জোৱানসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, "আমাৰ তিনি সশস্ত্ৰ বাহিনীৰ মাজত অসাধাৰণ সমন্বয়ৰ বাবে পাকিস্তানে অভিলেখ সময়ত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল।"
Read More
জুবিন গাৰ্গ বিহীন এটা মাহ

জুবিন গাৰ্গ বিহীন এটা মাহ

জুবিন গাৰ্গ বিহীন এটা মাহ। অসমৰ প্ৰাণৰ শিল্পী গৰাকী নোহোৱা হোৱা এই ৩০দিন অনুৰাগী সকলে কেনেকৈ পাৰ কৰিছে, তাক বহলাই কোৱাৰ প্ৰয়োজন নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি আয়োজন কৰা হৈছে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ এমহীয়া মাংগলিক অনুষ্ঠান।সোণাপুৰৰ জুবিন সমাধি ক্ষেত্ৰত পুৱতি নিশাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ আহি উপস্থিত হৈছেগৈ। ধুবুৰীৰ পৰা শদিয়াৰ লৈকে সকলো মানুহ বাছেৰেই আহিছে আজি জুবিন সমাধিক্ষেত্ৰলৈ। কোনোবাই বাছ ভাড়া কৰি আহিছে, কোনো আজি ঘৰৰ গাড়ীখন লৈ।
Read More
আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত

আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত

পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি সীমান্তৰ পাক্তিকা প্রদেশত যোৱা নিশা চলোৱা বিমান আক্রমণত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়।আফগান সীমান্তৰ সমীপত সন্ত্রাসবাদীয়ে কৰা আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত হয়। পাকিস্তানৰ সুৰক্ষা বিষয়াই জনোৱা মতে উত্তৰ বাজিবিস্তানৰ এটা পাকিস্তানী সেনা শিবিৰত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণত এই জোৱানকেইজনৰ মৃত্যু হোৱাৰ লগতে কমেও ১৩ জন আহত হয়। দুয়োখন দেশৰ সীমান্তত যোৱা এসপ্তাহ ধৰি চলা সংঘৰ্ষত বহুসংখ্যক জোৱান আৰু নাগৰিকৰ মৃত্যু হোৱাৰ পাছত ৪৮ ঘণ্টাৰ যুদ্ধ বিৰতি ঘোষণা কৰা হৈছিল। তালিবানৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্রকাশ কৰা মতে পাকিস্তানে যুদ্ধ বিবতি ভংগ কৰি পাক্তিকা প্ৰদেশৰ তিনিটা স্থানত বোমা পেলায়। আফগানিস্তানে…
Read More
মাত্র ৩০ ছেকেণ্ডত ৭২ বাৰ বিহু নৃত্যৰ ‘টাকুৰি ঘূৰি’ দিদৃক্ষা সোণোৱালে গঢ়িছে বিশ্ব অভিলেখ

মাত্র ৩০ ছেকেণ্ডত ৭২ বাৰ বিহু নৃত্যৰ ‘টাকুৰি ঘূৰি’ দিদৃক্ষা সোণোৱালে গঢ়িছে বিশ্ব অভিলেখ

বিশ্ৱ অভিলেখ গঢ়ি আজি মাতৃভূমিত উপস্থিত হৈছে অসম কন্যা দিদৃক্ষা সোণোৱাল। বিমান বন্দৰত গায়ন-বায়নৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে দিদৃক্ষাক আদৰণি জনাই সকলোৱে।বিভিন্ন দল-সংগঠন, আত্মীয়ৰ লগতে শুভাকাংক্ষীয়ে জনোৱা উষ্ম আদৰণিত অভিভূত হৈ পৰে দিদৃক্ষা ৷ বিহু নৃত্যৰে দিদৃক্ষা সোণোৱালে মুম্বাইত গঢ়িছে বিশ্ব অভিলেখ ৷মাত্র ৩০ ছেকেণ্ডত ৭২ বাৰ বিহু নৃত্যৰ 'টাকুৰি ঘূৰি' দিদৃক্ষা সোণোৱালে গঢ়িছে বিশ্ব অভিলেখ। ইয়াৰ জৰিয়তে “ৱৰ্ল্ড ওৱাইড বুক অব্ ৰেকৰ্ডছ' আৰু 'গোল্ডেন বুক অব্ ৱর্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে দিদৃক্ষাই।গুৱাহাটীৰ মালিগাঁৱৰ জীয়ৰী দিদৃক্ষা সম্প্ৰতি মুম্বাইৰ থানেৰ এটা কনষ্ট্ৰাকশ্যন কেমিকেল ইণ্ডাষ্ট্ৰীত চিভিল ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত। তেওঁৰ মাতৃ ৰিনা দেবী হাজৰিকা আৰু অচিত্ৰ সোণোৱাল।
Read More
আজি কাতি বিহু

আজি কাতি বিহু

আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। তুলসী তলৰ চাকিগছি আৰু আকাশ বন্তিৰে উদ্ভাসিত হ’ব সমগ্ৰ অসম। শস্যৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিব প্ৰতিজন অসমীয়াই।অসমীয়াৰ জাতীয় উৎসৱ বিহু পালন কৰিবলৈ সাজু অসমবাসী। এই সময়চোৱাত কৃষক ৰাইজৰ ভঁৰাল উদং হৈ থাকে। আপোন পথাৰখনত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে চহা কৃষকে। এই দিনটোতে সন্ধিয়া পৰত শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল কামনা কৰি তুলসী তলত বন্তি জ্বলোৱা পৰম্পৰা আছে। কঙালীৰ আকাশ বন্তিৰ পোহৰেৰে উজলি উঠিব সমগ্ৰ অসম।
Read More
অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে। এক বিশেষ অভিযান চলাই শ্ৰীভূমি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী।ইয়াৰ লগতে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে আৰক্ষীয়ে।খবৰ অনুসৰি, এই গোচৰত ইতিমধ্যে প্ৰয়োজনীয় আইনী পদ্ধতি আৰম্ভ কৰা হৈছে। ইয়াৰ পূৰ্বেও মালিগাঁৱত মঙলবাৰে চলোৱা এক অভিযানত আৰক্ষীয়ে ২০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
Read More