18
Nov
কলগাছিয়াৰ সোনাপুৰ ৰুভি গাঁওত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা । এক সন্তানৰ মাতৃ আমিনা খাতুনক হত্যা কৰাৰ অভিযোগ পিতৃ গৃহৰ। এই ঘটনাই সমগ্ৰ অঞ্চল ব্যাপী সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । হত্যাকাৰীৰ শাস্তিৰ দাবী জনাইছে আমিনা খাতুনৰ পিতৃ পৰিয়ালে। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোণাপুৰ ৰুভি গাঁওত নিশা সংগঠিত হৈছে এক হৃদয় বিদাৰক ঘটনা। আঁমিনা খাতুন নামৰ বোৱাৰী জনী আত্মহত্যা। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পিতৃ পৰিয়ালৰ । জানিব পৰা মতে স্বামী পানু মিঞা কৰ্মসূত্ৰে কেৰেলাত থাকে । স্বামী ঘৰত নথকাৰ পিছত পত্নী আমিনা খাতুনে কি কাৰণত আত্মহত্যা কৰিলে তাক লৈ গাওঁ খনত তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে।বাহিৰৰ পৰা দুৱাৰ বন্ধ থকাক…
