Dipshikha

2936 Posts
আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ

আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ । দিল্লী আবকাৰী নীতি অৰ্থাৎ সুৰা কেলেংকাৰী গোচৰৰ পৰা দুয়োকে সসন্মানে মুকলি কৰি দিছে আদালতে ।দিল্লীৰ এখন আদালতে অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক উক্ত গোচৰত অভিযোগমুক্ত ঘোষণা কৰিছে ৷ দিল্লীৰ ৰৌজ এভিনিউ আদালতে কয় যে মুখ্য়মন্ত্ৰী হিচাপে কেজৰিৱালে গ্ৰহণ কৰা আবকাৰী বিভাগৰ নীতিত কোনো আসোঁৱাহ নাই বা ইয়াৰ আঁৰত অপৰাধমূলক উদ্দেশ্য় নাছিল ৷
Read More
প্ৰতীক্ষাৰ অন্ত পৰিল

প্ৰতীক্ষাৰ অন্ত পৰিল

প্ৰতীক্ষাৰ অন্ত পৰিল। দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। অৱশেষত আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ'ল এই জনপ্ৰিয় যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা।উল্লেখ্য যে - ৰাজস্থানৰ উদয়পুৰত এই বিয়া তেলুগু আৰু কোডাভা দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত হয় ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত তেলুগু পৰম্পৰাৰে অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে বিয়লি ভাগলৈ কোডাভা পৰম্পৰাৰে বিবাহ বহে দুয়ো ৷বিবাহৰ আনুষ্ঠানিকতাৰ পাছত তেওঁলোকে অহা ৪ মাৰ্চত হায়দৰাবাদত চলচ্চিত্র জগতৰ বন্ধু আৰু বিশিষ্ট ব্যক্তিসকলৰ বাবে এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে ৷ সামাজিক মাধ্যমত দুয়োৱে বিবাহৰ ফটো শ্বেয়াৰ কৰে।
Read More
তিলৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হব আপুনিও

তিলৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হব আপুনিও

তিল আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। তিল, বিশেষকৈ ক’লা তিল, প্ৰটিন, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ এক অন্যতম উৎস, যি শীতকালত শৰীৰ গৰম কৰি ৰখাত, হাড় মজবুত কৰাত, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত আৰু চুলি সৰা ৰোধ কৰাত অত্যন্ত উপকাৰী । গুড়ৰ সৈতে তিল সেৱন কৰিলে ইয়াৰ পুষ্টিগুণ আৰু বৃদ্ধি পায় ।তিলৰ প্ৰধান স্বাস্থ্য উপকাৰিতাসমূহ হ’ল:হাড়ৰ স্বাস্থ্য: উচ্চ কেলচিয়াম আৰু জিঙ্কৰ বাবে তিল হাড়ৰ গঠন আৰু শক্তি বৃদ্ধিৰ বাবে খুব উপকাৰী।হৃদযন্ত্ৰ: ইয়াৰ স্বাস্থ্যকৰ চৰ্বি ৰক্তচাপ আৰু কলেষ্টেৰল কমাই হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে ।চুলি আৰু ছাল: ক’লা তিলৰ এণ্টিঅক্সিডেণ্টে চুলি সৰা কমায় আৰু ছালৰ বাবে উপকাৰী ।হজম শক্তি: তিলত থকা ফাইবাৰে হজম প্ৰক্ৰিয়া…
Read More
সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়েও তেওঁক বহু সন্মান কৰে ৷ বৰ্তমান সময়ত মোদীৰ সুনাম বহু দূৰলৈকে চৰ্চিত হৈ আছে ৷শেহতীয়াকৈ দেখা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ’ল’ৱাৰ ১০০ বিলিয়ন অৰ্থাৎ ১০ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰৰ ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে ।
Read More
পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ

পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ

২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা বাবু আঁচনিৰ শুভাৰম্ভণি তথা ধন মুকলিৰ কথা কৰিলে ঘোষণা।উল্লেখ্য যে, এই ঘোষণা কৰাৰ পাছতে জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই তিনিওখন আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু, প্ৰশান্ত ফুকন।
Read More
APDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ

APDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ

APDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ। ৩৬ ঘণ্টাৰ বাবে ব্যাহত থাকিব APDCLৰ অনলাইন সেৱা। ARMS, My Bijulee, Bijulee Bandhu পৰ্টেল বন্ধ থাকিব। ৩৬ ঘণ্টাৰ বাবে অস্থায়ী ভাৱে বন্ধ ৰাখিব এই সেৱা।কাৰিকৰী কিছু বিজুতিৰ বাবে এই সেৱা বন্ধ থাকিব।২৮ফেব্ৰুৱাৰীৰ পৰা ২মাৰ্চলৈকে বন্ধ থাকিব এ পি ডি এলৰ অনলাইন সেৱা।২৮ফেব্ৰুৱাৰীৰ নিশা ৯বজাৰ পৰা ২মাৰ্চৰ পুৱা ৯বজালৈকে বন্ধ থাকিব এই সেৱা।
Read More
মাছৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মাছৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মাছৰ উপকাৰিতা। মাছ অমেগা-৩ ফেটি এচিড, উচ্চমানৰ প্ৰ'টিন, ভিটামিন ডি, আৰু খনিজ পদাৰ্থৰ (আয়'ডিন, জিংক, ছেলেনিয়াম) এক সুষম উৎস, যি হৃদৰোগ প্ৰতিৰোধ, মগজুৰ বিকাশ আৰু চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে। নিয়মিত মাছ খোৱাৰ ফলত হাড় মজবুত হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ।মাছৰ প্ৰধান উপকাৰিতা সমূহ:হৃদযন্ত্ৰৰ সুস্বাস্থ্য: মাছে অমেগা-৩ ফেটি এচিডৰ জৰিয়তে হৃদৰোগৰ সম্ভাৱনা কমায় আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।মগজুৰ তীক্ষ্ণতা: ই মগজুৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু বয়সৰ লগত হোৱা মানসিক অৱনতি ৰোধ কৰে ।দৃষ্টিশক্তি উন্নত: মাছত থকা ওমেগা-৩ চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী ।হাড় আৰু শৰীৰ মজবুত: মাছ ভিটামিন ডি আৰু কেলচিয়ামৰ চহকী উৎস,…
Read More
অসমবাসীৰ বাবে ভাল খবৰ

অসমবাসীৰ বাবে ভাল খবৰ

অহা ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ ৪ হাজাৰ কোটি টকাৰ নতুন টাৰ্মিনেল ভৱন । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা কয় । উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিছিল ।মাৰ্চ মাহৰ ভিতৰত নতুন টাৰ্মিনেলৰ পৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা চলাচল কৰাৰ সম্ভাৱনা আছে । আনহাতে, পুৰণি টাৰ্মিনেলটো কাৰ্গো হাবলৈ ৰূপান্তৰিত কৰা হ’ব বুলি বিমানবন্দৰৰ এজন বিষয়াই জনায় ।
Read More
অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । শুকুৰবাৰে কংগ্ৰেছ নেত্ৰীগৰাকী উপস্থিত হয় সোণাপুৰস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত । প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ সন্মান আৰু আদৰ প্ৰদৰ্শন কৰে । জুবিন ক্ষেত্ৰত উপস্থিত হৈয়েই প্ৰিয়ংকা গান্ধীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ সেৱা জনায় । তেওঁ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতত জুবিন গাৰ্গৰ অৱদানৰ শলাগ লয় । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়,"মই আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে, জুবিন গাৰ্গ একপ্ৰকাৰে অসমৰ আত্মাৰ কণ্ঠ আছিল, অসমৰ অভিব্যক্তি আছিল । অসমৰ যি সভ্যতা তাৰ বিষয়ে জুবিন গাৰ্গে গাইছিল । তেওঁৰ যিসমূহ গীত আছিল এটাও গানত এইটো নাছিল…
Read More
বিপদত ৰাহুল গান্ধী

বিপদত ৰাহুল গান্ধী

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ এক গোচৰত বৃহস্পতিবাৰে চুলতানপুৰ আদালতত হাজিৰ হয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী । ভাষ্য প্ৰদানৰ বাবে আদালতত হাজিৰ হোৱাৰ লগে লগে আদালতৰ বাহিৰত বহু সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ভিৰ কৰে । আদালত চৌহদৰ বাহিৰতো বহু কৰ্মী সমবেত হয় ।ইফালে ৰাহুল গান্ধীৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনী । নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হয় । ডগ স্কোৱাডৰ দলেও আদালত চৌহদ তন্ন-তন্নকৈ পৰীক্ষা কৰে । ইফালে ৰাহুল গান্ধীয়ে আদালতত প্ৰৱেশ কৰি নিজৰ ভাষ্য প্ৰদান কৰে । তেওঁৰ লগত কেইবাগৰাকী অধিবক্তাও উপস্থিত থাকে ।
Read More