Dipshikha

2386 Posts
গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত

গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত

গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত। দেওবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত এই নিৰ্দেশনা প্ৰদান কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গৃহহীন গৰু সুৰক্ষা কেন্দ্ৰসমূহক স্বাৱলম্বী কৰি তোলাৰ বাবে উচিত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে। দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰী অট্টালিকাত গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব লাগে। পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক এই নিৰ্দেশনা প্ৰদান কৰে।
Read More
পাকিস্তানৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত

পাকিস্তানৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ বান্ধৰ মাজেৰে পানীৰ প্ৰবাহ কৰ্তন কৰিছে আৰু ঝিলাম নদীৰ কিষাণগংগা মথাউৰিতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে বুলি দেওবাৰে সূত্ৰই প্ৰকাশ কৰিছে ।খবৰ অনুসৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ বান্ধৰ মাজেৰে পানীৰ সোঁত হ্ৰাস কৰাৰ লগতে ঝেলুম নদীৰ কিশানগংগা বান্ধ বন্ধ কৰাৰ যো জা চলাই আছে।ভাৰতৰ এই পদক্ষেপৰ পাছতে শংকিত হৈ পৰিছে পাকিস্তান। ইয়াৰ পূৰ্বে পাকিস্তানে সিন্ধু জল চুক্তি বাতিলৰ পদক্ষেপটো যুদ্ধসদৃশ কাৰ্য বুলি অভিহিত কৰিছিল। পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টোৱে ভাৰতক সকীয়াই দিছিল যে যদি সিন্ধুৰ পানী বন্ধ কৰা হয় তেন্তে “সিন্ধুত পানী নহয়, তেজ…
Read More
আপুনি গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে নেকি

আপুনি গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে নেকি

জলফাই অতি পুষ্টিগুণ সমৃদ্ধ শীতকালীন ফল.. এই উদ্ভিদ জোপাই আমাৰ দেহৰ ৰোগ নাশ কৰাৰ লগতে-সৌন্দৰ্য বৃদ্ধিটো সহায় কৰে..।জলফাই টেঙা প্ৰায়সংখ্যক লোকেৰে প্ৰিয়। বিশেষকৈ ঠাণ্ডাৰ বতৰত দুপৰীয়া ভাত খোৱাৰ পাছত ৰ’দত বহি জলফাই খোৱাৰ এক সুকীয়া মাদকতা আছে। সমাজৰ প্ৰায় প্ৰতিটো বয়সৰ শ্ৰেণীৰ লোকৰে প্ৰিয় এই ফলবিধ। বহুতে কয়, জলফাই টেঙাৰ আচল জুতি তেতিয়াহে পোৱা যায় যেতিয়া তাক ভালদৰে সৰু-সৰুকৈ কাটি তাত নিমখ আৰু জলকীয়া মিহলি কৰি খোৱা যায়। অৱশ্যে বহুতৰ বাবে প্ৰিয় জলফাই টেঙাৰ আচাৰ।জলফাইৰ ঔষধি গুণাগুণসমূহ জানি লওক------ গেষ্ট্ৰিকৰ সমস্যাত দীর্ঘদিন ধৰি ভূগি থকা জনে প্রতিদিনে এটাকৈ জলফাই খালে সুফল পাব। জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন-এ.বি.চি.কে-আইৰণ-কেলছিয়াম-পটাছিয়াম বিটা- কেৰাটিন_মেগনেছিয়াম-ফাইবাৰ-ফছফৰাছ আদি উপাদান…
Read More
ৰাজ্যৰ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে

ৰাজ্যৰ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত অনিয়ম হোৱাৰো অভিযোগ উত্থাপন হৈছে। ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন স্থানত সংঘটিত হয় নিৰ্বাচনী হিংসা। লগতে বহু ভোটকেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।পুৱা ৭.৩০ বজাৰ পৰা ৰাজ্যৰ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে। গোলাঘাট, লখিমপুৰৰ দুটা, শ্ৰী ভূমিত ৮ টা, মাজুলীত এটা, হাইলাকান্দিত ৩১ টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ।
Read More
পিয়াঁজৰ উপকাৰী গুণৰ বিষয়ে জানেনে

পিয়াঁজৰ উপকাৰী গুণৰ বিষয়ে জানেনে

পিঁয়াজ হৈছে এনে এক পাচলি, যাক সমগ্ৰ বিশ্বজুৰি ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা হয়। খাদ্য সামগ্ৰী হিচাপে পিঁয়াজ সুস্বাদু ব্যঞ্জন, আচাৰ তৈয়াৰ কৰিবলৈ, চছ বা চাটনিত সক্ৰিয় উপাদান হিচাপে কাম কৰিবলৈ ব্যৱহাৰ কৰা হয়।বহুতেই আকৌ পিয়াঁজ কেঁচাকৈ খাইহে বেছি ভাল পায় ৷ অতীজৰে পৰা পিয়াঁজ বহু ৰোগৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে ৷ পিয়াঁজ, বিশেষকৈ কেঁচা পিয়াঁজৰ প্ৰদাহ-প্ৰতিৰোধী, বেক্টেৰিয়া-ৰোধী, কৰ্কট ৰোধী, এণ্টিঅক্সিডেণ্ট আৰু এণ্টিথ্ৰোম্বোটিক গুণাগুণ থাকে ৷ আজি কেঁচা পিয়াঁজৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক- ১) কেঁচা পিয়াঁজ খালে আমাৰ চকুৰ স্বাস্থ্য উন্নত হয় ৷ কিয়নো ই গ্লুটাথিয়ন উৎপাদন তৈয়াৰ কৰে ৷ ই এনে এক প্ৰকাৰৰ প্ৰ'টিন, যি মেকুলাৰ ডিজেনাৰেচন, ছানি…
Read More
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি

পাকিস্তানৰ লগত চলি থকা উত্তেজনাৰ মাজতে ভাৰত চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। পাকিস্তানৰ পৰা অহা সকলো ধৰণৰ সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে।২ মে’ত বাণিজ্য মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই সিদ্ধান্ত বৈদেশিক বাণিজ্য নীতি( Foreign Trade Policy) FTP 2023 ত সংশোধনৰ জৰিয়তে লোৱা হৈছে।এই নিষেধাজ্ঞাৰ অধীনত এতিয়া পাকিস্তানৰ পৰা অহা যিকোনো সামগ্ৰীৰ সকলো আমদানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব, সেয়া প্ৰত্যক্ষ আমদানি হওক বা পৰোক্ষভাৱে তৃতীয় দেশৰ জৰিয়তে হওক। এই নিষেধাজ্ঞা ২০২৩ চনৰ বৈদেশিক বাণিজ্য নীতিত নতুন ব্যৱস্থা হিচাপে সংযোজন কৰা হৈছে।২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন কঠোৰ…
Read More
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত অথন্তৰ

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত অথন্তৰ

২ মে’, শুকুৰবাৰে সম্পন্ন হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যৰ কেইবাখনো জিলাত কেইবাটাও বিক্ষিপ্ত ঘটনাৰ লগতে বিশৃংখল পৰিস্থিতিৰ সূচনা হোৱাৰ অভিযোগ উঠিছিল। তাৰ পাছতেই ৰাজ্যিক নিৰ্বাচন আয়োগে কেইবাখনো জিলাৰ ৪০ টাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আয়োগৰ জাননী অনুসৰি ৪ মে’ দেওবাৰে মুঠ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই জিলা কেইখন ক্ৰমে হাইলাকান্দি, শ্ৰীভূমি, লখিমপুৰ, গোলাঘাট আৰু মাজুলী।৪ মে'ত পুৱা ৭.৩০ বজাৰ পুৱা ৪.৩০ বজালৈ এই‌ ভোটগ্ৰহণ কেন্দ্ৰবোৰত ভোটদান অনুষ্ঠিত হ'ব।
Read More
কেদাৰনাথ ভ্ৰমণৰ বাবে যাম বুলি ভাবিছে নেকি

কেদাৰনাথ ভ্ৰমণৰ বাবে যাম বুলি ভাবিছে নেকি

প্ৰায় ৪০ কুইণ্টল ফুলেৰে সজাই তোলা হৈছে বাবা কেদাৰনাথ ধাম ৷ ভক্তসকলৰ মাজত ব্যাপক উৎসাহ ৷মাজত মাথো এটা দিন, ২ মে’ত খুলিব কেদাৰনাথৰ দ্বাৰ।বুধবাৰৰ পৰা আৰম্ভ কৰা হৈছে উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰা ২০২৫ ৷ গংগোত্রী আৰু যমুনোত্ৰী ধামৰ দুৱাৰ খোলাৰ লগে লগে আৰম্ভ কৰা হৈছে চাৰিধাম যাত্ৰা ।
Read More
মণিপুৰত আৰক্ষীৰ বৃহৎ সফলতা

মণিপুৰত আৰক্ষীৰ বৃহৎ সফলতা

চুবুৰীয়া ৰাজ্য মণিপুৰত বুজণ পৰিমাণৰ গাঞ্জা আৰু অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পশ্চিম ইম্ফল জিলাৰ পাটছৈ থানাৰ সন্মুখত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে ২৭৪ কেজি গাঞ্জা জব্দ কৰিছে।গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন কায়েনবাম কেনেডি সিং আৰু কেইছাম শৰৎ সিং। সৰবৰাহকাৰী দুজনৰ পৰা এটা মোবাইল ফোন আৰু নগদ ৩৮৩০ টকাও জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা গাঞ্জাখিনিৰ‌ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।
Read More
গুৱাহাটীত চিকিৎসাধীন অৱস্থাত ডকাইতৰ মৃত্যু

গুৱাহাটীত চিকিৎসাধীন অৱস্থাত ডকাইতৰ মৃত্যু

গুৱাহাটীত গুলীবিদ্ধ ডকাইতৰ মৃত্যু।GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ৰণেশ দৈমাৰীৰ।আৰক্ষীৰ গুলীত দুই ভৰিত গুলী লাগিছিল ৰণেশৰ।ICUত ভৰ্তি হৈ আছিল নিহত ৰণেশ।জালুকবাৰীৰ চেইন কাঢ়ি নিয়া ঘটনাৰে জড়িত আছিল ৰণেশ দৈমাৰী।পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাত জড়িত আছিল ডকাইত ৰণেশ।১০ এপ্রিলত জেলৰ পৰা ওলাই আহিছিল ৰণেশ।
Read More