21
Nov
মৈৰাবাৰীৰ ভজাখাইতি গাঁৱত বোৱাৰী নিৰ্যাতন।মৰিগাঁও জিলাৰ ভেলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভজাখাইতি গাঁৱত পোহৰলৈ আহিছে অকথ্য বোৱাৰী নিৰ্যাতনৰ ঘটনা।ৰুমেনা খাতুন নামৰ নৱ বিবাহিতা এগৰাকী বোৱাৰীক তেওঁৰেই স্বামীয়ে অমানৱীয় বাবে মাৰপিট কৰাত বৰ্তমানে বোৱাৰী গৰাকী মৃত্যুৰ সৈতে যুঁজি আছে।জানিব পৰা মতে-বৰথল দলৈগাঁও বাসিন্দা আব্দুল জব্বাৰৰ কন্যা ৰুমেনা খাতুনৰ কিছুদিন পূৰ্বে বিয়া হৈছিল বজাখাইটি গাঁৱৰ ছয় নং ৱাৰ্ডৰ মজিবুৰ ৰহমানৰ পুত্ৰ জুৱেল ইছলামৰ লগত।বিয়াৰ পিছৰে পৰা জুৱেলে পত্নীক নিৰ্দয়ীবাবে ধাৰাবাহিক শাৰিৰীক প্ৰহাৰ কৰি আহিছিল যদিও অতদিনে বোৱাৰী গৰাকীয়ে সহি আহিছিল পাষণ্ড স্বামীৰ অকথ্য নিৰ্যাতন।কিন্তু বোৱাৰী গৰাকীয়ে কিছুদিন পূৰ্বে সন্তান প্ৰসৱ কৰাত শাৰীৰিক অসুস্থতাৰ বাবে বোৱাৰী গৰাকীৰ পিতৃ মাতৃয়ে পিতৃ ঘৰলৈ চিকিৎসাৰ বাবে আনে…
