29
Oct
বাঁহৰ চুঙাৰ দৈ অসমত খুবেই জনপ্ৰিয়, বিশেষকৈ জলপানৰ সৈতে ইয়াক উপভোগ কৰা হয় কিন্তু ই সুস্বাদু হোৱাৰ লগতে আপোনাৰ শৰীৰৰ বাবে উপকাৰী বুলি আপুনি জানেনে-ভাৰতত যুগ যুগ ধৰি দৈক স্বাস্থ্যকৰ খাদ্য হিচাপে গণ্য কৰা হয় ৷ ই কেৱল হজম শক্তিৰ বাবেই উপকাৰী নহয়, শৰীৰ শীতল কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু ছালৰ উন্নতিত সহায় কৰে আৰু ই যদি বাঁহৰ চুঙাত তৈয়াৰ কৰা তেন্তে ইয়াৰ সোৱাদৰ কথা বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই ৷বাঁহৰ চুঙাত দৈৰ উপকাৰিতাৰ বিষয়ে স্পষ্টকৈ কোনো তথ্য নাই, কিন্তু এই প্ৰচলিত পদ্ধতিটোৰ উপকাৰিতা নিৰ্ভৰ কৰে বাঁহৰ চুঙাৰ প্ৰাকৃতিক গুণাগুণ আৰু দৈৰ পুষ্টিগুণৰ ওপৰত। বাঁহৰ চুঙাত দৈ প্ৰস্তুত কৰিলে…
