Dipshikha

2947 Posts
অভিনেতা ৰাজকুমাৰ ৰাৱে ঘৰলৈ আদৰণি জনাইছে এটি কন্যা সন্তানক

অভিনেতা ৰাজকুমাৰ ৰাৱে ঘৰলৈ আদৰণি জনাইছে এটি কন্যা সন্তানক

বলীউডৰ পৰা আহিছে সুখৰ খবৰ। অভিনেতা ৰাজকুমাৰ ৰাৱে ঘৰলৈ আদৰণি জনাইছে এটি কন্যা সন্তানক। পত্নী পাত্ৰলেখাই জন্ম দিছে কন্যা সন্তান। অভিনেতাগৰাকীয়ে এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।অভিনেতাগৰাকীয়ে এই বিশেষ খবৰটো তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে, আৰু তেওঁক অসংখ্য অভিনন্দন লাভ কৰিছে। উল্লেখযোগ্য যে ২০২৫ চনৰ ১৫ নৱেম্বৰতো ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখাৰ বিবাহৰ চাৰি বছৰ সম্পূৰ্ণ হয়। এতিয়া এগৰাকী ছোৱালীৰ আগমনে অভিনেতাগৰাকীৰ আনন্দ দুগুণ কৰি তুলিছে।
Read More
আলিগঞ্জত বিজেপিৰ মৈথিলী ঠাকুৰে বিনোদ মিশ্ৰক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে

আলিগঞ্জত বিজেপিৰ মৈথিলী ঠাকুৰে বিনোদ মিশ্ৰক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনে সকলোকে আচৰিত কৰিছে। আলিগঞ্জত বিজেপিৰ মৈথিলী ঠাকুৰে বিনোদ মিশ্ৰক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।বিহাৰ বিধানসভা নিৰ্বাচনত ১১,৭৩০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। বিহাৰৰ আন প্ৰাৰ্থীৰ লগতে অভিনেতা-গায়ক খেছাৰী লাল যাদৱো পৰাস্ত হয়।ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২৫ ৰাউণ্ড গণনাৰ অন্তত মৈথিলী ঠাকুৰে মুঠ ৮৪,৯১৫ টা ভোট লাভ কৰে। ৭৩,১৮৫ টা ভোট লাভ কৰা আৰজেডিৰ বিনোদ মিশ্ৰক পৰাস্ত কৰে মৈথিলীয়ে। ২০১০ আৰু ২০১৫ চনত আব্দুল বাৰী ছিদ্দিকীয়ে এই আসন লাভ কৰিছিল। ২০২০ চনত মিশ্ৰী লাল যাদৱে (ভিআইপি) এই আসনত জয়ী হৈছিল।
Read More
মুক্তিৰ প্ৰথম ১২ দিনতে উপাৰ্জন প্ৰায় ১৬ কোটি টকা

মুক্তিৰ প্ৰথম ১২ দিনতে উপাৰ্জন প্ৰায় ১৬ কোটি টকা

'ৰৈ ৰৈ বিনালে'ৰ পাইৰেচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰফিকুল ইছলাম নামৰ যুৱকজনক। তেওঁ ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি আপলোড কৰিছিল নিজৰ ইউটিউব চেনেলত।ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পাণবজাৰৰ চাইবাৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা অনুসৰি গোচৰ ৰুজু কৰা হৈছে। তাৰোপৰি তথ্য-প্ৰযুক্তি আইন ২০০০, কপি ৰাইট আইন ১৯৫৭ আৰু চিনেমেটোগ্ৰাফ আইন ১৯৫২ ৰ অধীনতো ধাৰা সন্নিৱিষ্ট কৰা হৈছে।উল্লেখ্য যে জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ অন্যতম সফল অসমীয়া ছবিত পৰিণত হৈছে। মুক্তিৰ প্ৰথম ১২ দিনতে ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ১৬ কোটি টকা।
Read More
পাপাৰাজীৰ ভিৰ দেখি খঙত অগ্নিশৰ্মা হৈ উঠে ছানী দেউলে,কিন্তু কিয়?

পাপাৰাজীৰ ভিৰ দেখি খঙত অগ্নিশৰ্মা হৈ উঠে ছানী দেউলে,কিন্তু কিয়?

ধৰ্মেন্দ্ৰৰ মুম্বাইৰ ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ। বুধবাৰে পুৱা ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় বিশিষ্ট অভিনেতাজনক। কিন্তু ঘৰৰ বাহিৰত পাপাৰাজীৰ ভিৰ দেখি খঙত অগ্নিশৰ্মা হৈ উঠে পুত্ৰ ছানী দেউলে। কিন্তু কিয়?ছানীয়ে হাত জোৰ কৰি পাপাৰাজীক কয়, “ লাজ নালাগে নে আপোনালোকৰ , ঘৰত মা-দেউতা আছে, আপোনাৰ সন্তান আছে… লাজ নালাগে?সাধাৰণতে সংবাদ মাধ্যমৰ সৈতে ভদ্ৰ হৈ থকা অভিনেতাগৰাকীয়ে পাপাৰাজীসকলক দেখি খঙৰ লগতে আৱেগিক হৈ পৰে।শেহতীয়াকৈ ধৰ্মেন্দ্ৰক ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে, তেতিয়াৰ পৰাই ছানীয়ে তেওঁক পিতৃৰ সৈতে অনবৰত ব্যস্ত হৈ আছে।
Read More
নামঘৰত চোৰে চলালে লুটপাত

নামঘৰত চোৰে চলালে লুটপাত

নিশা হাজোৰ কৈৱৰ্তটোলাৰ শ্ৰীশ্ৰী দামোদৰ দেৱ নামঘৰত চোৰে চলালে লুটপাত। নামঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্যৰ সা-সামগ্ৰী।নামঘৰটোৰ প্ৰণামী বাকচৰ নগদ ধনো লুটি লৈ যায় চোৰে।ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।উল্লেখ্য যে, হাজোত প্ৰতিদিনে সংঘটিত হৈ অহা চুৰিকাণ্ডই এতিয়া উদ্বিগ্ন কৰি তুলিছে হাজোবাসীক।
Read More
পালেং শাকৰ উপকাৰিতা

পালেং শাকৰ উপকাৰিতা

এতিয়া শাকৰ বতৰ। এই সময়ছোৱাত সকলো বজাৰতে শাক একেবাৰে সহজলভ্য।শাক বহু পুষ্টি সমৃদ্ধ। সেউজীয়া শাক বুলিলে প্ৰথমে পালেং শাকৰ কথায়েই মনলৈ আহে। পালেং শাক হৈছে এক ছুপাৰফুড। পালেং শাকত ভিটামিন এ, চি, কে, ফলেট, আইৰন, কেলচিয়াম আৰু আঁহৰ দৰে প্ৰয়োজনীয় পুষ্টি উপাদান থাকে, যাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হজম উন্নত কৰে, কোষ্ঠকাঠিন্যৰ দৰে সমস্যা আঁতৰ কৰে, ৰক্তহীনতা আঁতৰ কৰাত সহায় কৰে আৰু পেশী শক্তিশালী কৰে। ইয়াৰ উপৰিও, পালেং শাকে শৰীৰক কেন্সাৰ আৰু পাকস্থলীৰ ঘাৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। পালেং শাকৰ উপকাৰিতা----- উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ: পালেং শাকত থকা উপাদানবোৰে উচ্চ ৰক্তচাপ…
Read More
উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী বন্ধ কৰিছে

উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী বন্ধ কৰিছে

আফ্ৰিকান ছোৱাইন ফিভাৰ ফলত অসমত ব্যাপক হাৰত গাহৰিৰ মৃত্যু হৈছে। একে সময়তে সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হৈছে গাহৰি পালকসকল। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী বন্ধ কৰিছে। শেহতীয়া আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ) ধৰা পৰাৰ পিছতে তিনিচুকীয়া জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে জিলাখনৰ কিছু অংশ সংক্ৰমিত অঞ্চল হিচাপে ঘোষণা কৰিছে।সমগ্ৰ জিলাখনৰ বাসিন্দাসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে গাহৰিৰ মাংস বা গাহৰিৰ মাংস সৈতে জড়িত সামগ্ৰী সেৱনৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। এই পৰামৰ্শৰ লক্ষ্য হৈছে জনস্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰা আৰু পশুধনৰ মাজত এ এছ এফৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা।
Read More
কণ্ঠশিল্পী পলক মুছহাল কেৱল কণ্ঠৰ বাবেই নহয়, সমাজসেৱাৰ বাবে পৰিচিত

কণ্ঠশিল্পী পলক মুছহাল কেৱল কণ্ঠৰ বাবেই নহয়, সমাজসেৱাৰ বাবে পৰিচিত

কণ্ঠশিল্পী পলক মুছহাল কেৱল কণ্ঠৰ বাবেই নহয়, সমাজসেৱাৰ বাবে পৰিচিত। ইন্দোৰত জন্মগ্ৰহণ কৰা আৰু সুৰীয়া কণ্ঠ আৰু সংগীতৰ বাবে বিখ্যাত পলক মুছহালে এতিয়া গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কণ্ঠৰ বাবে নহয়, সমাজসেৱাৰ বাবেই এই গৌৰৱ অৰ্জন কৰিছে।কণ্ঠশিল্পী পলক মুছহালে নিজৰ উপাৰ্জনেৰে অধিকাংশ শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে দান কৰে। ষ্টেজ শ্ব’ৰ সকলো উপাৰ্জন কণ্ঠশিল্পীগৰাকী কণমানিসকলৰ জীৱন দানৰ বাবে উচৰ্গা কৰে। শেহতীয়াকৈ পলকৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে। এতিয়ালৈকে ৩৮০০ৰো অধিক শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছে।
Read More
একাধিকবাৰ বিবাহপাশত আৱদ্ধ হোৱা লোকসকলে সাত বছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব

একাধিকবাৰ বিবাহপাশত আৱদ্ধ হোৱা লোকসকলে সাত বছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব

ৰাজ্য চৰকাৰে বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰি তোলাৰ লক্ষ্যৰে নতুন বিধেয়ক গৃহীত কৰিছে। অৰ্থাৎ এতিয়া ৰাজ্যত বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ। কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি এই বিষয়ে তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তেওঁ প্ৰকাশ কৰা মতে, এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত একাধিকবাৰ বিবাহপাশত আৱদ্ধ হোৱা লোকসকলে সাত বছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব। লগতে এই আইন কাৰ্যকৰী হোৱাৰ পিছত দোষীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ’ব বুলিও তেওঁ তথ্য প্ৰকাশ কৰিছে।
Read More
ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনা শ্বাহিদক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে

ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনা শ্বাহিদক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে

দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনা শ্বাহিদক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে, তেওঁ জইছ-ই-মহম্মদৰ মহিলা শাখা জামাত-উল-মমিনাটৰ ভাৰতীয় কমাণ্ডাৰ আছিল।পাকিস্তানৰ পৰা পৰিচালিত এই সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী হৈছে মাছুজ আজহাৰৰ ভগ্নী আৰু কান্দাহাৰ অপহৰণ গোচৰৰ মাষ্টাৰমাইণ্ড ইউছুফ আজহাৰৰ পত্নী সাদিয়া আজহাৰ। অৰ্থাৎ ফৰিদাবাদত গ্ৰেপ্তাৰ হোৱা চিকিৎসক এই সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সংযোগত আছিল। অৱশ্যে দিল্লীৰ বিস্ফোৰণ এওঁলোকৰ নেটৱৰ্কৰ অংশ আছিল নে নাই সেই সন্দৰ্ভত এতিয়াও তদন্ত চলি আছে।সোমবাৰে সন্ধিয়া ৬.৫২ বজাত দিল্লীৰ লালকিল্লাৰ মেট্ৰ ষ্টেচনৰ ১ নং গেটৰ সমীপত চলন্ত বাহনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বৰ্তমান পৰ্যন্ত এই ঘটনাত ৯ জনৰ…
Read More