Dipshikha

3317 Posts

প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক

এইবাৰ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক।গৰমৰ প্ৰকোপত স্তব্ধ হৈ পৰিব ৰাজ্যৰ জনজীৱন।প্ৰৱল বৃষ্টিপাত ধুমুহা বৰষুণৰ পিছতে উৎকট গৰমৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।দেশৰ আন প্ৰান্তৰ তুলনাত বৰ্তমান উষ্ণতা হ্ৰাস হৈ আছে অসমত।কিয়নো অসমত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত শিলাবৃষ্টি আৰু ধুমুহা।বৰষুণ শিলাবৃষ্টিৰ কৱলত পৰিছে ৰাজ্য।তাৰ পিছতে কিন্তু অসমৰ বাবে সতৰ্ক বাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।উৎকট গৰমৰ বাবে স্তদ্ধ হৈ পৰিব জনজীৱন।
Read More

ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিং কাণ্ড

ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিং কাণ্ড।এইবাৰ গোৱালপাৰা সৈনিক স্কুলত ৰেগিংৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।জেষ্ঠ ছাত্রৰ প্ৰহাৰত আহত হৈছে কেইবাগৰাকীও কণিষ্ঠ ছাত্ৰ।ইতিমধ্যে dgp কার্যলয়ত অভিযোগ দাখিল কৰিছে পৰিয়ালৰ লোকে।ইয়াৰ পিছতেই মৰনৈ থানাই নিজা ববীয়াকৈ গোচৰ ৰুজু কৰিছে ৰেগিং কাণ্ডৰ বিৰুদ্ধে।
Read More

মুকালমুৱাৰ খালিহাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

মুকালমুৱাৰ খালিহাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। সংকটজনক অৱস্থাত তিনিজনক GMCH লৈ প্ৰেৰণ।মুকালমুৱাৰ খালিহাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন দুচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত দুয়োখন বাইকৰে তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত লোক কেইজনৰ নাম লাচিত কৈবৰ্ত(২৪), ৰবি কৈবৰ্ত(২৪) আৰু জামাত উদ্দিন আহমেদ(৫২)। স্থানীয়লোকে আহত লোক কেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও সংকটজনক অৱস্থাত আটাইকেইজনক GMCH লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত দুচকীয়া বাহন দুখনৰ নম্বৰ AS-14-Q-1897 আৰু AS 14-M-6840.
Read More

পৰ্বতঝোৰা আৰু মহামায়া বনাঞ্চলত বনদস্যুই চলাইছে ধ্বংস যজ্ঞ

বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী পৰ্বতঝোৰা আৰু মহামায়া বনাঞ্চলত বনদস্যুই চলাইছে ধ্বংস যজ্ঞ ।তেনে বনদস্যুৰ বিৰুদ্ধে খোৰাঘাট বনাঞ্চলিকৰ বিষয়া কৰ্মীৰ অভিযান ।অভিযানত চোৰাং শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।খোৰাঘাট বনাঞ্চলিকৰ নুনখোৱা অঞ্চলত জব্দ কৰে চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ খন ।অৱশ্যে বন বিষয়া কৰ্মীৰ উপস্থিতিৰ উমান পাই বনদস্যু সকলে পলাই যায় ।পিছত জব্দ কৰা কাঠ আৰু ট্ৰেক্টৰ খন খোৰাঘাট বন বিষয়াৰ কাৰ্যালয়লৈ নিয়ে ।
Read More

বিজনীৰ পাণবাৰী ৰাণীঘাট বনভোজস্থলীৰ হাকুৱা নৈত যুৱক সন্ধানহীন

বিজনীৰ পাণবাৰী ৰাণীঘাট বনভোজস্থলীৰ হাকুৱা নৈত যুৱক সন্ধানহীন।সৰভোগৰ ৰাহুল মজুমদাৰ (১৯) নামৰ এজন যুৱক সন্ধানহীন হয় নৈখনৰ বুকুত। সোমবাৰে আবেলিৰ সময়ত ৰাণীঘাটৰ বনভোজস্থলিত ফুৰিবলৈ আহি হাকুৱা নৈত পাঁচ বন্ধুৰ সৈতে গা ধুবলৈ নামিছিল যুৱক জন।ঘটনাস্থলিত উপস্থিত পাণবাৰী থানাৰ আৰক্ষী। পাছলৈ ঘটনাস্থলিত বিজনীৰ SDRF বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰকাৰ্য চলাই নিখোজ হৈ থকা যুৱক ৰাহুল মজুমদাৰৰ মৃতদেহ উদ্ধাৰ কৰে।মৃত ৰাহুল মজুমদাৰৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকাত সতীৰ্থ সকলে পৰিকল্পিতভাবে হত্যা কৰি পানীত পেলাই দিয়াৰ অভিযোগ ৰাহুল মজুমদাৰৰ আত্মীয়ৰ।ঘটনাস্থলিত বিজনীৰ কাৰ্যবাহী দণ্ডাধিশ তথা বিজনীৰ সংলগ্ন চক্ৰ বিষয়া ইলা বণিয়া উপস্থিত হয়।ঘটনা সংক্ৰান্তত ইতিমধ্যে পাণবাৰী থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।আৰক্ষীয়ে মৃতদেহটো পাণবাৰী…
Read More

মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল

আজি মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল।APSC ৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত হৈছে ৰাকেশ পাল ।ADO গোচৰৰ শুনানীৰ বাবে আদালতত উপস্থিত ৰাকেশ পাল।উল্লেখযোগ্য যে ৬ বছৰ ৪মাহৰ অনন্ত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল।সন্ধিয়া কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হব ৰাকেশ পাল।ৰাকেশ পাল আছিল অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা সেই পৰীক্ষা এখন বজাৰলৈ ৰূপায়ণ কৰিছিল।সুদীৰ্ঘ 6 বছৰৰ মূৰত জামিন লাভ কৰিলে ৰাকেশ পালে।
Read More

উন্নয়নৰ শ্লোগান গোৱা চৰকাৰৰ ফোপোলা স্বৰূপ

উন্নয়নৰ শ্লোগান গোৱা চৰকাৰৰ ফোপোলা স্বৰূপ বজালীৰ দেবোপাৰাৰ ৰাইজে উদঙালে প্ৰকৃত ছবি।বান শিবিৰ পৰিদৰ্শন কৰি দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে।5বছৰে এটা মঠাউৰিৰ কাম কৰি দিব নোৱাৰিলে পঞ্চায়ত প্ৰতিনিধিৰ লগতে স্হানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে।বানপানীৰ সময়তহে পৰিদৰ্শক হিচাপে আহে বিধায়ক তাৰ পিছত কোনো খবৰ নলয় স্হানীয় বিধায়কে।সততে উন্নয়নৰ শ্লোগান গোৱা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ সমষ্টিৰতে আজিলৈকে নিৰ্মাণ নহল বানে বিধ্বস্ত কৰা মঠাউৰি । ৰাইজে নিজৰ নিৰাপত্তাৰ বাবে গাঠিৰ ধন ভাঙি সাজি আছে মঠাউৰিৰ কাম ।খবৰ লবলৈ আহৰি নাই মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ।হিতাধিকাৰী সৃষ্টি কৰিয়ে দায়িত্ব সামৰিব নেকি এইখন চৰকাৰে ।বানে বিধ্বস্ত কৰা বজালী ৰাইজৰ লগতো হেতালি…
Read More

বৰ্তমান সময়ত ৰাজনীতিত উত্তপ্ত পৰিস্থিতি চলি আছে

বৰ্তমান সময়ত ৰাজনীতিত উত্তপ্ত পৰিস্থিতি চলি আছে। ২০১৯ চনৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পাছতেই সাংসদ পদ কৰ্তন হৈছিল নেতা গৰাকীৰ। ইয়াৰ পাছতেই বিভিন্ন মহলত সৃষ্টি হৈছিল চৰ্চাৰ।এইলৈ সৃষ্টি হৈছে দেশজুৰি বিতৰ্ক। কংগ্ৰেছ আৰু বিৰোধীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে বিজেপিয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক সমালোচনা কৰিছে। তাৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে এক জনসভাত ক্ষোভ প্ৰকাশ কৰে।প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে যে মোৰ শ্বহীদ পিতাক অপমান সাংসদত কৰে।সেই শ্বহীদৰ পুত্ৰক আপোনালোকে দেশ দ্ৰোহী বুলি কয়।তেওঁৰ মাকক অপমান কৰে ।আপোনালোকৰ মন্ত্ৰীয়ে মোৰ মাক অপমান কৰে সংসদত।আপোনালোকৰ এজন মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাহুল গান্ধীৰ দেউতাক কোন ৰাহুলে নাজানে।আপোনালোকৰ প্ৰধান মন্ত্ৰীয়ে…
Read More

গামোচা বিতৰ্ককলৈ প্ৰতিক্ৰিয়া প্ৰকাশ চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনৰ

গামোচা বিতৰ্ককলৈ প্ৰতিক্ৰিয়া প্ৰকাশ চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনৰ।পৰিকল্পিত ৰাজনৈতিক ষড়যন্ত্ৰৰ সন্দেহ। সমগ্ৰ ৰাজ্যত গামোচা বিতৰ্কৰ কেন্দ্ৰ কৰি তোলপাৰ লাগি থকাৰ সময়তে বিজনীত বিষয়টো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনে।কালি বাংলা সাহিত্য সভাৰ ৰাজ্যিক প্ৰতিনিধি সন্মিলনত গামোচা যোৰা লগাই সভাত উপস্থিত অতিথিক সন্মান জনোৱা হৈছিল।এই কাৰ্যক চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে সভাপতি গৰাকীয়ে।বিতৰ্কত থকা শিলাদিত্য দেৱৰ জৰিয়তে সাম্প্ৰতিক ৰাজনৈতিক ইছু সমূহক তল পেলাবৰ বাবেই এই ব্যৱস্থা বুলি অভিযোগ উত্থাপন কৰি এইদৰে কয়।
Read More

মৈৰাবাৰীত গৰু চুৰ আটক

মৈৰাবাৰীত গৰু চুৰ আটক।নগাঁও ধিংৰ ভকত গাঁৱৰ পৰা এটি গৰু চুৰি কৰি মৈৰাবাৰীত বিক্ৰী কৰিবলৈ আহোতে গৰুৰ গৰাকীয়ে হাতে লুটে ধৰিলে শ্বহীদুল ইছলাম নামৰ গৰু চুৰটোক।ধৃত চুৰটোৰ ঘৰ ধিংৰ বিলতীয়া গাঁৱত।গৰুটি বিক্ৰী কৰিবলৈ আহোতে পিছে পিছে গৰুৰ গৰাকীয়ে বিচাৰি মৈৰাবাৰী সাপ্তাহিক বজাৰতে বিক্ৰী কৰি থকা অৱস্থাত উদ্ধাৰ কৰে।মৈৰাবাৰীৰ একাংশ গৰু বেপাৰীৰ সহযোগত আটক কৰি মৈৰাবাৰী আৰক্ষী থানাত চমজি দিয়ে।
Read More