Dipshikha

2347 Posts
পুনৰ নাগাৰ আগ্ৰাসনৰ কৌশল

পুনৰ নাগাৰ আগ্ৰাসনৰ কৌশল

অসম -নগালেণ্ড সীমান্তৰ মেৰাপানীৰ অসম ভূমিত অৱ্যাহত আছে নগাৰ কৌশলী আগ্ৰাসন। এইবাৰ পুনৰ সীমান্ত অঞ্চলটোৰ ২ নং ওপৰ তৰানি গাঁৱত নগাই আৰম্ভ কৰিছে ব্যাপক বেদখল। শনিবাৰৰ পৰা নগাৰ এটা বৃহৎ দলে ৱেলচন কেৰকেটা নামৰ অসমীয়া কৃষকজনৰ ভোগদখলত থকা এটা টিলাৰ গছ গছনি কাটি তহিলং কৰিছে। দশক দশক ধৰি ৱেলচন কেৰকেটাৰ ভোগদখলত থকা ভূমিখণ্ড নিজৰ বুলি দাবী কৰি নগাৰ দলটোৱে নিজৰ আয়ত্বলৈ নিবলৈ চেষ্টা চলাই থকাৰ কথা জানিব পৰা গৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ মেৰাপানী সীমান্তৰ গড়বস্তি, ইন্দ্ৰপুৰ, ওপৰ তৰানি আদি গাঁৱত নগাই বিভিন্ন কৌশলেৰে অসমভূমি বেদখল কৰাৰ বাবে উঠি পৰি লাগিছে।নগাৰ এনে বেদখল কাৰ্য্যক কেৰকেটাই বাধা প্ৰদান কৰাত নগাৰ দলটোৱে ওলোটাই…
Read More
বাংলাদেশ সংকটত পৰিছে

বাংলাদেশ সংকটত পৰিছে

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পৰিছে সংকটত। ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ বৃহৎ অংশ দখল কৰাৰ পাছত এতিয়া আৰকান সেনাৰ দৃষ্টি বাংলাদেশত। এই লক্ষ্য আগত ৰাখি অতি কৌশলেৰে আগবাঢ়িছে আৰকান সেনা। ১৯৭১ চনৰ ১৬ ডিচেম্বৰৰ দিনটোতেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ জয় কৰিছিল আৰু এই দিনটোত পাকিস্তানৰ প্ৰায় ৯৩ হাজাৰ সেনাই ঢাকাত আত্মসমৰ্পন কৰিছিল। এই যুদ্ধৰ পৰিণতিত বাংলাদেশ স্বাধীন ৰাষ্ট্ৰ হৈছিল। কিন্তু স্বাধীনতাৰ প্ৰায় ৫৪ বছৰ পাছতো চুবুৰীয়া দেশ বাংলাদেশে সাৰ্বভৌমত্ব আৰু নিৰাপত্তাক লৈ ডাঙৰ সংকটৰ সন্মুখীন হৈ আছে।বাংলাদেশ-ম্যানমাৰৰ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। জানিব পৰা মতে, ম্যানমাৰৰ উগ্ৰবাদী আৰাকান আৰ্মীয়ে বাংলাদেশৰ টেকনাফ অঞ্চলৰ কিছু অংশ দখল কৰিছে। এই অঞ্চলটো বাংলাদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। শ্বেখ হাছিনা…
Read More
সমগ্র দেশে পালন কৰিছে বিজয় দিৱস

সমগ্র দেশে পালন কৰিছে বিজয় দিৱস

আজি সমগ্ৰ দেশত পালন কৰা হৈছে বিজয় দিৱস। এই দিনটোতেই ১৯৭১ চনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কৰা যুদ্ধত জয়লাভ কৰিছিল। এই যুদ্ধৰ পৰিণতিতেই গঠন হৈছিল স্বাধীন বাংলাদেশ। এক কথাত ক'বলৈ হ'লে বাংলাদেশ গঠনত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।কেইবাদিন ধৰি চলা এই যুদ্ধত ভাৰতীয় সশস্ত্ৰ বলৰ বহু জোৱানৰ লগতে বাংলাদেশী মুক্তি বাহিনীৰ বহু জোৱান শ্বহীদ হৈছিল। ১৯৭১ চনৰ ৩ ডিচেম্বৰত আৰম্ভ হয় ভাৰত- পাকিস্তানৰ যুদ্ধ। ১৩ দিন ধৰি চলা যুদ্ধৰ অন্তত ১৬ ডিচেম্বৰ, ১৯৭১ চনত পাকিস্তানী সেনাই ভাৰতীয় সেনা আৰু বাংলাদেশ মুক্তি বাহিনীৰ ওচৰত ঢাকাত আত্মসমৰ্পন কৰে। এই যুদ্ধত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈনিকে আত্মসমৰ্পন কৰিছিল আৰু ভাৰতে জয়লাভ কৰিছিল। ইতিহাসৰ যুদ্ধৰ অন্যতম যুদ্ধ…
Read More
শীতৰ প্ৰকোপ বৃদ্ধিৰ সম্ভাৱনা

শীতৰ প্ৰকোপ বৃদ্ধিৰ সম্ভাৱনা

দেশত পুনৰ ঘূৰ্ণিবতাহৰ আশংকা। দেশত ক্ৰমান্বয়ে শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। প্ৰচণ্ড বৰষুণৰ পিছত আহিব হাড় কপোৱা ঠাণ্ডা। বতৰ বিভাগে জাৰি কৰিছে সতৰ্কবাণী।IMDৰ শেহতীয়া বতৰৰ আগজাননী অনুসৰি দেশত ধাৰাসাৰ বৰষুণ, শীত প্ৰভাৱ, তুষাৰপাত আৰু ঘন কুঁৱলীৰ সম্ভাৱনা আছে।এফালে শীতকাল লাহে লাহে ঠাণ্ডা বতাহৰ বাবে সোমাই আহিছে। উত্তৰ দিশত দ্ৰুতগতিত পাৰাস্তম্ভ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আনহাতে আকৌ এবাৰ ঘূৰ্ণি বতাহৰ আশাংকা।আগন্তুক এসপ্তাহৰ বাবে সমগ্ৰ দেশত শীত প্ৰৱাহ, ঘন কুঁৱলী, তুষাৰপাত আৰু প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণি বতাহ পশ্চিম দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে।লাক্ষাদ্বীপ আৰু কাষৰীয়া মালদ্বীপ এলেকা সাগৰ পৃষ্ঠৰ পৰা ৫.৮ কিলোমিটাৰ পৰ্যন্ত ঘূৰ্ণিবতাহৰ উৎপত্তি হৈছে।বতৰ বিভাগৰ…
Read More
পুনৰ ভয়ংকৰ অ*গ্নিকাণ্ড

পুনৰ ভয়ংকৰ অ*গ্নিকাণ্ড

ডিব্ৰুগড়ৰ ৰাণিং গেটৰ শংকৰদেৱ কলনীত অগ্নিকাণ্ড। জুইত জাহ যায় ৩ টাকৈ গৃহৰ সা-সামগ্রী। অগ্নিকাণ্ডৰ ফলত ৩ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপণ। ঘটনাস্থলীত উপস্থিত মন্ত্রী প্ৰশান্ত ফুকন। ক্ষতিগ্ৰস্তক সংস্থাপনৰ আশ্বাস প্ৰদান মন্ত্রীগৰাকীৰ।
Read More
আজি মহো-হো:

আজি মহো-হো:

আজি মহো-হোঃ।নামনি অসমৰ এটা জনপ্ৰিয় উৎসৱ মহ খেদা বা মহো-হো। অতীজৰে পৰা নামনি অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন হৈ আহিছে। প্ৰতিবছৰৰ আঘোণৰ পূৰ্ণিমাৰ দিনা মহো-হো উৎসৱ পালন কৰা হয়।ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও মহোহো উদযাপন দেখিবলৈ পোৱা যায়। বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা আদি জিলাত ইয়াৰ প্ৰচলন দেখা যায়। এই দিনটোত মহবোৰক খেদি দিয়া হয় আৰু মহৰ পৰা ৰাইজে পৰিত্ৰাণ পায়।অসমৰ প্ৰতিটো উৎসৱৰ সৈতে জনবিশ্বাস জড়িত হৈ থাকে।কোৱা হয়, এই দিনটোত ঘৰে ঘৰে গৈ মহ খেদিলে মহবোৰে ভয় খাই আঁতৰি যায়। উল্লেখ্য যে, এই সময়চোৱাত ঘৰত মহ, পথাৰত কীট পতংগ আদি ভৰি পৰে। লোকবিশ্বাস অনুসৰি মহোহোৰ পাছতেই মহবোৰ…
Read More
ভয়ংকৰ অগ্নিকাণ্ডই প্ৰা*ণ ল’লে বহু জনৰ

ভয়ংকৰ অগ্নিকাণ্ডই প্ৰা*ণ ল’লে বহু জনৰ

তামিলনাডুৰ ডিণ্ডিগুলত ভয়ংকৰ অগ্নিকাণ্ড। এখন ব্যক্তিগত চিকিত্সালয়ত জুই লাগি ৭ গৰাকীৰ মৃত্যু। নিহতসকলৰ ভিতৰত আছে এটি শিশু, ৩ গৰাকী মহিলা। আহত হৈছে আন কেইবাগৰাকীও লোক। আহত তিনিগৰাকী লোকৰ অৱস্থা বৰ্তমান সংকটজনক। আন এখন চিকিত্সালয়লৈ স্থানান্তৰ কৰা হৈছে ৰোগীসকলক। চিকিত্সালয়খনত আবদ্ধ হৈ থকা প্ৰায় ১০০ গৰাকী লোকক উদ্ধাৰ।
Read More
ড্ৰাগছ সৰবৰাহকাৰী এতিয়াৰে পৰা সাৱধান হওক

ড্ৰাগছ সৰবৰাহকাৰী এতিয়াৰে পৰা সাৱধান হওক

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আৰক্ষীৰ।নগাঁও চহৰৰ কাষৰীয়া ধেপাজান কুটাইনিৰ পৰা মৰিকলং আৰক্ষীয়ে বৃহৎ পৰিমানৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ আজাজুল হক নামৰ এক ড্ৰাগছ সৰবৰাহকাৰীক। ৩ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ সহ প্ৰায় 853 টা নিষিদ্ধ টেৱলেট সহ গ্ৰেপ্তাৰ আজাজুলক।আজাজুলক গ্ৰপ্তাৰ কৰা সময়ত ড্ৰাগছ সহ নগদ জব্দ 24,990 টকা। বৰ্তমান নগাঁও মৰিকলং আৰক্ষী চকীত আজাজুলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। SI পম্পী ৰয়ৰ নেতৃত্বত মৰিকলং আৰক্ষী চকীৰ এই অভিযান।
Read More
আল্লু অৰ্জুনৰ অনুৰাগী সকলৰ বাবে বেয়া খবৰ

আল্লু অৰ্জুনৰ অনুৰাগী সকলৰ বাবে বেয়া খবৰ

দাক্ষিণাত্যৰ অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ। ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা-2’ৰ প্ৰিমিয়াৰ শ্ব’ত পদপিষ্ট হৈছিল এগৰাকী মহিলা। মহিলাগৰাকীৰ মৃত্য়ুৰ গোচৰত গ্ৰেপ্তাৰ ‘পুষ্পা’খ্যাত অভিনেতাজনক। মহিলাগৰাকীৰ মৃত্য়ুৰ ক্ষতিপূৰণ হিচাপে ২৫ লাখ টকা প্ৰদানৰ ঘোষণা কৰিছিল অভিনেতাগৰাকীয়ে।
Read More
পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

নগাঁৱৰ লাওঁখোৱাৰ ২ নং ভূৰবন্ধাত নিশা বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰিলে প্ৰবীণ ৰয় নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ। লোকজনৰ ভৰালত থকা ধান খাই তহিলং কৰে হাতীৰ জাকটোৱে। বুঢ়াচাপৰি আৰু লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে খাই তহিলং কৰিলে বিঘাই বিঘাই পাচলি খেতিও। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ প্ৰৱেশ কৰে ১৪-১৫ জনীয়া এটি হাতীৰ জাক। নিশাই স্থানীয় ৰাইজে বন বিভাগৰ লোকৰ সৈতে যোগাযোগ কৰে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে।
Read More