Dipshikha

2947 Posts
জ্বৰ কমাবলৈ ই ব‌ই বেছ উপকাৰী

জ্বৰ কমাবলৈ ই ব‌ই বেছ উপকাৰী

অমৰলতা এবিধ ঔষধি লতা, যাক ভাৰতীয় আয়ুৰ্বেদিক চিকিৎসাত বহু যুগ ধৰি ব্যৱহাৰ কৰি অহা হৈছে। প্ৰাচীন চিকিৎসা শাস্ত্ৰত অমৰলতাক ‘অমৃত’ বা ‘জীৱনদায়ী’ বুলি বিবেচনা কৰা হয়। ইয়াৰ গুণে শৰীৰক শক্তিশালী, ৰোগ প্ৰতিকাৰ শক্তি সমৃদ্ধ আৰু মন-দেহ দুয়োকে সজীৱ কৰি তোলে। অমৰলতা গিলয় হিচাপেও পৰিচিত। অমৰলতা (গুলঞ্চ/গিলয়) এক ঔষধি লতা, যাৰ উপকাৰিতা বহুত, বিশেষকৈ ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় (immunity booster), জ্বৰ, বিষ, পিত্ত, বাত আৰু কফৰ দৰে সমস্যাত উপকাৰী, ইয়াৰ পাত, ডাল সকলো ব্যৱহাৰ কৰা হয়, কিন্তু যিকোনো ঔষধি ব্যৱহাৰৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। অমৰলতাৰ মূল উপকাৰিতা:ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।জ্বৰ নিৰাময়: জ্বৰ…
Read More
প’ষ্ট মেলনৰ অনুষ্ঠানত সঁচাকৈয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি বিদেশী মহিলা ?

প’ষ্ট মেলনৰ অনুষ্ঠানত সঁচাকৈয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি বিদেশী মহিলা ?

প'ষ্ট মেলনৰ অনুষ্ঠানত সঁচাকৈয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি বিদেশী মহিলা ? এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আৰক্ষীয়ে ?আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি কয়, "আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাওঁ । য'ত এগৰাকী মহিলাই প'ষ্ট মেলনৰ কনচাৰ্টৰ সময়ত তেওঁৰ লগত হাৰাশাস্তি হোৱা বুলি অভিযোগ কৰিছে । এই বিষয়টো সন্দৰ্ভত আমি কিছু কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ । প'ষ্ট মেলনৰ কনচাৰ্টৰ দিনা আমাৰ যথেষ্ট সংখ্যক আৰক্ষী নিয়োজিত হৈ আছিল । লগতে বুক মাই শ্ব' লাইভৰ ছিকিউৰিটী আছিল । যেতিয়া আমি গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিলোঁ, তেতিয়া দেখিলো সেইদিনা আমাৰ আৰক্ষীয়ে কোনো অভিযোগ পোৱা নাই । বুক…
Read More
বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে

বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে

বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে। বিশ্বনাথৰ ভোলাকাটা বিলত বনৰীয়া চৰাই ধৰিবলৈ চোৰাং চিকাৰীয়ে জাল পতাৰ তথ্য লাভ কৰিছিল বিশ্বনাথ জিলা বন বিভাগৰ অন্তৰ্গত বিশ্বনাথ ঘাট ৰেঞ্জ আৰু অপৰাধ অনুসন্ধান ৰেঞ্জে।লগে লগে বন বিভাগৰ দলটোৱে সেই স্থানত অভিযান চলাই আৰু পাঁচটা চোৰাং চিকাৰীক অভিযানকাৰী দলটোৱে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।চোৰাং চিকাৰীৰ দলটোৰ পৰা বন বিভাগৰ অভিযানকাৰী দলটোৱে এটা জীৱন্ত কটন পিগমি গুজ নামৰ দুষ্প্ৰাপ্য বনৰীয়া চৰাই, এখন মাছ মৰা জাল,২ টা মোবাইল ফোন, ১ টা টৰ্চ লাইট আৰু ২ টা বগা বেগ উদ্ধাৰ কৰে।
Read More
ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ২২ গৰাকী লোকৰ মৃত্যু। আন কেইবাগৰাকী লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। এটা ৭ মহলীয়া অট্টালিকাত লাগে জুই । অট্টালিকাটোৰ প্ৰথম মহলাত মজুত ৰখা বেটাৰীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।
Read More
তিতা ভেকুৰীৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তিতা ভেকুৰীৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অসমৰ হাবি-বননীৰ বিভিন্ন স্থানত এজোপা কাঁইট গছ প্ৰায়ে দেখা যায়। অনেক ঠাল-ঠেঙুলি থকা এই কাঁইটীয়া গছ জোপা নিজে-নিজে গজি উঠে। বেঙেনা পাতৰ দৰে পাত থকা এই বনৰীয়া গছজোপাৰ নাম ভেকুৰী তিতা। বহুতেই ইয়াক তিতা ভেকুৰী বুলিও কয়। গছজোপাত সৰু-সৰু সেউজীয়া ফল লাগে, যিবোৰ পকিলে ডাঠ হালধীয়া ৰঙৰ হৈ পৰে। ইয়াৰ সোৱাদ তিতা। সোৱাদ তিতা হলেও ভেকুৰী তিতাৰ আছে অগণন স্বাস্থ্য উপকাৰিতা।ভেকুৰী তিতা (Solanum torvum) এক বনৌষধি, যি তিতা হ'লেও বিভিন্ন স্বাস্থ্য উপকাৰিতাৰে পৰিপূৰ্ণ; ই চৰ্মৰোগ, খজুৱতি, পিত্ত ৰোগ, বসন্ত ৰোগ আদিৰ উপশমত, হজম শক্তি বৃদ্ধি, আৰু কিছুমান ক্ষেত্ৰত ডায়বেটিছ বা আন ৰোগৰ বাবেও আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহৃত হয়, যাক আচাৰ বা…
Read More
দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য

দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য

দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য ৷ প্ৰত্যেক দিনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ এই পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে, ক্ষুব্ধ ৰাইজে দিনৰ ১০ বাজি ৩০ মিনিটৰ পৰা ধলগুৰিত এঘণ্টা সময় পথ অৱৰোধ কৰা পৰিলক্ষিত হয়৷
Read More
মহাবিপদত ছোনিয়া গান্ধী

মহাবিপদত ছোনিয়া গান্ধী

কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীলৈ জাৰি কৰা হৈছে জাননী ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক তেওঁৰ নাগৰিকত্বৰ দাবী পৰীক্ষা কৰাৰ পূৰ্বে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সৈতে জড়িত এক গোচৰত জাননী জাৰি কৰিছে । ১৯৮০-৮১ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম ভুলকৈ অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি এখন আবেদনৰ ভিত্তিত ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীক জাননী জাৰি কৰে ।এই আৱেদন দাখিল কৰিছে অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে । ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই আবেদন খাৰিজ কৰিছিল । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনত ভাৰতীয় নাগৰিক হোৱা বুলি, কিন্তু ইমানৰ পিছতো ১৯৮০ চনত…
Read More
তিয়ঁহৰ মুখ্য উপকাৰিতা

তিয়ঁহৰ মুখ্য উপকাৰিতা

তিয়ঁহ খাই বহু মানুহে ভাল পায়। কিন্তু কিছুমানৰ বাবে তিয়ঁহ ভাল নহয়। কিছুমান বিশেষ সমস্যা থকা লোকে তিয়ঁহ খালে সমস্যাত ভুগিব পাৰে। গতিকে এই বিষয়ে জনা দৰকাৰ।তিয়ঁহ খালে শৰীৰ শিতল হয়, ভাগৰ দূৰ হয়, আৰু পানীৰ অভাৱ পূৰণ হয়, কিয়নো ইয়াত পানী আৰু মূল্যবান খনিজ পদাৰ্থ (পটাছিয়াম, মেগনেছিয়াম) থাকে। ই ছাল আৰু চুলিৰ বাবে উপকাৰী, বিষাক্ত পদাৰ্থ আঁতৰায়, বৃক্ক সুস্থ ৰাখে আৰু ভিটামিনৰ অভাৱ পূৰণ কৰে, বিশেষকৈ গৰমৰ দিনত ই অত্যন্ত উপকারী।তিয়ঁহৰ মুখ্য উপকাৰিতা:শৰীৰক শীতল কৰে: গৰম দিনত শৰীৰক শীতল আৰু সতেজ ৰাখে।পানীৰ অভাৱ পূৰণ: ইয়াত পানীৰ পৰিমাণ বেছি থকা বাবে ডিহাইড্রেশ্বন ৰোধ কৰে।খনিজ পদাৰ্থৰ উৎস: বাকলিৰ তলত পটাছিয়াম, ছডিয়াম,…
Read More
যাত্ৰীক ক্ষতিপূৰণ দিব লাগিব ইণ্ডিগ’ই

যাত্ৰীক ক্ষতিপূৰণ দিব লাগিব ইণ্ডিগ’ই

ছত্তীশগড় নাগৰিক সমাজে যাত্ৰীসকলৰ হৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীলৈও পঠিয়ালে বিতং অভিযোগ পত্ৰ ।ছ’চাইটিৰ আহ্বায়ক ডাঃ কুলদীপ ছোলাংকিয়ে ইণ্ডিগ’ এয়াৰলাইন্সৰ পৰিচালন সঞ্চালক/মুখ্য কার্যবাহী বিষয়ালৈ এই জাননী প্রেৰণ কৰিছে । নাগৰিক সমাজে উক্ত জাননীখনত উল্লেখ কৰিছে যে এই কার্যই কেৱল যাত্রীৰ অধিকাৰ উলংঘা কৰাই নহয়, ভাৰতীয় আইন আৰু অসামৰিক বিমান পৰিবহণৰ নিয়মৰ প্ৰতিও অৱজ্ঞা কৰিছে ।ডাঃ ছোলাংকিয়ে কয়,"ইণ্ডিগ’ এয়াৰলাইন্সে পূৰ্বৰ জাননী অবিহনে আৰু উপযুক্ত কাৰণ নিদিয়াকৈয়ে হাজাৰ হাজাৰ যাত্ৰীৰ ভ্ৰমণ পৰিকল্পনাত ইচ্ছাকৃতভাৱে ব্যাঘাত জন্মাইছে । এই যাত্ৰীসকলে যথেষ্ট আৰ্থিক লোকচান, মানসিক অশান্তি, সময় হেৰুৱাবলগীয়া হৈছে । আক্ৰান্তসকলৰ যথেষ্ট সংখ্যক জ্যেষ্ঠ নাগৰিক, শিশু, মহিলা, ৰোগী, ব্যৱসায়ী আদি…
Read More
সপোন পূৰণ ট্ৰাম্পৰ

সপোন পূৰণ ট্ৰাম্পৰ

সপোন পূৰণ ট্ৰাম্পৰ ।২০২৬ চনৰ ফিফা বিশ্বকাপৰ ড্ৰ’ৰ সময়ত ড’নাল্ড ট্ৰাম্পক উদ্বোধনী ফিফা শান্তি বঁটা প্ৰদান কৰা হয়। শুকুৰবাৰে ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰাম্পক এই সন্মান প্ৰদান কৰা হয়। তেওঁক সোণৰ ট্ৰফী আৰু পদক প্ৰদান কৰা হয়। ফিফাই চলিত বৰ্ষত এই বঁটাটো প্ৰৱৰ্তন কৰিছিল।
Read More