Dipshikha

2390 Posts
সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস । এই দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমান সকলো ক্ষেত্ৰতে কন্যা সন্তানসকলৰ সফলতাৰ বাবে দেশ গৌৰৱান্বিত । তেওঁ লগতে দাবী কৰে যে তেওঁৰ চৰকাৰে কন্যা সন্তানৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ বৈষম্য নহয় সেইটো নিশ্চিত কৰিবলৈও সমানে দৃঢ় ।প্ৰতিবছৰে 24 জানুৱাৰীত ভাৰতত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয় । ই হৈছে কন্যা সন্তানৰ অধিকাৰ, শিক্ষা আৰু তেওঁলোকৰ কল্যাণৰ ওপৰত আলোকপাত কৰাৰ বাবে উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ দিৱস ।
Read More
তেল চুৰি চক্ৰক গ্ৰেপ্তাৰ

তেল চুৰি চক্ৰক গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষীৰ সহযোগত শিৱসাগৰৰ ডিমৌত অভিযান চলাই তেল চুৰিৰ এক বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সুত্ৰই জানিবলৈ দিয়ামতে কেইদিনমানৰ আগতে নগাঁও জিলাৰ বঢ়মপুৰ ভেৰভেৰীত খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি চক্ৰটোৱে তেল চুৰি কৰিছিল। এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ৫২/ ২০২৫ নম্বৰৰ এক গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছিল। এই গোচৰৰ আত ধৰি নগাঁও আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত যোৱা নিশা অভিযান চলাই পাচজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা চুৰি তেলৰ টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেল চুৰি চক্ৰটো হল বঢ়মপুৰৰ প্ৰাঞ্জল…
Read More
দ্ৰুত গতিত সংক্ৰমণ হৈছে HMPV

দ্ৰুত গতিত সংক্ৰমণ হৈছে HMPV

ৰাজ্যত বিয়পিছে HMP ভাইৰাছ। গুৱাহাটীত ২৪ঘণ্টাত দুজন লোকৰ শৰীৰত ধৰা পৰিল HMPভাইৰাছ। মঙলবাৰে এজন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ পাছতে মহিলাগৰাকীৰ স্বামীৰ দেহত ধৰা পৰিছে HMP ভাইৰাছৰ সংক্ৰমণ।উল্লেখ্য যে, প্ৰথমে অসমত ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছিল HMPVৰ অৱস্থিতি। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রত কৰা পৰীক্ষাত ধৰা পৰে HMPV। শিশুটিক AMCHত আছুতীয়াকৈ ৰাখি কৰা হয় উন্নত চিকিৎসা। আক্ৰান্ত শিশুটি আছিল লখিমপুৰৰ ।
Read More
আজি সমগ্ৰ দেশে পালন কৰিছে পৰাক্ৰম দিৱস

আজি সমগ্ৰ দেশে পালন কৰিছে পৰাক্ৰম দিৱস

আজি সমগ্ৰ দেশে পালন কৰিছে পৰাক্ৰম দিৱস। এই দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন হৈছে। লগতে বিভিন্ন জনে নেতাজীক জনাইছে শ্ৰদ্ধাঞ্জলি।২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰে গণৰাজ্য দিৱস। কিন্তু তাৰ পূৰ্বে ২৩ জানুৱাৰীত দেশে পালন কৰে পৰাক্ৰম দিৱস । এই দিৱসটো দেশৰ এগৰাকী সাহসী স্বাধীনতা সংগ্ৰামীৰ বীৰত্বৰ প্ৰতি উৎসৰ্গিত। এই দিনটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত। পৰাক্ৰম দিৱস প্ৰতি বছৰৰ ২৩ জানুৱাৰীত পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য ভাৰতৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদানক সন্মান জনোৱা আৰু দেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত কৰা।
Read More
বেলগ্ৰেডত ভয়ংকৰ অ*গ্নিকাণ্ড

বেলগ্ৰেডত ভয়ংকৰ অ*গ্নিকাণ্ড

বেলগ্ৰেডৰ উপকণ্ঠ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অঞ্চলটোৰ এখন বৃদ্ধাশ্ৰমত সংঘটিত এই অগ্নিকাণ্ডত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে আঠজন লোকে। আনহাতে অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈছে বহু কেইজন লোক। আহত লোককেইজনক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।ইউৰোপীয়ান ৰাষ্ট্ৰ ছাৰ্বিয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
Read More
কেৰেলাত ভয়ংকৰ ঘটনাৰ ৰায়দান

কেৰেলাত ভয়ংকৰ ঘটনাৰ ৰায়দান

কিছুবছৰ পূৰ্বে কেৰালাত সংঘটিত হোৱা এক জঘন্য ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এগৰাকী যুৱতীয়ে নিজ প্ৰেমিকক বিহ খুৱাই হত্যা কৰিছিল। এই গোচৰতে শেহতীয়াকৈ কেৰালাৰ এখন আদালতে ৰায়দান কৰে।২০২২ চনত কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম সংঘটিত এক চাঞ্চল্য়কৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্য়ৰ সৃষ্টি কৰিছিল। এগৰাকী যুৱতীয়ে হত্যা কৰিছিল নিজ প্ৰেমিকক। এই হত্যাৰ গোচৰতে সোমবাৰে আদালতে ২৪ বছৰীয়া যুৱতী গ্ৰীষ্মাক মৃত্যুদণ্ড প্ৰদান কৰে। গ্ৰীষ্মা নামৰ যুৱতীগৰাকীয়ে প্ৰেমিক শ্বেৰনক কীটনাশক দ্ৰব্য মিহলি আয়ুৰ্বেদিক মিশ্ৰণ খুৱাই হত্যা কৰিছিল। এই গোচৰৰ ৰায় প্ৰদান কৰি আদালতে কয় যে, এই ঘটনা অতি নৃশংস, অমানৱীয় তথা ঘৃণনীয়। এই ঘটনাই সমাজৰ সামূহিক বিবেকক আঘাত হানিছে। ইয়াৰোপৰি আদালতে দোষী সাব্যস্ত হোৱা গ্ৰীষ্মাক…
Read More
সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব কিশোৰ কিশোৰীয়ে

সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব কিশোৰ কিশোৰীয়ে

ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব একাউন্ট খুলিব নোৱাৰিব ১৮ বছৰৰ তলৰ লোকে! ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া! ডিজিটেল তথ্য সুৰক্ষা আইনৰ অধীনত খচৰা যুগুত ভাৰতৰ। অসমতো বলৱৎ হ'ব এই কঠোৰ আইন। প্ৰতিখন ৰাজ্যতে অতি সোনকালেই আহিব এই আইন। কিশোৰ অপৰাধ প্ৰৱণতা ৰোধৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ।
Read More
ঘোষণা হল বিগ বছ ১৮ৰ বিজয়ীৰ নাম

ঘোষণা হল বিগ বছ ১৮ৰ বিজয়ীৰ নাম

অৱশেষত ঘোষণা হ'ল বিগ বছ ১৮ ৰ বিজয়ীৰ নাম। এইবাৰ এই খিতাপ লাভ কৰিবলৈ সক্ষম হয় কৰনবীৰ মেহৰাই। তেওঁৰ লগতে ভিভিয়ান ড্চেনাই প্ৰথম ৰানাৰ্ছ আপ হয়। ছলমান খানে ঘোষণা কৰে বিজয়ী প্ৰাৰ্থীৰ নাম।কৰনবীৰৰ জয়ত সুখী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল আৰু সকলোৱে তেওঁক জনাইছে শুভেচ্ছা।কৰনবীৰে লাভ কৰা ট্ৰফীটোত ডাবল বি(BB) ৰ ডিজাইন অংকন কৰা আছে। ইয়াৰ লগতে তেওঁ মোটা অংকৰ ধনো লাভ কৰে।ৰিয়েলিটি শ্ব’ বিগ বছত জয়ী হোৱাৰ বাবে কৰনবীৰে ৫০ লাখ টকাৰ নগদ ধন লাভ কৰে। প্ৰথম অৱস্থাত জয়ী হোৱা প্ৰাৰ্থীৰ টকাৰ পৰিমাণ প্ৰায় ১ কোটি আছিল যদিও সময়ে সময়ে ইয়াক কমাই দিয়া হৈছে। বিগত কেইটামান বছৰৰ পৰা বিগ বছ…
Read More
এপ্ৰিলত অসমলৈ আহিব ৰাষ্ট্ৰপতি

এপ্ৰিলত অসমলৈ আহিব ৰাষ্ট্ৰপতি

এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ।সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাজ্যৰ নিমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখ্য যে, শনিবাৰে দিনটোত দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
Read More
পুনৰ ভয়ংকৰ অগ্নিকাণ্ড

পুনৰ ভয়ংকৰ অগ্নিকাণ্ড

মাৰ্ঘেৰিটাৰ উলুপ ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভুত হয় দুটি বাসগৃহ। প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী ভষ্মিভুত। মহেশ শইকীয়া ,মহি দুৱাৰ আৰু সত্যজিত দিহিঙ্গীয়া নামৰ লোকেইজনৰ গৃহত আবেলি নিশা বাৰ বজাত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। উক্ত সময়ত বাসগৃহত ঘৰৰ কোনো লোক হতাহতি হোৱা নাই। ঘৰৰ ভিতৰৰ পৰা কোনো সা-সামগ্ৰী বাহিৰলৈ ওলিয়াবলৈ সক্ষম নহল পৰিয়ালকেইটাই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ পৰিয়ালৰ। দুৰ্ভগীয়া পৰিয়ালকেইটাই বাসগৃহ জুইত ভষ্মিভুত হোৱাত শোকত ভাগি পৰিছে পৰিয়াকেইটাই।
Read More