Dipshikha

2947 Posts
আমাৰ শৰীৰৰ বাবে বহু প্ৰয়োজনীয় এইবিধ খাদ্য

আমাৰ শৰীৰৰ বাবে বহু প্ৰয়োজনীয় এইবিধ খাদ্য

কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কেঁচা নহৰু খালে আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো সেই বিষয়ে জানো আহক- মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় হৈছে নহৰু । মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও নহৰুত ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ।নহৰুত মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিহেতু ইউৰিক এচিড আৰু উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে ই উপকাৰী, গতিকে ইয়াক কেতিয়া আৰু কেনেকৈ গ্ৰহণ কৰিব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয় । ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু চালফাৰ যৌগে…
Read More
পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লিয়নেল মেছিৰ কলকাতা ভ্ৰমণৰ সময়ত সৃষ্টি হোৱা বিশৃংখলতাক লৈ পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাৰ বাবে তেওঁ ৰাজ্যৰ আইন-শৃংখলা ভংগ আৰু ভিআইপি সংস্কৃতিৰ বাবে দোষাৰোপ কৰে।মেছিৰ ‘GOAT Tour 2025’ কলকাতা ভ্ৰমণৰ সময়ত যি বিশৃংখলতাৰ সৃষ্টি হৈছিল সেই কথা উল্লেখ কৰি শৰ্মাই কয় যে প্ৰশ্ন শীৰ্ষৰ পৰা আৰম্ভ হ’ব লাগে। তেওঁ কয়, ৰাজ্যৰ গৃহমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীও আৰু কলকাতা আৰক্ষী আয়ুক্তক গ্ৰেপ্তাৰ কৰিব লাগিছিল।অৱশ্যে তেওঁ লগতে কয়, “তেওঁ অনুষ্ঠানৰ আয়োজকজনক গ্ৰেপ্তাৰ কৰাৰ ন্যায্যতা প্ৰদান কৰা নাই বা বিৰোধিতা কৰা নাই। ” তেওঁ জোৰ দি কয় যে, “প্ৰাথমিক দায়িত্ব ৰাজ্যৰ গৃহমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ।”
Read More
পুনৰ আন এক ভয়ংকৰ গুলীচালনা

পুনৰ আন এক ভয়ংকৰ গুলীচালনা

অষ্ট্ৰেলিয়াৰ ছিডনীৰ ব'ণ্ডি বীচত ভয়ংকৰ গুলীচালনাৰ ঘটনা । এই ঘটনাত বৰ্তমানলৈ ১৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয় । নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে আন এজন আক্ৰমণকাৰীৰ অৱস্থা সংকটজনক । গুলীচালনা কৰা লোকসকল পিতৃ-পুত্ৰ বুলি কৰ্তৃপক্ষই জনায় ৷১০ গৰাকী সাধাৰণ লোকৰ মৃত্যু ইতিমধ্যে নিশ্চিত হৈছে । নিহতৰ ভিতৰত এজন আক্ৰমণকাৰী বুলি অনুমান কৰা হৈছে । দ্বিতীয়জন অভিযুক্তৰো অৱস্থা সংকটজনক । বৰ্তমানলৈ ১১ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে, ইয়াৰ ভিতৰত দুগৰাকী আৰক্ষী বিষয়াও আছে ।নিউ ছাউথ ৱেলছ আৰক্ষীয়ে বীচ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সতৰ্কবাণী জাৰি…
Read More
এইবিধ খাদ্য খালে পাব বহু বেমাৰৰ পৰা পৰিত্ৰাণ

এইবিধ খাদ্য খালে পাব বহু বেমাৰৰ পৰা পৰিত্ৰাণ

ঘৰত ককা-আইতা থকাসকলে হয়তো তেওঁলোকৰ মুখত কুজি থেকেৰাৰ নাম শুনিছে। আজিকালি এলাগি হোৱা থেকেৰা আচলতে ঔষধি গুণৰ ভাণ্ডাৰ। যিমানেই পুৰণা হয়, থেকেৰাৰ ঔষধি গুণ সিমানেই বৃদ্ধি হয়।কুজি থেকেৰা (Garcinia cowa) হৈছে এক প্ৰাচীন অসমীয়া ফল যি বহু ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ, বিশেষকৈ পেটৰ ৰোগ যেনে গ্ৰহণী, কোষ্ঠকাঠিন্য, আৰু পেট কামোৰণিত ই উপকাৰী; ই মেদবহুলতা আৰু কলেষ্টেৰল কমাব পাৰে, ইয়াৰ চৰবত বা তিয়াই খোৱা পানীয়ে শৰীৰ সতেজ ৰাখে আৰু বহু পুৰণি 'কুজি থেকেৰা' অধিক উপকাৰী বুলি গণ্য কৰা হয়। কুজি থেকেৰা জেঠ-আহাৰ মাহত পুৰঠ হয়। এই পকা ফলবোৰ পাৰি আনি তাৰ ভিতৰৰ গুটিবোৰ উলিয়াই লৈ ওপৰৰ বাকলিবোৰ ভালকৈ ধুব লাগে। অলপ সময়…
Read More
উত্তপ্ত কলকাতা

উত্তপ্ত কলকাতা

শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত লিয়নেল মেছিৰ ভ্ৰমণৰ সময়ত বিশৃংখলতাৰ সৃষ্টি হয় ৷ আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীৰ আভাস পাবলৈ বৃহৎসংখ্যক অনুৰাগী সমবেত হৈছিল যদিও কিছু মিনিটৰ ভিতৰতে তেওঁলোকে অনুষ্ঠানটোৰ অপব্যৱস্থাপনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল ৷ছল্ট লেক ষ্টেডিয়ামত মেছিৰ অনুৰাগীসকল অবিশ্বাস্যভাৱে উৎসাহী আছিল। অৱশ্যে তেওঁলোকেই প্ৰথমে হুলস্থুলৰ সৃষ্টি কৰিছিল। অনুৰাগীসকলে মেছিক ওচৰৰ পৰা চাবলৈ ষ্টেডিয়ামৰ ব্ৰেকেটিঙত উঠিবলৈ চেষ্টা কৰা দেখা গৈছিল। ইয়াৰ ফলত একাংশ অনুৰাগী ক্ষুব্ধ হৈ পৰে আৰু তেওঁলোকে ষ্টেডিয়ামৰ পৰা খেলপথাৰলৈ চকী নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।অনুৰাগীসকলে ক্ষোভ প্ৰকাশ কৰে যে মেছিয়ে মাত্ৰ ১০ মিনিটৰ বাবে ষ্টেডিয়ামত প্ৰৱেশ কৰে আৰু মন্ত্ৰী আৰু ৰাজনীতিবিদে তেওঁক ঘেৰি ধৰে । তদুপৰি তেওঁ এটাও…
Read More
জয় জুবিন দা জয়, জুবিন দা আই লাভ ইউ’- ফেলকন মহোৎসৱৰ মঞ্চত জুবিন গাৰ্গলৈ এইদৰে শ্ৰদ্ধাঞ্জলি জনালে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই

জয় জুবিন দা জয়, জুবিন দা আই লাভ ইউ’- ফেলকন মহোৎসৱৰ মঞ্চত জুবিন গাৰ্গলৈ এইদৰে শ্ৰদ্ধাঞ্জলি জনালে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই

উমৰাংছ’ৰ ১১ সংখ্যক ফেলকন ফেষ্টিভেলত বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই কণ্ঠৰ যাদুৰে মোহিলে শ্ৰোতা-দৰ্শকক ৷ ‘জয় জুবিন দা জয়, জুবিন দা আই লাভ ইউ’- ফেলকন মহোৎসৱৰ মঞ্চত জুবিন গাৰ্গলৈ এইদৰে শ্ৰদ্ধাঞ্জলি জনালে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই । মায়াবিনী, য়া আলি গীত গাই ফেলকন মহোৎসৱৰ মঞ্চত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰে বিশালে ।উল্লেখ্য যে, ফেলকন মহোৎসৱৰ প্ৰথম দিনাই উত্তৰ-পূবলৈ প্ৰথমবাৰৰ বাবে অহা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই বিপুল দৰ্শকক মোহিত কৰি তোলে। ফেলকন মহোৎসৱৰ দ্বিতীয় দিনা বলীউডৰ আৰু এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পীৰ সৈতে নৰ্থ ইষ্টৰ গ্ৰেণ্ড মিউজিকেল ইভেণ্ট অনুষ্ঠিত হ’ব । ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই ফেলকন মহোৎসৱ সামৰণি…
Read More
চাৰিজন ক্ৰিকেট খেলুৱৈ নিলম্বন কৰা হয়

চাৰিজন ক্ৰিকেট খেলুৱৈ নিলম্বন কৰা হয়

অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰিছে ৷ অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিবৃতিৰ প্ৰকাশ কৰিছে এই কথা ৷ ক্ৰিকেট খেলৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা হৈছে অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীক ৷ খেলুৱৈ চাৰিগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাতো এজাহাৰ দাখিল কৰিছে অসম ক্ৰিকেট সন্থাই ।চৈয়দ মুস্তাক আলী ট্ৰফীত অংশগ্ৰহণ কৰা অসমৰ একাংশ খেলুৱৈক প্ৰভাৱিত আৰু উচটনি দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে খেলুৱৈকেইগৰাকীৰ বিৰুদ্ধে ৷
Read More
তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া

তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া

তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া । বায়ুসেনাৰ এগৰাকী ৱাৰেণ্ট বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰি শত্ৰু ৰাষ্ট্ৰক তেওঁ যোগান ধৰিছিল প্ৰতিৰক্ষা বিভাগৰ তথ্য । অৱশেষত আৰক্ষীৰ জালত পৰিল বিষয়াগৰাকী । এক নিৰ্ভৰযোগ্য তথ্য়ৰ ভিত্তিত ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত জুনিয়ৰ ৱাৰেণ্ট বিষয়া তেজপুৰৰ কুলেন্দ্ৰ শৰ্মাক পাকিস্তানী চোৰাংচোৱা অভিযানকাৰীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, "প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে অভিযুক্তই ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্পৰ্শকাতৰ নথি-পত্ৰ আৰু তথ্য শ্বেয়াৰ কৰিছিল । তেওঁ মোবাইলৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাৰ লগত তথ্য আদান-প্ৰদান কৰিছিল । কিমান দিনৰ পৰা এই তথ্য আদান-প্ৰদান কৰিছিল সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা…
Read More
পুনৰ বৃদ্ধি ৰিচাৰ্জৰ মূল্য

পুনৰ বৃদ্ধি ৰিচাৰ্জৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে ৰিচাৰ্জৰ মূল্য। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য় অনুসৰি ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে দাম।টেলিকম সেৱা প্ৰদানকাৰীয়ে পুনৰ দাম বৃদ্ধিৰ কথা চিন্তা কৰিছে। অৱশ্যে সকলো ৰিচাৰ্জৰ ক্ষেত্ৰত এই পৰিৱৰ্তন দেখা নাযাব। গতিকে কব পাৰি যে,একাংশই এই মূল্যবৃদ্ধিৰ পৰা কিছু পৰিমাণে ৰেহাই লাভ কৰিব।আগন্তুক সপ্তাহৰ পৰা ৰিচাৰ্জৰ নামৰ আপুনি অধিক ধন ভৰিব লাগিব পাৰে।খবৰ অনুসৰি, সকলোবোৰ কোম্পানীৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি নহ’ব পাৰে। কিন্তু জিঅৰ বাহিৰে আন সকলোৱে মূল্য বৃদ্ধি কৰিব পাৰে। ইতিমধ্যে ভোডাফোন-আইডিয়াই বাৰ্ষিক ৰিচাৰ্জৰ মূল্য ১২ শতাংশ বৃদ্ধি কৰি ২০০০ টকা কৰিছে। ৮৪ দিনীয়া ৰিচাৰ্জৰ মূল্যও বৃদ্ধি পাইছে। ভাৰতী এয়াৰটেলেও একেই সিদ্ধান্ত লৈছে। শেহতীয়াকৈ সস্তীয়া প্লেনত ১০…
Read More
অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা

অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা

সোমবাৰে অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগাম পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত চৰকাৰী তথ্যমতে বৰ্তমানলৈ ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজনক সংকটজনক অৱস্থাত অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।হায়ুলিয়াং অতিৰিক্ত উপায়ুক্ত জুলিটি মিহুয়ে জনায় যে হায়ুলিয়াঙৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ নিলগত সাগলাগাম পথত এই দুৰ্ঘটনা সংঘটিত হয় । শ্ৰমিক কঢ়িয়াই নিয়া এখন পিক আপ ভেন পাহাৰীয়া পথটোৰ পৰা বহু তললৈ বাগৰি পৰে আৰু বৰ্তমানলৈ ১৪ জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন এজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে । নিহত শ্ৰমিককেইজনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ৷
Read More