Dipshikha

2388 Posts
আজি দিপালী বৰঠাকুৰৰ জন্মবাৰ্ষিকী

আজি দিপালী বৰঠাকুৰৰ জন্মবাৰ্ষিকী

অসমীয়া সংগীত জগতৰ তেনেই এটি চিনাকি নাম দিপালী বৰঠাকুৰ। পদ্মশ্ৰী সন্মান লাভ কৰা সুকণ্ঠী গায়িকাগৰাকীৰ আজি জন্মবাৰ্ষিকী। এই বিশেষ দিনটোত ৰাজ্যজুৰি স্মৰণ শিল্পীগৰাকীক। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছত প্ৰথমখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল।পদ্মশ্ৰী সন্মান লাভ কৰা দিপালী বৰঠাকুৰে বহু কালজয়ী গীতেৰে সমৃদ্ধ কৰিছিল অসমীয়া সংগীতৰ জগতখন।
Read More
হোৱাইট হাউচত সংঘটিত হৈছে ডাঙৰ বিমান দুৰ্ঘটনা

হোৱাইট হাউচত সংঘটিত হৈছে ডাঙৰ বিমান দুৰ্ঘটনা

হোৱাইট হাউচৰ সংঘটিত হৈছে ডাঙৰ বিমান দুৰ্ঘটনা। বিমানখন কানছাছ চিটিৰ পৰা ৱাশ্বিংটনলৈ অভিমুখে আহি আছিল। বিমানখন আছিল কানাডা এয়াৰৰ। দুৰ্ঘটনাটোৰ পিছত পট’মেক নদীত পৰি যায় বিমানখন । নদীখনৰ পৰা ইতিমধ্যে ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাতৰি অনুসৰি, বিমানখনত ৬০ জন লোক আছিল।বিমান আছিল কানাডা এয়াৰৰ। দুৰ্ঘটনাটোৰ পাছত বিমানবন্দৰত সকলো বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি দিয়া হৈছে। বৰ্তমান পট’মেক নদীত আছে হেলিকপ্টাৰ আৰু বিমানখনৰ ধ্বংসাৱশেষ। দ্ৰুত গতিত চলি আছে উদ্ধাৰ অভিযান । বিমানখনৰ সৈতে সংঘৰ্ষ হোৱা হেলিকপ্টাৰখন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মি ব্লাকহাক (H-60) হেলিকপ্টাৰ। দুৰ্ঘটনাটোৰ পিছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । ইয়াৰ উপৰিও বন্ধ কৰি দিয়া হৈছে ৰেগান ৰাষ্ট্ৰীয়…
Read More
তিনিচুকীয়াত ডকাইতি কাণ্ডৰে জড়িত এজনক আটক

তিনিচুকীয়াত ডকাইতি কাণ্ডৰে জড়িত এজনক আটক

তিনিচুকীয়াৰ পেঙেৰীৰ ডকাইতিৰে জড়িত এজনক আটক৷ ধৃত ডকাইতটো বাৰেকুৰি মতাপুঙৰ পল্লৱ চেতিয়া৷ নিশা পেঙেৰীৰ পেট্ৰ’ল পাম্পত ৫ জনীয়া ডকাইতৰ দলে সংঘটিত কৰিছিল ডকাইতি৷ বৰ্তমানেও ঘটনাৰে জড়িত ৪ জন পলাতক৷ পিষ্টল দেখুৱাই পেট্ৰ’ল পাম্পৰ পৰা ডকাইতৰ দলটোৱে লুটি নিছিল লক্ষাধিক টকা৷
Read More
আজি পৱিত্ৰ বাথৌ পূজা

আজি পৱিত্ৰ বাথৌ পূজা

আজি পৱিত্ৰ বাথৌ পূজা। বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী[ জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়।সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে।বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈবেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে।
Read More
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আহিল ভাৰতলৈ

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আহিল ভাৰতলৈ

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এইবাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাব’অ’ ছুবিয়ানটো। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ সন্মানাৰ্থে গণৰাজ্য দিৱস উদযাপনৰ অন্তত সন্ধিয়া এক ভোজমেলৰ আয়োজন কৰে। এই ভোজমেলত ছুবিয়ানটোৱে কৰা এক মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।এই ভোজমেলৰ সময়ছোৱাতে ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতি ছুবিয়ানটোৱে এক বিশেষ মন্তব্যৰে সকলোকে হাস্যৰসৰ দিয়ে। তেওঁ ৰসিকতাৰে শেহতীয়াকৈ ডি এন এ পৰীক্ষাত তেওঁৰ পূৰ্বপুৰুষ ভাৰতীয় আছিল বুলি প্ৰকাশ পোৱা বুলি মন্তব্য কৰে। তেওঁ কয়, “কিছু সপ্তাহৰ পূৰ্বে মই মোৰ জেনেটিক ছিকুৱেন্সিং টেষ্ট আৰু ডি এন এ টেষ্ট কৰিলো।” এই ভোজমেলত ভাৰত আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিদ্বয়ৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি গণ্যমান্য লোকসকলে অংশ…
Read More
ডিমাছা কছাৰীসকলে আজি পালন কৰিছে কৃষি ভিত্তিক উৎসৱ

ডিমাছা কছাৰীসকলে আজি পালন কৰিছে কৃষি ভিত্তিক উৎসৱ

আজি সমগ্ৰ ডিমাছা কছাৰীসকলে পালন কৰিছে কৃষিভিত্তিক উৎসৱ বুছু ডিমা। কঠোৰ পৰিশ্ৰম কৰি ঝুম খেতি চপোৱাৰ অন্তত ডিমাছা কছাৰীসকলে এই উৎসৱ পালন কৰে।এই উৎসৱ সাধাৰণতে ৰোমান বৰ্ষপঞ্জীৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। বুছু ডিমা উৎসৱৰ সময়ত সপ্তাহযোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয় য’ত বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হয়।অসমৰ ডিমা হাচাও, কাৰ্বি আংলং, কাছাৰ, নগাঁও আদি জিলাত সাধাৰণতে এই উৎসৱৰ প্ৰভাৱ বেছি দেখা যায়। ইয়াৰোপৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু ডিমাপুৰৰ আদিবাসী ডিমা জনগোষ্ঠীৰ লোকসকলৰ বাবেও ই এক প্ৰধান উৎসৱ।
Read More
কাইলৈ বহু সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে

কাইলৈ বহু সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে

এইবাৰ ৯৪২জন সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে । ইয়াৰ ভিতৰত ৯৫ জন জোৱানক বীৰত্ব বঁটা, ১০১ জনক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক আৰু ৭৪৬ জনক উৎকৃষ্ট সেৱাৰ বাবে পদক প্ৰদান কৰা হ'ব। বীৰত্ব বঁটা লাভ কৰা ৯৫ জন জোৱানৰ ভিতৰত ৭৮ জন আৰক্ষী কৰ্মী আৰু ১৭ জন অগ্নি নিৰ্বাপক বিভাগৰ জোৱান।ইয়াৰ উপৰিও অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ পদক। আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ বাবে অসম আৰক্ষীৰ DIG ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে। লগতে ৰাজ্যৰ ১৪গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে ।
Read More
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। কোনো যাতে অপ্ৰীতিকৰ বা অনাকাংক্ষিত ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি নিবদ্ধ ৰাখিছে অসম আৰক্ষীয়ে। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তটো চলিছে প্ৰশাসনৰ তালাচী অভিযান। ইয়াৰ মাজত কেইবাস্থানটো উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী।ঢেকীয়াজুলিৰ বাতাচিপুৰৰ খাবৰাত উদ্ধাৰ হেণ্ড গ্ৰেনেড। ঢেকীয়াজুলিত জংঘলত লুকুৱাই থোৱা অৱস্থাত ৫টাকৈ হেণ্ড গ্ৰেনেড উদ্ধাৰ। এখন ৰবৰৰ বাগানত উদ্ধাৰ হৈছে গ্ৰেনেডকেইটা। আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ৫টাকৈ হেণ্ড গ্ৰেনেড। লগতে উদ্ধাৰ কৰা হৈছে তিনিডাল ডিট’নেটৰ।
Read More
সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস । এই দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমান সকলো ক্ষেত্ৰতে কন্যা সন্তানসকলৰ সফলতাৰ বাবে দেশ গৌৰৱান্বিত । তেওঁ লগতে দাবী কৰে যে তেওঁৰ চৰকাৰে কন্যা সন্তানৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ বৈষম্য নহয় সেইটো নিশ্চিত কৰিবলৈও সমানে দৃঢ় ।প্ৰতিবছৰে 24 জানুৱাৰীত ভাৰতত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয় । ই হৈছে কন্যা সন্তানৰ অধিকাৰ, শিক্ষা আৰু তেওঁলোকৰ কল্যাণৰ ওপৰত আলোকপাত কৰাৰ বাবে উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ দিৱস ।
Read More
তেল চুৰি চক্ৰক গ্ৰেপ্তাৰ

তেল চুৰি চক্ৰক গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষীৰ সহযোগত শিৱসাগৰৰ ডিমৌত অভিযান চলাই তেল চুৰিৰ এক বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সুত্ৰই জানিবলৈ দিয়ামতে কেইদিনমানৰ আগতে নগাঁও জিলাৰ বঢ়মপুৰ ভেৰভেৰীত খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি চক্ৰটোৱে তেল চুৰি কৰিছিল। এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ৫২/ ২০২৫ নম্বৰৰ এক গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছিল। এই গোচৰৰ আত ধৰি নগাঁও আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত যোৱা নিশা অভিযান চলাই পাচজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা চুৰি তেলৰ টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেল চুৰি চক্ৰটো হল বঢ়মপুৰৰ প্ৰাঞ্জল…
Read More