Dipshikha

2947 Posts
তুৰস্কত এক ভয়ংকৰ বিমান দুৰ্ঘটনা

তুৰস্কত এক ভয়ংকৰ বিমান দুৰ্ঘটনা

তুৰস্কত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত লিবিয়াৰ সামৰিক প্ৰধান মহম্মদ আলী আহমেদ আল হাদ্দাদকে ধৰি ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। লিবিয়াৰ প্ৰধানমন্ত্ৰী আব্দুল-হামিদ দ্বেইবাহে তুৰস্কত সংঘটিত হোৱা বিমান দুৰ্ঘটনা সম্পৰ্কে তথ্য প্ৰদান কৰিছে। ব্যক্তিগত জেট বিমানখনত লিবিয়াৰ সামৰিক মুৰব্বী, আন চাৰিজন বিষয়া আৰু তিনিজন ক্ৰু মেম্বাৰ আছিল। বিমানত থকা সকলো ব্যক্তি দুৰ্ঘটনাত নিহত হয়। লিবিয়াৰ বিষয়াসকলে কয় যে, কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহল কৰা হৈছে।
Read More
অমিতাৰ উপকাৰী গুণৰ কথা জানিলে আচৰিত হব আপুনি

অমিতাৰ উপকাৰী গুণৰ কথা জানিলে আচৰিত হব আপুনি

অমিতা এবিধ সুস্বাদু ফল আৰু ই শৰীৰৰ বাবেও বহু উপকাৰিতা সাধন কৰে । যদি আমি কওঁ যে, ই স্বাস্থ্য উপকাৰিতাৰ ভঁৰাল তেন্তে হয়তো ভুল নহ’ব । অমিতাই ওজন হ্ৰাস কৰাত সহায় কৰে, অক্সিডেটিভ চাপ হ্ৰাস কৰে, ডায়েবেটিছত উপকাৰী, বয়স বৃদ্ধি ৰোধ কৰা আৰু ঘাঁ ভাল হোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয় । অমিতাত এন্টিঅক্সিডেন্ট, এনজাইম, ভিটামিন চি, ই আৰু এ, খাদ্য আঁহ, মেগনেছিয়াম আৰু পটাছিয়ামকে ধৰি বহুতো খনিজ পদাৰ্থ থাকে । কিন্তু আপুনি জানেনে যে অমিতা খালে স্বাস্থ্যৰ পক্ষে অধিক উপকাৰিতা সাধন হয় । অমিতাৰ উপকাৰিতাহজম শক্তি: অমিতাত থকা পেপেইন এনজাইম আৰু আঁহে প্রোটিন হজম কৰাত সহায় কৰে, যাৰ…
Read More
বিদ্যুৎ উৎপাদন আৰম্ভ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত

বিদ্যুৎ উৎপাদন আৰম্ভ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা এনএইচপিচি বিগ ডেম, যাক লৈ দীৰ্ঘদিন ধৰি চলি আহিছে প্ৰতিবাদ, এই নদীবান্ধৰ বিৰুদ্ধে হৈছিল ৰক্তাক্ষয়ী আন্দোলনো। কিন্তু তাৰ পাছতো এই নদীবান্ধ সম্পূৰ্ণ হৈ উঠিল। উত্তৰ অসমৰ বাবে এই নদীবান্ধ অভিশাপ হ’ব পাৰে বুলি বহুতেই শংকা প্ৰকাশ কৰিছিল। কিন্তু তাৰ পাছতো এই নদীবান্ধ নিৰ্মাণ কৰা হ’ল।এন এইচ পি চিয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে সমগ্ৰ দেশৰ ১৬খন হিতাধিকাৰী ৰাজ্যলৈ বিদ্যুৎ যোগান ধৰা হ’ব। ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশ আৰু অসমে বিনামূলীয়া বিদ্যুৎ আৱণ্টন লাভ কৰিব, আনহাতে সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলে ১০০০ মেগাৱাট আৱণ্টনৰ দ্বাৰা লাভৱান হ’ব।
Read More
নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

অসমৰ নিৰাপত্তা বাহিনীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৯ জন অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে বুলি ২১ ডিচেম্বৰ দেওবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মতে, নগাঁও আৰু কাৰ্বি আংলং জিলাত চলোৱা যৌথ অভিযানৰ সময়ত ব্যক্তিকেইজনক আটক কৰি ৰখা হৈছিল। এই অভিযানত অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফৰ যৌথ প্ৰচেষ্টা জড়িত হৈ আছে।মুখ্যমন্ত্ৰীৰ মতে, নগাঁও আৰু কাৰ্বি আংলং জিলাত চলোৱা যৌথ অভিযানৰ সময়ত ব্যক্তিকেইজনক আটক কৰি ৰখা হৈছিল। এই অভিযানত অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফৰ যৌথ প্ৰচেষ্টা জড়িত হৈ আছে।এই অভিযানৰ অংশ হিচাপে প্ৰতি সপ্তাহত গড়ে ৩৫ৰ পৰা ৪০…
Read More
পুনৰ বিমান অঘটন

পুনৰ বিমান অঘটন

আহমেদাবাদৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ হৃদয় বিদাৰক দৃশ্যই এতিয়াও কঁপাই তোলে প্ৰতিজন মানুহৰ হৃদয়। আজি পুৱা যেন তেনে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰাই কথমপি প্ৰাণ ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। কোনো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই অৱশ্যে পাইলটে বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলৈ সক্ষম হয়।এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, দিল্লীৰ পৰা মুম্বাইলৈ উৰণ আৰম্ভ কৰিছিল কোম্পানীটোৰ বিমান AI887। কিন্তু বিমানখন উৰণৰ ঠিক পিছতে কাৰিকৰী সমস্যাৰ বাবে মানক পৰিচালনা পদ্ধতি অনুসৰি দিল্লী বিমানবন্দৰলৈ ঘূৰাই অনা হয় আৰু জৰুৰীকালীন অৱতৰণ কৰা হয়।বিমানখন নিৰাপদে দিল্লীত অৱতৰণ কৰাৰ পিছত যাত্ৰী আৰু ক্ৰু মেম্বাৰসকলক নিৰাপদে উলিয়াই অনা হয়। জানিব পৰা মতে উৰণৰ কিছু সময়ৰ পাছতে…
Read More
জেলৰ পৰা ওলাব পাৰে অমৃতপ্ৰভা মহন্ত

জেলৰ পৰা ওলাব পাৰে অমৃতপ্ৰভা মহন্ত

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আজিৰ পৰা কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ মাজতে গোচৰটোৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।জানিব পৰা মতে, অভিযুক্ত অমৃতপ্ৰভা মহন্তই নিজৰ পক্ষ আদালতত দাঙি ধৰিবলৈ এজন নিজাববীয়া অধিবক্তা নিয়োগ কৰিছে। অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ আদালতত উকালতি কৰিব জ্যেষ্ঠ অধিবক্তা গ্ৰেব্ৰিয়েল চাহুৱে। যিহেতু গোচৰটোত হত্যাৰ দৰে গুৰুতৰ ধাৰা সন্নিৱিষ্ট হৈ আছে, সেয়েহে নিজৰ পক্ষ অধিক শক্তিশালী কৰিবলৈ অমৃতপ্ৰভা মহন্তই এইদৰে পৃথক অধিবক্তা নিয়োগ কৰা বুলি চৰ্চা চলিছে।
Read More
বহু বেমাৰৰ প্ৰতিষেধক এইবিধ খাদ্য

বহু বেমাৰৰ প্ৰতিষেধক এইবিধ খাদ্য

দুৰ্বল জীৱনশৈলী, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ আৰু ভুল খাদ্যাভ্যাসৰ বাবেই সম্প্ৰতি অধিকাংশ লোক ৰোগীয়া হৈ পৰিছে। যদি এই স্বাস্থ্য সমস্যাবোৰ সময়মতে সমাধান কৰা নহয়, তেনেহ'লে ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হয়। এতিয়া জ্যেষ্ঠসকলতো বাদেই, খুব কম বয়সীয়াসকলো উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে। চিকিৎসকৰ মতে, উচ্চ ৰক্তচাপ হৈছে এক স্থিতি যিয়ে হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ আশংকা বৃদ্ধি কৰে।ইয়াৰ লগতে উচ্চ ৰক্তচাপৰ ফলত আন বহু স্বাস্থ্য সমস্যাই দেখা দিয়ে।কিন্তু আপুনি আপোনাৰ খাদ্যভাষ সলনি কৰিয়েই এই ভয়াৱহ সমস্যাসমূহৰ পৰা হাত সাৰি থাকিব পাৰে।কাবুলি বুট (Kabuli Chickpeas) প্ৰ'টিন, ফাইবার আৰু খনিজ পদাৰ্থেৰে পৰিপূৰ্ণ এক পুষ্টিকৰ খাদ্য, যিয়ে হজম উন্নত কৰে, ওজন নিয়ন্ত্ৰণত সহায় কৰে, ৰক্ত…
Read More
আজি বুঢ়া লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা অনুষ্ঠান

আজি বুঢ়া লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা অনুষ্ঠান

পুৱাই বুঢ়া লুইতৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'পৰীক্ষা পে চৰ্চা অনুষ্ঠান'৷ দেওবাৰে পুৱাই চৰাইদেউ জাহাজত নৌকা বিহাৰ কৰি ৰাজ্যৰ ২৫ শিক্ষাৰ্থীৰে মত-বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আভ্যন্তৰীণ জল পৰিবহণৰ এম ভি চৰাইদেউ ২ নামৰ জাহাজখনত ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হোৱা পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত ৰাজ্যৰ ২৫ গৰাকী মেধাৱী শিক্ষার্থীয়ে অংশগ্ৰহণ কৰে ।
Read More
আজি এক ঐতিহাসিক দিন

আজি এক ঐতিহাসিক দিন

উত্তৰ-পূৰ্বাঞ্চলৰ সাৰ উদ্যোগটোলৈ আজি এক ঐতিহাসিক দিন ৷ নামৰূপত ১২. ৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷নামৰূপ সাৰ কাৰখানাৰ চৌহদত ইতিমধ্যে আৰম্ভ হৈছে ভূমি পূজন ৷ নৱগঠিত কোম্পানীৰ পৰিচালন সঞ্চালক শিৱ প্ৰসাদ মহান্তি আৰু বি ভি এফ চিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকে পুৱা ৬ বজাৰে পৰা বৈদিক নিয়মত ব্যস্ত হয় । ইয়াৰ পাছতেই নামৰূপৰ হাপজানত জনসভা সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷৪৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে ।
Read More
দেশৰ দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে

দেশৰ দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে

দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰদূষণে ইতিমধ্যে চৰম সীমা অতিক্ৰম কৰিছে । জানিব পৰা মতে, দেওবাৰে দিল্লীৰ বায়ুৰ সূচাংকৰ তীব্ৰ অৱনতি ঘটিছে আৰু উত্তৰ ভাৰতৰ বৃহৎ অঞ্চল ধোঁৱা, ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতে আৱৰি ধৰিছে । যাৰ ফলস্বৰূপে বায়ুৰ সূচাংক গুৰুতৰ শ্ৰেণীৰ ওচৰ চাপিছে ।ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই সকীয়াই দিছে যে উত্তৰ ভাৰতৰ কিছু অংশত কুঁৱলীৰ পৰিস্থিতিয়ে দৃশ্যমানতাত প্ৰভাৱ পেলাইছে আৰু ইয়াৰ ফলত নিৰ্বাচিত বিমানবন্দৰত বিমান চলাচলত বিলম্ব বা পৰিৱৰ্তন হ'ব পাৰে ।কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জনোৱা মতে পুৱা ৭ বজাৰ ওচৰত সামগ্ৰিকভাৱে বায়ুৰ সূচাংক ৩৯০ দেখা গৈছে, যাৰ ফলত ইয়াক 'অতি দুৰ্বল' শ্ৰেণীত অন্তৰ্ভুক্ত কৰা…
Read More