Dipshikha

2388 Posts
আৰম্ভ হল ভাৰত-ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা

আৰম্ভ হল ভাৰত-ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা

আজিৰ পৰা ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলা।উল্লেখযোগ্য যেটি-২০ শৃংখলাত ভাল প্ৰদৰ্শনৰ পিছতেই এইবাৰ ইংলেণ্ডৰ বিপক্ষে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। লক্ষণীয়ভাৱে এই শৃংখলাৰ পিছতে অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত এই শৃংখলাই ভাৰতীয় দলক প্ৰস্তুতিৰ সুযোগো প্ৰদান কৰিছে।আজি প্ৰথমখন মেচতে যুৱ তাৰকাদ্বয় যশস্বী জয়ছোৱাল আৰু হৰ্ষিত ৰাণাই জাতীয় দলৰ হৈ অভিষেক ঘটাব।জানিব পৰা মতে আটাইকেইখন মেচ দূপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।
Read More
চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন

চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন

আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন।কৃষ্ণ বন্দনাৰে মুখৰিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । যাৰ বাবে এতিয়া সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে হৰিনামৰ অমিয়া বাণী ।ইফালে শংকৰ সংঘৰ অধিৱেশন উপলক্ষে অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা । অধিৱেশনস্থলীত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাক উষ্ম আদৰণি জনোৱা হয় ।
Read More
নাৰায়ণপুৰত বন্যহস্তীৰ উপদ্ৰৱ

নাৰায়ণপুৰত বন্যহস্তীৰ উপদ্ৰৱ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত বন্যহস্তীৰ উপদ্ৰৱ।ভাঙি লণ্ড-ভণ্ড কৰিলে দ-জানৰ এন্টনী দত্ত নামৰ লোকজনৰ বাসগৃহ। পাকঘৰৰ বেৰ,বাচন বৰ্তন লণ্ড-ভণ্ড কৰাৰ উপৰিও খিৰিকীৰ গ্ৰীল পৰ্যন্ত এৰুৱাই পেলায় নিশা অহা হাতীয়ে।সমীপৰ ইন্দ্ৰ দাস নামৰ আন এজন লোকৰ বাসগৃহটো প্ৰবেশ কৰি অনিষ্ট সাধন কৰে হাতীয়ে।আঘাতপ্ৰাপ্ত হৈছে চেনীমাই দাস নামৰ এগৰাকী মহিলা।অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত বিগত বছৰ বছৰ ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
Read More
অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ

অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ

অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ এক্সন আৰম্ভ। প্ৰায় ১৮,০০০ ভাৰতীয়ই এৰিব লাগিব আমেৰিকা। ইতিমধ্যে ইয়াৰে একাংশক কৰা হৈছে বিতাড়িত।দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে দেশখনত থকা অবৈধ নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে।কেৱল ভাৰতীয়কেই নহয় , মেক্সিক’ৰ অবৈধ অনুপ্ৰৱেশকাৰী বাহিৰ কৰিবলৈ আমেৰিকা-মেক্সিকো সীমান্তলৈও অতিৰিক্ত সৈন্য প্ৰেৰণ কৰা হৈছে।
Read More
লংকাত অসম আৰক্ষীৰ বৃহৎ অভিযান

লংকাত অসম আৰক্ষীৰ বৃহৎ অভিযান

আৰক্ষীৰ অভিযানত লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ ৷ আৰক্ষীয়ে নগাঁৱৰ দুজন যুৱকক আটক কৰিছে ৷আটকাধীন দুজন যুৱক ক্ৰমে ভাস্কৰ চৰকাৰ আৰু ইয়াচিৰ আলি ৷WB 74 AW 0889 নম্বৰৰ বাহনেৰে নগাঁৱৰ পৰা লামডিং অভিমুখে অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে সামগ্ৰীখিনি।
Read More
বটদ্ৰৱাৰ কদমনিত পথ দু*ৰ্ঘটনা

বটদ্ৰৱাৰ কদমনিত পথ দু*ৰ্ঘটনা

বটদ্ৰৱাৰ কদমনিত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্রাপ্ত পাঁচগৰাকী কলেজীয়া ছাত্ৰী। এখন অ’টো আৰু এখন ই-ৰিক্সাৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। আঘাতপ্ৰাপ্ত ছাত্ৰী কেইগৰাকীক ভর্তি কৰা হয় স্থানীয় চিকিৎসালয়ত।
Read More
আজি বিশ্ব জলাশয় দিৱস

আজি বিশ্ব জলাশয় দিৱস

আজি বিশ্ব জলাশয় দিৱস। বৰপেটাৰ ঐতিহাসিক কাপলা বিলত পাৰত পক্ষী উদ্যানত আজি বিশ্ব জলাশয় দিৱসটি পালন কৰা হয়।জলাশয় সংৰক্ষণৰ যোগেদি মাছ, পক্ষী আদিক ৰক্ষণাবেক্ষণ দিবলৈ সকলোৰে মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে বন ধংশৰ নকৰবলৈ আহ্বান জনায়।সকলোৱে পৰিৱেশ সংৰক্ষণ, জলাশয়সমূহ সংৰক্ষণ কৰি ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে।বৰপেটা ৰোড আঞ্চলিক বন বিষয়া আৰু কামৰূপ ডিভিজনৰ উদ্যোগত বিশ্ব জলাশয় দিৱসটি পালন হয় কাপলা বিলত।
Read More
পবিতৰা অভয়াৰণ্যৰ বাবে ভাল খবৰ

পবিতৰা অভয়াৰণ্যৰ বাবে ভাল খবৰ

ভাল খবৰ, অসমৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বৃদ্ধি পাইছে জলচৰ পক্ষীৰ সংখ্যা । শেহতীয়া এক সমীক্ষা অনুসৰি, অভয়াৰণ্যখনত জলচৰ পক্ষীৰ সংখ্যা ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ।শেহতীয়া এক সমীক্ষা অনুসৰি, অভয়াৰণ্যখনত জলচৰ পক্ষীৰ সংখ্যা ৫০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে । এই বৃদ্ধিৰ লগে লগে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত জলচৰ পক্ষীৰ সংখ্যা প্ৰায় ১১ হাজাৰ হৈছে বুলি দেওবাৰে এগৰাকী বিষয়াই জানিবলৈ দিছে ।শেহতীয়াকৈ চলোৱা এক এছিয়ান জলচৰ পক্ষীৰ জৰীপত পবিতৰাত ৫৬ টা প্ৰজাতিৰ ১০,৯৩৩ টা জলচৰ পক্ষী পোৱা গৈছে । ২০২৪ চনত পবিতৰাত চলোৱা জৰীপত ৭,২২৫ টা জলচৰ পক্ষীৰ উপস্থিতি পোৱা গৈছিল বুলি জানিব পৰা…
Read More
চৌদিশে চলিছে বাগদেৱীক আৰাধনাৰ ব্যাপক প্ৰস্তুতি

চৌদিশে চলিছে বাগদেৱীক আৰাধনাৰ ব্যাপক প্ৰস্তুতি

সমাগত সৰস্বতীৰ পূজা।ৰাজ্যৰ চৌদিশে চলিছে বাগদেৱীক আৰাধনাৰ ব্যাপক প্ৰস্তুতি।উল্লেখযোগ্য যে বসন্ত পঞ্চমীত শুভক্ষণত সৰস্বতীৰ পূজা কৰা হয়। এই দিনটোত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাতা সৰস্বতীৰ নামত উৎসৰ্গিত।বিশ্বাস আছে যে, এই দিনটোত সম্পূৰ্ণ ৰীতি-নীতিৰে মা সৰস্বতীক উপাসনা কৰিলে বুদ্ধিৰ বিকাশ হয়, লগতে পৰিয়ালৰ সুখ-সমৃদ্ধি নিশ্চিত হয়। সেয়েহে বসন্ত পঞ্চমীত জ্ঞান আৰু শিক্ষাৰ দেৱী মাতা সৰস্বতীক ঘৰ, কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদিত পূজা কৰা হয়।পঞ্জিকা অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি ২ ফেব্ৰুৱাৰীৰ পুৱা ৯:১৪ বজাত আৰম্ভ হ’ব পূজা। এই তিথি পিছদিনা, ফেব্ৰুৱাৰী ৩ তাৰিখে পুৱা ৬:৫২ বজাত সমাপ্ত হ’ব। উদয় তিথিৰ মতে, ২ ফেব্ৰুৱাৰীত পালন কৰা হ’ব বসন্ত পঞ্চমী।
Read More
বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায় অব্যাহত

বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায় অব্যাহত

অসমত অব্যাহত আছে বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহা । অতি গোপনে বন্যজন্তু তথা পক্ষীৰ শৰীৰৰ অংগ সৰবৰাহৰ চক্ৰ চলাইছে দুষ্টচক্ৰই । বুধবাৰে নিশা কাজিৰঙা বন বিভাগ আৰু নগাঁও আৰক্ষীৰ এক অভিযানে বন্যজন্তুৰ অংগৰ বেহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আনে ।জানিব পৰা মতে, বন্যজন্তুৰ অংগৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বুধবাৰে নিশা বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল বন বিভাগ আৰু আৰক্ষী ।
Read More