Dipshikha

2947 Posts
কাজিৰঙালৈ আহিল ভাল খবৰ

কাজিৰঙালৈ আহিল ভাল খবৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্য়াঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিগত কেইবছৰমানৰ পৰা পৰ্যটকৰ আগমন বৃদ্ধি পাইছে । ২০২৫ চনৰ ২৭ ডিচেম্বৰলৈকে উপলব্ধ চৰকাৰী পৰ্যটনৰ তথ্যই দেশী আৰু বিদেশী পৰ্যটকৰ সংখ্য়া প্ৰকাশ কৰাৰ পিছতেই এই ছবিখন স্পষ্ট হৈ পৰিছে । বিশেষকৈ বিদেশী পৰ্যটকৰ সংখ্য়া বৃদ্ধিয়ে ৰাষ্ট্ৰীয় উদ্যানখনলৈ কঢ়িয়াইছে আশাৰ সঞ্চাৰ । ৰাষ্ট্ৰীয় উদ্যানে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ২০২৫–২৬ পৰ্যটন বতৰত (২৭ ডিচেম্বৰলৈকে) কাজিৰঙাত ইতিমধ্যে ১,৪৬,১৫৭ গৰাকী দৰ্শনাৰ্থীয়ে পদাৰ্পণ কৰিছে । ইয়াৰে ১,৩৯,৪৫৮ গৰাকী ভাৰতীয় পৰ্যটক আৰু বিদেশী পৰ্যটকৰ সংখ্য়া হৈছে ৬,৬৯৯ গৰাকী । ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালিকা ডঃ সোণালী ঘোষে এই সন্দৰ্ভত কয়, "এই সংখ্যা বিশেষভাৱে উল্লেখযোগ্য । কাৰণ ছাফাৰীৰ বতৰৰ মাত্ৰ…
Read More
তিনিটা খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে প্ৰতিষ্ঠানিক আলোচনা আৰম্ভ কৰিবলৈ আলোচক নিযুক্তি দিবলৈ সন্মত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী

তিনিটা খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে প্ৰতিষ্ঠানিক আলোচনা আৰম্ভ কৰিবলৈ আলোচক নিযুক্তি দিবলৈ সন্মত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী

অসমৰ তিনিটা খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে প্ৰতিষ্ঠানিক আলোচনা আৰম্ভ কৰিবলৈ আলোচক নিযুক্তি দিবলৈ সন্মত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক স্বীকৃতি সন্দৰ্ভত কৰা হ’ব আলোচনা। নিজ নিজ পৰিষদৰ বাবে সাংবিধানিক মৰ্যাদা বৃদ্ধিৰ বাবে প্ৰচাৰ চলাই অহা ৰাভা, মিছিং আৰু তিৱা সম্প্ৰদায়ৰ প্ৰতিনিধি দলৰ সৈতে হোৱা বৈঠকৰ সময়ত এই প্ৰতিশ্ৰুতি দিয়া হৈছে।তিনিওটা জনজাতীয় গোটে দীৰ্ঘদিন ধৰি নিজৰ পৰিষদৰ গাঁথনিৰ জৰিয়তে অধিক স্বায়ত্তশাসন আৰু সাংবিধানিক সুৰক্ষা বিচাৰি আহিছে। এজন আলোচক নিযুক্তিয়ে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবীৰ সৈতে আনুষ্ঠানিকভাৱে এক প্ৰতিষ্ঠিত প্ৰতিষ্ঠানিক কাঠামোৰ জৰিয়তে জড়িত হ’বলৈ ইচ্ছা প্ৰকাশ কৰে।
Read More
দেশৰ সৰ্বোচ্চ শিশু বঁটা ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’-ৰে সন্মানিত বৈভৱ

দেশৰ সৰ্বোচ্চ শিশু বঁটা ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’-ৰে সন্মানিত বৈভৱ

দেশৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত আজি নিজৰ লীগ মেচত নামিছে বৈভৱৰ দল বিহাৰ। প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত বিহাৰক এক শক্তিশালী আৰম্ভণি দিছিল বৈভৱে। কিন্তু দ্বিতীয়খন মেচত আজি বৈভৱে প্ৰতিনিধিত্ব কৰিব পৰা দলক। কিয়নো সন্মান গ্ৰহণৰ বাবে আজি দিল্লীত উপস্থিত আছে বৈভৱ।খেলপথাৰত এনে উল্লেখনীয় সফলতাৰ সুবাদত এতিয়া ভাৰত চৰকাৰৰ স্বীকৃতি লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে। দেশৰ সৰ্বোচ্চ শিশু বঁটা ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’-ৰে সন্মানিত হৈছে এই কিশোৰ তাৰকাগৰাকী।
Read More
বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুলোকে

বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুলোকে

বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুলোকে ৷ দিপু চন্দ্ৰ দাসৰ পিছত দেশখনত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক সাৱটি লোৱা দ্বিতীয়জন ব্যক্তি হৈছে অমৃত মণ্ডল ৷ বুধবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷দ্য ডেইলী ষ্টাৰৰ মতে, ধন দাবীৰ অভিযোগত পাংছা উপ-জিলাৰ হোসেন্দংগা গাঁৱৰ ৰাইজে আক্ৰমণ কৰে অমৃত মণ্ডল নামৰ লোকজনক, যাক জনপ্ৰিয়ভাৱে সম্ৰাট বুলিও জনা যায় ।বুধবাৰে নিশা সম্ৰাট আৰু লগৰ কেইজনমানে শ্বাহিদুলৰ ঘৰলৈ ধন সংগ্ৰহ কৰিবলৈ গৈছিল । তেতিয়া পৰিয়ালৰ লোকে "চোৰ, চোৰ" বুলি চিঞৰিবলৈ ধৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ সম্ৰাটক প্ৰহাৰ কৰিবলৈ ধৰে । ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি সম্ৰাটৰ আন আন সহযোগীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ…
Read More
ৰে’ল টিকটৰ দাম বৃদ্ধি

ৰে’ল টিকটৰ দাম বৃদ্ধি

আজিৰ পৰা ৰে'ল যাত্ৰা কৰোতে যাত্ৰীসকলে ভৰিব লাগিব অধিক ধন। পূৰ্বৰ তুলনাত ৰে'ল টিকটৰ দাম বৃদ্ধি কৰা হৈছে। কিয়নো ২৫ ডিচেম্বৰত ৰে'ল মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয়, ২১৫ কিঃমিঃ ওপৰৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিঃমিঃ ত ১ পইচা আৰু নন -এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ কণ্ডিচনাৰ ক্লাছৰ বাবে প্ৰতি কিঃমিঃ দুই পইচাকৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে।লগতে ৰে'ল মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি ২১৫ কিঃমিঃ পৰ্যন্ত যাত্ৰীৰ বাবে দ্বিতীয় শ্ৰেণীৰ সাধাৰণ ভাড়া বৃদ্ধি কৰা হোৱা নাই।
Read More
ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল। কেইবাখনো জিলা আযুক্তৰ সাল-সলনি। নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকী বিষয়াক বদলি কৰাৰ বিপৰীতে নতুন ঠাইত নিযুক্তি প্ৰদান কৰা হৈছে।সুমিত সত্তৱন, আই এ এছ (আৰ আৰ ২০১৫), জিলা উপায়ুক্ত, কামৰূপ (এম)ৰ পৰা বদলি কৰি জিলা উপায়ুক্ত তিনিচুকীয়াত নিযুক্তি দিয়া হয়।আয়ুষ গাৰ্গ, আই এ এছ (আৰ আৰ ২০১৬), শিৱসাগৰ জিলা আয়ুক্তক বদলি কৰি কাছাৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।মৃদুল যাদৱ, আই এ এছ ( আৰ আৰ ২০১৭) কাছাৰৰ জিলা আয়ুক্তক বদলি কৰি শিৱসাগৰৰ জিলা আয়ুক্তি হিচাপে নিযুক্তি দিয়া হয়।দিবাকৰ নাথ, আই এ এছ (আৰ আৰ ২০১৭) ক ধুবুৰীৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি বঙাইগাঁৱৰ জিলা আয়ুক্তি হিচাপে নিযুক্তি দিয়া…
Read More
আজি বৰদিন

আজি বৰদিন

আজি ২৫ ডিচেম্বৰ। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । বিশেষ দিনটোত ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছে কেৰ’লৰ ধ্বনি । কেৱল খ্ৰীষ্টান ধৰ্মীয় লোকেই নহয় সকলো লোকেই এই বৰদিনৰ আনন্দৰ অংশ হৈ পৰে । ইফালে খ্ৰীষ্টামাছ ট্ৰি, উপহাৰ আৰু উৎসৱৰ খাদ্যৰ সংগ্ৰহ কৰাৰ বাবে গ্ৰাহকে ভিৰ কৰা বজাৰবোৰো ব্যস্ত হৈ পৰিছে। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে বিশ্বাস কৰে যে, আজিৰ দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আজিৰ দিনটোত পালন কৰা হয় বৰদিন ।
Read More
ভয়ংকৰ বাছ দুৰ্ঘ**টনা

ভয়ংকৰ বাছ দুৰ্ঘ**টনা

তামিলনাডুৰ কুড্ডালোৰ জিলাৰ এঝুথুৰৰ সমীপত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তিৰুচিৰ পৰা চেন্নাই অভিমুখী ৰাজ্যিক এক্সপ্ৰেছ পৰিবহণ নিগমৰ বাছ এখনৰ দুখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয় ।বাহন দুখনত যাত্ৰা কৰা মহিলা আৰু এটা শিশুকে ধৰি ৭ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ সময়ত চিকিৎসালয়ত আন দুজনৰ মৃত্যু হয় বুলি বিষয়াসকলে জনায় ।এই সংঘৰ্ষৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাহন বাছখনৰ তলত চেপা খাই ধৰে আৰু সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে । আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, "৭ জন লোকৰ থিতাতে মৃত্যু হয়…
Read More
শীতকালত আমলখি খালে বহু উপকাৰ পোৱা যায়

শীতকালত আমলখি খালে বহু উপকাৰ পোৱা যায়

শীতকালত আমলখি খালে বহু উপকাৰ পোৱা যায়। আমলখি আমাৰ স্বাস্থ্যৰ বাবে ভাল। ই ছালৰ পৰা চুলিলৈ, প্ৰায় সকলো দিশতে উপকাৰ সাধন কৰে। গতিকে আমলখি খালে শৰীৰে কি কি উপকাৰ লাভ কৰে সেয়া জনা দৰকাৰ।আমলখিক চুপাৰফুড বুলি কোৱা হয়। ইয়াত ভিটামিন চি, এন্টিঅক্সিডেন্টছ আদি থাকে। মানুহে আমলখি আচাৰ বনাই, বা সাধাৰণভাৱে খায়। আমলখি খালে শৰীৰৰ বহু উপকাৰ হয়। ছালৰ পৰা চুলিলৈ, ইয়াৰোপৰি শৰীৰৰ বিভিন্ন অংগৰ বাবে আমলখি উপকাৰী। কিন্তু আপুনি জানেনে ইয়াৰ ফলত কি কি উপকাৰ হয়? ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ভিটামিন C-ৰ প্ৰচুৰ পৰিমাণে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।২. হজম শক্তি উন্নত কৰা: কোষ্ঠকাঠিন্য, এচিডিটি, আৰু…
Read More
উত্তপ্ত কাৰ্বিভূমি

উত্তপ্ত কাৰ্বিভূমি

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয়। জিলাখনত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৮ জন আৰক্ষীকে ধৰি কমেও ৪৫ জন লোক আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ লাঠিচাৰ্জ আৰু কন্দুৱা গেছৰ গুলী চলাবলগীয়া হয়।প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰা এটা অট্টালিকাৰ পৰা ২৫ বছৰীয়া বিশেষভাৱে সক্ষম সুৰেশ দেৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে এই সংঘৰ্ষৰ সময়ত অথিক তিমুং নামৰ আন এজন লোকৰ মৃত্যু হয়। জনজাতীয় অঞ্চলৰ পৰা বেদখলকাৰীক আঁতৰাই নিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে।
Read More