ৰে’ল টিকটৰ দাম বৃদ্ধি

আজিৰ পৰা ৰে’ল যাত্ৰা কৰোতে যাত্ৰীসকলে ভৰিব লাগিব অধিক ধন। পূৰ্বৰ তুলনাত ৰে’ল টিকটৰ দাম বৃদ্ধি কৰা হৈছে। কিয়নো ২৫ ডিচেম্বৰত ৰে’ল মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি কয়, ২১৫ কিঃমিঃ ওপৰৰ যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিঃমিঃ ত ১ পইচা আৰু নন -এয়াৰ কণ্ডিচনাৰ আৰু এয়াৰ কণ্ডিচনাৰ ক্লাছৰ বাবে প্ৰতি কিঃমিঃ দুই পইচাকৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে।লগতে ৰে’ল মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি ২১৫ কিঃমিঃ পৰ্যন্ত যাত্ৰীৰ বাবে দ্বিতীয় শ্ৰেণীৰ সাধাৰণ ভাড়া বৃদ্ধি কৰা হোৱা নাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *