Dipshikha

2345 Posts
কেৰেলাত ভয়ংকৰ ঘটনাৰ ৰায়দান

কেৰেলাত ভয়ংকৰ ঘটনাৰ ৰায়দান

কিছুবছৰ পূৰ্বে কেৰালাত সংঘটিত হোৱা এক জঘন্য ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এগৰাকী যুৱতীয়ে নিজ প্ৰেমিকক বিহ খুৱাই হত্যা কৰিছিল। এই গোচৰতে শেহতীয়াকৈ কেৰালাৰ এখন আদালতে ৰায়দান কৰে।২০২২ চনত কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম সংঘটিত এক চাঞ্চল্য়কৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্য়ৰ সৃষ্টি কৰিছিল। এগৰাকী যুৱতীয়ে হত্যা কৰিছিল নিজ প্ৰেমিকক। এই হত্যাৰ গোচৰতে সোমবাৰে আদালতে ২৪ বছৰীয়া যুৱতী গ্ৰীষ্মাক মৃত্যুদণ্ড প্ৰদান কৰে। গ্ৰীষ্মা নামৰ যুৱতীগৰাকীয়ে প্ৰেমিক শ্বেৰনক কীটনাশক দ্ৰব্য মিহলি আয়ুৰ্বেদিক মিশ্ৰণ খুৱাই হত্যা কৰিছিল। এই গোচৰৰ ৰায় প্ৰদান কৰি আদালতে কয় যে, এই ঘটনা অতি নৃশংস, অমানৱীয় তথা ঘৃণনীয়। এই ঘটনাই সমাজৰ সামূহিক বিবেকক আঘাত হানিছে। ইয়াৰোপৰি আদালতে দোষী সাব্যস্ত হোৱা গ্ৰীষ্মাক…
Read More
সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব কিশোৰ কিশোৰীয়ে

সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব কিশোৰ কিশোৰীয়ে

ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব একাউন্ট খুলিব নোৱাৰিব ১৮ বছৰৰ তলৰ লোকে! ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া! ডিজিটেল তথ্য সুৰক্ষা আইনৰ অধীনত খচৰা যুগুত ভাৰতৰ। অসমতো বলৱৎ হ'ব এই কঠোৰ আইন। প্ৰতিখন ৰাজ্যতে অতি সোনকালেই আহিব এই আইন। কিশোৰ অপৰাধ প্ৰৱণতা ৰোধৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ।
Read More
ঘোষণা হল বিগ বছ ১৮ৰ বিজয়ীৰ নাম

ঘোষণা হল বিগ বছ ১৮ৰ বিজয়ীৰ নাম

অৱশেষত ঘোষণা হ'ল বিগ বছ ১৮ ৰ বিজয়ীৰ নাম। এইবাৰ এই খিতাপ লাভ কৰিবলৈ সক্ষম হয় কৰনবীৰ মেহৰাই। তেওঁৰ লগতে ভিভিয়ান ড্চেনাই প্ৰথম ৰানাৰ্ছ আপ হয়। ছলমান খানে ঘোষণা কৰে বিজয়ী প্ৰাৰ্থীৰ নাম।কৰনবীৰৰ জয়ত সুখী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল আৰু সকলোৱে তেওঁক জনাইছে শুভেচ্ছা।কৰনবীৰে লাভ কৰা ট্ৰফীটোত ডাবল বি(BB) ৰ ডিজাইন অংকন কৰা আছে। ইয়াৰ লগতে তেওঁ মোটা অংকৰ ধনো লাভ কৰে।ৰিয়েলিটি শ্ব’ বিগ বছত জয়ী হোৱাৰ বাবে কৰনবীৰে ৫০ লাখ টকাৰ নগদ ধন লাভ কৰে। প্ৰথম অৱস্থাত জয়ী হোৱা প্ৰাৰ্থীৰ টকাৰ পৰিমাণ প্ৰায় ১ কোটি আছিল যদিও সময়ে সময়ে ইয়াক কমাই দিয়া হৈছে। বিগত কেইটামান বছৰৰ পৰা বিগ বছ…
Read More
এপ্ৰিলত অসমলৈ আহিব ৰাষ্ট্ৰপতি

এপ্ৰিলত অসমলৈ আহিব ৰাষ্ট্ৰপতি

এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ।সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাজ্যৰ নিমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখ্য যে, শনিবাৰে দিনটোত দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
Read More
পুনৰ ভয়ংকৰ অগ্নিকাণ্ড

পুনৰ ভয়ংকৰ অগ্নিকাণ্ড

মাৰ্ঘেৰিটাৰ উলুপ ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভুত হয় দুটি বাসগৃহ। প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী ভষ্মিভুত। মহেশ শইকীয়া ,মহি দুৱাৰ আৰু সত্যজিত দিহিঙ্গীয়া নামৰ লোকেইজনৰ গৃহত আবেলি নিশা বাৰ বজাত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। উক্ত সময়ত বাসগৃহত ঘৰৰ কোনো লোক হতাহতি হোৱা নাই। ঘৰৰ ভিতৰৰ পৰা কোনো সা-সামগ্ৰী বাহিৰলৈ ওলিয়াবলৈ সক্ষম নহল পৰিয়ালকেইটাই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ পৰিয়ালৰ। দুৰ্ভগীয়া পৰিয়ালকেইটাই বাসগৃহ জুইত ভষ্মিভুত হোৱাত শোকত ভাগি পৰিছে পৰিয়াকেইটাই।
Read More
আজি শিল্পী দিৱস

আজি শিল্পী দিৱস

আজি শিল্পী দিৱস । প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয় । ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্ম লাভ কৰিছিল।প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয় । ৰূপকোঁৱৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় শিল্পী দিৱসৰ।উল্লেখ কৰা প্ৰয়োজন যে, ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো 'জ্যোতি দিৱস' হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা…
Read More
ভয়ংকৰ নাওঁ দুৰ্ঘটনা

ভয়ংকৰ নাওঁ দুৰ্ঘটনা

৮০ গৰাকী যাত্ৰীসহ নাওখনে যাত্ৰা কৰিছিল গন্তব্য স্থানলৈ । কিন্তু লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই ডুব যায় নাওখন । কমেও ৫০ গৰাকী যাত্ৰীৰ মৃত্যু ।80 গৰাকী প্ৰব্ৰজনকাৰীক লৈ স্পেইন অভিমুখে ৰাওনা হোৱা এখন নাও মৰক্কোৰ সমীপত দুৰ্ঘটনাত পতিত হয় । ফলত কমেও ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে ৪০ গৰাকী হৈছে পাকিস্তানী ।খবৰ অনুসৰি মৰক্কো কৰ্তৃপক্ষই ৬৬ জন পাকিস্তানীকে ধৰি ৮৬ জন প্ৰব্ৰজনকাৰীসহ যোৱা ২ জানুৱাৰীত মৰিটানিয়া এৰি যোৱা এখন নাৱৰ পৰা এদিন পূৰ্বে ৩৬ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।এই ঘটনা সংঘটিত হোৱাৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে শোক ব্যক্ত কৰিছে। বিদেশ মন্ত্ৰালয়ক পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোবোৰ দিশ চালি-জাৰি চাই তদন্তৰ…
Read More
দ্ৰুত গতিত বিয়পিছে HMPV ভাইৰাছ

দ্ৰুত গতিত বিয়পিছে HMPV ভাইৰাছ

চীনত দ্ৰুতগতিত বিয়পি পৰা এই ভাইৰাছটোৱে ভাৰততো শিপা বিয়পোৱা আৰম্ভ কৰিছে। এতিয়ালৈকে ভাৰতত এই ভাইৰাছৰ বহুতো ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাজতে HMPVত সংক্ৰমিত এগৰাকী মহিলাৰ মৃত্যু হয়। কেইদিনমান আগতে মহিলাগৰাকীৰ দেহত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল।ঘটনা উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ। মহিলাগৰাকীৰ HMPVৰ প্ৰথম পৰীক্ষা চৰক ডায়গনষ্টিকছত কৰোৱা হৈছিল। য’ত তেওঁক যি HMPV পজিটিভ বুলি পোৱা গৈছিল। তাৰ পিছত মহিলাগৰাকীক বলৰামপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বলৰামপুৰ চিকিৎসালয়ৰ পৰা মহিলাগৰাকীৰ পৰীক্ষাৰ নমুনা কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিলৈ প্ৰেৰণ কৰা হৈছিল। তাত পৰীক্ষাৰ প্ৰথম প্ৰতিবেদন ৰিপৰ্ট পজিটিভ আহিছিল।পাছত ২৪ ঘণ্টাৰ ভিতৰত নমুনাটো দ্বিতীয়বাৰৰ বাবে প্ৰেৰণ কৰা হৈছিল। য’ত HMPV নিগেটিভ আহিছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে বৃদ্ধা…
Read More
পুনৰ ব্যৰ্থ হ’ল অসম আৰক্ষী

পুনৰ ব্যৰ্থ হ’ল অসম আৰক্ষী

নগা আৰক্ষীৰ ওচৰত শিৰনত হ'ল অসম আৰক্ষীৰ। বুধবাৰে নিশা মেৰাপানী আৰক্ষী থানা এলেকাৰ দয়ালপুৰত বাইকত নিষিদ্ধ ড্ৰাগছ লৈ গৈ থকা অৱস্থাত দুই নগা যুৱকক আটক কৰিছিল স্থানীয় লোকে। তাৰ পাছতেই ঘটনাস্থলীত সীমান্তত নিয়োজিত ১৪২ নং চিআৰপিএফ বাহিনী উপস্থিত হৈ অসম আৰক্ষীৰ পৰিবৰ্তে খবৰ দিয়ে নাগালেণ্ড আৰক্ষীক। আশ্বৰ্য্যকৰ বিষয় যে, ড্ৰাগছসহ ধৰা পৰা ৰেঞ্চ কিকন নামৰ লোকজন নগা আৰক্ষীৰ জোৱান। নগা আৰক্ষীয়ে অসমভূমিত অসম আৰক্ষীৰ সন্মুখৰ পৰাই নাগালেণ্ডলৈ লৈ যায় অপৰাধী দুটাক। এই ঘটনাক কেন্দ্ৰ কৰি সীমান্তৰ অসমীয়া লোকসকল ক্ষোভিত হৈ পৰাৰ লগতে অসম আৰক্ষীৰ অসহায় ৰূপত লজ্জাবোধ কৰিছে ।
Read More
মহাকুম্ভমেলাৰ আজি দ্বিতীয় দিন

মহাকুম্ভমেলাৰ আজি দ্বিতীয় দিন

মহাকুম্ভ মেলাৰ আজি দ্বিতীয়টো দিন ৷ মকৰ সংক্ৰান্তিৰ দিনাৰ পুৱা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ দেশ-বিদেশৰ পৰা অহা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷মহাকুম্ভ মেলাৰ আজি দ্বিতীয়টো দিন ৷ মকৰ সংক্ৰান্তিৰ দিনাৰ পুৱা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ দেশ-বিদেশৰ পৰা অহা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷বৈদিক জ্যোতিষৰ মতে পুহ মাহৰ পূৰ্ণিমা শুক্ল পক্ষক সূৰ্য ভগৱানৰ মাহ বুলি কোৱা হয় । এই মাহত সূৰ্য দেৱতাক পূজা কৰি মানুহে মোক্ষ লাভ কৰে বুলি জনবিশ্বাস আছে ।সোমবাৰে মহাকুম্ভত প্ৰায় ১.৬৫ কোটি ভক্তৰ সমাগম হোৱা দেখা যায় । ইয়াৰ পিছত মঙলবাৰে অৰ্থাৎ আজি মকৰ সংক্ৰান্তিৰ দিনা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ ভক্তসকল অধীৰ…
Read More