Dipshikha

2947 Posts
এটা ব্যতিক্ৰম ভেলাঘৰ

এটা ব্যতিক্ৰম ভেলাঘৰ

ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে এখন য়ট(পানী জাহাজ)। প্ৰতি বছৰে গাঁঠিৰ ধন ভাগি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্য নিৰ্মাণ কৰি আহিছে ভিন্নৰূপী ভেলাঘৰ। উল্লেখ্য ২০১১ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে ধাৰাবাহিকভাৱে নিৰ্মাণ কৰি আহিছে ভেলাঘৰ। এই বৰ্ষটো শিল্পী গৰাকীয়ে নৰা,খেৰ,বাঁহেৰে নিৰ্মাণ কৰিছে ব্যতিক্ৰমধৰ্মী ভেলাঘৰ। শিল্পী ভগৱান সেনাপতিয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই প্ৰায় ৮০ ফুট দৈৰ্ঘৰ আৰু ৪০ ফুট উচ্চতাৰে নৰা,খেৰ,বাঁহেৰে নিৰ্মাণ কৰিছে এখন য়ট((পানী জাহাজ)।ছিংগাপুৰত যিখন য়টত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সাগৰলৈ নিছিল । শিল্পী গৰাকীৰ ভাষ্য অনুসৰি এই অভিশপ্ত য়ট…
Read More
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতীয়ে।ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ।
Read More
গঠন হ’ল ‘জুবিন গাৰ্গ ন্যাস’

গঠন হ’ল ‘জুবিন গাৰ্গ ন্যাস’

জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ । গঠন হ'ল 'জুবিন গাৰ্গ ন্যাস' । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহতো ন্যাসৰ নামত আগবঢ়াই দিয়া হ'ব । এই কথা শুকুৰবাৰে কাহিলিপাৰাস্থিত বাসগৃহত সংবাদমেলযোগে সদৰি কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে । জুবিন পত্নীয়ে সংবাদমেলখন সম্বোধন কৰি কয়, ‘‘সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্রজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল আৰু সেইবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল । তেওঁৰ এই চেতনাক সাৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে জুবিন গাৰ্গৰ নামত এটি ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ । পৰিয়াল, আত্মীয় স্বজন আৰু অগ্রজ-অনুজ ভাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামর্শৰে আমি…
Read More
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃ*ত্যু

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃ*ত্যু

আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ। দেশখনৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।শেহতীয়া কেইটামান বছৰত খালেদা জিয়া সোমাই পৰিছিল বিতৰ্কত। দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ তেওঁ ২০১৮ চনৰ পৰা কাৰাবাস খাটিবলগীয়া হৈছিল। অৱশ্যে, স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পিছলৈ চৰকাৰৰ বিশেষ নিৰ্দেশত কাৰাগাৰৰ পৰা মুকলি কৰি তেওঁক গৃহ বন্দী কৰি ৰখা হৈছিল।
Read More
ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত

ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত

কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছৰ ৰ আশে-পাশে থকা সম্ভাৱনা আছে। সৰ্বাধিক তাপমান ২৩° ছেলচিয়াছ হ’ব পাৰে।গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঘন কুঁৱলীৰ আচ্ছাদন। নেদেখা হৈ পৰিছে বাট-পথ। যাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা।ইফালে ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে বিমান, ৰে’লৰ লগতে ফেৰী চলাচল।
Read More
পুনৰ উচ্ছেদ কৰিবলৈ সাজু চৰকাৰ

পুনৰ উচ্ছেদ কৰিবলৈ সাজু চৰকাৰ

কাৰ্বি আংলঙৰ সংৰক্ষিত চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক বৃহৎ ঘোষণা কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম বংহাঙে জনোৱা অনুসৰি, জিলাখনৰ পি জি আৰ আৰু ভি জি আৰ ভূমিত থকা অবৈধ দখলকাৰীসকলৰ বিৰুদ্ধে আজিৰে পৰা উচ্ছেদৰ জাননী জাৰি কৰা হ’ব।এই জাননী লাভ কৰাৰ ১৫ দিনৰ ভিতৰত স্বেচ্ছাই ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে পৰিষদে কঠোৰ উচ্ছেদ অভিযান চলাব। যোৱা ২৬ ডিচেম্বৰত ৰাজ্য চৰকাৰ, পৰিষদ আৰু স্থানীয় আন্দোলনকাৰীৰ মাজত অনুষ্ঠিত হোৱা এক ত্ৰিপাক্ষিক বৈঠকৰ পাছতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Read More
জিৰা পানীৰ উপকাৰী গুণ

জিৰা পানীৰ উপকাৰী গুণ

জিৰা প্ৰায় প্ৰতিখন ঘৰৰ পাকঘৰতে ব্যৱহাৰ কৰা এবিধ সাধাৰণ মছলা। কিন্তু আপুনি জানেনে যে ইয়াৰ বহুতো ঔষধি গুণ আছে? প্ৰতিদিনে ৰাতিপুৱা জিৰাৰ পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি ফলপ্ৰসূ। জিৰাৰ পানীয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে, গেছ আৰু এচিডিটিৰ পৰা উপশম দিয়ে, ওজন হ্ৰাস কৰে, হৃদযন্ত্ৰক সুৰক্ষা দিয়ে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলপ্ৰসূ উপকাৰিতাৰ বিষয়ে জানি লওক।জিৰাৰ পানীয়ে পাচন এনজাইম সক্ৰিয় কৰে। ই হজম শক্তি উন্নত কৰে। গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আদি সমস্যা দূৰ কৰাত সহায় কৰে। জিৰাৰ পানীয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই ভোক নিয়ন্ত্ৰণ কৰে। যিটো ওজন…
Read More
অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰঝাৰ বিমান বন্দৰত আদৰণি জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক। এই ভ্ৰমণসূচীৰ সময়ত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৰ বটদ্ৰৱালৈ ৰাওনা হয়। ইয়াৰ পিছতে তেওঁ উদ্বোধন কৰে বটদ্ৰৱাৰ অভিলাসী প্ৰকল্প। এই সময়ত অমিত শ্বাহে উপস্থিত ভকত-বৈষ্ণৱৰ সমুখত ভাষণ প্ৰদান কৰে গৃহমন্ত্ৰীয়ে।বটদ্ৰৱা প্ৰকল্পৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে। তদুপৰি তেওঁ মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ো উদ্বোধন কৰে। এদিনীয়া কাৰ্যসূচী অন্ত পৰাৰ পিছতে তেওঁ অসমৰ পৰা উভতিব।
Read More
পুনৰ ভয়ংকৰ ৰে’ল দু*ৰ্ঘটনা

পুনৰ ভয়ংকৰ ৰে’ল দু*ৰ্ঘটনা

এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দক্ষিণ মেক্সিকোত এখন ৰে’ল লাইনচ্যুত হৈ কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮ জন আহত হয়। ইয়াৰ ফলত ব্যাহত হৈ পৰিছে প্ৰশান্ত মহাসাগৰক মেক্সিকো উপসাগৰৰ সৈতে সংযোগ কৰা ৰে’লপথৰ যাতায়ত ।বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত ২৪১ জন যাত্ৰী আৰু ৯ জন চালক দলৰ সদস্য আছিল। ২০২৩ চনত এই ট্ৰেন্সঅ’চেনিক ৰে’লখন উদ্বোধন কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে।বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত ২৪১ জন যাত্ৰী আৰু ৯ জন চালক দলৰ সদস্য আছিল।
Read More
যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত লাগিল জুই

যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত লাগিল জুই

ৰাজ্যৰ গৌৰৱ যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত নতুনকৈ গঢ়ি তোলা ‘মূলাই কাঠনি ২.০’ত সংঘটিত এই নাৰকীয় কাণ্ডই প্ৰকৃতিপ্ৰেমীসকলক মৰ্মাহত কৰি তুলিছে। দেওবাৰে দুপৰীয়াৰ ভাগত ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত নতুনকৈ গঢ়ি তোলা ‘মূলাই কাঠনি ২.০’ত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। কোনো দুৰ্বৃত্তই এই কাঠনিখনত অগ্নিসংযোগ কৰাৰ ফলত মুহূৰ্তৰ ভিতৰতে জুই বিয়পি পৰে।বৰ্তমানলৈকে এই অগ্নিসংযোগৰ প্ৰকৃত কাৰণ বা ইয়াৰ আঁৰত কোন জড়িত আছে, সেই বিষয়ে কোনো তথ্য লাভ কৰা হোৱা নাই। কোনো দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে এই কাণ্ড সংঘটিত কৰিছে নেকি, তাক লৈও সন্দেহ প্ৰকাশ পাইছে।
Read More