Dipshikha

2388 Posts
তেজপাতৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তেজপাতৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অসমীয়া খাদ্য ব্যঞ্জনত তেজপাত এক অপৰিহাৰ্য অংগ বুলি ক’লেও বঢ়াই কোৱা নহ’ব। ৰাতিপুৱাৰ ৰঙা চাহকাপৰ পৰা আদি কৰি মাছ- মাংসকে ধৰি প্ৰায়বোৰ অসমীয়া ব্যঞ্জনত তেজপাত ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানিলেও আচৰিত হ'ব যে কেৱল কেৱল কৰ্কট ৰোগেই নহয়, বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে তেজপাতৰ।কেৱল সুগন্ধি বিলাবৰ বাবেই ব্যঞ্জনত ব্যৱহাৰ কৰা নহয়; ইয়াৰ আছে ঔষধি গুণ।আপুনি জানিলেও আচৰিত হৈ পৰিব যে তেজপাতে মনোচাৰেটেড ফেট উৎপন্ন কৰে। মনোচাৰেটেড ফেট বা চৰ্বী হৈছে- চৰ্বিৰ অণু। যিবোৰ অণুত এটা অসংপৃক্ত কাৰ্বন বন্ধন থাকে। যাৰ বাবে তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দূৰ কৰে তেজপাতে।আপুনি…
Read More
পুনৰ বৰফৰ তলত আৱদ্ধ বহু লোক

পুনৰ বৰফৰ তলত আৱদ্ধ বহু লোক

চামোলী জিলাস্থিত বদ্ৰীনাথ ধামত হিমবাহ বিস্ফোৰণৰ ফলত ৫৭ জন শ্ৰমিক বৰফৰ তলত আৱদ্ধ হৈ পৰিছে। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা এই পৰ্যন্ত ১০ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনা হৈছে যদিও ৪৭ জন শ্ৰমিক এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে।শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰি তোলা হৈছে উদ্ধাৰ অভিযান। ঘটনাস্থলীত নিয়োজিত হৈ আছে উদ্ধাৰকাৰী দলৰ বৃ্হৎ সংখ্যক কৰ্মী।উত্তৰাখণ্ডত সম্প্ৰতি চৰধাম যাত্ৰাৰ দিন ঘোষণা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বদ্ৰীনাথ ধামৰ পৰা তিনি কিলোমিটাৰ দূৰত্বৰ মানাৰ সমীপত পথৰ পৰা বৰফ আঁতৰাই দ্ৰুত গতিত পথ মেৰামতিৰ কাম চলাই থকা হৈছে।সম্প্ৰতি SDRF, NDRF, জিলা প্ৰশাসন, ITBP আৰু ব’ৰ্ডাৰ ৰ’ড…
Read More
চলিত মেট্ৰিক পৰীক্ষাৰ এটা প্ৰশ্নই সকলোতে বিতৰ্কৰ সৃষ্টি কৰিছে,কিন্তু কিয়

চলিত মেট্ৰিক পৰীক্ষাৰ এটা প্ৰশ্নই সকলোতে বিতৰ্কৰ সৃষ্টি কৰিছে,কিন্তু কিয়

বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল মেট্ৰিকৰ সমাজ বিজ্ঞান পৰীক্ষা। প্ৰশ্নকাকতখন আছিল ৬৩ পৃষ্ঠাৰ। তাৰে ৫৭ নং প্ৰশ্নটোক লৈ এতিয়া চলিছে বিতৰ্ক। সামজিক মাধ্যমত ভিন্ন জনক ভিন্ন মত। কোনোবাই যদি ভাল প্ৰশ্ন বুলি কৈছে আন একাংশ অভিহিত কৰিছে সাম্প্ৰদায়িক প্ৰশ্ন বুলি। ইফালে প্ৰশ্নকাকতখন ৬৩ পৃষ্ঠাৰ হোৱাৰ বাবেও আপত্তি দৰ্শাইছে একাংশ লোকে।বহু সময়ত প্ৰশ্নকাকত ভাইৰেল হোৱা খবৰে শিৰোনাম দখল কৰে। এইবাৰ পৰীক্ষা চলি থকাৰ মাজতে এখন প্ৰশ্নকাকতক লৈ আৰম্ভ হৈ বিতৰ্ক। আচলতে প্ৰশ্নকাকত নহয়, তাত থকা এটা প্ৰশ্নইহে সৃষ্টি কৰিছে বিতৰ্কৰ।এতিয়া প্ৰশ্নটো হ’ল বৃহস্পতিৰে হৈ যোৱা মেট্ৰিকৰ ‘সমাজ বিজ্ঞান’ৰ পৰীক্ষাৰ প্ৰশ্ন কাকতটো ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰহণযোগ্য নে?আপুনি এই বিষয়ত কি ভাবে মতামত জনাব পাৰে আমাক কমেণ্টৰ…
Read More
২২ফেব্ৰুৱাৰীতে আৱদ্ধ হৈ শ্ৰমিকৰ নাই কোনো সন্ধান

২২ফেব্ৰুৱাৰীতে আৱদ্ধ হৈ শ্ৰমিকৰ নাই কোনো সন্ধান

২২ ফেব্ৰুৱাৰীত সুৰংগটোৰ এটা অংশ খহি পৰাৰ ফলত এছ এল বি চি সুৰংগ প্ৰকল্পত কাম কৰা আঠজন কৰ্মচাৰী আবদ্ধ হৈ পৰে ।এই দুৰ্ঘটনাই আজি সপ্তম দিনত ভৰি দিলে ।এতিয়ালৈ সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৮ জন লোকক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে যদিও তেওঁলোকক উদ্ধাৰ কৰাটো এতিয়াও সম্ভৱ হৈ পৰা নাই ।বিগত ছয় দিন ধৰি আবদ্ধ হৈ থকা আঠজন লোকক বিচাৰি উলিওৱা কামত প্ৰয়োজনীয় সঁজুলিৰে সহায় কৰিছে ।ইয়াৰ মাজতে দক্ষিণ মধ্য ৰে'লৱেই আন উদ্ধাৰকাৰী দলৰ সৈতে যোগদান কৰি উদ্ধাৰকাৰ্যত সহযোগ কৰিছে।ইতিমধ্যেই জানিবপৰা মতে আবদ্ধ লোকসকলক উত্তৰ প্ৰদেশৰ মনোজ কুমাৰ, শ্ৰী নিৱাস, জম্মু-কাশ্মীৰৰ ছানি সিং, পঞ্জাবৰ গুৰপ্ৰীত সিং আৰু ঝাৰখণ্ডৰ…
Read More
অশান্ত মণিপুৰত ঘটিল আচৰিত কাণ্ড

অশান্ত মণিপুৰত ঘটিল আচৰিত কাণ্ড

অশান্ত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পিছতে অবৈধ মাৰণাস্ত্ৰ জমা দিয়াৰ ধূম উঠিছে। অবৈধ মাৰণাস্ত্ৰৰে ভৰি পৰিছে মনিপুৰৰ আৰক্ষী থানাসমূহৰ লগতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়।জানিব পৰা মতে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই ১০ দিন সময় বান্ধি দিয়াৰ পিছতে প্ৰতিদিনে মণিপুৰৰ প্ৰায়সমূহ জিলাৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অবৈধ মাৰণাস্ত্ৰ জমা দিছে অস্ত্ৰ মজুতকাৰীসকলে।‌ হেণ্ড গ্ৰেণেড, ৰাইফল, পিস্তল‌ সহ বিভিন্ন ধৰণৰ কেইবাশ অত্যাধুনিক মাৰণাস্ত্ৰ জমা দিয়ে জনসাধাৰণে।
Read More
শিৱৰাত্রিৰ দিনটোতে সামৰণি পৰিল প্ৰয়াগৰাজত মহাকুম্ভৰ

শিৱৰাত্রিৰ দিনটোতে সামৰণি পৰিল প্ৰয়াগৰাজত মহাকুম্ভৰ

মহাশিৱৰাত্ৰিৰ দিনটোত সামৰণি পৰিল প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ ২০২৫ৰ স্নান পৰ্ব। ৪৫ দিন ধৰি চলা এই মহামেলাত এই পৰ্যন্ত পবিত্ৰ স্নান কৰিছে ৬৬ কোটি ৩০ লাখ লোকে। আজি বৃহস্পতিবাৰে প্ৰয়াগৰাজত উপস্থিত হৈ মহাকুম্ভৰ সামৰণি ঘোষণা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। মহাশিৱৰাত্ৰিত স্নান কৰিবলৈ দুদিন আগৰ পৰাই মহাকুম্ভত জনসমাগম আৰম্ভ হৈছিল। ৰাতিপুৱা ৩:৩০ বজাৰ পৰাই মানুহে স্নান কৰা আৰম্ভ কৰে। এই উপলক্ষে মেলা প্ৰশাসনে ভক্তসকলৰ ওপৰত আটাইকেইটা ঘাটতে পুষ্প বৰষুণ কৰে। প্ৰতিবেদন অনুসৰি নেপাল, ভূটানৰ বাহিৰেও আমেৰিকা, ইংলেণ্ড, জাপানকে ধৰি ৫০খনতকৈও অধিক দেশৰ লোক মহাকম্ভত পবিত্ৰ স্নান কৰিবলৈ আহিছিল।এইবাৰ মহাকুম্ভত ২০ লাখৰো অধিক লোকে কল্পবাস প্ৰদৰ্শন কৰে। পুহৰ পূৰ্ণিমাৰ আগতেই সকলো কল্পবাসীয়ে মহাকুম্ভত…
Read More
বৃক্কত পাথৰৰ সমস্যা আছে নেকি

বৃক্কত পাথৰৰ সমস্যা আছে নেকি

আপুনিও বৃক্কৰ পাথৰৰ সমস্যাৰ সৈতে যুঁজি আছে নেকি, তেন্তে কামত আহিব এইবিধ ঔষধ ৷বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় গৱেষণাই?তেন্তে আজি জানো আহক ইয়াৰ বিষয়ে।হয় আমাৰ আশে পাশে থকা সহজে উপলব্ধ দুপৰটেঙা পাত আপোনাৰ বৃক্কৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ যদিহে আপুনি এই কামসমূহ কৰে।উল্লেখযোগ্য যে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি দুপৰটেঙাৰ পাত খাব পাৰে। ইয়াৰ বাবে আপুনি দুপৰটেঙাৰ পাত লৈ পিচত তাত মিশ্ৰি অলপ দিব আৰু এই দুয়োটা বস্তু ভালদৰে পিহি হৈ সেৱন কৰিলে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে ৷উল্লেখযোগ্য যে আমাৰ দেহত পানী কমকৈ…
Read More
ভাৰতৰ বাবে এক সুখবৰ

ভাৰতৰ বাবে এক সুখবৰ

মাত্ৰ ৩০ মিনিটত পাব ৩৫০ কিলোমিটাৰ।ভাৰতলৈ আহি আছে বিশ্বৰ দ্ৰুততম ৰে'ল সেৱা!এই ব্যৱস্থা আহিলে আধা ঘণ্টাত গুৱাহাটীৰ পৰা পাবগৈ শিৱসাগৰ।দিল্লীৰ পৰা জয়পুৰত উপস্থিত হ'ব মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে।বিশ্বৰ দ্ৰুততম ৰে'ল সেৱা আৰম্ভৰ পৰিকল্পনা মোদী চৰকাৰৰ।দেশত প্ৰথমবাৰলৈ সম্পন্ন হ'ল হাইপাৰলুপ লাইনৰ পৰীক্ষা।ৰে'ল মন্ত্ৰালয়ৰ সহযোগিতাত IIT মাদ্ৰাছত পৰীক্ষা সম্পন্ন।৪২২ মিটাৰ দীঘল সুৰংগৰ হাইপাৰলুপ লাইনত সফলতাৰে পৰীক্ষা।এই পৰীক্ষাৰ মতে ৩০ মিনিটত হাইপাৰলুপেৰে ৩৫০ কিলোমিটাৰ যাত্ৰা সম্ভৱ।ঘণ্টাত ১,১০০ কিলোমিটাৰ সৰ্বোচ্চ গতিবেগ লাভ কৰিব পাৰে হাইপাৰলুপ ট্ৰেইনে।বুলেট ট্ৰেইনতকৈ ৩-৪ গুণ বেগত চলিব হাইপাৰলুপ ট্ৰেইন।মূলতঃ বৈদ্যুতিক এই ব্যৱস্থাত চুম্বকীয় শক্তিৰ প্ৰভাৱ ব্যৱহাৰ কৰা হয়।সুৰংগৰ মাজেৰে বতাহৰ চাপ অবিহনে চলোৱা হ'ব এই হাইপাৰলুপ ট্ৰেইন।ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে…
Read More
কাৰ সৈতে কিমান কোটি টকাৰ চুক্তি সম্পন্ন কৰিলে ৰাজ্য চৰকাৰে?

কাৰ সৈতে কিমান কোটি টকাৰ চুক্তি সম্পন্ন কৰিলে ৰাজ্য চৰকাৰে?

ADVANTAGE ASSAM 2.0-এ অসমলৈ কঢ়িয়াই আনিছে সম্ভাৱনা!প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে উদ্যোগপতিৰ সৈতে হাজাৰ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ।কাৰ সৈতে কিমান কোটি টকাৰ চুক্তি সম্পন্ন কৰিলে ৰাজ্য চৰকাৰে?টাটা পাৱাৰ সৈতে ৩০ হাজাৰ কোটি টকাৰ চুক্তি কৰিলে চৰকাৰে।সৌৰ, বতাহ, জলবিদ্যুৎ ক্ষেত্ৰত ৩০ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ।টাটাই অসমত নিৰ্মাণ কৰিব মোবাইল আৰু ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাণ উদ্যোগ।অহা ৫ বছৰত অসমত ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে।আম্বানীৰ বিনিয়োগত অসমৰ ১০ হাজাৰ যুৱক-যুৱতীয়ে পাব সংস্থাপন।অসমত সপ্ততাৰকাযুক্ত OBEROI হোটেল‌ স্থাপন কৰিব ৰিলায়েন্সে।অসমৰ বয়ন শিল্পৰ লগত জড়িত হ’ব আম্বানীৰ ৰিলায়েন্স।AI আৰু প্ৰযুক্তিবিদ্যাতো অসমত বিনিয়োগ কৰিব ৰিলায়েন্সে।বায়’গেছ উত্পাদনতো বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে।আম্বানীয়ে অসমত গঠন কৰিব মেগা ফুড পাৰ্ক।অসমত ৫০…
Read More
দুপৰটেঙা পাতৰ উপকাৰীতাৰ বিষয়ে জানেনে

দুপৰটেঙা পাতৰ উপকাৰীতাৰ বিষয়ে জানেনে

আপুনিও বৃক্কৰ পাথৰৰ সমস্যাৰ সৈতে যুঁজি আছে নেকি, তেন্তে কামত আহিব এইবিধ ঔষধ ৷বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় গৱেষণাই?তেন্তে আজি জানো আহক ইয়াৰ বিষয়ে।হয় আমাৰ আশে পাশে থকা সহজে উপলব্ধ দুপৰটেঙা পাত আপোনাৰ বৃক্কৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ যদিহে আপুনি এই কামসমূহ কৰে।উল্লেখযোগ্য যে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি দুপৰটেঙাৰ পাত খাব পাৰে। ইয়াৰ বাবে আপুনি দুপৰটেঙাৰ পাত লৈ পিচত তাত মিশ্ৰি অলপ দিব আৰু এই দুয়োটা বস্তু ভালদৰে পিহি হৈ সেৱন কৰিলে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে ৷উল্লেখযোগ্য যে আমাৰ দেহত পানী কমকৈ…
Read More