Dipshikha

2947 Posts
বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয়

বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয়

বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয় ৷ দহ বছৰৰ পিছত গুৱাহাটী ৰিং ৰোডত দৌৰিব মেট্ৰ’, মুখ্যমন্ত্ৰীৰ আন এক সপোন ৷বিতৰ্ক আৰু গুৱাহাটী বাৰ এছ’চিয়েচনৰ তীব্ৰ বিৰোধিতাৰে অনশনৰ মাজতেই উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত হোৱাটো নিশ্চিত হ’ল । আজি (দেওবাৰ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উত্তৰ গুৱাহাটীত কৰিব আধাৰশিলা স্থাপন আৰু ভূমিপূজন ৷
Read More
হিন্দুক পুনৰ হ**ত্যা

হিন্দুক পুনৰ হ**ত্যা

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্য কৰি আক্ৰমণৰ ধাৰাবাহিকতা অবিৰতভাৱে অব্যাহত আছে। শেহতীয়া এই ঘটনা সংঘটিত হৈছে সুনামগঞ্জ জিলাত, য’ত সন্দেহজনক পৰিস্থিতিত এজন হিন্দু যুৱকৰ মৃত্যু হয়। এই ঘটনাই পুনৰবাৰ সংখ্যালঘুৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বিশেষকৈ যি সময়ত দেশখনত অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিহত লোকজনৰ নাম জয় মহাপাত্ৰ।
Read More
পুনৰ হিন্দু লোকক হ**ত্যা

পুনৰ হিন্দু লোকক হ**ত্যা

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্য কৰি আক্ৰমণৰ ধাৰাবাহিকতা অবিৰতভাৱে অব্যাহত আছে। শেহতীয়া এই ঘটনা সংঘটিত হৈছে সুনামগঞ্জ জিলাত, য’ত সন্দেহজনক পৰিস্থিতিত এজন হিন্দু যুৱকৰ মৃত্যু হয়। এই ঘটনাই পুনৰবাৰ সংখ্যালঘুৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বিশেষকৈ যি সময়ত দেশখনত অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিহত লোকজনৰ নাম জয় মহাপাত্ৰ।
Read More
শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন

শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন

শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন। এই সময়চোৱাত তেওঁ AI ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰিব। লগতে বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোচনা হ'ব পাৰে। ইয়ে দুই দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সাক্ষাৎ কৰে মেক্ৰনক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে জয়শংকৰে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰদূতসকলৰ সন্মিলনত ভাষণ দি বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। তেওঁ বাণিজ্য আৰু শক্তিৰ দৰে খণ্ডৰ দ্বাৰা পৰিচালিত সমসাময়িক বিশ্ব পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Read More
অগ্নিগৰ্ভা ইৰাণ

অগ্নিগৰ্ভা ইৰাণ

প্ৰতিবাদত উত্তাল ইৰাণ । গণবিক্ষোভে থৰক-বৰক কৰিছে দেশখনৰ প্ৰশাসনিক ব্যৱস্থা । চৰকাৰবিৰোধী প্ৰতিবাদ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে দেশখনৰ ৰাজধানী তেহৰাণত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে । ইতিমধ্যে প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰে চলোৱা দমনমূলক কাৰ্যৰ বাবে অৰ্ধশতাধিক সাধাৰণ লোকৰ মৃত্যু হৈছে । ইয়াৰ পিছতে পৰিস্থিতি আৰু অধিক অগ্নিগৰ্ভা হৈ পৰিছে । ইণ্টাৰনেট প্ৰতিষ্ঠান ক্লাউডফ্লেয়াৰ আৰু এডভোকেচি গ্ৰুপ নেটব্লকছে ইণ্টাৰনেট বিচ্ছিন্ন হোৱাৰ বাতৰি প্ৰকাশ কৰিছে । লগতে ইৰাণ চৰকাৰৰ হস্তক্ষেপেই ইয়াৰ কাৰণ বুলি উল্লেখ কৰিছে । বুধবাৰে সমগ্ৰ ইৰাণৰ চহৰ আৰু গ্ৰামাঞ্চলসমূহত সৃষ্টি হোৱা বিক্ষোভৰ ধাৰাবাহিকতা বৃহস্পতিবাৰেও দেখা যায় । প্ৰতিবাদকাৰীৰ সমৰ্থনত বন্ধ হৈ পৰে দোকান-বজাৰ । আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক মানৱ অধিকাৰৰ নিউজ…
Read More
বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ

বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ

বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ । অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই বিশাল নৃত্যানুষ্ঠানৰ । য'ত ১০ হাজাৰ বড়ো চিখলাই পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য । অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা আছে । যাৰ বাবে ইতিমধ্যে ঠায়ে ঠায়ে বাগৰুম্বা নৃত্যুৰ আখৰা চলি আছে ।
Read More
দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল

দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে বিৰোধী ঐক্যমঞ্চই। ভোট চুৰি আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত শইকীয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিলে এই এজাহাৰ।এজাহাৰ দাখিলৰ সময়ত দিছপুৰ থানাত উপস্থিত হয় কংগ্রেছ, অজাপ, ৰাইজৰ দল, CPI(M)ৰ নেতৃত্ব। ৰিপুন বৰা, ৰকিবুল হুছেইন, ৰাছেল আহমেদ, লুৰীণজ্যোতি গগৈ, মীৰা বৰঠাকুৰসহ কেইবাগৰাকীও নেতাক দেখা গল দিছপুৰ আৰক্ষী থানাত ।
Read More
পুনৰ হিন্দুক হ*ত্যা

পুনৰ হিন্দুক হ*ত্যা

বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ।বাংলাদেশত আন এজন হিন্দু যুৱকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই আক্ৰমণত মৃত্যু হয় যুৱকজনৰ । নিহত যুৱকজনক মিঠুন সৰকাৰ বুলি চিনাক্ত কৰা হৈছে । চোৰৰ সন্দেহত মিঠুনক দুষ্কৃতিকাৰীয়ে খেদি খেদি খেদি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । তেওঁক খেদি যোৱাৰ ফলত বাধ্যত পৰি এটা পুখুৰীত জাঁপ দিয়ে আৰু তাৰ পিছত পানীত ডুবি তেওঁৰ মৃত্যু হয় ।উল্লেখ্য যে, বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে । কেৱল ডিচেম্বৰ মাহতে কমেও ৫১টা হিংসাত্মক…
Read More
অখিল গগৈক কটাক্ষ দিলীপ শইকীয়া

অখিল গগৈক কটাক্ষ দিলীপ শইকীয়া

বিধায়ক অখিল গগৈয়ে অসম বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা ‘Screenshot’ সমূহ ৪ জানুৱাৰীত অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেন্সৰ ফটো। এই ভিডিঅ’ কনফাৰেন্সৰ ফটো ইতিমধ্যে সামাজিক মাধ্য়মত শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিষয়ববীয়াসকলে।তেওঁ অখিল গগৈক কটাক্ষ কৰি কয় যে, অখিক গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দম নাই। অৰ্থাৎ কোনো গুৰুত্ব নাই। অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ বিভিন্ন পৰিসংখ্যা দাঙি ধৰিছে।ইফালে তেওঁ কয়, “SR ক লৈ আমি সন্তুষ্ট, কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিঞা প্ৰেম দেখি আমি অসন্তুষ্ট।…
Read More
দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা

দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা

দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা । উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰামলীলা ময়দানৰ সমীপৰ তুৰ্কমান গেট অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দিল্লী আৰক্ষীয়ে দাবী কৰা মতে মতে মঙলবাৰে নিশা সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত ৮ গৰাকী আৰক্ষী জোৱান আহত হয় ।পৌৰ নিগমৰ লোক আৰু আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুষ্কৃতিকাৰীৰ । ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আৰক্ষীয় আটক কৰিছে ।জানিব পৰা মতে, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি দিল্লী পৌৰ নিগমে প্ৰায় ৩২ খন বুলডজাৰ আৰু বৃহৎ আৰক্ষী দলৰ উপস্থিতিত উচ্ছেদ অভিযান চলায় । সাধাৰণতে দিনৰ ভাগত এনে অভিযান চলে যদিও নিৰাপত্তাজনিত কাৰণত আৰু প্ৰতিবাদৰ আশংকাৰ বাবে প্ৰশাসনে নিশা ১:৩০ বজাতে এই উচ্ছেদ…
Read More