Dipshikha

2388 Posts
কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

এপ্ৰিলত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।১৮ মাৰ্চত জাৰি হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।কি কি নিয়ম মানিব লাগিব দল আৰু প্ৰাৰ্থীয়ে?মন্দিৰ, মছজিদ, গিৰ্জাক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব।ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থী বা দলে।সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট।ভোটকেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা।ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ-পোষ্টাৰ।নিৰ্বাচনী সভাৰ বাবে আগতীয়া অনুমতি ল’ব লাগিব দলে।জাতি-ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব বিতৰ্কিত ভাষ্য।কোনো প্ৰাৰ্থী বা দলে উত্কোচ দিব নোৱাৰিব ভোটাৰক।ভোটাৰক কোনো প্ৰকাৰৰ ভয়-ভাবুকি দেখুৱাব নোৱাৰিব প্ৰাৰ্থী বা দলে।ব্যক্তিগতভাৱে কাৰোবাক সমালোচনা কৰিব নোৱাৰিব কোনো প্ৰাৰ্থীয়ে।গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ’ব লাগিব ২১…
Read More
ৰঙালাও গুটিৰ উপকাৰীতাৰ বিষয়ে জানেনে

ৰঙালাও গুটিৰ উপকাৰীতাৰ বিষয়ে জানেনে

বহুলোকেই ৰঙালাও খায় যদিও ইয়াৰ গুটিবোৰ পেলাই দিয়ে । কিন্তু এবাৰ যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে নিশ্চয় ইয়াক নিতৌ খাবলৈ বাধ্য হ’ব।হয় আজি ক'ব বিচাৰিছোঁ ৰঙালাও গুটিৰ বিষয়ে।প্ৰায়ে মানুহে পুৱা খালী পেটতে কাঠবাদাম, কিচমিচ বা আখৰোট আদি খায় ৷ ইচ্ছা কৰিলে ৰঙালাওৰ বীজ খালী পেটতো খাব পাৰে ৷ ভিটামিন, স্বাস্থ্যকৰ চৰ্বি আৰু খনিজ পদাৰ্থ ৰঙালাওৰ বীজত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ প্ৰতিদিনে পুৱা খালী পেটত ৰঙালাওৰ বীজ সেৱন কৰিলে সদায় সুস্থ হৈ থাকিব পাৰিব ৷চিকিৎসকে কয় যে, পুৱা খালী পেটত ৰঙালাওৰ বীজ খালে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ’ব পাৰে ৷ দৰাচলতে ৰঙালাওৰ বীজত অধিক পৰিমাণে ওমেগা-৩ ফেটি…
Read More
বিয়াৰ তিনিদিনতেই পালে পিতৃৰ মৰ্যাদা

বিয়াৰ তিনিদিনতেই পালে পিতৃৰ মৰ্যাদা

বিয়াৰ তিনিদিনৰ পাছকে পিতৃৰ মৰ্যদা পালে এজন নৱবিবাহিত স্বামীয়ে । নতুনকৈ বিবাহপাশত আবদ্ধ হৈছিল এহাল দম্পতি । কিন্তু বিয়া হোৱাৰ তিনি দিনৰ পাছতে সন্তান জন্ম দিলে এগৰাকী নৱবিবাহিতাই ।এই ঘটনাৰ পাছতে চকু কপালত উঠিছে গাঁওবাসীৰ লগতে পৰিয়ালবৰ্গৰ ।হঠাতে কি হৈ গ’ল বুজিয়ে নাপালে নতুনকৈ বৈবাহিক জীৱন আৰম্ভ কৰা এজন স্বামীয়ে ।বিয়াৰ তিনিদিনৰ পাছত নৱবিবাহিত যুৱকজনে কথাটো গম পাই আচৰিত হৈ পৰিল । স্পৰ্শ নকৰাকৈ এয়া কেনেকৈ সম্ভৱ, চিন্তিত হৈ পৰিল যুৱকজন !এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ।
Read More
পুনৰ আই ই ডি বিস্ফোৰণ

পুনৰ আই ই ডি বিস্ফোৰণ

ঝাৰখণ্ডৰ চৈবাছা জিলাত আই ই ডি বিস্ফোৰণ ৷ চি আৰ পি এফ ১৯৭ বেটেলিয়নৰ সহকাৰী কামাণ্ডেণ্টসহ কেইবাজনো আহত ৷আহত জোৱানসকলক ৰাঁচীৰ পৰা এয়াৰলিফ্ট কৰিবলৈ চাইবাছালৈ এখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে । নেটৱৰ্ক এৰিয়া দুৰ্বল হোৱাৰ বাবে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্য লাভ কৰিব পৰা হোৱা নাই ।
Read More
চেম্পিয়নছ ট্ৰফী ২০২৫ত আজি ভাৰত আৰু অষ্ট্ৰেলিয়া

চেম্পিয়নছ ট্ৰফী ২০২৫ত আজি ভাৰত আৰু অষ্ট্ৰেলিয়া

চেম্পিয়নছ ট্ৰফী ২০২৫ত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ছেমি ফাইনেল খেলখন ।আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত আৰু প্ৰচণ্ড প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল মেচ । ৩খন খেলতে জয়লাভ কৰি ভাৰত এতিয়াও এই প্ৰতিযোগিতাত অপৰাজিত হৈ আছে ।এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে ৫০ অভাৰৰ ফৰ্মেটত দুয়োটা দল মুখামুখি হ’ব । এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ আজি খেলপথাৰত নামিব ভাৰতীয় দলটো ।
Read More
পুনৰ আহিল ভাল খবৰ

পুনৰ আহিল ভাল খবৰ

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ছত্তীশগড়ৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আসন। ৰাজ্যপাল ৰমেন ডেকাই জনাই এই কথা।ৰায়পুৰস্থিত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ ঘোষণা কৰা হৈছে।এই পদক্ষেপৰ বাবে বাজেট ধাৰ্য কৰা হৈছে ২ কোটি টকা।ডেকাৰ এই পদক্ষেপৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক কৃতজ্ঞতা জনাই কয় যে,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এয়া এক উল্লেখনীয় বতৰা৷ দেশৰ প্ৰেক্ষাপটত পঞ্জাৱ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পাছত ৰায়পুৰৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ পদক্ষেপটিৰ বাবে ছত্তীশগড়ৰ মাননীয় ৰাজ্যপাল শ্ৰীৰমেন ডেকা ডাঙৰীয়া প্ৰমুখ্যে ছত্তীশগড় চৰকাৰলৈ অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷
Read More
ঝুমুইৰ বিনন্দিনীত ভাগ লৈ মেট্ৰিকৰ পৰা বঞ্চিত হ’ল ৬০০০ শিক্ষাৰ্থী

ঝুমুইৰ বিনন্দিনীত ভাগ লৈ মেট্ৰিকৰ পৰা বঞ্চিত হ’ল ৬০০০ শিক্ষাৰ্থী

ঝুমুইৰ বিনন্দিনীত ভাগ লৈ মেট্ৰিকৰ পৰা বঞ্চিত হ’ল ৬০০০ শিক্ষাৰ্থী ! বিশেষ পৰীক্ষা পাতিবলৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈৰ আহ্বান ।৯০০০ শিল্পীৰ অংশগ্ৰহণৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীত যোৱা ২৪ ফেব্ৰুৱাৰীত চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য পৰিবেশনেৰে অসম চৰকাৰৰ উদ্যোগত এক অলিখিত ইতিহাস ৰচিবলৈ সক্ষম হয় অসমে ।এই মেগা নৃত্যানুষ্ঠানৰ বাবেই ৬০০০ চাহ জনগোষ্ঠীয়-আদিবাসী শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হোৱাৰ বাতৰিয়ে সোমবাৰে তোলপাৰ লগাইছে অসম ।অখিল গগৈয়ে কয়, “আমি জনা মতে ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি ৬০০০ শিক্ষাৰ্থীয়ে তেওঁলোকৰ এইবাৰৰ শৈক্ষিক বৰ্ষ হেৰুৱাই পেলালে । তেওঁলোকে এইবাৰ মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে । এইটো এটা ভয়ংকৰ খবৰ । মেট্ৰিকৰ সময়ত এনেকৈ ঝুমুৰ আয়োজন…
Read More
বিটৰ উপকাৰী গুণৰ বিষয়ে জানেনে

বিটৰ উপকাৰী গুণৰ বিষয়ে জানেনে

আপোনাৰ শৰীৰৰ বাবে বিট কিমান উপকাৰী?বিটত থকা পুষ্টিকৰ উপাদান কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয় ই আপোনাৰ ছালৰ পৰা চুলিলৈকে উপকাৰী ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে তাৰ বিষয়ে জানি লওক আপুনি।বজাৰত যদিও বিভিন্ন প্ৰকাশৰ শাক-পাচলি উপলব্ধ হয় তথাপিও পুষ্টিৰ অনুসৰি আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি খাদ্যৰ তালিকাত শাক-পাচলি ৰাখিব লাগে ৷ সেয়েহে এই ক্ষেত্ৰত আপুনি জানিব লাগিব যে, কোনবিধ পাচলিৰ কি কি উপকাৰী গুণ আছে ৷হয় ছীটকালৰ বজাৰত বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে বজাৰ ভৰি থাকে।আজি কব বিচাৰিছো বিটৰ কথা।বিট পুষ্টিকৰ খাদ্যৰ লগতে বিটৰ বহু উপকাৰী গুণ আছে ৷বিশেষজ্ঞৰ মতে বিটত থকা পুষ্টিকৰ উপাদানে আপোনাৰ ছালখন পৰিষ্কাৰ কৰি ৰখাই নহয় শৰীৰটোও সুস্থ…
Read More
ভাৰত আৰু ভুটানৰ মাজত ৰে’ল চলাৰ চিন্তা চৰ্চা

ভাৰত আৰু ভুটানৰ মাজত ৰে’ল চলাৰ চিন্তা চৰ্চা

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ইতিমধ্যে এই ঐতিহাসিক ৰে'লপথৰ ভূমি জৰীপ সম্পূৰ্ণ কৰিছে ।অসমৰ মাজেৰে ভাৰত আৰু ভূটানৰ মাজত ৰে'ল সংযোগ স্থাপনৰ বাবে চূড়ান্ত ভূমি জৰীপ সম্পূৰ্ণ কৰিছে ৷দুয়োখন দেশৰ মাজত প্ৰথমবাৰৰ বাবে ৰে'লসেৱা আৰম্ভ হ'ব । অসমৰ কোকৰাঝাৰ আৰু ভূটানৰ গেলেফু চহৰক সংযোগ কৰাকৈ এটা ৰে'লপথৰ নিৰ্মাণ শীঘ্ৰে আৰম্ভ হ'ব । চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপে দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা এডভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ সময়ত এই অভিলাষী প্ৰকল্পৰ কথা ঘোষণা কৰিছে ৷
Read More
পুনৰ ড্ৰাগছ বিৰোধী অভিযান

পুনৰ ড্ৰাগছ বিৰোধী অভিযান

শিলচৰত ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ বাহনসহ মুঠ ৪১৫ গ্ৰাম হেৰ’ইন । গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী ।গোপন সূত্ৰৰ ভিত্তিত শিলচৰ শিলডুবি-শিলকুৰি সংযোগী পথত এখন বাহনত অভিযান চলাই আৰক্ষীয়ে ৩৫ টা চাবোনৰ বাকচৰ পৰা মুঠ ৪১৫ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ২ কোটি টকা । হেৰ'ইনৰ সৈতে আনোৱাৰ হুছেইন আৰু ৰিপন আহমেদ লস্কৰ নামৰ দুজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হয় ।
Read More