Dipshikha

2948 Posts
গুটখা সেৱনকাৰীলৈ আহিল বেয়া খবৰ

গুটখা সেৱনকাৰীলৈ আহিল বেয়া খবৰ

গুটখা, খৈনী, বিড়ি, চিগাৰেট, পাণ মচলাকে ধৰি ধঁপাতজাতীয় সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। ওড়িশা চৰকাৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা,পাণ মছলা আৰু ধঁপাত তথা নিকোটিনযুক্ত সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। এই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ নিয়ম অনুসৰি লোৱা হৈছে । এই নিষেধাজ্ঞা সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক অধিসূচনা জাৰি কৰে।
Read More
এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব। ৰাইচিনা পাহাৰৰ পৰা আৰম্ভ হোৱা এই পেৰেড কৰ্তব্য পথেৰে লালকিল্লালৈ যাব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তিনিটা সশস্ত্ৰ বাহিনীৰ এই গণৰাজ্য দিৱসত “অপাৰেচন সেন্দূৰ”ৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ বিষয়বস্তু হ’ব “Operation Sindoor: Victory Through Jointness”। য’ত দেখা পাব ৰাষ্ট্ৰৰ বিকশিত সামৰিক মতবাদৰ এক আকৰ্ষণীয় আৰু শক্তিশালী চিত্ৰণ, যিয়ে নিখুঁততা, সংহতি আৰু নিজা শ্ৰেষ্ঠত্বৰ দিশত এক নিৰ্ণায়ক পৰিৱৰ্তন প্ৰতিফলিত কৰিব। ইয়াৰ লগতে ভাৰতৰ শক্তিশালী বাৰ্তাও প্ৰেৰণ কৰিব যে, নিৰ্ণায়ক, যৌথ আৰু স্ব-নিৰ্ভৰশীল সামৰিক শক্তিৰ যুগ আহি পৰিছে। এইবাৰৰ পেৰেডত কেইবাটাও বিশেষ বৈশিষ্ট্য থাকিব। ইউৰোপীয় সংঘ (ইউৰোপীয় ইউনিয়ন)ৰ…
Read More
গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই

গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই

গুৱাহাটীৰ বাজপেয়ী ভৱনত শনিবাৰে ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এক অনুষ্ঠানত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই ৷ ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য । গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাসহ ৭ জন আছু নেতাই । শনিবাৰে সন্ধিয়া দলেবলে বিজেপিত যোগদান কৰিব শংকৰজ্যোতিয়ে ৷ যোগদানৰ পূৰ্বে সংবাদ শিৰোনাম লাভ কৰিছে প্ৰাক্তন ছাত্ৰ নেতাজনে ৷ গুৱাহাটীৰ বাজপেয়ী ভৱনত শনিবাৰে ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এক অনুষ্ঠানত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই ৷ ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য ।
Read More
দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে

দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে

সুন্দৰ মহল, চামুণ্ডী পাহাৰ আৰু বৃন্দাবন গাৰ্ডেন আদিৰ বাবে বিখ্যাত মহীশূৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হৈছে আন এক আকৰ্ষণীয় স্থান । দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে মহীশূৰে । য'ত পৰ্যটকে ঘৰুৱা মেকুৰী আৰু মেকুৰীৰ জীৱন শৈলী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰে ।বিশ্বত কুকুৰৰ দৰে মেকুৰীৰো ৫০ৰ পৰা ৬০ টা প্ৰজাতি আছে । বেছিভাগ লোকে এটা বা দুটা প্ৰজাতিৰ বিষয়েহে জানে, কিন্তু বহুত কম লোকে বাস্তৱতে সিহঁতৰ গুণ, জীৱনকাল আৰু চোৱাচিতা কৰাটো জৰুৰী বুলি ভাবে । এই সংগ্ৰহালয় সিহঁতৰ বিষয়ে জানিবলৈ আৰু মেকুৰীৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ বনোৱা হৈছে ।"
Read More
পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ

পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ

পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশত পুনৰ এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এখন বিবাহ অনুষ্ঠানৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে এজন আত্মঘাতী বোমাৰুৱে কৰা বিস্ফোৰণত ৫ জন লোক থিতাতে নিহত হোৱাৰ লগতে ১০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। বিস্ফোৰণত আহত কেইবাজনো লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এগৰাকী শান্তি প্ৰতিষ্ঠাৰ চেষ্টা চলাই থকা ব্যক্তিৰ ঘৰত চলা এই বিস্ফোৰণে দেশখনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ পুনৰ উদঙাই দিছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ঘৰটোৰ এটা অংশৰ ছাদ সম্পূৰ্ণৰূপে খহি পৰে। যাৰ ফলত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হয় আৰু বহু লোক ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰে।
Read More
গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে অসমীয়া যুৱতীয়ে

গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে অসমীয়া যুৱতীয়ে

গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে অসমীয়া যুৱতীয়ে। জানিব পৰা মতে, ৰাছিয়াৰ এজন যুৱকে অতি নৃশংসভাৱে হত্যা কৰে আমগুৰিৰ এই যুৱতীগৰাকীক। কেৱল এগৰাকীকেই নহয়, মুঠ ৩ গৰাকী যুৱতীক হত্যা কৰে যুৱকজনে। ইতিমধ্যে অভিযুক্তই হত্যাৰ কথা স্বীকাৰ কৰিছে। এই কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।প্ৰাথমিক অৱস্থাত পোহৰলৈ আহিছিল যে, যুৱতীগৰাকীৰ ড্ৰাগছ অভাৰডোজৰ ফলত মৃত্যু হৈছে। কিন্তু যুৱকজনে স্বীকাৰ কৰে, তেওঁ যুৱতীগৰাকীক ড্ৰাগছ দি হত্যা কৰে।
Read More
আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত

আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত

আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত। বৰপেটা জিলাৰ পৰা আটক কৰা হৈছে ৩ অভিযুক্তক। সোমবাৰে নিশা গণেশপাৰাত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতিৰ ঘটনা। ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত হৈছিল ডকাইতিৰ ঘটনা। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।গণেশপাৰাৰ স্নেহাশ্ৰয় নামৰ অট্টালিকাত সংঘটিত হৈছিল এই ঘটনা। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত চাৰিজনীয়া এটা ডকাইতৰ দলে চিনেমাৰ কায়দাৰে চলাইছিল এই তাণ্ডৱ। দলটোৱে ঘৰটোত লুটপাত চলোৱাৰ লগতে পৰিয়ালটোৰ সদস্যৰ ওপৰতো ভয়ানক আক্ৰমণ চলায়।
Read More
পুৰীত বোমাতংক

পুৰীত বোমাতংক

পুৰীত বোমাতংক। এটা ছ’চিয়েল মিডিয়া একাউণ্টে পুৰীৰ জগন্নাথ মন্দিৰ, শ্বপিং মল আৰু বিজেডিৰ এজন নেতাক উৰুৱাই দিয়াৰ ভাবুকি প্ৰকাশ কৰে। ইতিমধ্যে এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও পুৰীৰ মন্দিৰ চৌহদতো নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।জানিব পৰা মতে এগৰাকী মহিলাৰ একাউণ্টৰ পৰা ছ’চিয়েল মিডিয়াত এই ভাবুকি প্ৰকাশ কৰা হৈছে। পুৰীৰ জগন্নাথ মন্দিৰৰ সমান্তৰালকৈ এটা শ্বপিং মল আৰু এজন বিজেডি নেতাক বোমা বিস্ফোৰণৰ ভাবুকিও দিয়া হয়।
Read More
জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডোডা জিলাত সেনা বাহিনীৰ এখন বাহন বাগৰি পৰে দ’ খাৱৈত। এই দুৰ্ঘটনাত ১০গৰাকী সেনা জোৱান নিহত হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো জোৱান। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ভদ্ৰৱাহ-ছাঁবা সংযোগী পথত খানটোপ এলেকাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন বাগৰি পৰে দ’ খাৱৈত। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত বাহনখনত আছিল ১৭জনকৈ জোৱান।
Read More
মহাকাশচাৰী সুনীতা উইলিয়ামছে নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে

মহাকাশচাৰী সুনীতা উইলিয়ামছে নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে

ভাৰতীয়মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। নাছাত ২৭ বছৰ কাম কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰিছে সুনীতাই। মঙলবাৰে নাছাই এই কথা ঘোষণা কৰি কয় যে, যোৱা বৰদিনৰ ঠিক পিছতেই ২০২৫ চনৰ ২৭ ডিচেম্বৰৰ পৰা তেওঁৰ অৱসৰ কাৰ্যকৰী হৈছিল। নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয় যে, “সুনীতা উইলিয়ামছে মহাকাশ অভিযানত অগ্ৰণী ভূমিকা লৈছিল। মহাকাশ কেন্দ্ৰত তেওঁৰ নেতৃত্বৰ জৰিয়তে তেওঁ অন্বেষণৰ ভৱিষ্যত গঢ় দিছিল ।”ভাৰতীয়মূলৰ মহাকাশচাৰী উইলিয়ামছে ১৯৯৮ চনত নাছাত যোগদান কৰিছিল আৰু তিনিখন বিমানেৰে মহাকাশত ৬০৮ দিন কটায়।
Read More