24
Mar
প্ৰযুক্তিগত উন্নতিৰ পিছতো ভাৰতবৰ্ষত জীৱন বীমা ব্যৱহাৰকাৰী ২.৮%হে হৈ আছে, যিয়ে গ্ৰাম্য আৰু কম আয়ৰ খণ্ডত জীৱান বীমা ব্যৱহাৰকাৰীৰ উল্লেখযোগ্য ব্যৱধানক পোহৰলৈ আনিছে। ডিজিটেল পেমেণ্ট আৰু অ’টিটি চাবস্ক্ৰিপচনে জনপ্ৰিয়তা লাভ কৰিলেও আজিৰ তাৰিখতো জীৱন বীমা কম অগ্ৰাধিকাৰ ক্ষেত্ৰ হৈয়েই আছে। ইয়াৰ সমাধানৰ বাবে বীমা প্ৰতিষ্ঠানসমূহে আইআৰডিএআইৰ “২০৪৭ৰ ভিতৰত সকলোৰে বাবে বীমা”ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ডিজিটেল-প্ৰথম কৌশলৰ সহায় লৈছে। সীমিত এজেণ্টৰ উপলব্ধতা, বিত্তীয় সজাগতাৰ অভাৱ আৰু সামৰ্থ্যৰ উদ্বেগে দূৰৱৰ্তী এলেকাবোৰত বীমা গ্ৰহণ সুচল আৰু সুলভ কৰিব পৰা নাই। বীমাকৰ্তাসকলে এতিয়া এজেণ্টসকলক বাস্তৱ-সময়ৰ সেৱা প্ৰদান কৰাত সহায় কৰিবলৈ এআই-চালিত চিআৰএম প্লেটফৰ্ম আৰু মোবাইল এপ স্থাপন কৰিছে। হোৱাটছএপ-আধাৰিত অভিযান, ফিনটেক সহযোগিতা আৰু…