02
May
কোটাক মহিন্দ্ৰা বেংকৰ পৰিচালক মণ্ডলীয়ে (দ্য বেংক) মুম্বাইত অনুষ্ঠিত ব'ৰ্ড বৈঠকত ২০২৩ৰ ৩১ মাৰ্চ তাৰিখে সমাপ্ত হোৱা ত্ৰিমাসিক আৰু বিত্তীয় বৰ্ষৰ বাবে অডিট কৰা একক আৰু একত্ৰিত ফলাফল ঘোষণা কৰে।কোটাক মহিন্দ্ৰা বেংকৰ পিএটি ২০২৩ বিত্তীয় বৰ্ষত বিগত বৰ্ষৰ তুলনাত ২৮% বৃদ্ধি হৈ ১০,৯৩৯ কোটি আৰু ২০২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকত বিগত বৰ্ষৰ তুলনাত ২৬% বৃদ্ধিৰে ৩,৪৯৬ কোটিলৈ বৃদ্ধি হৈছে। ২০২৩ বিত্তীয় বৰ্ষ আৰু ২০২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকত মুঠ সূত উপাৰ্জন (এন.আই.আই.) ক্ৰমান্বয়ে ২৮% আৰু ৩৫% বৃদ্ধি হৈছে। মুঠ সূতৰ মাৰ্জিন (এন.আই.এম.) আছিল ক্ৰমান্বয়ে ৫.৩৩% আৰু ৫.৭৫%। ফিছ আৰু ছাৰ্ভিছ ক্ৰমান্বয়ে ২৫% আৰু ২২% বৃদ্ধি হৈছে। অপাৰেটিং লাভ ক্ৰমান্বয়ে ২৩%…
