29
Aug
ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ২০২৩ চনৰ ২৬ আগষ্ট, শনিবাৰে বাৰাণসীত এদিনীয়াকৈ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ বাৰ্তাৰে আৰম্ভ হয় এই সাংস্কৃতিক মন্ত্ৰীসভাৰ। ভাষণৰ সময়ত সংস্কৃতিৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘সংস্কৃতিৰ একত্ৰিত হোৱাৰ অন্তৰ্নিহিত ক্ষমতা আছে। ইয়াৰ দ্বাৰা আমি বিভিন্ন পটভূমি আৰু দৃষ্টিভংগী বুজিব পাৰো। গতিকে আপোনালোকৰ কামৰ সকলো মানৱজাতিৰ বাবে যথেষ্ট গুৰুত্ব আছে।” কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষান ৰেড্ডীয়ে আদৰণি ভাষণ প্ৰদান কৰে, ইয়াৰ পিছত ত্ৰৈক'ৰ হৈ ইণ্ডোনেছিয়া আৰু ব্ৰাজিলৰ প্ৰতিনিধিসকলে নিজৰ ভাষণ প্ৰদান কৰে। গ্ল’বেল থিমেটিক ৱেবিনাৰৰ অন্তৰ্দৃষ্টি আৰু পৰামৰ্শৰ ওপৰত ‘জি-২০ কালচাৰ: শ্বেপিং দ্য গ্ল’বেল নেৰেটিভ ফৰ ইনক্লুছিভ গ্ৰওথ’…
