শৈশৱত হিউষ্টনৰ আকাশত ৰকেটৰ উড্ডয়ন প্ৰত্যক্ষ কৰি মহাকাশৰ সপোন দেখা এজন ভাৰতীয় মূলৰ বিজ্ঞানীয়ে এতিয়া লাভ কৰিবলৈ সক্ষম হ’ল অভূতপূৰ্ব সাফল্য। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এজন শীৰ্ষ বিষয়া হিচাপে অমিত ক্ষত্ৰিয়ই নেতৃত্ব দিছে বিশ্বৰ আটাইতকৈ অভিলাষী চন্দ্ৰ অভিযানক। বৰ্তমান তেওঁ নাছাৰ ‘এছ’চিয়েট এডমিনিষ্ট্ৰেটৰ’ হিচাপে সংস্থাটোৰ দহটা কেন্দ্ৰৰ সঞ্চালক আৰু মুখ্য কাৰ্যালয়ৰ মিছন ডাইৰেক্টৰেটসমূহৰ পৰিচালনাৰ দিশটো তদাৰক কৰে।
উইচকনচিনত জন্মগ্ৰহণ কৰা ক্ষত্ৰিয়ই কেলিফৰ্ণিয়া ইনষ্টিটিউট অব টেকন’লজীৰ পৰা গণিতত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰাও একেটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। শৈশৱৰে পৰা নাছাৰ মিছন কণ্ট্ৰলৰ কাষতে ডাঙৰ-দীঘল হোৱা বাবে মহাকাশ বিজ্ঞানৰ প্ৰতি তেওঁৰ আছিল এক জন্মগত আকৰ্ষণ। এই আগ্ৰহৰ বাবেই ২০০৩ চনত তেওঁ এগৰাকী ছফ্টৱেৰ আৰু ৰবটিক্স অভিযন্তা হিচাপে নাছাত কৰ্মজীৱন আৰম্ভ কৰে।
নাছাত কৰ্মৰত অৱস্থাত অমিতে বিভিন্ন প্ৰত্যাহ্বানমূলক দায়িত্ব অত্যন্ত সফলভাৱে পালন কৰি আহিছে। ২০১৪ চনৰ পৰা ২০১৭ চনলৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ফ্লাইট ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পাছত ২০২১ চনত তেওঁ ‘আৰ্টেমিছ-১’ মিছনৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। চন্দ্ৰৰ বুকুত মানুহৰ স্থায়ী উপস্থিতি নিশ্চিত কৰি মঙল গ্ৰহলৈ ভৱিষ্যতে মহাকাশযান প্ৰেৰণ কৰাৰ যি পৰিকল্পনা নাছাই কৰিছে, তাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ল অমিত ক্ষত্ৰিয়।
মহাকাশ বিজ্ঞানলৈ আগবঢ়োৱা এই বিশেষ অৱদানৰ বাবে তেওঁ ইতিমধ্যে নাছাৰ ‘আউটষ্টেণ্ডিং লিডাৰশ্বিপ মেডেল’ লাভ কৰিছে। ইয়াৰ উপৰি মহাকাশচাৰীসকলে প্ৰদান কৰা সন্মানীয় ‘চিলভাৰ স্নুপী’ বঁটাৰেও তেওঁক বিভূষিত কৰা হয়। এগৰাকী ভাৰতীয় বংশোদ্ভূত বিজ্ঞানীয়ে মহাকাশ গৱেষণাৰ শীৰ্ষত আৰোহণ কৰি এনেদৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।
