পাকিস্তানৰ প্ৰথমগৰাকী মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিলে চীনে

বুধবাৰে চীনে পাকিস্তানৰ মহাকাশচাৰী মহম্মদ জিছান আলীসহ তিনিগৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া ‘শ্বেনঝৌ-২৪’ মহাকাশযানখন সফলতাৰে মহাকাশলৈ উৎক্ষেপণ কৰে। ইয়াৰ লগে লগে চীনৰ মানৱ মহাকাশ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী বিদেশী নাগৰিক হিচাপে জিছান আলীয়ে ইতিহাস সৃষ্টি কৰিছে। উত্তৰ-পশ্চিম চীনৰ জিউকুয়ান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ‘লং মাৰ্চ-২এফ’ ৰকেটৰ সহায়ত মহাকাশযানখন উৎক্ষেপণ কৰা হয়। উৎক্ষেপণৰ কেইমিনিটমান পাছতেই চীনৰ মহাকাশ বিষয়াসকলে অভিযানটো সফল বুলি ঘোষণা কৰে। এই অভিযানত মিছন কমাণ্ডাৰ তথা পাইলট টাং হংবো, ফ্লাইট ইঞ্জিনিয়াৰ ৱু য়ি আৰু পাকিস্তানৰ মহম্মদ জিছান আলীয়ে যাত্ৰা কৰিছে। চীনৰ নিজা মহাকাশ আস্থান ‘টিয়াংগং’ ভ্ৰমণ কৰা আলী হ’ব প্ৰথমগৰাকী বিদেশী মহাকাশচাৰী।

চীনৰ মহাকাশচাৰীসকলে সাধাৰণতে মহাকাশ আস্থানটোত প্ৰায় ছয় মাহ থাকে যদিও আলীয়ে প্ৰায় এসপ্তাহ কক্ষপথত কটাই ‘শ্বেনঝৌ-২৩’ মহাকাশযানেৰে পৃথিৱীলৈ উভতি আহিব। ২০২৫ চনৰ ফেব্ৰুৱাৰীত চীন আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত এক চুক্তিৰ আধাৰত এই যাত্ৰা সম্ভৱ হৈছে। শ্বেনঝৌ-২৪ অভিযানৰ মূল উদ্দেশ্যসমূহৰ ভিতৰত কক্ষপথত মহাকাশচাৰীৰ সালসলনি, মহাকাশ আস্থানৰ দৈনন্দিন পৰিচালনা, তত্বাৱধান আৰু বৈজ্ঞানিক গৱেষণা অন্যতম। এই অভিযানকালত মহাকাশ জীৱ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মহাকাশ চিকিৎসা আৰু নতুন মহাকাশ প্ৰযুক্তিকে ধৰি ৯০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলোৱা হ’ব। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা বাদ পৰাৰ পাছত চীনে ২০২২ চনত নিজাকৈ ‘টিয়াংগং’ মহাকাশ আস্থান কাৰ্যক্ষম কৰি তুলিছিল আৰু বৰ্তমান নিজা মহাকাশ আস্থান থকা চীন একমাত্ৰ দেশ।

এই ঐতিহাসিক সফলতাক লৈ পাকিস্তানত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে সামাজিক মাধ্যম ‘এক্স’ত ইয়াক ৰাষ্ট্ৰীয় গৌৰৱ আৰু দেশৰ যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা বুলি অভিহিত কৰে। তেওঁ কয়, এয়া কেৱল এজন মহাকাশচাৰীৰ যাত্ৰা নহয়, বৰং ২৪ কোটি পাকিস্তানীৰ যাত্ৰা। ইয়াৰ বাবে তেওঁ বেইজিঙক ধন্যবাদ জনায়। আনহাতে, পাকিস্তানৰ পৰিকল্পনা মন্ত্ৰী আহছান ইকবালে কয় যে এই অভিযানে পাকিস্তানৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে আৰু ই চীন-পাকিস্তান বন্ধুত্বক আকাশতকৈও উচ্চতালৈ লৈ গৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *