‘মায়াবিনী’ৰ সুৰ, “জয় জুবিন দা” ধ্বনি আৰু অগণন অনুৰাগীৰ আবেগেৰে জুবিন গাৰ্গৰ জন্মদিনটো মুখৰিত হৈ পৰিল ৰে’লনগৰী মালিগাঁও।
অসমীয়াৰ হিয়াৰ আমঠু, জাতিৰ স্পন্দন, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৫৪তম জন্মদিন উপলক্ষে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ উদ্যোগত মালিগাঁও, পাণ্ডু, কনষ্ট্ৰাকচন আৰু মহিলা শাখাৰ সহযোগত দিৱা-নৈশ বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হয়।
পুৱাৰ ভাগত আৰম্ভণিতে এন এফ ৰে’লৱেৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মালিগাঁও শাখাৰ সভাপতি উত্তম কুমাৰ ভট্টাচাৰ্যই। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
জুবিন গাৰ্গৰ শিল্পীসত্তা আৰু সাংস্কৃতিক চেতনাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে চিত্ৰাংকন আৰু অসম ভিত্তিত জুবিন গাৰ্গৰ অসমীয়া গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সন্ধিয়া ৰে’লৱেৰ সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। মালিগাঁও শাখাৰ সম্পাদক পংকজ কলিতা আৰু কাৰ্যকৰী সভাপতি নেকিবুৰ জামানে আঁত ধৰা অনুষ্ঠানত জুবিন গাৰ্গৰ অন্তিম অভিনীত কথাছবি ‘ৰৈ ৰৈ বিনালে’ৰ সহযোগী অভিনেত্ৰী মৌচুমী আলিফা আৰু আমন্ত্ৰিত শিল্পী বলোৰাম পাটৰে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
ইয়াৰ উপৰি এন এফ ৰে’লৱে কালচাৰেল এছ’চিয়েচনৰ শিল্পী চন্দন শিকদাৰ, কংকনা ভাগৱতী, নিবেদিতা বৈশ্য, ডিম্পী সোণোৱাল, ধ্ৰুৱজ্যোতি হাজৰিকা, ষ্টেট বেংকৰ কৰ্মচাৰী চিন্ময় শৰ্মা আৰু স্থানীয় শিল্পী কাংকান মিলিকে আদি কৰি কেবাগৰাকীও শিল্পীয়ে জুবিন গাৰ্গৰ কেবাটাও কালজয়ী গীত পৰিৱেশন কৰে।
বিশিষ্ট চিত্ৰশিল্পী বিশ্বজিৎ বৈদ্যৰ লাইভ পেইণ্টিং আৰু এক্সহৰ্ট ডেন্স একাডেমীৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্য প্ৰদৰ্শনে অনুষ্ঠানটোক বিশেষ মাত্ৰা প্ৰদান কৰে।
অনুষ্ঠানত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তী আৰু জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু ৰবচনলাল বৰুৱা উপস্থিত থাকে।
জন্মদিনৰ এই পৱিত্ৰ দিনটোতে মজদুৰ ইউনিয়নৰ তৰফৰ পৰা জুবিন গাৰ্গৰ নামত এখন যাত্ৰীবাহী ৰে’ল চলাচল কৰাৰ দাবী জনাই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰবন্ধকলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। শিল্পীগৰাকীৰ স্মৃতি আৰু অৱদানক চিৰস্মৰণীয় কৰি ৰখাৰ লগতে তেওঁৰ নাম আৰু অসমীয়া সংস্কৃতিক ৰে’লৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তলৈ কঢ়িয়াই নিয়াৰ উদ্দেশ্যে এই দাবী উত্থাপন কৰা হয়।
