অৱশেষত উদ্ধাৰ হ’ল নিখোজ বিএছএফৰ জোৱান কে বেণু। চোৰাং পশু সৰবৰাহকাৰীক খেদি গৈ নিখোজ হৈ পৰা সীমান্ত সুৰক্ষা বাহিনীৰ কনিষ্টবল কে বেণুক অৱশেষত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত জীৱন্তে উদ্ধাৰ কৰে ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশে। চুবুৰীয়া দেশখনৰ সীমান্তৰক্ষী বাহিনীয়ে দেশখনৰ অমলশ্বিদ গাঁৱৰ পৰা ভাৰতীয় জোৱানজনক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰাত বি এছ এফকে ধৰি নিৰাপত্তা বাহিনীসমূহে স্বস্তিৰ নিশ্বাস পেলাইছে।
প্ৰাপ্ত খবৰ অনুসৰি, উদ্ধাৰ হোৱা জোৱান কে বেণুক বৰ্তমান বি জি বিৰ অমলশ্বিদ সীমান্ত চকীৰ (বি অ’ পি) শিবিৰত ৰখা হৈছে। মঙলবাৰে বি জি বিয়ে আনুষ্ঠানিকভাৱে জোৱানজনক বি এছ এফৰ হাতত গতাই দিয়াৰ কথা আছে।
উল্লেখ্য যে, কাছাৰ জিলাৰ কাটিগড়া অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তৰ হৰিনগৰ সীমান্ত চকীত নিয়োজিত কনিষ্টবল কে বেণু আৰু হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱে দেওবাৰে গভীৰ নিশা পহৰা দি আছিল। তেনে সময়তে ৪-৫ জনীয়া এটা অচিনাক্ত পশু সৰবৰাহকাৰীৰ দলক বাধা দিবলৈ জোৱান দুজনে আগবাঢ়ি যায়। আৰক্ষীয়ে জনোৱা মতে, জোৱান দুজনে প্ৰত্যাহ্বান জনোৱাৰ লগে লগে সন্দেহজনক সৰবৰাহকাৰীকেইজনে নদীৰ পানীত জঁপিয়াই দিয়ে।
সৰবৰাহকাৰীৰ দলটোক কৰায়ত্ত কৰিবলৈ বি এছ এফৰ জোৱান দুজনেও পিছে পিছে পানীত জাঁপ দিয়ে। কিন্তু হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱে সাঁতুৰি নিৰাপদে পাৰলৈ উঠি আহিবলৈ সক্ষম হয় যদিও কনিষ্টবল বেণু পানীৰ সোঁতত নিখোজ হৈ পৰে। ইয়াৰ পিছতে সোমবাৰে পুৱতি নিশা বি এছ এফৰ কোম্পানী কমাণ্ডাৰে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।
জোৱানজন নিখোজ হোৱাৰ খবৰ পোৱাৰ লগে লগেই ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু নদী আৰক্ষীয়ে সীমান্তৱৰ্তী নদীত ব্যাপক তালাচী অভিযান চলায়। তাৰ মাজতে অৱশেষত বাংলাদেশত জোৱানজন সুৰক্ষিত অৱস্থাত উদ্ধাৰ হোৱাৰ খবৰে তেওঁৰ পৰিয়ালবৰ্গ, সতীৰ্থ জোৱান আৰু স্থানীয় লোকসকলৰ মাজত আনন্দৰ জোৱাৰ আনিছে।
