এজনৰ থিতাতে মৃত্যু
গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা মহানগৰীৰ আৰ্য নগৰৰ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুত শণিবাৰে পুৱাই সংঘটিত হৈছে এই দুৰ্ঘটনা । এখন বেলেনো বাহনে মহটিয়াই নিলে অটোৰিক্সা। সুৰাসক্ত চালকৰ অতপালিত নিঃশেষ এটা পৰিয়ালৰ সপোন ।ভয়ংকৰ দুৰ্ঘটনাটোত নিহত অটো চালক তপন কলিতা। বৰ্তমান GMCH ৰ মৰ্গত আছে তপন কলিতাৰ নশ্বৰদেহ। অটোখনৰ আৰোহী গীতাঞ্জলী নামৰ মহিলাগৰাকীকো GMCH ত ভৰ্তি। সুৰাসক্ত অৱস্থাত আছিল বেলেনোখনৰ চালক ললিত ৰায়।
